< Salme 4 >
1 Til Sangmesteren; med Strengeleg; en Psalme af David.
১হে মোৰ ধাৰ্মিকতাৰ ঈশ্বৰ, মই যেতিয়া তোমাক মাতো, তেতিয়া তুমি মোক উত্তৰ দিয়া। বিপদে যেতিয়া মোক হেঁচি ধৰিলে, কিন্তু তুমিয়ে মোক বহল ঠাই দিলা; মোক কৃপা কৰা; মোৰ প্ৰাৰ্থনা শুনা।
2 Naar jeg raaber, da bønhør mig, min Retfærdigheds Gud! i Trængsel skaffede du mig Rum; vær mig naadig og hør min Bøn!
২হে মনুষ্য, কিমান কালনো তোমালোকে মোৰ সন্মানক অসন্মান কৰিবা? কিমান কালনো তোমালোকে অসাৰকে ভাল পাই থাকি অসত্যৰ পাছে পাছে দৌৰিবা? (চেলা)
3 I Menneskens Børn! hvor længe skal min Ære være til Skændsel? I elske Forfængelighed og søge Løgn. (Sela)
৩কিন্তু তোমালোকে জানি থোৱা, যিহোৱাই নিজৰ ভক্তসকলক তেওঁৰ নিজৰ কাৰণে পৃথক কৰিলে। মই মাতিলে, যিহোৱাই মোৰ প্রার্থনা শুনে।
4 Vider dog, at Herren har udkaaret sin hellige; Herren hører, naar jeg raaber til ham.
৪তোমালোকে মনৰ ব্যাকুলতাত পাপ নকৰিবা; নিজৰ শয্যাত শুই তাক দকৈ মনতে চিন্তা কৰি চাবা আৰু নিজম দি থাকিবা। (চেলা)
5 Bliver vrede, men synder ikke; taler i eders Hjerte paa eders Leje; og værer stille! (Sela)
৫তোমালোকে যোগ্য বলি উৎসৰ্গ কৰা, আৰু যিহোৱাত ভাৰসা ৰাখা।
6 Ofrer Retfærdigheds Ofre, og forlader eder paa Herren!
৬অনেকে কয়, “অহ! আমি যদি অলপমান মঙ্গলকে দেখা পালোহেঁতেন!” হে যিহোৱা, তোমাৰ মুখৰ দীপ্তি আমাৰ ওপৰত প্রতিফলিত হওঁক।
7 Mange sige: Hvo vil vise os godt? Herre! opløft dit Ansigts Lys over os.
৭প্রচুৰ শস্য আৰু নতুন দ্রাক্ষাৰস উভৈনদী হ’লে যেনেকৈ আনন্দ হয়, তাতোকৈয়ো অধিক আনন্দ দি তুমি মোৰ অন্তৰ পূর্ণ কৰি ৰাখিছা।
8 Du gav Glæde i mit Hjerte større end den, de havde, da deres Korn og deres Most var i Overflod. I Fred vil jeg baade lægge mig og sove; thi du, Herre! skal lade mig bo ene i Tryghed.
৮মই শান্তিৰে শুই টোপনি যাম। কাৰণ, হে যিহোৱা, কেৱল তুমিয়েই মোক নিৰাপত্তা দি নিৰাপদে ৰাখিছা।