< 1 Timoteus 2 >
1 Jeg formaner da først af alt til, at der holdes Bønner, Paakaldelser, Forbønner, Taksigelser for alle Mennesker,
১মোৰ প্ৰথম নিবেদন এই যে, সকলোবোৰ মানুহৰ কাৰণে অনুৰোধ, প্ৰাৰ্থনা, নিবেদন আৰু ধন্যবাদ কৰা হওক৷
2 for Konger og alle dem, som ere i Højhed, at vi maa leve et roligt og stille Levned i al Gudsfrygt og Ærbarhed;
২ইয়াৰ বাবে ৰজা আৰু অধিকাৰী সকলৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে, যাতে আমি সকলো ঈশ্বৰভক্তই সততাত থাকি ক্ষান্ত আৰু শান্তিপূৰ্ণ জীৱন-যাপন কৰিব পাৰোঁ;
3 dette er smukt og velbehageligt for Gud, vor Frelser,
৩এয়ে আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰৰ দৃষ্টিত উত্তম আৰু গ্ৰহণীয়৷
4 som vil, at alle Mennesker skulle frelses og komme til Sandheds Erkendelse.
৪তেওঁৰ ইচ্ছা এয়ে যে, সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়।
5 Thi der er een Gud, og ogsaa een Mellemmand imellem Gud og Mennesker, Mennesket Kristus Jesus,
৫কাৰণ ঈশ্বৰ এজন আৰু তেওঁৰ সৈতে মানুহৰ মাজত মধ্যস্থও এজন, তেৱেঁই মনুষ্য খ্ৰীষ্ট যীচু;
6 som gav sig selv til en Genløsnings Betaling for alle, hvilket er Vidnesbyrdet i sin Tid,
৬তেওঁ সকলো মানুহৰ কাৰণে মুক্তিৰ মূল্য হিচাবে নিজৰ জীৱন দান কৰিলে৷ যীচুৰ এই কাৰ্যই সঠিক সময়ত সকলোকে সাক্ষ্য দিলে৷
7 og for dette er jeg bleven sat til Prædiker og Apostel (jeg siger Sandhed, jeg lyver ikke), en Lærer for Hedninger i Tro og Sandhed.
৭এই সাক্ষ্য দিবৰ কাৰণে মোক এজন ঘোষণাকাৰী আৰু পাঁচনি ৰূপে নিযুক্ত কৰিলে৷ মই বিশ্বাস আৰু সত্যত অনা-ইহুদী সকলৰ শিক্ষক হলোঁ৷ মই সঁচা কথা কওঁ; মই মিছা নকওঁ৷
8 Saa vil jeg da, at Mændene paa ethvert Sted, hvor de bede, skulle opløfte fromme Hænder uden Vrede og Trætte.
৮মোৰ ইচ্ছা এয়ে যে, সকলো ঠাইতে পুৰুষ সকলে ক্ৰোধ আৰু বাদ-বিবাদৰ মনোভাৱ নাৰাখি পবিত্ৰ হাত দাঙি প্ৰাৰ্থনা কৰক৷
9 Ligesaa, at Kvinder skulle pryde sig i sømmelig Klædning med Blufærdighed og Ærbarhed, ikke med Fletninger og Guld eller Perler eller kostbar Klædning,
৯সেইদৰে মই বিচাৰো, মহিলা সকলেও সুলাজ, নম্ৰ আৰু সুবোধেৰে সৈতে পৰিপাটি পোছাকেৰে নিজকে ভূষিত কৰক; নানা ধৰণৰ কেশ-বিন্যাস কৰি, সোণ বা মুক্তা পিন্ধি অথবা বহুমূল্য কাপোৰেৰে নহয়;
10 men, som det sømmer sig Kvinder, der bekende sig til Gudsfrygt, med gode Gerninger.
১০কিন্তু ঈশ্বৰভক্তি স্বীকাৰ কৰা বিষয়ত হ’লে, সৎ কার্যৰ দ্ৱাৰাই ঈশ্ৱৰভক্তৰ পৰিচয় দিয়াই মহিলা সকলৰ উপযুক্ত ভূষণ হওক৷
11 En Kvinde bør i Stilhed lade sig belære, med al Lydighed;
১১মহিলা সকলে সম্পূৰ্ণ বাধ্যতা আৰু নীৰৱতাৰে বশৱৰ্ত্তী হৈ শিক্ষা গ্ৰহন কৰক।
12 men at være Lærer tilsteder jeg ikke en Kvinde, ikke heller at byde over Manden, men at være i Stilhed.
১২শিক্ষা দিবৰ বাবে বা পুৰুষৰ ওপৰত ক্ষমতা চলাবৰ বাবে মই মহিলাক অধিকাৰ নিদিওঁ; কিন্তু শান্তভাবে থাকিবলৈহে কওঁ।
13 Thi Adam blev dannet først, derefter Eva;
১৩কিয়নো প্ৰথমে আদমক পাছতহে হাৱাক নিৰ্ম্মাণ কৰা হৈছিল;
14 og Adam blev ikke bedraget, men Kvinden blev bedraget og er falden i Overtrædelse.
১৪আৰু আদমক ভুলুউৱা নহ’ল কিন্তু মহিলা গৰাকীক সম্পূর্ণভাৱে ভুলাই অপৰাধত পেলালে;
15 Men hun skal frelses igennem sin Barnefødsel, dersom de blive i Tro og Kærlighed og Hellighed med Ærbarhed.
১৫তথাপি যদি সুবোধেৰে সৈতে বিশ্বাস, প্ৰেম আৰু পবিত্ৰতাত থাকি তেওঁলোকে জীৱন-যাপন কৰে, তেনেহলে মহিলাই সন্তান প্ৰসৱৰ দ্বাৰাই পৰিত্ৰাণ পাব৷