< Første Krønikebog 24 >

1 Arons Sønner, delte i Skifter, var: Arons Sønner Nadab, Abihu, Eleazar og Itamar;
হাৰোণৰ বংশধৰ সকলৰ বিভাগসমূহ: নাদব, অবীহূ, ইলিয়াজৰ আৰু ঈথামৰ।
2 Nadab og Abihu døde før deres Fader uden at efterlade sig Sønner, men Eleazar og Itamar fik Præsteværdigheden.
তেওঁলোকৰ পিতৃৰ মৃত্যু পূৰ্বেই নাদব আৰু অবীহূৰ মৃত্যু হয়। তেওঁলোকৰ সন্তান নাছিল, সেয়ে ইলিয়াজৰ আৰু ঈথামৰ পুৰোহিতৰ পৰিচৰ্যাত আছিল।
3 David tillige med Zadok af Eleazars Sønner og Ahimelek af Itamars Sønner inddelte dem efter deres Embedsskifter ved deres Tjeneste.
দায়ূদে একেলগে ইলিয়াজৰৰ বংশৰ চাদোকক, আৰু ঈথামৰৰ বংশৰ অহীমেলকক তেওঁলোকৰ পুৰোহিত পৰিচৰ্যাৰ কাৰণে বেলেগ বেলেগ দলত ভাগ কৰিলে।
4 Og da det viste sig, at Eleazars Sønner havde flere Overhoveder end Itamars, delte de dem saaledes, at Eleazars Sønner fik seksten Overhoveder over deres Fædrenehuse. Itamars Sønner otte.
ঈথামৰৰ বংশধৰ সকলতকৈ ইলিয়াজৰৰ বংশধৰ সকলৰ মাজত নেতৃত্ব লোৱা লোক বেছি আছিল। সেয়ে তেওঁলোকে ইলিয়াজৰৰ বংশধৰ সকলক ষোল্লটা দলত বিভক্ত কৰিছিল। তেওঁলোক ঈথামৰৰ বংশধৰ আৰু গোষ্ঠীৰ মূৰব্বী সকলৰ দ্ৱাৰাই এই সকলো কৰিছিল।
5 Og de delte, begge Hold ved Lodkastning, thi der fandtes hellige Øverster og Guds Øverster baade iblandt Eleazars og Itamars Sønner.
একো প্রভেদ নাৰাখি, তেওঁলোকক ইলিয়াজৰ আৰু ঈথামৰ দুয়োৰে বংশধৰ সকলৰ পৰা পবিত্রস্থানৰ কৰ্মচাৰীসকল, আৰু ঈশ্বৰৰ কৰ্মচাৰীসকলৰ বাবে একো প্রভেদ নাৰাখি, চিঠি খেলাই তেওঁলোকক বিভক্ত কৰিছিল।
6 Skriveren Sjemaja, Netan'els Søn af Levis Slægt, optegnede dem i Paasyn af Kongen, Øversterne, Præsten Zadok, Ahimelek, Ebjatars Søn, og Overhovederne for Præsternes og Leviternes Fædrenehuse. Der udtoges eet Fædrenehus af Itamar for hvert to af Eleazar.
লেবীয়া বংশৰ নথনেলৰ পুত্ৰ চমৰিয়া লিখকে ৰজাৰ, কৰ্মচাৰীৰ, চাদোক পুৰোহিতৰ, অবিয়াথৰৰ পুত্ৰ অহীমেলকৰ, আৰু পুৰোহিত সকলৰ নেতা ও লেবীয়া পৰিয়াল সকলৰ উপস্থিতিত তেওঁলোকৰ নাম লিখিলে। ইলিয়াজৰৰ বংশৰ পৰা এটা গোষ্ঠী আৰু ঈথামৰৰ বংশৰ পৰা এটা গোষ্ঠী চিঠি খেলৰ দ্ৱাৰাই নিৰ্বাচন কৰা হৈছিল।
7 Det første Lod traf Jojarib, det andet Jedaja,
প্ৰথম চিঠি খেলত যিহোয়াৰীবৰ, দ্বিতীয় যিদয়াৰ,
8 det tredje Harim, det fjerde Seorim,
তৃতীয়ৰ হাৰীমৰ, চতুৰ্থ চিয়োৰীমৰ,
9 det femte Malkija, det sjette Mijjamin,
পঞ্চম মল্কিয়াৰ, ষষ্ঠ মিয়ামীনৰ,
10 det syvende Hakkoz, det ottende Abija,
১০সপ্তম হক্কোচৰ, অষ্টম অবিয়াৰ,
11 det niende Jesua, det tiende Sjekanja,
১১নৱম যেচূয়াৰ, দশম চখনিয়াৰ,
12 det ellevte Eljasjib, det tolvte Jakim,
১২একাদশ ইলীয়াচিবৰ, দ্বাদশ যাকীমৰ,
13 det trettende Huppa, det fjortende Jisjba'al,
১৩ত্ৰয়োদশ হুপ্পাৰ, চতুৰ্দ্দশ যেচেবাবৰ,
14 det femtende Bilga, det sekstende Immer,
১৪পঞ্চদশ বিলগাৰ, ষোড়শ ইম্মেৰৰ,
15 det syttende Hezir, det attende Happizzez,
১৫সপ্তদশ হেজীৰৰ, অষ্টাদশ হপ্পিচেৰৰ,
16 det nittende Petaja, det tyvende Jehezkel,
১৬ঊনবিংশ পথহিয়াৰ, বিংশ যিহিষ্কেলৰ,
17 det een og tyvende Jakin, det to og tyvende Gamul,
১৭একবিংশ যাখীনৰ, দ্বাবিংশ গামূলৰ,
18 det tre og tyvende Delaja og det fire og tyvende Ma'azja.
১৮ত্ৰয়োবিংশ দলায়াৰ, চতুৰ্ব্বিংশ মাজিয়াৰ নাম উঠিল।
19 Det var deres Embedsskifter ved deres Tjeneste, naar de gik ind i HERRENS Hus, efter den Forpligtelse deres Fader Aron paalagde dem, efter hvad HERREN, Israels Gud, havde paalagt ham.
১৯যেতিয়া তেওঁলোকে যিহোৱাৰ গৃহলৈ আহিব তেতিয়া ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁলোকৰ ওপৰ-পিতৃ হাৰোণৰ দ্বাৰাই তেওঁলোকক দিয়া পদ্ধতিৰ দ্ৱাৰাই কৰা তেওঁলোকৰ পৰিচৰ্যাৰ আজ্ঞা সমূহ এইবিলাক আছিল।
20 De andre Leviter var: Af Amrams Sønner Sjubael; af Sjubaels Sønner Jedeja.
২০লেবীৰ অৱশিষ্ট বংশধৰসকল এওঁলোক: অম্ৰমৰ বংশধৰ সকলৰ মাজত চূবায়েল; চূবায়েলৰ বংশধৰ সকলৰ মাজত যেহদিয়া।
21 Af Rehabjas Sønner Jissjija, som var Overhoved.
২১অম্ৰমৰ বংশধৰ সকলৰ মাজত যিচিয়া নেতা আছিল।
22 Af Jizhariterne Sjelomot; af Sjelomots Sønner Jahat.
২২যিচহৰীয়াৰ বংশধৰ সকলৰ মাজত চলোমোৎ। চলোমোতৰ বংশধৰ সকলৰ মাজত যহৎ।
23 Hebrons Sønner: Jerija, som var Overhoved, Amarja den anden, Uzziel den tredje, Jekam'am den fjerde.
২৩হিব্ৰাণৰ বংশধৰ সকলৰ মাজত প্ৰথম যিৰিয়া, দ্বিতীয় অমৰিয়া, তৃতীয় যহজীয়েল, আৰু চতুৰ্থ যিকমিয়াম।
24 Uzziels Sønner: Mika; af Mikas Sønner Sjamir.
২৪উজ্জীয়েলৰ বংশধৰ সকলৰ মাজত মীখা। মীখাৰ বংশধৰ সকলৰ মাজত চামীৰ।
25 Mikas Broder Jissjija; af Jissjijas Sønner Zekarja. —
২৫মীখাৰ ভায়েক যিচিয়া; যিচিয়াৰ পুত্র সকলৰ মাজত জখৰিয়া।
26 Meraris Sønner: Mali og Musji og hans Søn Uzzijas Sønner.
২৬মৰাৰীৰ বংশধৰ সকলৰ মাজত মহলী আৰু মুচী; যাজিয়াৰ বংশধৰসকলৰ মাজত বিনো।
27 Meraris Søn Uzzijas Sønner: Sjoham, Zakkur og Ibri.
২৭মৰাৰীৰ বংশধৰ সকলৰ মাজত যাজিয়া, বিনো, চোহম, জক্কুৰ, আৰু ইব্ৰী।
28 Af Mali El'azar, der ingen Sønner havde, og Kisj;
২৮মহলীৰ বংশধৰ সকলৰ মাজত ইলীয়াজৰ; এওঁৰ পুত্ৰ নাছিল।
29 af Kisj Kisj's Sønner: Jerame'el.
২৯কীচৰ বংশধৰ সকলৰ মাজত যিৰহমেল।
30 Musjis Sønner: Mali, Eder og Jerimot. Det var Leviternes Efterkommere efter deres Fædrenehuse.
৩০মুচী বংশধৰ সকলৰ মাজত মহলী, এদৰ, আৰু যিৰীমোৎ। তেওঁলোকৰ পৰিয়াল অনুসাৰে তালিকাত থকা লেবীয়াসকল এওঁলোক।
31 Ogsaa de kastede Lod ligesom deres Brødre, Arons Sønner, i Paasyn af Kong David, Zadok og Ahimelek og Overhovederne for Præsternes og Leviternes Fædrenehuse — Fædrenehusenes Overhoveder ligesom deres yngste Brødre.
৩১দায়ুদ ৰজাৰ, চাদোকৰ, অহীমেলকৰ, আৰু পুৰোহিতসকলৰ আৰু লেবীয়াসকলৰ পৰিয়ালৰ নেতাসকলৰ উপস্থিতিত তেওঁলোকে পুনৰ চিঠি খেলালে। পৰিয়াল সকলৰ ডাঙৰ পুত্র সকলে সৰু সকলৰ লগত চিঠি খেলালে। হাৰোণৰ বংশধৰ সকলে কৰাৰ দৰেই এওঁলোকেও চিঠি খেলালে।

< Første Krønikebog 24 >