< Dommer 12 >
1 Og hver Mand af Efraim blev opbudt og drog over mod Norden, og de sagde til Jeftha: Hvorfor gik du over til at stride imod Ammons Børn og kaldte os ikke at gaa med dig? Vi ville brænde dit Hus over dig med Ild.
১তাৰ পাছত ইফ্ৰয়িমৰ বংশৰ লোকসকলে গোট খাই সৈন্যসকলক মাত দিলে, তাৰ পাছত নদী পাৰহৈ চাফোন চহৰলৈ গৈ যিপ্তহক ক’লে, “কিয় তুমি অম্মোনৰ লগত যুদ্ধ কৰিবলৈ আমাক মতা নাই বা আমাৰ সহায় বিচাৰা নাই? আমি তোমাৰ সৈতে তোমাৰ ঘৰো জুইৰে পুৰিম”।
2 Og Jeftha sagde til dem: Jeg og mit Folk havde en svar Trætte med Ammons Børn; og jeg kaldte ad eder, men I frelste mig ikke af deres Haand.
২তেতিয়া যিপ্তহে তেওঁলোকক উত্তৰ দি ক’লে, “অম্মোনৰ সন্তান সকলে আমাক নানা সমস্যাত পেলাইছিল সেই বাবে আমি তেওঁলোকৰ লগত যুদ্ধ কৰিছোঁ, মই আৰু মোৰ লোকসকলে তোমালোকৰ সহায় বিচাৰি তোমালোকক মাতিছিলোঁ, কিন্তু তোমালোকৰ কোনো এজনো সহায় কৰিবলৈ আগবাঢ়ি নাহিলা;
3 Der jeg saa, at du ikke vilde frelse, da satte jeg mit Liv i min Haand og drog over til Ammons Børn; og Herren gav dem i min Haand; og hvorfor komme I op til mig paa denne Dag at stride imod mig?
৩যেতিয়া দেখিলোঁ তোমালোকে মোক কোনেওঁ সহায় নকৰা, তেতিয়া মই নিজে নদী পাৰ হৈ প্ৰাণ আঁচলৰ আগত বান্ধি লৈ অম্মোনৰ সন্তান সকলৰ বিৰুদ্ধে যুদ্ধত নামি পৰিলো। তাতে যিহোৱাই মোৰ হাতত সিহঁতক সমৰ্পণ কৰিলে; এতেকে তোমালোকে মোৰে সৈতে যুদ্ধ কৰিবলৈ আজি কিয় মোৰ ওচৰলৈ আহিছা?”
4 Og Jeftha samlede alle Mænd i Gilead og stred imod Efraim; og Mændene i Gilead sloge Efraim; thi de havde sagt: I Mænd af det Gilead, som ligger imellem Efraim og Manasse, ere Overløbere fra Efraim.
৪পাছত যিপ্তহে গিলিয়দৰ সকলো লোকক গোটাই ইফ্ৰয়িমীয়া লোকসকলৰ সৈতে যুদ্ধ কৰিলে; কিয়নো সিহঁতে কৈছিল, “হেৰৌ গিলিয়দীয়াসকল, তহঁত ইফ্ৰয়িমৰ আৰু মনচিৰ মাজৰ পৰা পলাই অহা ইফ্ৰয়িমীয়া মানুহ।” সেই যুদ্ধত গিলিয়দৰ লোকসকলে ইফ্রয়িমীয়া লোকসকলক পৰাস্ত কৰিলে।
5 Thi Gileaditerne indtoge Jordanens Færgestæder overfor Efraim, og det skete, naar nogen af de undkomne af Efraim sagde: Jeg vil gaa over, da sagde Mændene af Gilead til ham: Er du en Efratiter? og han sagde: Nej.
৫পাছত গিলিয়দীয়াসকলে ইফ্ৰয়িমৰ মানুহৰ আগেয়ে গৈ যৰ্দ্দনৰ পাৰ-ঘাটবোৰ দখল কৰি ল’লে; তাতে ইফ্ৰয়িমৰ পলাই যোৱা কোনো মানুহে যদি কয়, “আমক নদী পাৰ হ’বলৈ দিয়া”, তেতিয়া গিলিয়দৰ মানুহে তেওঁলোকক সোধে, ‘তুমি জানো ইফ্ৰয়িমীয়া মানুহ নোহোৱা?’ আৰু তেওঁ যদি কয় “নহয়”,
6 Da sagde de til ham: Kære, sig: Sjibboleth, og han sagde: Sibboleth, og kunde saaledes ikke udtale det ret; saa grebe de ham og sloge ham ihjel ved Jordanens Færgestæder, og der faldt paa den samme Tid af Etraim to og fyrretyve Tusinde.
৬তেতিয়া তেওঁলোকে কয়, ‘এবাৰ “শ্যিব্বোলেৎ” কোৱাচোন’; তেতিয়া ইফ্রয়িমৰ লোকসকলে শুদ্ধৰূপে উচ্চাৰণ কৰিব নোৱাৰি “চিব্বোলেৎ” বুলি ক’লেই, তেওঁলোকে ধৰি যৰ্দ্দনৰ পাৰৰ ঘাটত বধ কৰে। সেই সময়ত ইফ্ৰয়িমৰ বিয়াল্লিশ হাজাৰ লোকক হত্যা কৰা হ’ল।
7 Og Jeftha dømte Israel seks Aar; og Gileaditeren Jeftha døde og blev begraven i en af Stæderne udi Gilead.
৭যিপ্তহে ছবছৰলৈকে ইস্ৰায়েলৰ বিচাৰ কৰিলে। পাছত গিলিয়দীয়া যিপ্তহৰ মৃত্যু হোৱাত তেওঁক গিলিয়দৰ কোনো এখন নগৰত মৈদাম দিয়া হ’ল।
8 Og efter ham dømte Ibzan af Bethlehem Israel.
৮তেওঁৰ পাছত বৈৎলেহেমীয়া ইবচন ইস্ৰায়েলৰ বিচাৰকৰ্ত্তা হ’ল।
9 Og han havde tredive Sønner, og tredive Døtre udstyrede han og indførte tredive Døtre til sine Sønner udenfra; og han dømte Israel syv Aar.
৯তেওঁৰ ত্ৰিশ জন পুতেক আছিল; আৰু তেওঁ ত্ৰিশজনী জীয়েকক উলিয়াই দি, নিজ পুতেকহঁতৰ বাবে ত্ৰিশ জনী ছোৱালী বাহিৰৰ পৰা আনিলে। তেওঁ সাত বছৰলৈকে ইস্ৰায়েলৰ বিচাৰ কৰিলে।
10 Og Ibzan døde og blev begraven i Bethlehem.
১০পাছত ইবচনৰ মৃত্যু হোৱাত, তেওঁক বৈৎলেহেমত মৈদাম দিয়া হ’ল।
11 Og efter ham dømte Sebuloniteren Elon Israel; og han dømte Israel ti Aar.
১১তেওঁৰ পাছত জবূলূনীয়া এলোন ইস্ৰায়েলৰ বিচাৰকৰ্ত্তা হ’ল; তেওঁ দহ বছৰলৈকে ইস্ৰায়েলৰ বিচাৰ কৰিলে।
12 Og Sebuloniteren Elon døde, og han blev begraven i Ajalon udi Sebulons Land.
১২জবূলূনীয়া এলোনৰ মৃত্যু হোৱাৰ পাছত তেওঁক জবূলূন দেশত থকা অয়ালোনত মৈদাম দিয়া হ’ল।
13 Og efter ham dømte Pireathoniteren Abdon, Hillels Søn, Israel.
১৩তেওঁৰ পাছত পিৰাথোনীয়া হিল্লোলৰ পুত্ৰ অব্দোন ইস্ৰায়েলৰ বিচাৰকৰ্ত্তা হ’ল।
14 Og han havde fyrretyve Sønner og tredive Sønnesønner, som rede paa halvfjerdsindstyve Asenfoler; og han dømte Israel otte Aar.
১৪তেওঁৰ চল্লিশ জন পুতেক, আৰু ত্ৰিশজন নাতিয়েক আছিল; তেওঁলোকে সত্তৰটা গাধত উঠি ফুৰে; অব্দোনে আঠ বছৰলৈকে ইস্ৰায়েলৰ বিচাৰক আছিল।
15 Og Abdon, Pireathoniteren Hillels Søn døde; og han blev begraven i Pireathon udi Efraims Land paa Amalekiternes Bjerg.
১৫পাছত পিৰাথোনীয়া হিল্লোলৰ পুত্ৰ অব্দোনৰ মৃত্যু হোৱাত, অমালেকীয়াসকলৰ পৰ্ব্বতীয়া অঞ্চল ইফ্ৰয়িম দেশৰ পিৰিয়াথোনত তেওঁক মৈদাম দিয়া হ’ল।