< Jeremias 44 >
1 Det Ord, som kom til Jeremias til alle Jøderne, som boede i Ægyptens Land, nemlig dem, som boede i Migdol og i Thakpankes og i Nof og i Landet Patros; det lød:
১মিগদোল তহ্পন্হেচত, নোফত আৰু পথ্ৰোচ প্ৰদেশত থকা মিচৰ-দেশনিবাসী সকলো যিহুদীসকলৰ বিষয়ে যিৰিমিয়াৰ ওচৰলৈ অহা বাক্য।
2 Saa siger den Herre Zebaoth, Israels Gud: I have set al den Ulykke, som jeg lod komme over Jerusalem og over alle Judas Stæder; og se, de ere øde paa denne Dag, og der bor ingen i dem;
২ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘যিৰূচালেমলৈ আৰু যিহূদাৰ সকলো নগৰলৈ মই ঘটোৱা সকলো অমঙ্গল তোমালোকে দেখিলা; চোৱা, সেইবোৰ আজি উচ্ছন্ন হোৱা ঠাই, সেইবোৰৰ মাজত কোনেও বাস নকৰে।
3 for deres Ondskabs Skyld, som de udøvede for at fortørne mig, idet de gik hen at gøre Røgoffer og at tjene andre Guder, hvilke de ikke kendte, hverken de eller I eller eders Fædre.
৩ধূপ জ্বলাবলৈ আৰু তেওঁলোকে বা তোমালোকে বা তোমালোকৰ পূৰ্বপুৰুষসকলেও নজনা ইতৰ দেৱতাবোৰক সেৱা পূজা কৰিবলৈ যোৱাৰ দ্বাৰাই মোক বেজাৰ দিবলৈ তেওঁলোকে কৰা দুষ্কৰ্মই ইয়াৰ কাৰণ।
4 Og Jeg sendte alle mine Tjenere, Profeterne, tidligt og ideligt, til eder og sagde: Gører dog ikke denne Vederstyggelighed, som jeg hader.
৪তথাপি মই প্ৰভাতে উঠি সকলো দাস ভাববাদীসকলক তোমালোকৰ ওচৰলৈ পঠিয়াই কোৱাইছিলোঁ যে, ‘তোমালোকে মোৰ ঘিণলগীয়া এই গৰ্হিত কাৰ্য নকৰিবা।’
5 Men de hørte ikke og bøjede ikke deres Øre dertil, saa at de vendte om fra deres Ondskab og lode være at gøre Røgoffer for andre Guder.
৫কিন্তু তেওঁলোকে নুশুনিলে; আৰু নিজ নিজ দুষ্টতাৰ পৰা ঘূৰিবলৈ, ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ নজ্বলাবলৈ তেওঁলোকে কাণ নাপাতিলে।
6 Da udøstes min Harme og min Vrede, og den brændte i Judas Stæder og paa Jerusalems Gader, saa at de bleve til en Ørk, til et Øde, som det ses paa denne Dag.
৬এই কাৰণে মোৰ ক্ৰোধ আৰু কোপৰূপ অগ্নি বৰষিলে আৰু যিহূদাৰ নগৰবোৰত, আৰু যিৰূচালেমৰ আলিবোৰত সেয়ে জ্বলি উঠিল; আজি তোমালোকে দেখাৰ দৰে সেইবোৰক উচ্ছন্ন আৰু ধ্বংস কৰা হৈছে।
7 Og nu, saa siger Herren Zebaoths Gud, Israels Gud: Hvorfor gører I dette store Onde imod eder selv, saa at jeg maa udrydde eder, Mand og Kvinde, spæde og diende Børn, af Juda, uden at lade en Levning af eder blive tilovers,
৭এই হেতুকে এতিয়া ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: তোমালোক উচ্ছন্ন হ’বলৈ আৰু পৃথিৱীৰ সকলো জাতিৰ মাজত অভিশাপ আৰু ধিক্কাৰৰ বিষয় হ’বলৈ, তোমালোকে প্ৰবাস কৰিবলৈ অহা এই মিচৰ দেশত ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাই তোমালোকৰ হাতৰ কাৰ্যেৰে মোক বেজাৰ দিলা।
8 idet I fortørne mig med eders Hænders Gerninger, med at gøre Røgoffer for andre Guder i Ægyptens Land, hvor I ere komne ind, til at være der som fremmede; for at jeg maa udrydde eder, og for at I maa blive til Forbandelse og til Forhaanelse iblandt alle Folkefærd paa Jorden?
৮তোমালোকৰ কোনো অৱশিষ্ট নথকাকৈ, যিহূদাৰ মাজৰ পৰা তোমালোকৰ সম্পৰ্কীয় পুৰুষ, মহিলা, ল’ৰা আৰু পিয়াহ খোৱা কেঁচুৱাক উচ্ছন্ন কৰিবলৈ তোমালোকে কিয় নিজ নিজ প্ৰাণৰ বিৰুদ্ধে এই মহাপাপ কৰিছা?
9 Have I glemt eders Fædres Ondskab og Judas Kongers Ondskab og deres Hustruers Ondskab og eders egen Ondskab og eders Hustruers Ondskab, som de øvede i Judas Land og paa Jerusalems Gader?
৯যিহূদা দেশত আৰু যিৰূচালেমৰ আলিত কৰা তোমালোকৰ পূৰ্বপুৰুষসকলৰ যিহূদাৰ ৰজাসকলৰ, তেওঁলোকৰ ভাৰ্য্যাসকল আৰু তোমালোকৰ নিজৰ নিজৰ দুষ্কৰ্ম আৰু তোমালোকৰ ভাৰ্য্যাসকলৰ দুষ্কৰ্ম পাহৰিলা নে?
10 End ikke indtil denne Dag føle de Sønderknuselse, og de frygte ikke og vandre ikke i min Lov og i mine Skikke, som jeg gav for eders Ansigt og for eders Fædres Ansigt.
১০তেওঁলোকে আজিলৈকে নম্ৰ হোৱা নাই, ভয়ো কৰা নাই আৰু তোমালোকৰ ও তোমালোকৰ পূৰ্বপুৰুষসকলৰ আগত মই স্থাপন কৰা মোৰ ব্যৱস্থা কি বিধিবোৰৰ দৰে চলা নাই।
11 Derfor, saa siger den Herre Zebaoth, Israels Gud: Se, jeg vender mit Ansigt imod eder til det onde og til at udrydde hele Juda.
১১এই হেতুকে ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “চোৱা, মই অমঙ্গল কৰিবলৈ এনে কি গোটেই যিহূদাক উচ্ছন্ন কৰিবলৈ তোমালোকৰ ফাললৈ মুখ কৰিম।
12 Og jeg vil tage de overblevne af Juda, dem, som vendte deres Ansigt imod Ægyptens Land for at komme did og være der som fremmede, og de skulle alle omkomme; i Ægyptens Land skulle de falde, ved Sværdet, ved Hungeren skulle de omkomme, baade smaa og store, ved Sværdet og ved Hungeren skulde de dø; og de skulle blive til en Ed, til Forfærdelse og til Forbandelse og til Forhaanelse.
১২আৰু এই মিচৰ দেশত প্ৰবাস কৰিবৰ অৰ্থে ইয়াত সোমাবলৈ মুখ কৰা যিহূদাৰ অৱশিষ্ট ভাগক মই ধৰিম, তেতিয়া তেওঁলোকৰ সকলো উচ্ছন্ন হ’ব; তেওঁলোক এই মিচৰ দেশতেই পতিত হ’ব; তেওঁলোক তৰোৱাল আৰু আকালৰ দ্বাৰাই নষ্ট হ’ব; সৰুৰ পৰা বৰলৈকে তেওঁলোক তৰোৱালত আৰু দুৰ্ভিক্ষত মৰা পৰিব; আৰু তেওঁলোক শাও, বিস্ময়, অভিশাপ, আৰু ধিক্কাৰৰ বিষয় হ’ব।
13 Og jeg vil hjemsøge Indbyggerne i Ægyptens Land, ligesom jeg hjemsøgte Jerusalem, med Sværdet, med Hungeren og med Pesten.
১৩কিয়নো যেনেকৈ মই তৰোৱাল, আকাল আৰু মহামাৰীৰ দ্বাৰাই যিৰূচালেমক দণ্ড দিলোঁ, তেনেকৈ এই মিচৰ দেশত প্ৰবাস কৰা লোকসকলকো দণ্ড দিম।
14 Og af de overblevne af Juda, som ere komne til Ægyptens Land for at være som fremmede der, skal ingen undkomme eller undslippe, saa han kan vende tilbage til Judas Land, til hvilket deres Sjæl længes efter at komme tilbage for at bo der; thi der skal ingen komme tilbage uden enkelte undkomne.
১৪তেতিয়া এই মিচৰ দেশত প্ৰবাস কৰিবলৈ অহা যিহূদাৰ অৱশিষ্ট ভাগে যি যিহূদাত বাস কৰিবৰ কাৰণে উলটি যাবলৈ ইচ্ছা কৰিছে, সেই যিহূদালৈ উলটি যাবৰ বাবে, তেওঁলোকৰ কোনেও ৰক্ষা নাপাব বা অৱশিষ্ট নাথাকিব; কিয়নো পলৰীয়াসকলৰ বাহিৰে কোনেও উলটি নাযাব।”
15 Og alle de Mænd, som vidste, at deres Hustruer gjorde Røgoffer for andre Guder, og alle Kvinderne, som stode der, en stor Forsamling, og alt Folket, som boede i Ægyptens Land og i Patros, svarede Jeremias og sagde:
১৫তেতিয়া যি সকলো পুৰুষে, তেওঁলোকৰ ভাৰ্য্যাসকলে ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাইছে বুলি জানিছিল, তেওঁলোকে আৰু ওচৰত থকা মহিলাসকলৰ মহা সমাজে, অৰ্থাৎ মিচৰ দেশত থকা আটাই লোকসকলে পথ্ৰোচত যিৰিমিয়াক উত্তৰ দিলে।
16 Det Ord, som du har talt til os i Herrens Navn, deri ville vi ikke høre dig.
১৬তেওঁলোকে ক’লে, “তুমি যিহোৱাৰ নামেৰে আমাক কোৱা বাক্যৰ বিষয়ে হ’লে, আমি তোমালৈ কাণ নিদিওঁ।
17 Men vi ville fuldt og fast holde det Ord, som er udgaaet af vor Mund om at gøre Røgoffer for Himmelens Dronning og udøse Drikofre for hende, saaledes som vi have gjort, vi og vore Fædre, vore Konger øg vore Fyrster, i Judas Stæder og paa Jerusalems Gader; og vi bleve mætte af Brød og havde det godt og saa ingen Ulykke.
১৭কিন্তু আমি আৰু আমাৰ পূৰ্বপুৰুষসকলে আমাৰ ৰজা আৰু প্ৰধান লোকসকলে যিহূদাৰ নগৰবোৰত আৰু যিৰূচালেমৰ আলিত যেনেকৈ কৰিছিলোঁ, তেনেকৈ আকাশৰ ৰাণীৰ উদ্দেশ্যে ধূপ জ্বলাবলৈ আৰু তেওঁৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালিবলৈ আমাৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্য আমি নিশ্চয়ে সিদ্ধ কৰিম; কাৰণ সেই কালত আমাৰ আহাৰ অধিক আছিল আৰু আমি কুশলে আছিলোঁ, কোনো অমঙ্গল নেদেখিছিলোঁ।
18 Men fra den Tid af, da vi ophørte med at gøre Røgoffer for Himmelens Dronning og udøse Drikofre for hende, have vi Mangel paa alt, og vi ere fortærede ved Sværdet og ved Hungeren.
১৮কিন্তু যেতিয়াৰে পৰা আমি আকাশৰ ৰাণীৰ উদ্দেশ্যে ধূপ জ্বলাবলৈ আৰু পেয় নৈবেদ্য ঢালিবলৈ এৰিলোঁ, তেতিয়াৰে পৰা আমাৰ আটাই বস্তুৰ অভাৱ হ’ল আৰু তৰোৱাল ও দুৰ্ভিক্ষৰ দ্বাৰাই আমাৰ সৰ্ব্বনাশ হ’ল।”
19 Og der vi gjorde Røgoffer for Himmelens Dronning og udøste Drikofre for hende, mon vi da uden vore Mænds Samtykke lavede Kager for hende til at dyrke hende og udøse Drikofre for hende?
১৯“আমি যেতিয়া আকাশৰ ৰাণীৰ উদ্দেশ্যে ধূপ জ্বলাওঁ আৰু তেওঁৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালোঁ, তেতিয়া জানো নিজ নিজ স্বামীৰ বিনা অনুমতিৰে তেওঁক সেৱা-পূজা কৰিবৰ অৰ্থে আমি তেওঁৰ উদ্দেশ্যে পিঠা বনাওঁ আৰু তেওঁৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালোঁ?”
20 Og Jeremias sagde saaledes til hele Folket om de Mænd og om de Kvinder og om alt det Folk, som havde svaret ham saadant:
২০তেতিয়া যিৰিমিয়াই সকলো লোকসকলক তেওঁক উত্তৰ দিয়া পুৰুষ মহিলা আদি সকলো লোকসকলক এই কথা ক’লে,
21 Mon ikke de Røgofre, som I bragte i Judas Stæder og paa Jerusalems Gader, I og eders Fædre, eders Konger og eder Fyrster, og Folket i Landet, ere ihukommede af Herren og rundne ham i Tanker?
২১“যিহূদাৰ নগৰবোৰত আৰু যিৰূচালেমৰ আলিত তোমালোকে, তোমালোকৰ পূৰ্বপুৰুষসকল, তোমালোকৰ ৰজা, তোমালোকৰ প্ৰধান লোকসকল আৰু দেশৰ প্ৰজাসকলে যি ধূপ দাহ কৰিছিল, সেই ধূপ দাহ জানো যিহোৱাই সোঁৱৰণ কৰা নাই? এই সকলো তেওঁৰ মনত আছিল।
22 Og Herren kunde ikke mere fordrage det for eders Idrætters Ondskabs Skyld, for de Vederstyggeligheders Skyld, som I gjorde; og eders Land blev til en Ørk og til en Forfærdelse og til en Forbandelse, saa at ingen bor deri, som det ses paa denne Dag.
২২এই কাৰণে যিহোৱাই তোমালোকৰ দুষ্কৰ্মৰ কাৰণে আৰু তোমালোকে কৰা ঘিণলগীয়া কাৰ্যৰ বাবে আৰু সহি থাকিব নোৱাৰিলে; এই হেতুকে তোমালোকে আজি দেখাৰ দৰে তোমালোকৰ দেশ-নিবাসীশূণ্য হৈ, ধ্বংসস্থান আৰু বিস্ময় ও শাওৰ বিষয় হ’ল।
23 Fordi I gjorde Rør gelse, og fordi I syndede imod Herren og hørte ikke Herrens Røst og vandrede ikke i hans Lov og i hans Skikke og i hans Vidnesbyrd, derfor er denne Ulykke vederfaret eder, som det ses paa denne Dag.
২৩তোমালোকে ধূপ জ্বলালা, যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলা, যিহোৱাৰ বাক্যলৈ কাণ নিদিলা, তেওঁৰ ব্যৱস্থা, বিধি, কি সাক্ষ্য অনুসাৰে নচলিলা; এই কাৰণে আজি দেখাৰ দৰে তোমালোকলৈ এই অমঙ্গল ঘটিল।”
24 Og Jeremias sagde til alt Folket og til alle Kvinderne: Hører Herrens Ord, al Juda, som er i Ægyptens Land!
২৪তেতিয়া তাত বাজে যিৰিমিয়াই সকলো লোকসকলক আৰু সকলো মহিলাক ক’লে, “হে মিচৰ দেশত থকা আটাই যিহূদী লোকসকল, যিহোৱাৰ বাক্য শুনা।
25 Saa siger den Herre Zebaoth, Israels Gud: I og eders Hustruer talte med eders Mund og udførte det med eders Hænder, idet I sagde: Vi ville fuldt og fast holde vore Løfter, som vi have lovet, om at gøre Røgoffer for Himmelens Dronning og at udøse Drikofre for hende: I opfylde nu eders Løfter og udføre eders Løfter!
২৫ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “আমি আকাশৰ ৰাণীৰ উদ্দেশ্যে ধূপ জ্বলাবলৈ আৰু তেওঁৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালিবলৈ আমি কৰা সঙ্কল্পবোৰ অৱেশ্যে সিদ্ধ কৰিম, এই বুলি কৈ তোমালোকে আৰু তোমালোকৰ মহিলাসকলে মুখেৰে কথা ক’লা আৰু হাতেৰে তাক সিদ্ধও কৰিছা; বাৰু তোমালোকৰ সঙ্কল্প সিদ্ধ কৰা আৰু তোমালোকে তোমালোকৰ সঙ্কল্প সাম্ফল কৰা।
26 Derfor hører Herrens Ord, al Juda, I, som bo i Ægyptens Land! se, jeg har svoret ved mit store Navn, siger Herren: Mit Navn skal ikke mere nævnes i hele Ægyptens Land i nogen Mands Mund af Juda, saa at han siger: Saa sandt den Herre, Herre lever!
২৬এই হেতুকে হে মিচৰৰ দেশত থকা আটাই যিহূদী লোকসকল, যিহোৱাৰ বাক্য শুনা: যিহোৱাই কৈছে, ‘চোৱা, মই মোৰ মহান নাম লৈ শপত খাইছোঁ, যে, যিহোৱাৰ জীৱনৰ শপত বুলি কৈ এই গোটেই মিচৰ দেশত কোনো যিহূদী লোকে মোৰ নাম আৰু মুখত নানিবা।”
27 Se, jeg er aarvaagen over dem til det onde og ikke til det gode, saa at enhver af Juda, som er i Ægyptens Land, skal fortæres ved Sværdet og ved Hungeren, indtil det er ude med, dem.
২৭চোৱা, তেওঁলোকৰ মঙ্গলৰ বাবে নহয়, কিন্তু অমঙ্গলৰ বাবেহে মই তেওঁলোকলৈ জাগি থাকিম; আৰু এই মিচৰ দেশত থকা সকলো যিহূদী লোকক তৰোৱাল আৰু আকালৰ দ্বাৰাই নিঃশেষে বিনষ্ট কৰা হ’ব।
28 Og de, som undkomme fra; Sværdet skulle vende tilbage fra Ægyptens Land til Judas Land, i ringe Tal; og alle de overblevne af Juda, de, som ere komne til Ægyptens Land for at være der som fremmede, skulle forfare, hvis Ord der staar ved Magt, mit eller deres.
২৮আৰু তৰোৱালৰ পৰা ৰক্ষা পোৱা অতি কম সংখ্যক লোকে এই মিচৰ দেশৰ পৰা যিহূদা দেশলৈ উলটি যাব; তাতে মোৰ নে তেওঁলোকৰ, কাৰ বাক্য ৰব, এই মিচৰ দেশত প্ৰবাস কৰিবৰ অৰ্থে ইয়াত সোমোৱা সকলো অৱশিষ্ট যিহূদী লোকসকলে তাক জানিব।
29 Og dette skal være eder Tegnet, siger Herren, at jeg vil hjemsøge eder paa dette Sted, paa det I skulle vide, at mine Ord skulle staa ved Magt over eder til det onde:
২৯যিহোৱাই কৈছে, তোমালোকৰ অমঙ্গলৰ কাৰণেহে যে মোৰ বাক্য অৱশ্যে ফলিয়াব, তাক তোমালোকে জানিবৰ বাবে মই যে এই ঠাইত তোমালোকক দণ্ড দিম তাৰ প্ৰমাণৰ অৰ্থে এয়ে তোমালোকলৈ চিন হ’ব।’
30 Saa siger Herren: Se, jeg giver Farao Hofra, Kongen af Ægypten, i hans Fjenders Hænder og i deres Haand, som søge efter hans Liv, ligesom jeg gav Zedekias, Judas Konge, i Nebukadnezars, Kongen af Babels, Haand, som var hans Fjende, og som søgte efter hans Liv.
৩০যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই যেনেকৈ যিহূদাৰ চিদিকিয়া ৰজাক তেওঁৰ প্ৰাণ ল’বলৈ বিচাৰা তেওঁৰ শত্ৰু বাবিলৰ ৰজা নবূখদনেচৰৰ হাতত সমৰ্পণ কৰিছিলোঁ, তেনেকৈ মই মিচৰৰ ৰজা ফৰৌণহফ্ৰাকো তেওঁৰ প্ৰাণ ল’বলৈ বিচাৰা শত্ৰুবোৰৰ হাতত সমৰ্পণ কৰিম’।”