< Første Krønikebog 20 >
1 Næste Aar, ved den Tid Kongerne drager i Krig, førte Joab Krigshæren ud og hærgede Ammoniternes Land; derpaa drog han hen og belejrede Rabba. David blev derimod selv i Jerusalem. Og Joab indtog Rabba og ødelagde det.
১বসন্তকালৰ সময়ত সাধাৰণতে ৰজাসকলে যেতিয়া যুদ্ধলৈ যায়, তেতিয়া যোৱাবে যুদ্ধত সৈন্যসকলক নেতৃত্ব দিছিল; পাছত অম্মোনীয়াসকলৰ দেশ ধংস কৰিলে, তেওঁ ৰব্বালৈ গৈ তাক অৱৰোধ কৰিলে। দায়ুদ যিৰূচালেমতে থাকিল। যোৱাবে ৰব্বাক আক্রমণ কৰি পৰাজিত কৰিলে।
2 Da tog David Kronen af Milkoms Hoved, og han fandt, at den var af Guld og vejede en Talent; der var en Ædelsten paa den, og den blev sat paa Davids Hoved. Et vældigt Bytte fra Byen førte han med sig,
২দায়ূদে তেওঁলোকৰ ৰজাৰ মূৰৰ পৰা তেওঁৰ ৰাজমুকুট ল’লে, আৰু তেওঁ দেখিলে যে, তাৰ সোণৰ পৰিমাণ এক কিক্কৰ, আৰু তাত বহুমূলীয়া পাথৰ আছিল। সেই মুকুটটো দায়ূদৰ মূৰত পিন্ধোৱা হ’ল আৰু তেওঁ সেই নগৰৰ পৰা বহু পৰিমানৰ লুটদ্ৰব্য উলিয়াই আনিলে।
3 og Indbyggerne slæbte han bort og satte dem til Savene, Jernhakkerne og Økserne. Saaledes gjorde han ved alle Ammoniternes Byer. Derpaa vendte David og hele Hæren tilbage til Jerusalem.
৩দায়ূদে নগৰৰ ভিতৰত থকা লোকসকলক বাহিৰলৈ আনিলে, আৰু কৰত, লোহাৰ মৈ, আৰু কুঠাৰেৰে কাম কৰিবলৈ বাধ্য কৰিলে। দায়ূদে অম্মোনীয় লোকসকলৰ সকলো নগৰবোৰত এইদৰে কাম কৰাটো বিচাৰিলে। তাৰ পাছত দায়ুদ আৰু তেওঁৰ সকলো সৈন্য যিৰূচালেমলৈ ওভটি আহিল।
4 Siden hen kom det atter til Kamp med Filisterne i Gezer. Husjatiten Sibbekaj nedhuggede da Sippaj, som var af Rafaslægten, og de blev underkuet.
৪ইয়াৰ পাছত পলেষ্টীয়াসকলৰ লগত গেজৰত যুদ্ধ হ’ল। হূচাতীয়া চিব্বকয়ে চিপ্পয় নামেৰে ৰফাৰ এজন বংশধৰক বধ কৰিলে, আৰু ফিলিষ্টীয়াসকলক বশীভূত কৰিলে।
5 Atter kom det til Kamp med Filisterne. Elhanan, Ja'irs Søn, nedhuggede da Lami, Gatiten Goliats Broder, hvis Spydstage var som en Væverbom.
৫পুনৰায় পলেষ্টীয়াসকলৰ লগত গবত যুদ্ধ হ’ল, যায়ীৰৰ পুত্ৰ ইলহাননে গাতীয়া গলিয়াথৰ ভায়েক লহমীক বধ কৰিলে, তাৰ যাঠী তাতঁশালৰ টোলোঠাৰ সমান আছিল।
6 Atter kom det til Kamp i Gat. Da var der en kæmpe stor Mand med seks Fingre paa hver Haand og seks Tæer paa hver Fod, i alt fire og tyve; han var ogsaa af Rafaslægten.
৬পুনৰ এবাৰ গাতত যুদ্ধ হ’ল তাত অতি ওখ এজন লোক যাৰ দুয়োখন হাতত আৰু ভৰিত ছটাকৈ আঙুলি আছিল। তেৱোঁ ৰফাৰ এজন বংশধৰ আছিল।
7 Han haanede Israel, og derfor huggede Jonatan, en Søn af Davids Broder Sjim'a, ham ned.
৭তেওঁ যেতিয়া ইস্ৰায়েলৰ সৈন্যক ইতিকিং কৰিলে, তেতিয়া দায়ূদৰ ভায়েক চিমিয়াৰ পুত্ৰ যোনাথনে তেওঁক বধ কৰিলে।
8 Disse var af Rafaslægten i Gat; de faldt for Davids og hans Mænds Haand.
৮তেওঁলোক গাতৰ ৰফাৰ বংশধৰৰ লোক আৰু তেওঁলোকক দায়ুদ আৰু তেওঁৰ সৈন্যসকলৰ হাতৰ দ্ৱাৰাই বধ কৰা হ’ল।