< 4 Mosebog 25 >
1 Og Israel boede i Sittim, og Folket begyndte at bedrive Hor med Moabiternes Døtre.
১পাছত ইস্ৰায়েলে চিটীমত বাস কৰিলে আৰু লোকসকলে মোৱাবৰ জীয়ৰীসকলেৰে সৈতে ব্যভিচাৰ কৰিবলৈ ধৰিলে,
2 Og de indbøde Folket til deres Guders Ofre; og Folket aad, og de tilbade deres Guder.
২কিয়নো সেই জীয়ৰীসকলে তেওঁলোকক নিজ দেৱতাৰ বলিদান দিয়াবলৈ মাতিছিল। তেতিয়া লোকসকলে ভোজন কৰি তেওঁলোকৰ দেৱতাৰ আগত প্ৰণিপাত কৰিলে।
3 Og Israel lod sig koble til Baal-Peor; da optændtes Herrens Vrede imod Israel.
৩ইস্ৰায়েল পিয়োৰৰ বাল দেৱতাত আসক্ত হোৱাত, ইস্ৰায়েলৰ অহিতে যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল।
4 Og Herren sagde til Mose: Hent alle de Øverste for Folket og lad hine ophænge for Herren imod Solen; saa skal Herrens brændende Vrede vendes fra Israel.
৪যিহোৱাই মোচিক ক’লে, “যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ ইস্ৰায়েলৰ পৰা গুচিবৰ বাবে, তুমি লোকসকলৰ আটাই মূল মানুহক নি, যিহোৱাৰ উদ্দেশ্যে সূৰ্যৰ সন্মুখত তেওঁলোকক আঁৰি থোৱা।”
5 Og Mose sagde til Israels Dommere: Hver ihjelslaa sine Folk, som have ladet sig koble til Baal-Peor.
৫তেতিয়া মোচিয়ে ইস্ৰায়েলৰ বিচাৰকৰ্ত্তাসকলক ক’লে, “তোমালোক প্ৰতিজনে পিয়োৰৰ বাল দেৱতাত আসক্ত হোৱা নিজ লোকসকলক বধ কৰা।”
6 Og se, en Mand af Israels Børn kom og førte en midianitisk Kvinde frem til sine Brødre, for Mose Øjne og for al Israels Børns Menigheds Øjne; og disse græd ved Forsamlingens Pauluns Dør.
৬পাছত ইস্ৰায়েলৰ সন্তান সকলে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত ক্ৰন্দন কৰি থাকোঁতে, মোচিৰ আৰু গোটেই সমাজৰ সাক্ষাতে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ এজন পুৰুষে নিজ জ্ঞাতিসকলৰ গুৰিলৈ এজনী মিদিয়নীয়া মহিলাক আনিলে।
7 Og Pinehas, en Søn af Eleasar, der var en Søn af Præsten Aron, saa det; og han stod op midt i Menigheden og tog et Spyd i sin Haand.
৭তাকে দেখি, হাৰোণ পুৰোহিতৰ নাতিয়েক ইলিয়াজৰৰ পুত্ৰ পীনহচে সমাজৰ মাজৰ পৰা উঠি হাতত বৰচা ল’লে।
8 Og han gik ind efter den israelitiske Mand i Horekippen og igennemstak dem begge, nemlig den israelitiske Mand og Kvinden, gennem hendes Liv. Da aflod Plagen fra Israels Børn.
৮সেই ইস্ৰায়েলীয়া পুৰুষৰ পাছে পাছে খেদি গৈ, কোঁঠালিত সোমাই সেই দুই জনক, সেই ইস্ৰায়েলীয়া পুৰুষক আৰু সেই মহিলাগৰাকীৰ পেটত খুচি মাৰিলে। তাতে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা মহামাৰী স্থগিত হ’ল।
9 Og de, som døde i denne Plage, vare fire og tyve Tusinde.
৯আৰু যিসকল মহামাৰীত মৰিল, তেওঁলোক চব্বিশ হাজাৰ লোক আছিল।
10 Og Herren talede til Mose og sagde:
১০যিহোৱাই মোচিক ক’লে,
11 Pinehas, en Søn af Eleasar, der var en Søn af Præsten Aron, har vendt min Vrede fra Israels Børn, idet han var nidkær med min Nidkærhed midt iblandt dem, saa at jeg ikke har gjort Ende paa Israels Børn i min Nidkærhed.
১১“হাৰোণ পুৰোহিতৰ নাতিয়েক ইলিয়াজৰৰ পুত্ৰ পীনহচে ইস্ৰায়েলৰ মাজত মোৰ অন্তৰ্জ্বালাৰে জ্বলি উঠি ইস্ৰায়েলৰ সন্তান সকলৰ পৰা মোৰ ক্ৰোধ ঘূৰুৱাত মই নিজ অন্তৰ্জ্বালাৰে ইস্ৰায়েলৰ সন্তানসকলক বিনষ্ট নকৰিলোঁ।
12 Derfor sig: Se, jeg gør med ham min Fredspagt.
১২এই হেতুকে তুমি এই কথা কোৱা, ‘যিহোৱাই কৈছে, চোৱা, মই পিনহচক শান্তিদায়ক নিয়মটিৰ প্ৰতিজ্ঞা সিদ্ধ কৰোঁ;
13 Og han og hans Sæd efter ham skal have et evigt Præstedømmes Pagt, fordi han var nidkær for sin Gud og gjorde Forligede for Israels Børn.
১৩সেয়ে তেওঁৰ পক্ষে আৰু তেওঁৰ ভাবি-বংশৰ পক্ষেও চিৰস্থায়ী পুৰোহিত পদৰ নিয়ম হ’ব; কিয়নো তেওঁ নিজ ঈশ্বৰৰ পক্ষে অন্তৰ্জ্বালাৰে জ্বলিছিল আৰু ইস্ৰায়েলৰ সন্তানসকলক প্ৰায়শ্চিত্ত কৰিলে।”
14 Men Navnet paa den slagne israelitiske Mand, som blev slagen tillige med den midianitiske Kvinde, var Simri, Salu Søn, en Fyrste for et Fædrenehus iblandt Simeoniterne.
১৪হত হোৱা যি ইস্ৰায়েলীয়া পুৰুষক সেই মিদিয়নীয়া তিৰোতাৰ লগত বধ কৰা হৈছিল, তেওঁৰ নাম চালূৰ পুতেক জিম্ৰী, তেওঁ চিমিয়োনীয়াসকলৰ পিতৃ-বংশৰ এজন অধ্যক্ষ আছিল।
15 Og Navnet paa den slagne midianitiske Kvinde var Kosbi, Zurs Datter, han var en Øverste for et Fædrenehuses Folk iblandt Midianiterne.
১৫আৰু সেই হত হোৱা মিদিয়নীয়া মহিলাগৰাকিৰ নাম চূৰৰ জীয়েক কজ্বী, চূৰ মিদিয়নৰ মাজত পিতৃ-বংশৰ লোকসকলৰ মূল মানুহ আছিল।
16 Og Herren talede til Mose og sagde:
১৬গতিকে যিহোৱাই মোচিক কৈছিল আৰু ক’লে,
17 Træng Midianiterne, og I skulle slaa dem;
১৭“তুমি মিদিয়নীয়া লোকসকললৈ শত্ৰুতা আচৰণ কৰি সিহঁতক প্ৰহাৰ কৰা।
18 thi de trængte eder med deres Træskhed, idet de handlede træskeligen imod eder i den Sag med Peor og med Kosbi, den midianitiske Fyrstes Datter, deres Søster, som blev slagen paa Plagens Dag, for Peors Skyld.
১৮কিয়নো পিয়োৰ দেৱতাৰ বিষয়ে আৰু সেই পিয়োৰৰ কাৰণে মহামাৰীৰ দিনা হত হোৱা তেওঁলোকৰ নিজ জাতিৰ কজ্বী নামেৰে মিদিয়নীয়া অধ্যক্ষৰ জীয়েকৰ বিষয়েও তেওঁলোকে তোমালোকক প্ৰতাৰণা কৰি ছলেৰে তোমালোকলৈ শত্ৰুতা আচৰণ কৰিলে।”