< Malakias 3 >
1 Se, jeg sender min Engel, at han skal berede Vejen for mit Ansigt, og i et Nu kommer til sit Tempel den Herre, som I søge, og Pagtens Engel, som I have Lyst til, se, han kommer, siger den Herre Zebaoth.
১বাহিনীগণৰ যিহোৱাই কৈছে, “চোৱা, মই মোৰ নিজ বার্তবাহকক পঠাম আৰু তেওঁ মোৰ আগেয়ে গৈ পথ যুগুত কৰিব; তাৰ পাছত যি প্ৰভুৰ কাৰণে তোমালোকে অপেক্ষা কৰিছা, তেওঁ হঠাতে নিজৰ মন্দিৰলৈ আহিব; নিয়মৰ সেই বার্তাবাহক, যিজনাত তোমালোক আনন্দিত হোৱা, চোৱা, তেওঁ আহি আছে।”
2 Og hvo udholder hans Tilkommelsesdag? og hvo kan bestaa, naar han lader sig se? thi han er som Smelterens Ild og som Tvætternes Lud.
২কিন্তু তেওঁৰ আগমনৰ দিন কোনে সহিব পাৰিব? তেওঁ উপস্থিত হ’লে কোনে থিয় হৈ থিৰেৰে থাকিব পাৰিব? কিয়নো তেওঁ শোধন কৰা একুৰা জুইৰ তুল্য আৰু ধোবাৰ চাবোনৰ তুল্য।
3 Og han skal sidde og smelte og rense Sølvet, han skal rense Levis Børn og lutre dem som Guldet og som Sølvet; og de skulle være Herrens og fremføre Offergaver i Retfærdighed.
৩তেওঁ ৰূপ পৰিস্কাৰ আৰু বিশুদ্ধ কৰা লোকৰ দৰে বিচাৰ কৰিবলৈ বহিব। তেওঁ লেবীৰ সন্তান সকলক শুচি কৰিব; সোণ আৰু ৰূপৰ দৰে তেওঁলোকক বিশুদ্ধ কৰিব। পাছত তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে ধাৰ্মিকতাৰ নৈবেদ্য উৎসৰ্গ কৰিব।
4 Og Judas og Jerusalems Offergaver skulle behage Herren som i gamle Dage og som i de forgangne Aar.
৪তেতিয়া যেনেকৈ পূর্বৰ দিনবোৰত আৰু আদিকালৰ বছৰবোৰত হৈছিল, তেনেকৈ যিহূদা আৰু যিৰূচালেমৰ লোকসকলৰ উৎসর্গৰ নৈবেদ্যৰে যিহোৱাক সন্তুষ্ট কৰিব।
5 Og jeg vil nærme mig eder til Dom og være et hastigt Vidne imod Troldkarlene og imod Horkarlene og imod dem, som sværge falskelig, og imod dem, som nedtrykke Daglønnerens Løn, Enken og den faderløse, og som forurette den fremmede og ikke frygte mig, siger den Herre Zebaoth.
৫বাহিনীগণৰ যিহোৱাই কৈছে, “তেতিয়া মই বিচাৰ কৰিবৰ কাৰণে তোমালোকৰ ওচৰলৈ আহিম; সেই সময়ত মায়াবী, ব্যভিচাৰী, মিছা সাক্ষী আৰু যিসকলে বনুৱাৰ পাৰিশ্রমিকত অন্যায় কৰে, বিধৱা আৰু পিতৃহীনক অত্যাচাৰ কৰে, বিদেশীৰ প্রতি অবিচাৰ কৰে আৰু যিসকলে মোক ভয় নকৰে, সেই লোকসকলৰ বিৰুদ্ধে মই এক দ্রুত সাক্ষী হৈ আহিম।”
6 Thi jeg, Herren, har ikke forandret mig; og I, Jakobs Børn! ere ikke tilintetgjorte.
৬“কিয়নো মই, যিহোৱা, মোৰ কোনো পৰিবৰ্ত্তন নাই; সেয়ে, হে যাকোবৰ বংশধৰ, তোমালোক বিনষ্ট হোৱা নাই।
7 Fra eders Fædres Dage ere I afvegne fra mine Skikke og have ikke bevaret dem; vender om til mig, og jeg vil vende om til eder, siger den Herre Zebaoth; men I sige: Hvori skulle vi vende om?
৭তোমালোকৰ পূর্ব-পুৰুষসকলৰ দিনৰে পৰা তোমালোকে মোৰ বিধিবোৰ ত্যাগ কৰি আহিছা, সেইবোৰ পালন কৰা নাই। মোৰ ওচৰলৈ ঘূৰি আহাঁ আৰু ময়ো তোমালোকৰ কাষলৈ ঘূৰি আহিম; কিন্তু তোমালোকে কৈছা, ‘আমি কেনেকৈ ঘূৰি আহিম?’
8 Mon et Menneske tør bedrage Gud? thi I bedrage mig, og dog sige I: Hvormed have vi bedraget dig? Med Tienden og Afgiften!
৮মানুহে ঈশ্বৰক ঠগাব নেকি? কিন্তু তোমালোকেতো মোক ঠগাইছা। তথাপিও তোমালোকে কৈছা, ‘আমি কেনেকৈ আপোনাক ঠগাইছোঁ?’ আয়ৰ দশম ভাগত আৰু দানৰ বিষয়ত তোমালোকে মোক ঠগাইছা।
9 Med Forbandelse ere I forbandede, og I, ja, det hele Folk, bedrage mig.
৯তোমালোক এক অভিশাপত অভিশপ্ত; কিয়নো তোমালোকে মোকেই ঠগাইছা, এনে কি গোটেই জাতিয়েই ঠগাইছে।
10 Fører al Tienden til Forraadshuset, at der kan være Spise i mit Hus, og prøver mig dog derved, siger den Herre Zebaoth, om jeg ikke vil aabne eder Himmelens Sluser og udgyde Velsignelse over eder i Overmaal.
১০তোমালোকে তোমালোকৰ সমস্ত আয়ৰ দশমাংশ মোৰ গৃহত আহাৰ হ’বৰ কাৰণে ভঁৰাললৈ আনা। মই তোমালোকলৈ আকাশৰ দুৱাৰ মুকলি কৰিম নে নকৰিম, আৰু ঠায়ে নধৰাকৈ তোমালোকলৈ আশীৰ্ব্বাদ বৰ্ষাম নে নবৰ্ষাম, তাক জানিবলৈ তোমালোকে ইয়াৰেই মোক পৰীক্ষা কৰি চোৱা।” বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে।
11 Og jeg vil for eders Skyld true Æderen, at den ikke skal fordærve eder Jordens Frugt; og Vintræet paa Marken skal ikke slaa eder fejl, siger den Herre Zebaoth.
১১“মই তোমালোকৰ বিৰুদ্ধে গ্ৰাসকাৰী পোকক ধমকি দিম যাতে সেইবোৰে তোমালোকৰ ভূমিৰ শস্য নষ্ট নকৰিব; তোমালোকৰ বাৰীৰ দ্ৰাক্ষালতাৰ ফল সময়ৰ আগেয়ে সৰি নপৰিব।” ইয়াক বাহিনীগণৰ যিহোৱাই কৈছে।
12 Og alle Folkeslag skulle prise eder lykkelige; thi I skulle være et behageligt Land, siger den Herre Zebaoth.
১২“সকলো জাতিয়ে তোমালোকক ধন্য বুলিব; কিয়নো, তোমালোক আনন্দপূর্ণ দেশৰ লোক হ’বা।” বাহিনীগণৰ যিহোৱাই এই কথা কৈছে।
13 Eders Ord have været stærke imod mig, siger Herren; og dog sige I: Hvad have vi talt med hverandre imod dig?
১৩যিহোৱাই পুনৰ কৈছে, “তোমালোকে মোৰ অহিতে টান টান কথা কৈছা।” কিন্তু তোমালোকে কৈছা, ‘আমি তোমাৰ অহিতে কি কলোঁ?’
14 I sige: Det er forfængeligt at tjene Gud, og hvad Vinding have vi af, at vi toge Vare paa, hvad han vilde have varetaget, og at vi gik i Sørgeklæder for den Herre Zebaoths Ansigt?
১৪তোমালোকে ক’লা, ‘ঈশ্বৰৰ ভজনা কৰা অনর্থক। তেওঁৰ আজ্ঞা পালন কৰা বা শোক প্রকাশ কৰি বাহিনীসকলৰ যিহোৱাৰ সাক্ষাতে চলা-ফুৰা কৰাৰ দ্বাৰাই আমাৰ কি লাভ হ’ল?
15 Og nu prise vi de hovmodige lykkelige; baade de, som øvede Ugudelighed, ere byggede, og de, som fristede Gud, slap fri.
১৫আমি এতিয়া গৰ্ব্বী লোকসকলক ধন্য বোলোঁ; হয়, দুষ্টাচাৰীসকল প্রতিষ্ঠিত হৈছে আৰু তেওঁলোকে ঈশ্বৰক পৰীক্ষা কৰিও ৰক্ষা পাইছে।”
16 Da samtalede og de, som frygtede Herren, hver med sin Ven, og Herren gav Agt derpaa og hørte det, og der blev skrevet for hans Ansigt en Ihukommelsesbog om dem, som frygte Herren og tænke paa hans Navn.
১৬তেতিয়া যিসকলে যিহোৱাক ভয় কৰে, তেওঁলোকে এজনে আন জনৰ সৈতে আলাপ কৰিলে আৰু যিহোৱাই তাক মনোযোগেৰে শুনিলে; যিহোৱালৈ ভয় ৰাখোঁতা আৰু তেওঁৰ নামক সন্মান কৰোঁতা সকলৰ কাৰণে তেওঁলোকৰ সন্মুখত এখন স্মৰণাৰ্থক পুথি লিখা হ’ল।
17 Og de skulle, siger den Herre Zebaoth, være mig en Ejendom paa den Dag, som jeg skaber; og jeg vil skaane dem, som en Mand skaaner sin Søn, der tjener ham.
১৭বাহিনীসকলৰ যিহোৱাই কৈছে, “তেওঁলোক মোৰেই হ’ব; মই কাৰ্য কৰাৰ দিনা তেওঁলোক মোৰ নিজৰ বিশেষ সম্পত্তি হ’ব; মানুহে যেনেকৈ নিজৰ সেৱাকাৰী পুতেকক মৰম কৰি শাস্তিৰ পৰা ৰেহাই দিয়ে, ময়ো তেওঁলোকক ৰেহাই দিম।
18 Og I skulle igen se Forskel imellem en retfærdig og en ugudelig, imellem en, som tjener Gud, og en, som ikke tjener ham.
১৮তেতিয়া পুনৰায় তোমালোক ঘূৰি আহিবা; ধাৰ্মিক আৰু দুষ্টৰ মাজত, অর্থাৎ ঈশ্বৰৰ আৰাধনা কৰা লোকৰ আৰু তেওঁৰ আৰাধনা নকৰা লোকৰ মাজত প্ৰভেদ দেখিবলৈ পাবা।”