< Anden Krønikebog 29 >
1 Ezekias var fem og tyve Aar gammel, der han blev Konge, og regerede ni og tyve Aar i Jerusalem, og hans Moders Navn var Abia, Sakarias Datter.
১হিষ্কিয়াই ৰজা হৈ শাসন ভাৰ লওঁতে তেওঁৰ বয়স পঁচিশ বছৰ আছিল; তেওঁ যিৰূচালেমত ঊনত্ৰিশ বছৰ ৰাজত্ব কৰিলে। তেওঁৰ মাতৃ অবিয়া, জখৰিয়াৰ জীয়েক আছিল।
2 Og han gjorde det, som var ret for Herrens Øjne, efter alt det, som David hans Fader gjorde.
২তেওঁ ওপৰ পিতৃ দায়ূদে কৰা কৰ্মৰ দৰে সকলো কৰ্ম কৰিছিল, তেওঁ যিহোৱাৰ দৃষ্টিত যি ন্যায়, তাকে কৰিছিল।
3 Han oplukkede i sin Regerings første Aar, i den første Maaned, Dørene til Herrens Hus og istandsatte dem.
৩তেওঁৰ ৰাজত্বৰ প্ৰথম বছৰৰ প্ৰথম মাহত তেওঁ যিহোৱাৰ গৃহৰ দুৱাৰবোৰ মেলি সেইবোৰ মেৰামতি কৰিছিল।
4 Og han førte Præsterne og Leviterne ind og samlede dem paa den aabne Plads imod Østen.
৪তেওঁ পুৰোহিত আৰু লেবীয়াসকলক মাতি আনি, পূবফালে থকা চোতালত তেওঁলোকক এক গোট কৰিছিল৷
5 Og han sagde til dem: Hører mig, I Leviter! helliger eder selv nu, og helliger Herrens, eders Fædres Guds, Hus, og bringer Urenheden bort fra Helligdommen!
৫তেওঁ তেখেতসকলক ক’লে, “হে লেবীয়াসকল, আপোনালোকে মোৰ কথা শুনক! আপোনালোকে এতিয়া নিজক পবিত্ৰ কৰি নিজৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ গৃহ পবিত্ৰ কৰক আৰু পবিত্ৰ স্থানৰ পৰা অশুচি বস্তুবোৰ উলিয়াই পেলাওঁক।
6 Thi vore Fædre have forsyndet sig og gjort det onde for Herren vor Guds Øjne og forladt ham, og de have vendt deres Ansigt bort fra Herrens Tabernakel og vendt det Ryggen.
৬কিয়নো আমাৰ পূর্ব-পুৰুষসকলে সত্যলঙ্ঘন কৰিলে আৰু আমাৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিলে, বিশেষকৈ তেওঁলোকে তেওঁক ত্যাগ কৰিলে আৰু যিহোৱাৰ নিবাসৰ ঠাইৰ পৰা বিমুখ হৈ তালৈ পিঠি দিলে।
7 De have og tillukket Dørene til Forhallen og udslukket Lamperne og ikke røget Røgelse og ej ofret Brændoffer i Helligdommen for Israels Gud.
৭তেওঁলোকে আনকি বাৰাণ্ডাৰ দুৱাৰবোৰ বন্ধ কৰিলে আৰু প্ৰদীপবোৰ নুমুৱাই ৰাখিলে; তেওঁলোকে পবিত্ৰ স্থানৰ মাজত ইস্ৰায়েলৰ ঈশ্বৰৰ উদ্দেশ্যে ধূপ নজ্বলালে আৰু হোম-বলি নিদিলে।
8 Derfor er Herrens Vrede over Juda og Jerusalem, og han har givet dem hen til Forfærdelse, til Ødelæggelse og til Spot, ligesom I se med eders Øjne.
৮এই কাৰণে যিহূদা আৰু যিৰূচালেমৰ ওপৰত যিহোৱাৰ ক্ৰোধ আহিছে আৰু আপোনালোকে নিজ চকুৰে এতিয়া দেখাৰ দৰে, ত্ৰাসৰ বিষয়, আচৰিত আৰু ঘৃণাৰ বিষয় হ’বলৈ তেওঁ তেওঁলোকক শোধাই দিলে।
9 Thi se, vore Fædre ere faldne for Sværdet; tilmed ere vore Sønner og vore Døtre og vore Hustruer bortførte i Fangenskab for denne Sags Skyld.
৯এই কাৰণে আমাৰ পিতৃসকল তৰোৱালৰ আঘাতত পতিত হ’ল, আৰু আমাৰ পো, জী আৰু ভাৰ্য্যাসকলক এই কাৰণেই বন্দী কৰি নিয়া হ’ল।
10 Nu ligger det mig paa Hjerte at gøre en Pagt med Herren Israels Gud, at hans strenge Vrede maa vendes fra os.
১০আমাৰ পৰা ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ যেন আতৰে, তাৰ বাবে তেৱেঁ সৈতে এটি নিয়ম-চুক্তি স্থাপন কৰিবলৈ এতিয়া মোৰ মনে স্থিৰ কৰিছে।
11 Nu, mine Sønner! værer ikke efterladne; thi Herren har udvalgt eder til at staa for hans Ansigt, for at tjene ham og til at være dem, som tjene ham og gøre Røgoffer.
১১হে মোৰ বোপাহঁত, তোমালোকে এতিয়া অৱহেলা নকৰিবা, কিয়নো তোমালোকে যেন যিহোৱাৰ আগত থিয় হৈ তেওঁৰ পৰিচৰ্যা কৰা আৰু তেওঁৰ পৰিচাৰক ও ধূপ জ্বলাওঁতা হোৱা, এই কাৰণে তেওঁ তোমালোককেই মনোনীত কৰিলে।”
12 Da gjorde Leviterne sig rede, Mahath, Amasajs Søn, og Joel, Asarias Søn, af Kahathiternes Børn; og af Meraris Børn, Kis, Abdis Søn, og Asaria, Jehaleleels Søn; og af Gersoniterne, Joa, Simmas Søn, og Eden, Joas Søn;
১২তেতিয়া সেই লেবীয়াসকল উঠিল: কহাতৰ সন্তান সকলৰ মাজৰ অমাচয়ৰ পুত্ৰ মহৎ আৰু অজৰিয়াৰ পুত্ৰ যোৱেল, মৰাৰীৰ সন্তান সকলৰ মাজৰ অব্দীৰ পুত্ৰ কীচ আৰু যিহল্লেলৰ পুত্ৰ অজৰিয়া; গেৰ্চোনীয়াসকলৰ মাজৰ জিম্মাৰ পুত্ৰ যোৱাহ আৰু যোৱাহৰ পুত্ৰ এদন;
13 og af Elizafans Børn, Simri og Jejel; og af Asafs Børn, Sakaria og Matthania;
১৩ইলিচাফনৰ সন্তান সকলৰ মাজৰ চিম্ৰী আৰু যুৱেল; আচফৰ সন্তান সকলৰ মাজৰ জখৰিয়া আৰু মত্তনিয়া;
14 og af Hemans Børn, Jehiel og Simei; og af Jeduthuns Børn, Semaja og Ussiel.
১৪হেমনৰ সন্তান সকলৰ মাজৰ যিহীয়েল আৰু চিমিয়ী আৰু যিদূথূনৰ সন্তান সকলৰ মাজৰ চময়িয়া আৰু উজ্জীয়েল৷
15 Og de samlede deres Brødre og helligede sig selv og kom paa Kongens Befaling efter Herrens Ord for at rense Herrens Hus.
১৫তেওঁলোকে নিজৰ ভাইসকলক গোটাই নিজক পবিত্ৰ কৰিলে আৰু যিহোৱাৰ বাক্য অনুসাৰে অহা ৰজাৰ আজ্ঞা পালন কৰি যিহোৱাৰ গৃহ শুচি কৰিবলৈ সোমাল।
16 Men Præsterne gik ind i det indre af Herrens Hus til at rense, og de bragte al Urenhed, som de fandt i Herrens Tempel, ud i Herrens Hus's Forgaard; og Leviterne toge imod det for at bringe det ud udenfor til Kedrons Bæk.
১৬পুৰোহিতসকলে শুচি কৰিবৰ অৰ্থে যিহোৱাৰ গৃহৰ ভিতৰলৈ গ’ল৷ যিহোৱাৰ মন্দিৰৰ ভিতৰত যি যি অশুচি বস্তু তেওঁলোকে পালে, সেই সকলোকে উলিয়াই আনি যিহোৱাৰ গৃহৰ চোতালত ৰাখিলে৷ পাছত লেবীয়াসকলে সেইবোৰ বাহিৰলৈ উলিয়াই আনিলে আৰু কিদ্ৰোণ জুৰিত পেলাই দিবৰ কাৰণে সেইবোৰ কঢ়িয়াই লৈ গ’ল।
17 De begyndte paa den første Dag i den første Maaned at hellige, og paa den ottende Dag i samme Maaned gik de ind i Herrens Forhal og helligede Herrens Hus i otte Dage, og de fuldendte det paa den sekstende Dag i den første Maaned.
১৭এইদৰে তেওঁলোকে প্ৰথম মাহৰ প্ৰথম দিনা সেই গৃহ পবিত্ৰ কৰিবলৈ আৰম্ভ কৰিছিল আৰু মাহৰ অষ্টম দিনত যিহোৱাৰ গৃহৰ বাৰাণ্ডা পাইছিল৷ তেওঁলোকে আঠ দিনৰ ভিতৰত যিহোৱাৰ গৃহ পবিত্ৰ কৰিছিল; আৰু প্ৰথম মাহৰ ষোল্ল দিনৰ দিনা তেওঁলোকে কাম শেষ কৰিছিল।
18 Siden gik de ind til Kong Ezekias og sagde: Vi have renset hele Herrens Hus og Brændofferets Alter og alt dets Redskab og Skuebrødenes Bord og alt dets Redskab.
১৮পাছত তেওঁলোকে ৰজা হিষ্কিয়াৰ ওচৰলৈ গৈছিল আৰু কৈছিল, “আমি যিহোৱাৰ গৃহৰ আটাইবোৰ বস্তু, হোম-বেদি আৰু তাৰ সকলো সঁজুলি আৰু দৰ্শন-পিঠাৰ মেজ আৰু তাৰ সকলো পাত্ৰ শুচি কৰিলোঁ।
19 Og alle Redskaber, som Kong Akas havde kastet bort, der han var Konge, der han forsyndede sig, dem have vi sat i Stand og helliget, og se, de ere foran Herrens Alter.
১৯তাৰ উপৰিও ৰজা আহজে ৰাজত্ব কৰা কালত সত্যলঙ্ঘন কৰি যি যি পাত্ৰ পেলাই দিছিল, সেই সকলোকে আমি যুগুত কৰি পবিত্ৰ কৰিলোঁ। চাওঁক, সেইবোৰ যিহোৱাৰ যজ্ঞবেদীৰ আগত আছে।”
20 Da stod Kong Ezekias tidligt op og samlede de Øverste i Staden og gik op til Herrens Hus.
২০তেতিয়া হিষ্কিয়া ৰজাই অতি পুৱাই উঠি নগৰৰ অধ্যক্ষসকলক গোট খুৱালে আৰু তাৰ পাছত তেওঁ যিহোৱাৰ গৃহলৈ গ’ল।
21 Og de førte frem syv Okser og syv Vædre og syv Lam og syv Gedebukke til Syndoffer for Riget og for Helligdommen og for Juda, og han sagde til Arons Børn, Præsterne, at de skulde ofre paa Herrens Alter.
২১তেতিয়া তেওঁলোকে ৰাজ্যৰ, ধৰ্মধামৰ আৰু যিহূদাৰ কাৰণে পাপাৰ্থক বলিস্বৰূপে সাতোটা ভতৰা, সাতোটা মতা ভেড়া, সাতোটা ভেড়া পোৱালি আৰু সাতোটা মতা ছাগলী অানিলে৷ তাতে তেওঁ যিহোৱাৰ যজ্ঞবেদীৰ ওপৰত সেইবোৰ উৎসৰ্গ কৰিবলৈ হাৰোণৰ সন্তান পুৰোহিতসকলক আজ্ঞা দিলে।
22 Da slagtede de Øksnene, og Præsterne toge imod Blodet og stænkede det paa Alteret; de slagtede og Vædrene og stænkede Blodet paa Alteret, i lige Maade slagtede de Lammene og stænkede Blodet paa Alteret.
২২এই হেতুকে, তেওঁলোকে ভতৰাবোৰ মাৰিলে আৰু পুৰোহিতসকলে সেইবোৰৰ তেজ লৈ বেদীত ছটিয়ালে; আৰু মতা ভেড়াবোৰ মাৰি সেই তেজবোৰ বেদীত ছটিয়ালে; আৰু ভেড়া পোৱালিবোৰ মাৰি, সেইবোৰৰ তেজ বেদীত ছটিয়ালে।
23 Derefter førte de Bukkene frem til Syndoffer for Kongens og Forsamlingens Ansigt, og de lagde deres Hænder paa dem.
২৩পাছত তেওঁলোকে পাপাৰ্থক বলি স্বৰূপে সেই ছাগলীবোৰ ৰজা আৰু সমাজৰ আগলৈ আনিলে৷ তাৰ পাছত তেওঁলোকে সেইবোৰৰ ওপৰত হাত ৰাখিলে।
24 Og Præsterne slagtede dem og rensede med deres Blod Alteret fra Synd, til at gøre Forligelse for hele Israel; thi Kongen havde sagt, at Brændofferet og Syndofferet var for hele Israel.
২৪তাতে পুৰোহিতসকলে সেইবোৰ মাৰি গোটেই ইস্ৰায়েলক প্ৰায়শ্চিত্ত কৰিবৰ অৰ্থে, বেদীত পাপনাশক নৈবেদ্ৰস্বৰূপে সেইবোৰৰ তেজ চতিয়াই দিলে; কিয়নো গোটেই ইস্ৰায়েলৰ কাৰণে হোমবলি আৰু পাপাৰ্থক বলি দান কৰিবলৈ ৰজাই আজ্ঞা দিছিল।
25 Og han beskikkede Leviterne i Herrens Hus med Cymbler, med Psaltre og med Harper, efter Davids og Gads, Kongens Seers, og Nathans, Profetens Befaling; thi den Befaling var fra Herren, ved hans Profeter.
২৫হিষ্কিয়াই ৰজা দায়ূদৰ দৰ্শক গাদ আৰু নাথন ভাববাদীৰ আজ্ঞা অনুসাৰে তাল, নেবল আৰু বীণা লোৱা লেবীয়াসকলক যিহোৱাৰ গৃহত উপস্থিত কৰালে; কিয়নো যিহোৱাই তেওঁৰ ভাববাদীসকলৰ দ্বাৰাই ইয়াকে কৰিবলৈ আজ্ঞা দিছিল।
26 Og Leviterne stode med Davids Instrumenter og Præsterne med Basunerne.
২৬এই হেতুকে লেবীয়াসকলে দায়ূদৰ বাদ্যযন্ত্ৰ আৰু পুৰোহিতসকলে তুৰী হাতত লৈ থিয় হ’ল।
27 Og Ezekias sagde til dem, at de skulde ofre Brændofferet paa Alteret, og paa den Tid Brændofferet begyndte, begyndte Herrens Sang med Basunerne, og det efter Davids, Israels Konges, Instrumenter.
২৭পাছত হিষ্কিয়াই যজ্ঞবেদীৰ ওপৰত হোম-বলি উৎসৰ্গ কৰিবলৈ আজ্ঞা দিলে৷ যেতিয়া হোমৰ আৰম্ভ হ’ল, তেতিয়া তুৰীৰ লগতে ইস্ৰায়েলৰ ৰজা দায়ূদৰ বাদ্যযন্ত্ৰৰে সৈতে যিহোৱাৰ গান আৰম্ভ হ’ল।
28 Og den ganske Forsamling nedbøjede sig, naar man sang Sangene og blæste i Basunerne, alt sammen, indtil Brændofferet var fuldendt.
২৮তাতে গোটেই সমাজে প্ৰণিপাত কৰিলে৷ গায়কসকলে গীত গালে আৰু তুৰী বজোৱাসকলে তুৰী বজালে; হোম-বলি শেষ নোহোৱালৈকে এনেদৰেই চলি থাকিল।
29 Og der de vare færdige med at ofre, knælede de, Kongen og alle de, som fandtes hos ham, og nedbøjede sig.
২৯হোম-বলি শেষ হোৱাৰ পাছত, ৰজা আৰু তেওঁৰ লগৰ সকলো মানুহে আঁঠুকাঢ়ি প্ৰণিপাত কৰিলে।
30 Siden sagde Kong Ezekias og de Øverste til Leviterne, at man skulde love Herren med Davids og Asafs, Seerens Ord; og de lovede ham med Glæde og bøjede sig og tilbade.
৩০ইয়াৰ বাহিৰেও হিষ্কিয়া আৰু অধ্যক্ষসকলে, দায়ুদ আৰু আচফ দৰ্শকে লিখা বাক্যেৰে যিহোৱাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিবলৈ লেবীয়াসকলক আজ্ঞা দিলে৷ তেওঁলোকে আনন্দেৰে প্ৰশংশাৰ গান কৰিলে আৰু মূৰ দোঁৱাই প্ৰণিপাত কৰিলে।
31 Og Ezekias svarede og sagde: I have nu fyldt eders Haand for Herren, kommer frem og fører Slagtofre og Takofre til Herrens Hus; og Forsamlingen førte frem Slagtofre og Takofre, og hver den, hvis Hjerte var villigt, bragte Brændofre.
৩১তেতিয়া হিষ্কিয়াই উত্তৰ দি ক’লে, “এতিয়া আপোনালোকে যিহোৱাৰ উদ্দেশ্যে নিজকে পবিত্ৰ কৰিলে; আপোনালোক ওচৰলৈ আহক আৰু যিহোৱাৰ গৃহলৈ মঙ্গলাৰ্থক আৰু ধন্যবাদাৰ্থক বলি আনক।” তেতিয়া সমাজে মঙ্গলাৰ্থক আৰু ধন্যবাদাৰ্থক বলি অানিলে আৰু যিমান লোকৰ ইচ্ছা আছিল, সেই সকলোৱেও হোম-বলি আনিলে।
32 Og Tallet paa Brændofferet, som Forsamlingen førte frem, var halvfjerdsindstyve Øksne, hundrede Vædre, to Hundrede Lam, alt sammen Herren til Brændoffer.
৩২সমাজে অনা হোম-বলিৰ সংখ্যা এনে; সত্তৰটা ষাঁড়, এশ মতা মেৰ-ছাগ আৰু দুশ মেৰ-ছাগ পোৱালি৷ এই সকলো যিহোৱাৰ উদ্দেশ্যে দিয়া হোম-বলি আছিল।
33 Og hvad der blev helliget, var seks Hundrede Øksne og tre Tusinde Faar.
৩৩আৰু ছশ ষাঁড়, তিনি হাজাৰ মেৰ-ছাগ আৰু ছাগলী পবিত্ৰ কৰা হ’ল।
34 Dog Præsterne vare faa og kunde ikke flaa alle Brændofrene, derfor hjalp deres Brødre Leviterne dem, indtil den Gerning blev fuldendt, og indtil Præsterne havde helliget sig; thi Leviterne vare oprigtigere af Hjertet til at hellige sig end Præsterne.
৩৪কিন্তু পুৰোহিতসকল তাকৰ হোৱা বাবে, তেওঁলোকে আটাইবোৰ হোম-বলিৰ ছাল বখলিয়াবলৈ অসমৰ্থক হ’ল; এই বাবে সেই কাম নোহোৱালৈকে, আন পুৰোহিতসকলে নিজক পবিত্ৰ নকৰিলে। পাছত তেওঁলোকৰ লেবীয়া ভাইসকলে তেওঁলোকক সহায় কৰিলে; কিয়নো নিজক পবিত্ৰ কৰা কথাত পুৰোহিতসকলতকৈ লেবীয়াসকলৰ মন অধিক সৰল আছিল।
35 Tilmed var Brændofferet ogsaa meget, tillige Fedtstykkerne til Takofrene, samt Drikofrene til Brændofferet. Saa blev. Tjenesten beskikket i Herrens Hus.
৩৫তাৰ ওপৰিও মঙ্গলাৰ্থক বলিবোৰৰ তেলেৰে আৰু হোম-বলিবোৰৰ উপযুক্ত পেয় নৈবেদ্যেৰে সৈতে সেই হোম-বলি অধিক আছিল। এইদৰে যিহোৱাৰ গৃহৰ সম্বন্ধীয় কাৰ্য পৰিপাটিকৈ চলিছিল।
36 Og Ezekias og alt Folket glædede sig over det, at Gud havde gjort Folket beredvilligt; thi den Gerning skete hastelig.
৩৬ঈশ্বৰে এইদৰে লোকসকলৰ মন যুগুত কৰা বাবে, হিষ্কিয়া আৰু আন সকলো লোকে আনন্দ কৰিলে; কিয়নো এই কাম সোনকালে কৰা হৈছিল।