< Anden Kongebog 7 >
1 Men Elisa sagde: »Hør HERRENS Ord! Saa siger HERREN: I Morgen ved denne Tid skal en Sea fint Hvedemel koste en Sekel og to Sea Byg ligeledes en Sekel i Samarias Port!«
১ইলীচাই ক’লে, “যিহোৱাই যি কৈছে, তাক শুনক। যিহোৱাই কৈছে, ‘অহাকালি, প্রায় এনে সময়ত চমৰিয়া নগৰৰ দুৱাৰ মুখত এক চেয়া পৰিমাণৰ ময়দা আৰু দুই চেয়া পৰিমাণৰ যৱ কেৱল এক চেকলকৈ বিক্রী হ’ব।
2 Men Høvedsmanden, til hvis Arm Kongen støttede sig, svarede den Guds Mand og sagde: »Om saa HERREN satte Vinduer paa Himmelen, mon da sligt kunde ske?« Han sagde: »Med egne Øjne skal du faa det at se, men ikke komme til at spise deraf!«
২তেতিয়া যিজন সেনাপতিৰ সাহার্যৰ ওপৰত ৰজা নির্ভৰ কৰিছিল, তেওঁ সেই ঈশ্বৰৰ লোকক উত্তৰ দিলে, “চাওঁক, যিহোৱাই যদি আকাশৰ খিড়িকিবোৰো খুলি দিয়ে, তথাপিও জানো এনেকুৱা হ’ব পাৰে?” উত্তৰত ইলীচাই ক’লে, “চাই থাকক, আপুনি নিজৰ চকুৰে তাক দেখিব, কিন্তু আপুনি তাৰ অলপো খাবলৈ নাপাব।”
3 Imidlertid var der fire spedalske Mænd ved Indgangen til Porten; de sagde til hverandre: »Hvorfor skal vi blive her, til vi dør?
৩সেই সময়ত নগৰৰ প্রৱেশদ্বাৰৰ বাহিৰত চাৰিজন কুষ্ঠৰোগত আক্রান্ত লোক আছিল; তেওঁলোকে ইজনে সিজনক ক’লে, “আমি নমৰালৈকে ইয়াতে কিয় বহি থাকিব লাগে?
4 Dersom vi bestemmer os til at gaa ind i Byen, dør vi der — der er jo Hungersnød i Byen — og bliver vi her, dør vi ogsaa! Kom derfor og lad os løbe over til Aramæernes Lejr! Lader de os leve, saa bliver vi i Live, og slaar de os ihjel, saa dør vi!«
৪আমি যদি কওঁ যে, নগৰলৈকে সোমাই যাওঁ, তেন্তে তাতো আকাল হৈছে আৰু আমি সেই ঠাইতো মৰিম। এতিয়া ইয়াতো যদি বহি থাকোঁ, তেন্তে ইয়াতো মৰিম। এই হেতুকে আহাঁ, আমি অৰামীয়াসকলৰ ছাউনিলৈকে যাওঁ; তেওঁলোকে যদি আমাক জীয়াই ৰাখে, তেন্তে জী থাকিম আৰু যদি মাৰে, তেন্তে মৰিম।”
5 Saa begav de sig i Mørkningen paa Vej til Aramæernes Lejr; men da de kom til Udkanten af Aramæernes Lejr, var der ikke et Menneske at se.
৫কথামতে সেইদিনা সন্ধিয়াৰ সময়ত কুষ্ঠৰোগী কেইজন অৰামীয়াসকলৰ ছাউনিত গৈ উপস্থিত হ’ল। তেওঁলোকে ছাউনিৰ কাষলৈ গৈ তাত কাকো দেখা নাপালে।
6 HERREN havde nemlig ladet Aramæernes Lejr høre Larm at Vogne og Heste, Larm af en stor Hær, og de havde sagt til hverandre: »Se, Israels Konge har købt Hetiternes og Mizrajims Konger til at falde over os!«
৬কিয়নো তেতিয়া অৰামীয়া সৈন্যসকলক যিহোৱাই অনেক ৰথ, ঘোঁৰা আৰু আন বিশাল সৈন্যদলৰ শব্দ শুনাইছিল আৰু সেয়ে, অৰামীয়া সৈন্যসকলৰ এজনে আন জনক ক’বলৈ ধৰিলে, “চোৱা, আমাৰ বিৰুদ্ধে আক্ৰমণ কৰিবৰ কাৰণে ইস্ৰায়েলৰ ৰজাই হিত্তীয়া আৰু মিচৰীয় ৰজাসকলক পইচা দি আনিছে।”
7 Derfor havde de taget Flugten i Mørkningen og efterladt Lejren, som den stod, deres Telte, Heste og Æsler, og var flygtet for at redde Livet.
৭সেইবাবে তেওঁলোকে সন্ধিয়া হওঁতেই নিজৰ তম্বু, ঘোঁৰা আৰু গাধ সকলোবোৰ এৰি থৈ পলাই গৈছিল আৰু ছাউনি যেনে আছিল, তেনেকৈয়েই এৰি থৈ তেওঁলোক প্রাণৰ ভয়ত পলাই গৈছিল।
8 Da nu de spedalske havde naaet Udkanten af Lejren, gik de ind i et af Teltene, spiste og drak og tog Sølv og Guld og klæder, som de gik hen og gemte; derpaa kom de tilbage og gik ind i et andet Telt; ogsaa der tog de noget, som de gik hen og gemte.
৮তাৰবাবে কুষ্ঠৰোগী কেইজনে ছাউনিৰ ওচৰলৈ গৈ এটা তম্বুৰ ভিতৰত সোমাই খোৱা-বোৱা কৰিলে আৰু তাৰ পৰা সোণ, ৰূপ আৰু কাপোৰ-কানিবোৰ লৈ গৈ লুকুৱাই ৰাখিলে। তাৰ পাছত তেওঁলোকে পুনৰ ঘূৰি আহি আন এটা তম্বুত সোমাই তাৰ পৰাও বহুত বস্তু লৈ গৈ লুকুৱাই ৰাখিলে।
9 Saa sagde de til hverandre: »Det er ikke rigtigt, som vi bærer os ad! Denne Dag er et godt Budskabs Dag; tier vi stille og venter til Daggry, paadrager vi os Skyld; lad os derfor gaa hen og melde det i Kongens Palads!«
৯পাছত তেওঁলোকে ইজনে সিজনে কোৱাকুই কৰিলে, “আমি হ’লে ভাল কাম কৰা নাই। আজিৰ এই দিনটো হৈছে এটা সুখবৰৰ দিন আৰু আমি এই বিষয়ে কাকো একো নকৈ মনে মনে আছোঁ। যদি আমি ৰাতিপুৱালৈকে পলম কৰি থাকোঁ, তেন্তে শাস্তি আমাৰ ওপৰতে আহিব; সেয়ে, ব’লা আমি এতিয়াই ৰাজগৃহত কথাটো জনাওঁগৈ।”
10 Saa gik de hen og raabte til Byens Portvægtere og bragte dem den Melding: »Vi kom til Aramæernes Lejr, og der var ikke et Menneske at se eller høre, men vi fandt Hestene og Æslerne bundet og Teltene urørt!«
১০তাতে তেওঁলোকে গৈ প্রৱেশদ্বাৰৰ প্রহৰীসকলক মাতি ক’লে, “আমি অৰামীয়াসকলৰ ছাউনিলৈ গৈছিলোঁ; তাত কোনো মানুহ নাই আৰু কাৰো সাৰ-শব্দও নাই; কেৱল ঘোঁৰা আৰু গাধবোৰ বন্ধা আছে, আৰু তম্বুবোৰো যেনে আছিল তেনেভাৱেই আছে।”
11 Portvægterne raabte det ud, og man meldte det inde i Kongens Palads.
১১প্রৱেশদ্বাৰৰ প্রহৰীসকলে এই সম্বাদ চিঞঁৰি চিঞঁৰি জনাই দিলে আৰু পাছত ৰাজগৃহৰ ভিতৰতো জনোৱা হ’ল।
12 Men Kongen stod op om Natten og sagde til sine Folk: »Jeg skal sige eder, hvad Aramæerne har for med os; de ved, at vi er udsultet, derfor har de forladt Lejren og skjult sig paa Marken, i den Tanke at vi skal gaa ud af Byen, saa de kan fange os levende og trænge ind i Byen!«
১২তেতিয়া ৰজাই ৰাতি উঠি তেওঁৰ দাসবোৰক ক’লে, “মই এতিয়া তোমালোকক ক’ম যে, অৰামীয়াসকলে আমালৈ কি কৰিছে। আমি যে ভোকত আছোঁ অৰামীয়াসকলে জানে আৰু সেইবাবে তেওঁলোকে ছাউনি এৰি পথাৰৰ মাজত গৈ লুকাই আছে। তেওঁলোকে ভাৱিছে, ‘ইস্রায়েলীয়াসকল যেতিয়া নগৰৰ পৰা ওলাই আহিব, তেতিয়া আমি তেওঁলোকক জীৱিত অৱস্থাতে ধৰিম আৰু তেওঁলোকৰ নগৰৰ ভিতৰত সোমাম’।”
13 Men en af Folkene svarede: »Vi kan jo tage en fem Stykker af de Heste, der er tilbage her — det vil jo dog gaa dem som alle de mange, der allerede var omkommet — og sende Folk derhen, saa faar vi se!«
১৩তেতিয়া ৰজাৰ এজন দাসে উত্তৰ দি ক’লে, “মই আপোনাক মিনতি কৰোঁ, কেইজনমান লোকক নগৰত যি কেইটা ঘোঁৰা অৱশিষ্ট আছে, তাৰ মাজৰ পৰা পাচঁটা ঘোঁৰা লৈ যাবলৈ দিয়ক। যিহেতু ইস্রায়েলৰ অধিক লোকেই মৰিল। ইয়াত অৱশিষ্ট থকা সকলো ইস্রায়েলবাসীৰ দৰে তেওঁলোকৰো মৃত্যু হ’ব। সেয়ে কি ঘটিছে, তাক চাবলৈ আমি তেওঁলোকক পঠিয়াই দিওঁ।”
14 De tog da to Spand Heste, og Kongen sendte Folk efter Aramæernes Hær og sagde: »Rid hen og se efter!«
১৪তেতিয়া তেওঁলোকে ঘোঁৰাবোৰেৰে সৈতে দুখন ৰথ ল’লে, আৰু ৰজাই অৰামীয়া সৈন্যবোৰৰ সন্ধানত তেওঁলোকক পঠিয়াই দি ক’লে, “তোমালোকে গৈ চাই আঁহাগৈ।”
15 Saa drog de efter dem lige til Jordan og fandt hele Vejen fuld af Klæder og Vaaben, som Aramæerne havde kastet fra sig paa deres hovedkulds Flugt. Derpaa vendte Sendebudene tilbage og meldte det til Kongen.
১৫তাতে তেওঁলোকে যৰ্দ্দন নদী পর্যন্ত অৰামীয়াসকলক বিচাৰি গৈ দেখিলে যে অৰামীয়াসকলে লৰালৰিকৈ পলাই যোৱাৰ কাৰণে গোটেই পথটোতে কাপোৰ-কানি আৰু বস্তু-বাহানিবোৰ পৰি ভৰি আছিল। যিসকলক পঠোৱা হৈছিল, তেওঁলোকে উভটি আহি ৰজাৰ আগত এই সকলো সম্বাদ দিলে।
16 Saa drog Folket ud og plyndrede Aramæernes Lejr; og saaledes kom en Sea fint Hvedemel til at koste en Sekel og to Sea Byg ligeledes en Sekel, som HERREN havde sagt.
১৬তেতিয়া লোকসকলে বাহিৰলৈ গৈ অৰামীয়াসকলৰ ছাউনি লুট কৰিলে; তাতে যিহোৱাৰ বাক্যৰ দৰে, এক চেয়া পৰিমাণৰ ময়দা এক চেকল ৰূপত আৰু দুই চেয়া পৰিমান যৱ ধান এক চেকল ৰূপত বিক্রী হ’ল।
17 Kongen havde overdraget Høvedsmanden, til hvis Arm han støttede sig, Tilsynet med Porten, men Folket traadte ham ned i Porten, saa han døde, saaledes som den Guds Mand havde sagt, dengang Kongen kom ned til ham.
১৭যিজন সেনাপতিৰ সাহার্যৰ হাতত ৰজা নির্ভৰশীল আছিল, সেই সেনাপতিজনক ৰজাই নগৰৰ দুৱাৰ পৰিদর্শনৰ ভাৰ দিলে; কিন্তু লোক সকলে হুৰমূৰকৈ নগৰৰ বাহিৰলৈ ওলাই যাওঁতে প্রৱেশদ্বাৰৰ পথতে লোক সকলৰ ভৰিৰ গচকত তেওঁৰ মৃত্যু হ’ল। ঈশ্বৰৰ লোক ইলীচাৰ ওচৰলৈ ৰজা যেতিয়া নামি অহিছিল, তেতিয়া ইলীচাই ৰজাক যি কথা কৈছিল, সেনাপতিজন সেইদৰেই মৰিল।
18 Da den Guds Mand sagde til Kongen: »To Sea Byg skal koste en Sekel og en Sea fint Hvedemel ligeledes en Sekel i Morgen ved denne Tid i Samarias Port!«
১৮ঈশ্বৰৰ লোকে ৰজাক যি কৈছিলে সেইভাৱেই এই ঘটনাটো ঘটিল। তেওঁ কৈছিল, “অহাকালি এনে সময়ত চমৰিয়াৰ দুৱাৰ মুখত দুই চেয়া যৱ ধান এক চেকলত, আৰু এক চেয়া ময়দা এক চেকলত বেচা যাব।”
19 da havde Høvedsmanden svaret ham: »Om saa HERREN satte Vinduer paa Himmelen, mon da sligt kunde ske?« Og den Guds Mand havde sagt: »Med egne Øjne skal du faa det at se, men ikke komme til at spise deraf!«
১৯সেই সেনাপতিয়ে উত্তৰত ঈশ্বৰৰ লোকক কৈছিল, “চাওঁক, যিহোৱাই যদি আকাশৰ খিড়িকিবোৰো খুলি দিয়ে, তথাপিও জানো এনেকুৱা হ’ব পাৰে?” ইলীচাই কৈছিল, “চাই থাকক, আপুনি নিজৰ চকুৰে তাক দেখিব, কিন্তু আপুনি তাৰ অলপো খাবলৈ নাপাব।”
20 Saaledes gik det ham; Folket traadte ham ned i Porten, saa han døde.
২০তেওঁলৈ ঠিক তেনেদৰেই ঘটিল। কিয়নো দুৱাৰৰ পথত লোকসকলৰ ভৰিৰ গচকত তেওঁৰ মৃত্যু হ’ল।