< Ezekiel 21 >
1 Da kom HERRENS Ord til mig saaledes:
১তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
2 Menneskesøn, vend dit Ansigt mod Jerusalem, lad din Tale strømme mod Helligdommen og profeter mod Israels Land!
২“হে মনুষ্য সন্তান, তুমি যিৰূচালেমৰ ফাললৈ তোমাৰ মুখ কৰি, পবিত্ৰ স্থানবোৰৰ ফাললৈ বাক্য বৰষোৱা; ইস্ৰায়েল দেশৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা।
3 Sig til Israels Land: Saa siger HERREN: Se, jeg kommer over dig og drager mit Sværd af Skeden for at udrydde baade retfærdige og gudløse af dig.
৩তুমি ইস্ৰায়েল দেশক কোৱা, ‘যিহোৱাই এই কথা কৈছে: চোৱা! মই তোমাৰ বিপক্ষ! মই মোৰ তৰোৱাল ইয়াৰ ফাকৰ পৰা উলিয়াই তোমাৰ মাজৰ পৰা ধাৰ্মিক আৰু দুষ্ট দুয়োকো উচ্ছন্ন কৰিম!
4 Fordi jeg vil udrydde baade retfærdige og gudløse af dig, derfor skal mit Sværd fare af Skeden mod alt Kød fra Syd til Nord.
৪মই ধাৰ্মিক আৰু দুষ্ট দুয়োকো তোমাৰ মাজৰ পৰা উচ্ছন্ন কৰিম; সেইবাবে দক্ষিণৰ পৰা উত্তৰলৈকে সকলো মত্যৰ অহিতে মোৰ তৰোৱাল ইয়াৰ ফাকৰ পৰা ওলাব।
5 Og alt Kød skal kende, at jeg, HERREN, har draget mit Sværd at Skeden; det skal ikke vende tilbage!
৫আৰু মই যিহোৱায়েই যে ইয়াৰ ফাকৰ পৰা মোৰ তৰোৱাল উলিয়ালোঁ, ইয়াক সকলো মত্যই জানিব। ই পুনৰায় ঘূৰি নাযাব!’
6 Men du, Menneskesøn, støn, støn for deres Øjne, som om dine Lænder skulde briste, i bitter Smerte!
৬আৰু তুমি, হে মনুষ্য সন্তান, কঁকাল ভগাকৈ হুমুনিয়াহ পেলোৱা! আৰু মনৰ বেজাৰেৰে সৈতে তেওঁলোকৰ আগত হুমুনিয়াহ পেলোৱা!
7 Og naar de spørger: »Hvorfor stønner du?« saa svar: »Over en Tidende; thi naar den kommer, skal hvert Hjerte smelte, alle Hænder synke, hver Aand sløves og alle Knæ flyde som Vand. Se, den kommer, den fuldbyrdes, lyder det fra den Herre HERREN.«
৭তেতিয়া ‘কিয় তুমি হুমুনিয়াহ পেলাইছা?’ এইবুলি যেতিয়া তেওঁলোকে তোমাক সুধিব, তেতিয়া তুমি ক’বা, বাৰ্ত্তাৰ কাৰণে; কিয়নো সেয়ে আহিছে আৰু প্ৰত্যেকৰ হৃদয় কোমল হ’ব, আটাইৰে হাত দুৰ্ব্বল হ’ব, প্ৰত্যেকৰ মন নিৰুৎসাহ হ’ব আৰু সকলোৰে আঁঠু পানীৰ নিচিনা অস্থিৰ হ’ব; চোৱা! প্ৰভু যিহোৱাই কৈছে, সেয়ে আহিছে আৰু সকলো সিদ্ধ হ’ব।”
8 HERRENS Ord kom til mig saaledes:
৮তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
9 Menneskesøn, profeter og sig: Saa siger HERREN:
৯“হে মনুষ্য সন্তান, ভাববাণী প্ৰচাৰ কৰি কোৱা, ‘যিহোৱাই এই কথা কৈছে: তুমি কোৱা, তৰোৱাল! তৰোৱাল! তোমাক ধাৰ দিয়া আৰু চিকুণ কৰা হ’ব।
10 Et Sværd, et Sværd er hvæsset og slebet blankt, hvæsset med Slagtning for Øje, blankt til at udsende Lyn....
১০বধ কৰিবৰ বাবে তোমাক ধাৰ দিয়া হৈছে, বিজুলীৰ দৰে হ’বৰ বাবে তোমাক চিকুণ কৰা হৈছে! তেনেহলে আমি জানো আমোদ প্ৰমোদ কৰিম? মোৰ পুত্ৰৰ দণ্ডডালিয়ে আটাই কাঠকে তুচ্ছ কৰে!
11 Jeg gav en Slagter det, at han skal tage det fat; det er hvæsset og slebet for at gives en Drabsmand i Hænde,
১১তাক হাতত ল’বৰ বাবে, তেওঁ তাক চিকুণ কৰিবলৈ আজ্ঞা দিছে! বধ কৰোঁতাৰ হাতত দিবৰ বাবে তৰোৱালখন ধাৰ দিয়া হৈছে! এনে কি চিকুণ কৰাও হৈছে!
12 Raab og vaand dig, Menneskesøn! Thi det kommet over mit Folk, over alle Israels Fyrster; sammen med mit Folk er de givet til Sværdet. Derfor slaa dig paa Hoften!
১২হে মনুষ্য সন্তান, চিঞৰি ক্রন্দন কৰা আৰু বিলাপ কৰা; কিয়নো সেই তৰোৱাল মোৰ প্রজা আৰু ইস্ৰায়েলৰ আটাই বিষয়াসকলৰ ওপৰলৈ আহিল! তেওঁলোকক মোৰ প্ৰজাসকলে সৈতে তৰোৱালত শোধাই দিয়া হ’ল; এই হেতুকে তুমি নিজ কৰঙনত চপৰিওৱা।
13 ..... lyder det fra den Herre HERREN.
১৩কিয়নো পৰীক্ষা কৰা হৈছে; তুচ্ছ কৰোঁতে দণ্ডডালিও যদি নাথাকে, তেন্তে কি হ’ব?’ এয়ে প্ৰভু যিহোৱাৰ বচন।
14 Og du, Menneskesøn, profetér og slaa Hænderne sammen, gør Sværdet som to, ja, gør det som tre! Det er et dræbende Sværd, den store Hednings Sværd; indjag dem Rædsel dermed,
১৪এই হেতুকে এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি ভাববাণী প্ৰচাৰ কৰা আৰু হাত তালি দিয়া; অনেক লোকক বধ কৰা তৰোৱালখনেই তৃতীয়বাৰ দুগুণ কোবেৰে কাটক! সেয়ে তেওঁলোকৰ ভিতৰ- কোঁঠালিত সোমোৱা, মহৎ লোক জনক সাংঘাতিকৰূপে আঘাত কৰা তৰোৱাল!
15 at deres Hjerter maa ængstes og mange maa falde ved alle Porte. Jeg sætter dig til at slagte, du Sværd, som er gjort til at lyne, hvæsset til Slagtning.
১৫তেওঁলোকৰ হৃদয় কোমল হ’বৰ বাবে আৰু তেওঁলোকৰ উজুটি খাই পৰা লোকৰ সংখ্যা সৰহ হ’বৰ কাৰণে এই তৰোৱালখনৰ আগটো তেওঁলোকৰ আটাই নগৰ দুৱাৰৰ অহিতে স্থাপন কৰিলোঁ! হায় হায়! তাক বিজুলী যেন কৰা হ’ল, বধ কৰিবৰ কাৰণে তাক ধাৰ দিয়া হ’ল।
16 Indjag Rædsel baade til højre og venstre, hvor din Od rettes hen!
১৬হে তৰোৱাল, তোমাৰ সমূদায় বল সংগ্ৰহ কৰি সোঁফালে ঘূৰা! যুগুত হৈ বাওঁফালে ঘূৰা! যি ফালে তোমাৰ ধাৰ আছে তুমি সেই ফাললৈ গমন কৰা।
17 Ogsaa jeg vil slaa Hænderne sammen og køle min Vrede. Jeg, HERREN, har talet!
১৭ময়ো হাত-তালি দিম আৰু মোৰ ক্ৰোধ মাৰ নিয়াম; মই যিহোৱাই ইয়াকে ক’লোঁ।
18 HERRENS Ord kom til mig saaledes:
১৮পুনৰায় যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
19 Du, Menneskesøn, afsæt dig to Veje, ad hvilke Babels Konges Sværd skal komme, saaledes at begge udgaar fra et og samme Land; og opstil en Vejviser der, hvor de to Byveje skilles,
১৯“হে মনুষ্য সন্তান, বাবিলৰ ৰজাৰ তৰোৱালখন আহিবৰ কাৰণে তুমি দুটা পথ নির্ধাৰণ কৰা, সেই দুটা পথ একেখন দেশৰ পৰা ওলাই আহিব; আৰু তুমি হাতৰ আকৃতিৰ এক চিন কাটা, নগৰ কেইখনলৈ অহা বাটৰ মূৰত তাক কাটা।
20 saa at Sværdet baade kan komme til Rabba i Ammoniternes Land og til Juda og Jerusalem midt i Juda.
২০তৰোৱালখন অম্মোনৰ সন্তান সকলৰ ৰব্বা নগৰলৈ আহিবৰ কাৰণে এটা পথ আৰু যিহূদাৰ মাজত থকা গড়েৰে আবৃত, যিৰূচালেম নগৰলৈ আহিবৰ কাৰণে এটা পথ তুমি আঁকা।
21 Thi Babels Konge staar paa Vejskellet, hvor de to Veje skilles, for at tage Varsler; han ryster Pilene, raadspørger Husguderne, ransager Leveren.
২১কিয়নো বাবিলৰ ৰজাই দুই বাটৰ জোৰাত, দুই বাটৰ মূৰত মঙ্গল চাবলৈ থিয় হ’ব। তেওঁ কাঁড় দুডাল ইফালে সিফালে জোকাৰিব, গৃহ-দেৱতাবোৰক সুধিব আৰু মেৰৰ আগমঙহ চাব।
22 I sin højre holder han Loddet »Jerusalem«, at han skal aabne Munden til Skrig og løfte Røsten til Krigsraab, rejse Stormbukke mod Portene, opkaste Stormvold og bygge Belejringstaarne.
২২পাছে গড় ভঙা যন্ত্ৰ স্থাপন কৰিবলৈ, হত্যাৰ বাবে হুকুম দিবলৈ, উচ্ছস্বৰে জয়ধ্বনি কৰিবলৈ, দুৱাৰবোৰৰ অহিতে গড় ভঙা যন্ত্ৰ স্থাপন কৰিবলৈ, হাদাম বান্ধিবলৈ, কোঁঠ সাজিবলৈ তেওঁৰ সোঁ হাতত যিৰূচালেমৰ নাম উঠিল!
23 Ederne, svorne ved Gud, regnede de lige med falsk Spaadom, men han bringer deres Brøde i Minde, for at de skal fanges.
২৩সেই মঙ্গলচোৱা কাৰ্যটো বৃথা হ’ব বুলি বাবিলনৰ ৰজাৰ আগত শপত খোৱা যিৰূচালেমৰ লোকসকলে ভাবিব! কিন্তু অৱৰোধ কৰিবলৈ যি চুক্তি তেওঁলোকে উলংঘন কৰাৰ বাবে ৰজাই তেওঁলোকক দোষাৰূপ কৰিব!
24 Derfor, saa siger den Herre HERREN: Fordi I bringer eders Brøde i Minde, idet eders Overtrædelser aabenbares, saa eders Synder bliver synlige i alt, hvad I gør, fordi I bringer eder i Minde ved dem, skal I fanges.
২৪এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: তেওঁলোক ধৰা পৰিবৰ কাৰণে তেওঁ অপৰাধবোৰ সোঁৱৰণ কৰাব, তোমালোকৰ আটাই কাৰ্যৰ দ্বাৰাই, তোমালোকৰ পাপবোৰ ওলাই পৰাকৈ তোমালোকৰ অপৰাধবোৰ প্ৰকাশিত হ’ব! এইদৰে তোমালোকে নিজৰ দুষ্কৰ্ম সোঁৱৰণ কৰালা আৰু তোমালোকলৈ মোৰ মনত পৰিব; এতেকে তোমালোক শত্রুৰ হাতত ধৰা পৰিবা।
25 Og du, gudløse Hedning, Israels Fyrste, hvis Time slaar, naar din Misgerning er fuldmoden,
২৫আৰু তুমি, হে অশুচি আৰু দুষ্ট ইস্ৰায়েলৰ অধিপতি, যিজনৰ শাস্তিৰ কাল উপস্থিত হ’ল, হত হ’বলগীয়া অন্তজনক অপৰাধৰ কাল উপস্থিত হোৱা দিন উকলিল,
26 saa siger den Herre HERREN: Bort med Hovedbindet, ned med kronen! Som det var, er det ikke mere! Op med det lave, ned med det høje!
২৬প্ৰভু যিহোৱাই এই কথা কৈছে: পাগুৰি গুচুউৱা আৰু ৰাজমুকুট দূৰ কৰা! এইবোৰ আৰু একেই হৈ নাথাকিব! চাপৰক ওখ কৰা হ’ব আৰু ওখক চাপৰ কৰা হ’ব।
27 Grushobe, Grushobe, Grushobe gør jeg det til. Ve det! Saaledes skal det være, til han kommer, som har Retten til det; ham vil jeg give det.
২৭মই সকলো নষ্ট কৰিম! নষ্ট কৰিম! নষ্ট কৰিম! স্বত্ব থকা জনা নহালৈকে নিশ্চয়ে এই ৰাজমুকুট আৰু নাথাকিব; আৰু তেতিয়া মই এইবোৰ সেই জনাকহে দিম।
28 Du, Menneskesøn, profeter saaledes: Saa siger den Herre HERREN om Ammoniterne og deres Haan! Og sig: Et Sværd, et Sværd er draget til at slagte hvæsset til at udsende Lyn,
২৮হে মনুষ্য সন্তান, তুমি ভাববাণী প্ৰচাৰ কৰি কোৱা, ‘প্ৰভু যিহোৱাই এইদৰে কৈছে যে, অম্মোনৰ সন্তান সকলৰ আৰু তেওঁলোকে দিয়া অপমানৰ বিষয়ে এই কথা কৈছে: এখন তৰোৱাল, ফাকৰ পৰা এখন তৰোৱাল উলিওৱা হৈছে; গ্ৰাস কৰিবলৈ, বিজুলীস্বৰূপ হ’বলৈ হত্যাৰ কাৰণে তাক সজা হৈছে!
29 medens man skuer dig Tomhed og spaar dig Løgn, for at det skal lægges paa de gudløse Hedningers Hals, hvis Time slaar, naar deres Misgerning er fuldmoden.
২৯তেওঁলোকে তোমাৰ পক্ষে অনৰ্থক দৰ্শন পোৱাত আৰু তোমাৰ পক্ষে মিছা মঙ্গল চোৱাত, হত হ’বলগীয়া সেই দুষ্টবোৰৰ ডিঙিত তোমাক পেলাবলৈ সেই অন্তজনক অপৰাধৰ সময়ৰ দিন উপস্থিত হ’ব।
30 Vend tilbage til din Borg! Paa det Sted, hvor du skabtes, i det Land, du stammer fra, vil jeg dømme dig.
৩০তুমি তাক ফাকত পুনৰ সুমুউৱা। তোমাক সৃষ্টি কৰা ঠাইত, তোমাৰ জন্মদেশত মই তোমাক দণ্ড দিম!
31 Jeg vil udøse min Vrede over dig, blæse min Harmes Ild op imod dig og give dig i grumme Menneskers Haand, som er Mestre i at tilintetgøre.
৩১আৰু মই তোমাৰ ওপৰত মোৰ ক্ৰোধ বৰষাম, মোৰ ক্ৰোধাগ্নি তোমাৰ ওপৰত ফুঁৱাম আৰু বিনষ্ট কৰিবলৈ নিপুণ পশুতুল্য লোকসকলৰ হাতত তোমাক শোধাই দিম!
32 Du skal blive Ildens Føde, dit Blod skal flyde i dit Land; du skal ikke kommes i Hu, thi jeg, HERREN, har talet.
৩২তুমি জুইৰ খৰিস্বৰূপ হ’বা! দেশৰ মাজত তোমাৰ ৰক্তপাত হ’ব। তোমাক আৰু সোঁৱৰণ কৰা নাযাব, কিয়নো মই যিহোৱাই ইয়াক কলোঁ’।”