< Anden Kongebog 17 >

1 Idet tolvte Akas's, Judas Konges, Aar blev Hosea, Elas Søn, Konge i Samaria over Israel i ni Aar.
যিহূদাৰ ৰজা আহজৰ ৰাজত্বৰ বাৰ বছৰৰ সময়ত এলাৰ পুত্ৰ হোচেয়াই চমৰিয়াত ইস্ৰায়েলৰ ৰজা হৈছিল। তেওঁ ন বছৰ ৰাজত্ব কৰিছিল।
2 Og han gjorde det, som var ondt for Herrens Øjne, dog ikke som Israels Konger, som vare før ham.
যিহোৱাৰ দৃষ্টিত যি বেয়া, তেওঁ তাকেই কৰিছিল, যদিও ইস্রায়েলৰ আগৰ ৰজাসকলে কৰাৰ দৰে তেওঁ নাছিল।
3 Salmanasser, Kongen af Assyrien, drog op imod ham; og Hosea blev hans Tjener og gav ham Skænk.
অচূৰৰ ৰজা চল্মনেচৰে আক্রমণ কৰি হোচেয়াক পৰাজয় কৰিলে; তাতে হোচেয়া তেওঁৰ অধীনৰ ৰজা হোৱাত তেওঁলৈ ৰাজহ আনিছিল।
4 Men Kongen af Assyrien saa et Forbund deri, at Hosea havde sendt Bud til So, Kongen af Ægypten, og ikke bragt Skat til Kongen af Assyrien Aar for Aar; da satte Kongen af Assyrien ham fast og lagde ham bunden i et Fængsel.
পাছত অচূৰৰ ৰজাই বুজি পালে যে, হোচেয়াই তেওঁৰ বিৰুদ্ধে ষড়যন্ত্র ৰচনা কৰিছে, কিয়নো তেওঁ মিচৰৰ চো ৰজা ওচৰলৈ বার্তাবাহকসকলক পঠাইছিল আৰু অচূৰৰ ৰজাক বছৰে বছৰে যি ৰাজহ দিছিল, সেয়া পুনৰ দিয়া নাছিল। সেইবাবেই অচূৰৰ ৰজাই তেওঁক ধৰি নি কাৰাগাৰত বন্দী কৰি থৈছিল।
5 Thi Kongen af Assyrien drog op i det ganske Land og drog op til Samaria og belejrede den i tre Aar.
তাৰ পাছত অচূৰৰ ৰজাই গোটেই দেশ আক্ৰমণ কৰি চমৰিয়ালৈকে গ’ল আৰু তিনি বছৰলৈকে তাক অৱৰোধ কৰিলে।
6 I Hoseas niende Aar indtog Kongen af Assyrien Samaria og førte Israel bort til Assyrien; og han lod dem bo i Hala og i Habor ved Floden Gosan og i Medernes Stæder.
হোচেয়াৰ ৰাজত্বৰ নৱম বছৰৰ সময়ত অচূৰৰ ৰজাই চমৰিয়া দখল কৰিলে আৰু ইস্ৰায়েলীয়াসকলক বন্দী কৰি অচূৰ দেশলৈ লৈ গ’ল। তেওঁলোকক তেওঁ হলহত, গোজনৰ নদী হাবোৰৰ পাৰত আৰু মাদীয়াসকলৰ নগৰবোৰত বাস কৰিবলৈ দিলে।
7 Og det skete, fordi Israels Børn havde syndet imod Herren deres Gud, som havde ført dem op af Ægyptens Land, fra at være under Faraos, Kongen af Ægyptens, Magt, og fordi de frygtede andre Guder;
এই সকলো ঘটিছিল, কাৰণ যদিও ইস্রায়েলৰ ঈশ্বৰ যিহোৱাই তেওঁলোকক মিচৰৰ ৰজা ফৰৌণৰ অধীনৰ পৰা বাহিৰ কৰি মিচৰ দেশৰ পৰা লৈ আনিছিল, তথাপিও তেওঁলোকে তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে পাপ কৰিছিল। তেওঁলোকে আন দেৱ-দেৱীৰ পূজা কৰিছিল।
8 og de vandrede i de Hedningers Skikke, hvilke Herren havde fordrevet for Israels Børns Ansigt, og i dem, som Israels Konger havde indført;
যি জাতিবোৰক যিহোৱাই ইস্ৰায়েলৰ সন্মুখৰ পৰা দূৰ কৰিছিল, তেওঁলোকৰ ৰীতি-নীতি আৰু নিজৰ ৰজাসকলে স্থাপন কৰা ৰীতিত তেওঁলোক চলিছিল।
9 og Israels Børn skjulte Ting, som ikke var ret for Herren deres Gud og byggede sig Høje i alle Stæder, fra Vogternes Taarn indtil hver fast Stad;
ইস্ৰায়েলীয়াসকলে গোপনে ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে অনুচিত কাৰ্যবোৰ কৰিছিল। প্রহৰীৰ ওখ মিনাৰৰ পৰা গড়েৰে আবৃত নগৰলৈকে তেওঁলোকৰ সকলো নগৰত ওখ মঠবোৰ নির্মাণ কৰিছিল।
10 og de oprejste sig Støtter og Astartebilleder paa hver ophøjet Høj og under hvert grønt Træ;
১০তেওঁলোকে প্ৰত্যেকটো ওখ পাহাৰৰ ওপৰত আৰু সেউজীয়া ডাল পাতেৰে ভৰা প্রত্যেকজোপা গছৰ তলত পূজা কৰা শিলৰ স্তম্ভ আৰু আচেৰা মূর্তিবোৰ স্থাপন কৰিছিল।
11 og de gjorde Røgelse der paa alle Højene ligesom Hedningerne, hvilke Herren havde bortført fra deres Ansigt, og de gjorde onde Ting til at opirre Herren;
১১যি জাতি সমূহক যিহোৱাই তেওঁলোকৰ সন্মুখৰ পৰা দূৰ কৰিছিল, সেই জাতিৰ লোকসকলৰ দৰে ইস্রায়েলীয়াসকলেও এই ওখ মঠবোৰত ধূপ জ্বলাইছিল। তেওঁলোকে দুষ্ট কর্মবোৰ কৰি যিহোৱাক ক্রোধিত কৰিছিল;
12 og de tjente de stygge Afguder, om hvilke Herren havde sagt til dem: I skulle ikke gøre denne Ting;
১২তেওঁলোকে মূর্তি পূজা কৰিছিল, যদিও যিহোৱাই তেওঁলোকক কৈছিল যে, “তোমালোকে এনে কার্য নকৰিবা।”
13 og Herren lod vidne i Israel og i Juda ved alle sine Profeter, alle Seere, sigende: Vender om fra eders onde Veje og holder mine Bud, mine Skikke, efter den hele Lov, som jeg bød eders Fædre, og efter det, som jeg sendte til eder om ved mine Tjenere, Profeterne;
১৩যিহোৱাই তেওঁৰ সকলো ভাববাদী আৰু দৰ্শকসকলৰ মাধ্যমেদি ইস্ৰায়েল আৰু যিহূদা দেশক এই বুলি সাৱধান কৰি দিছিল, “তোমালোক সকলো কু-পথৰ পৰা ঘূৰা; মোৰ সকলো আজ্ঞা আৰু বিধি-বিধান অনুসাৰে চলা। মোৰ দাস ভাৱবাদীসকলক পঠাই তেওঁলোকৰ দ্বাৰাই মই যি সকলো বিধি-বিধান তোমালোকৰ পূর্বপুৰুষসকলক দিছিলোঁ, সেই সকলো বিধান যত্নেৰে পালন কৰা।”
14 men de havde ikke været lydige, men de forhærdede deres Nakke, ligesom deres Fædres Nakke, de, som ikke troede paa Herren deres Gud;
১৪তথাপিও তেওঁলোকে সেই কথা নুশুনিলে। ঈশ্বৰ যিহোৱাত বিশ্বাস নকৰা তেওঁলোকৰ পূর্বপুৰুষসকলৰ নিচিনাকৈ তেওঁলোক আঁকোৰ-গোঁজ হৈ থাকিল।
15 tilmed forkastede de hans Skikke og hans Pagt, som han havde gjort med deres Fædre, og hans Vidnesbyrd, som han havde vidnet for dem, og de vandrede efter Forfængelighed og bleve forfængelige, og efter Hedningerne, der vare trindt omkring dem, om hvilke Herren havde budet dem, at de ikke skulde gøre som de;
১৫তেওঁলোকে যিহোৱাৰ বিধিবোৰ, তেওঁলোকৰ পূর্বপুৰুষসকলৰ সৈতে স্থাপন কৰা তেওঁৰ বিধান আৰু তেওঁলোকক দিয়া তেওঁৰ সাৱধান বাণী মানিবলৈ অস্বীকাৰ কৰিছিল। তেওঁলোকে অসাৰ মূর্তিবোৰৰ পাছত চলি নিজেও অসাৰ হৈ পৰিছিল। যিহোৱাই তেওঁলোকক যি লোক সমূহৰ দৰে চলিবলৈ নিষেধ কৰিছিল, তেওঁলোকে নিজৰ চাৰিওফালে থকা সেই জাতি সমূহৰ দৰেই চলিছিল।
16 ja de forlode alle Herren deres Guds Bud og gjorde sig støbte Billeder, to Kalve, og de gjorde Astartebilleder og tilbade al Himmelens Hær og tjente Baal;
১৬তেওঁলোকে তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ সকলো আজ্ঞা অগ্রাহ্য কৰি, নিজৰ নিমিত্তে পূজা কৰিবলৈ সাঁচত ঢলা দুটা দামুৰিৰ মূর্তি, এটা আচেৰা মূর্তি সাজিছিল; তেওঁলোকে আকাশৰ সকলো তৰা আৰু বাল দেৱতাৰ সেৱা-পূজা কৰিছিল।
17 og de lode deres Sønner og deres Døtre gaa igennem Ilden og omgikkes med Spaadom og agtede paa Fugleskrig og solgte sig til at gøre det, som var ondt for Herrens Øjne, for at opirre ham: —
১৭নিজৰ ল’ৰা-ছোৱালীবোৰক তেওঁলোকে হোমবলিৰূপে উৎসর্গ কৰিছিল; ভৱিষ্যত জনাৰ বাবে তেওঁলোকে মঙ্গল চোৱা কাৰ্য ও মায়াকৰ্মৰ অভ্যাস কৰিছিল; যিহোৱাৰ দৃষ্টিত যি বেয়া, সেই সকলোকে কৰিবলৈ তেওঁলোকে নিজক বিক্রী কৰি যিহোৱাক ক্রোধিত কৰি তুলিছিল।
18 derfor blev Herren saare vred paa Israel og bortdrev dem fra sit Ansigt; der blev ingen tilovers uden Judas Stamme alene.
১৮এই হেতুকে ইস্ৰায়েলী লোকসকলৰ ওপৰত যিহোৱা অতিশয় ক্ৰোধিত হ’ল আৰু তেওঁলোকক নিজৰ সন্মুখৰ পৰা দূৰ কৰিলে; কেৱল যিহূদা গোষ্ঠীৰ বাহিৰে কোনো বাকী নাথাকিল।
19 Heller ikke Juda holdt Herrens, deres Guds, Bud; men de vandrede efter Israels Skikke, som de havde indført.
১৯কিন্তু যিহূদা ফৈদেও তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে নচলি, ইস্ৰায়েলে যি যি কৰিছিল তাকে অনুসৰণ কৰিছিল।
20 Saa forkastede Herren al Israels Sæd og plagede dem og gav dem i Røveres Hænder, indtil han havde bortstødt dem fra sit Ansigt.
২০সেয়ে যিহোৱাই ইস্ৰায়েলৰ সকলো বংশকে অগ্ৰাহ্য কৰিলে আৰু নিজৰ সন্মুখৰ পৰা তেওঁলোকক দূৰ নকৰালৈকে, তেওঁ তেওঁলোকক কষ্ট দি আছিল; লুট কৰোঁতা সকলৰ হাতত তেওঁলোকক শোধাই দিছিল।
21 Thi Israel havde revet sig løs fra Davids Hus, og de gjorde Jeroboam, Nebats Søn, til Konge; og Jeroboam drog Israel bort fra Herren og kom dem til at synde en stor Synd.
২১যিহোৱাই ইস্রায়েলীসকলক দায়ুদৰ ৰাজকীয় বংশৰ পৰা যেতিয়া কাঢ়ি লৈ বেলেগ কৰিছিল, তেতিয়া তেওঁলোকে নবাটৰ পুত্র যাৰবিয়ামক ৰজা পাতিছিল। সেই যাৰবিয়ামে ইস্রায়েলী লোকসকলক যিহোৱাৰ নির্দেশিত পথত চলাৰ পৰা আঁতৰাই নি তেওঁলোকৰ দ্বাৰাই মহাপাপ কৰাইছিল।
22 Og Israels Børn vandrede i alle Jeroboams Synder, som han gjorde; de vege ikke derfra,
২২ইস্ৰায়েলৰ লোকসকলে যাৰবিয়ামে কৰা সকলো পাপ কার্যকে অনুসৰণ কৰি চলিছিল। সেইবোৰৰ পৰা ঘূৰি অহা নাছিল।
23 indtil Herren bortdrev Israel fra sit Ansigt, saaledes som han havde sagt ved alle sine Tjenere, Profeterne; saa blev Israel bortført fra sit Land til Assyrien indtil denne Dag.
২৩এইদৰে যিহোৱাই তেওঁৰ সকলো দাস অর্থাৎ ভাববাদীসকলৰ যোগেদি দিয়া সাৱধান বাণী অনুসাৰে নিজৰ সন্মুখৰ পৰা ইস্রায়েলক দূৰ কৰিলে। এইকাৰণেই ইস্রায়েলৰ লোকসকলক তেওঁলোকৰ নিজৰ দেশৰ পৰা অচূৰ দেশলৈ নিয়া হ’ল। আজিলৈকে তেওঁলোক সেই ঠাইতে আছে।
24 Og Kongen af Assyrien lod komme Folk af Babel og af Kut og af Ava og af Hamath og Sefarvajm og lod dem bo i Samarias Stæder, i Israels Børns Sted, og de indtoge Samaria til Ejendom og boede i dens Stæder.
২৪অচূৰৰ ৰজাই ইস্রায়েলীসকলৰ সলনি বেবিলন, কূথা, অব্বা, হমাৎ আৰু চফৰ্বয়িমৰ পৰা লোক আনি চমৰীয়াৰ নগৰবোৰত বাস কৰিবলৈ দিলে; তেওঁলোকে চমৰিয়া অধিকাৰ কৰি তাৰ নগৰবোৰত বসতি কৰিবলৈ ধৰিলে।
25 Og det skete, der de begyndte at bo der, at de ikke frygtede Herren; da sendte Herren Løver iblandt dem, og disse sønderreve nogle af dem.
২৫সেই ঠাইত বসতি কৰাৰ আৰম্ভণীতে, তেওঁলোকে যিহোৱাক ভয় কৰা নাছিল; এই হেতুকে যিহোৱাই তেওঁলোকৰ মাজলৈ সিংহ পঠাই দিলে আৰু সেইবোৰে তেওঁলোকৰ কিছুমানক মাৰি পেলালে।
26 Derfor sagde de til Kongen af Assyrien: De Hedninger, som du lod forflytte og bo i Samarias Stæder, kende ikke, hvad der er ret imod Landets Gud; derfor sendte han Løver iblandt dem, og se, disse sønderreve dem, fordi de ikke kende, hvad der er ret imod Landets Gud.
২৬তেতিয়া অচূৰৰ ৰজাৰ আগত তেওঁলোকে ক’লে, “আপুনি যি জাতিবোৰক আনি চমৰিয়াত বাস কৰিবৰ কাৰণে পঠাই দিলে, তেওঁলোকে সেই দেশৰ ঈশ্বৰক কেনেদৰে উপাসনা কৰিব লাগে, তাক নাজানে। সেয়ে ঈশ্বৰে তেওঁলোকৰ মাজলৈ সিংহ পঠালে আৰু সেইবোৰে লোকসকলক মাৰি আছে, কিয়নো তেওঁলোকে সেই দেশৰ ঈশ্বৰৰ নিয়ম প্ৰণালী নাজানে।”
27 Da bød Kongen af Assyrien og sagde: Fører en af de Præster derhen, som I bortførte derfra, og lader ham drage hen og bo der, at han kan lære dem, hvad der er ret imod Landets Gud.
২৭তেতিয়া অচূৰৰ ৰজাই এই আজ্ঞা দিলে, “তাৰ পৰা অনা পুৰোহিতসকলৰ এজনক তালৈ যাবলৈ দিয়া আৰু তেওঁ গৈ তাত বসতি কৰক। তেওঁ সেই দেশৰ ঈশ্বৰক কেনেদৰে উপাসনা কৰিব লাগে, তাক শিকাওক।”
28 Saa kom en af Præsterne, som de havde bortført fra Samaria, og boede i Bethel og lærte dem, hvorledes de skulde frygte Herren.
২৮সেয়ে চমৰিয়াৰ পৰা লৈ যোৱা পুৰোহিতসকলৰ মাজৰ এজনে আহি বৈৎএলত নিবাস কৰিলে আৰু কেনেকৈ তেওঁলোকে যিহোৱাক উপাসনা কৰিব লাগে, তাক তেওঁ শিকালে।
29 Men hvert Folk gjorde sig sin Gud, og de satte dem i Husene paa de Høje, som Samaritanerne gjorde, hvert Folk i sine Stæder, hvori de boede.
২৯তথাপিও প্ৰত্যেক জাতিৰ লোকসকলে যি যি নগৰত বাস কৰিছিল, তেওঁলোকে সেই নগৰবোৰত নিজৰ নিজৰ দেৱতাবোৰ নির্মাণ কৰিলে আৰু চমৰিয়াৰ লোকসকলে নির্মাণ কৰা ওখ ঠাইৰ মঠবোৰত সেইবোৰ ৰাখিলে।
30 Thi de Mænd af Babel havde gjort Sukoth-Benoth, og de Mænd af Kut havde gjort Nergal, og de Mænd af Hamath havde gjort Asima,
৩০সেইদৰে বেবিলনৰ লোকসকলে চক্কোৎ-বনোতৰ মূর্তি, কুথৰ লোকসকলে নেৰ্গলৰ মূর্তি, হমাতৰ লোকসকলে অচীমা মূর্তি সাজিলে;
31 og de al Ava havde gjort Nibhas og Tharthak, og de af Sefarvajm opbrændte deres Sønner i Ilden for Adramelek og Anamelek, Sefarvajms Guder.
৩১অব্বিয়াসকলে নিভজ আৰু তৰ্তকৰ মূর্তি সাজিলে; অদ্ৰম্মেলক আৰু অনম্মেলক নামৰ চফৰ্বয়িমৰ দেৱতাবোৰৰ উদ্দেশ্যে চফৰ্বয়িমৰ লোকসকলে তেওঁলোকৰ নিজৰ সন্তান সকলক জুইত পুৰি উৎসর্গ কৰিলে।
32 De frygtede ogsaa Herren og gjorde sig i Flæng Præster paa Højene og gjorde Offer for dem i Husene paa Højene.
৩২তেওঁলোকে যিহোৱাৰো উপাসনা কৰিছিল। উপাসনাৰ ওখ ঠাইৰ মঠবোৰত পুৰোহিতৰ কার্য কৰিবৰ কাৰণে নিজৰ মাজৰ পৰাই লোক নিযুক্ত কৰিছিল; সেই পুৰোহিতসকলে তেওঁলোকৰ বাবে ওখ ঠাইৰ মঠ-মন্দিৰবোৰত বলি উৎসর্গ কৰিছিল।
33 De frygtede Herren, og de tjente deres Guder efter de Hedningers Vis, som de vare bortførte fra.
৩৩তেওঁলোকে যিহোৱাক উপাসনা কৰাৰ লগতে যি জাতিবোৰৰ মাজৰ পৰা তেওঁলোকক লৈ অনা হৈছিল, সেই জাতিবোৰৰ নিয়ম-প্ৰণালী অনুসাৰে নিজৰ দেৱতাবোৰৰো পূজা-অর্চনা কৰিছিল।
34 De gøre efter den første Vis, indtil denne Dag; de frygte ikke Herren, ej heller gøre de efter deres Skikke og efter deres Befalinger og efter Loven og efter Budet, som Herren bød Jakobs Børn, hvis Navn han kaldte Israel;
৩৪আজিলৈকে তেওঁলোকে সেই পূৰ্বকালৰ নিয়ম-প্ৰণালী মানি চলি আছে। তেওঁলোকে প্রকৃতার্থত যিহোৱাক উপাসনা নকৰে, কাৰণ যিহোৱাই যি যাকোবৰ নাম ইস্রায়েল ৰাখিছিল, সেই যাকোবৰ সন্তান সকলৰ বিধি বা নির্দেশ বা বিধান বা যিহোৱাই তেওঁলোকক দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে কাৰ্য নকৰে।
35 og Herren gjorde en Pagt med dem og bød dem, sigende: I skulle ikke frygte andre Guder og ikke tilbede dem og ikke tjene dem og ikke ofre til dem.
৩৫যাকোবৰ সৈতে যিহোৱাই ইস্রায়েলসকলৰ কাৰণে এটি নিয়ম স্থাপন কৰি তেওঁলোকক এই আজ্ঞা দিছিল, “তোমালোকে আন কোনো দেৱ-দেবীক ভয় নকৰিবা বা তেওঁলোকৰ আগত প্ৰণিপাত নকৰিবা আৰু তেওঁলোকক সেৱা-পূজা বা তেওঁলোকৰ উদ্দেশ্যে বলিদান নকৰিবা।
36 Men Herren, som førte eder op af Ægyptens Land med stor Kraft og med en udrakt Arm, ham skulle I frygte, og ham skulle I tilbede og ofre til.
৩৬কিন্তু যিহোৱাই, যি জনে মহা-পৰাক্ৰমেৰে আৰু মেলা বাহুৰে মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই আনিলে, তোমালোকে সেই যিহোৱাৰেই উপাসনা কৰিবা; তেওঁকেই প্ৰণিপাত কৰিবা আৰু তেওঁৰেই উদ্দেশ্যে বলি উৎসর্গ কৰিবা।
37 Og I skulle holde de Skikke og Befalinger og Loven og Budet, som han lod skrive for eder, at gøre derefter alle Dage; men I skulle ikke frygte andre Guder.
৩৭তেওঁ যি সকলো বিধি, নির্দেশ, বিধান আৰু আজ্ঞা তোমালোকৰ কাৰণে লিখি দিছিল তাক তোমালোকে সদায় পালন কৰিবা। গতিকে তোমালোকে আন দেৱতাবোৰলৈ ভয় নকৰিবা।
38 Og I skulle ikke forglemme den Pagt, som jeg gjorde med eder, og ikke frygte andre Guder.
৩৮মই তোমালোকে সৈতে কৰা নিয়মটি তোমালোকে নাপাহৰিবা আৰু আন দেৱতাবোৰৰ উপাসনা নকৰিবা।
39 Men I skulle frygte Herren eders Gud, og han skal fri eder fra alle eders Fjenders Haand.
৩৯কিন্তু তোমালোকৰ ঈশ্বৰ যিহোৱাকেই তোমালোকে উপাসনা কৰিবা; তাতে তেৱেঁই তোমালোকক তোমালোকৰ সকলো শত্ৰুৰ শক্তিৰ পৰা উদ্ধাৰ কৰিব।”
40 Dog, de hørte ikke; men de gjorde efter deres første Vis.
৪০তথাপিও তেওঁলোকে সেই কথালৈ কাণ নিদিলে; তেওঁলোকে পূর্বে যিদৰে কৰিছিল, সেই অনুসাৰেই চলি থাকিল।
41 Saa frygtede disse Hedninger Herren og tjente deres Billeder; ogsaa deres Børn og deres Børnebørn, efter som deres Fædre gjorde, saa gøre de indtil denne Dag.
৪১এইদৰে সেই জাতি সমূহে যিহোৱাক ভয় কৰিছিল আৰু তেওঁলোকৰ কটা-প্ৰতিমাকো পূজা কৰিছিল; তেওঁলোকৰ পূর্বপুৰুষসকলে যেনেকৈ কৰিছিল, তেওঁলোকৰ নাতি-পুতিসকলেও তেনেকৈ আজিলৈকে কৰি আহিছে।

< Anden Kongebog 17 >