< Første Krønikebog 10 >
1 Og Filisterne strede imod Israel, og Israels Mænd flyede for Filisternes Ansigt og faldt ihjelslagne paa Gilboas Bjerg.
১পলেষ্টীয়াসকলে ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিলে। ইস্ৰায়েলৰ সকলো লোক পলেষ্টীয়াসকলৰ সন্মুখৰ পৰা পলাল, আৰু অনেক লোকৰ মৃত্যু হৈ গিলবোৱা পৰ্বতত পৰিল।
2 Og Filisterne forfulgte Saul og hans Sønner, og Filisterne ihjelsloge Jonathan og Abinadab og Malkisua, Sauls Sønner.
২পলেষ্টীয়াসকলে চৌল আৰু তেওঁৰ পুত্ৰসকলক পাছে পাছে খেদি গৈ, চৌলৰ পুত্ৰ যোনাথনক, অবীনাদবক, আৰু মল্কীচুৱাক বধ কৰিলে।
3 Og Krigen blev svar imod Saul, og Skytterne, som førte Bue, naaede ham, og han blev saare angst for Skytterne.
৩চৌলৰ বিৰুদ্ধে ঘোৰ যুদ্ধ হ’ল, আৰু ধনুৰ্দ্ধৰসকলে তেওঁক আগচি ধৰিলে। ধনুৰ্দ্ধৰসকলৰ কাৰণে তেওঁ ত্ৰাসযুক্ত হ’ল।
4 Da sagde Saul til sin Vaabendrager: Drag dit Sværd ud og stik mig igennem dermed, at ikke disse uomskaarne skulle komme og handle ilde med mig; men hans Vaabendrager vilde ikke, thi han frygtede saare; da tog Saul Sværdet og styrtede sig deri.
৪তাৰ পাছত চৌলে তেওঁৰ অস্ত্ৰবাহকক ক’লে, “তোৰ তৰোৱাল উলিয়াই তাৰে মোক খোঁচ। নহলে, এই অচুন্নৎহঁতে আহি মোক অপব্যৱহাৰ কৰিব।” কিন্তু তেওঁৰ অস্ত্ৰবাহকে মান্তি নহ’ল, কাৰণ তেওঁ অতিশয় ভয়ত আছিল। সেয়ে চৌলে নিজৰ তৰোৱাল লৈ তাৰ ওপৰত পৰিল।
5 Der hans Vaabendrager saa, at Saul var død, da styrtede ogsaa han sig i sit Sværd og døde.
৫যেতিয়া তেওঁৰ অস্ত্ৰবাহকে দেখিলে চৌলৰ মৃত্যু হ’ল; তেতিয়া তেওঁৰ অস্ত্ৰবাহকেও তেওঁৰ দৰে নিজৰ তৰোৱালৰ ওপৰত পৰি মৰিল।
6 Saa døde Saul og hans tre Sønner og alt hans Hus, de døde til Hobe.
৬এইদৰে চৌল, তেওঁৰ তিনি জন পুত্ৰ, আৰু তেওঁৰ পৰিয়ালৰ সকলো সদস্যসকলৰো একে-লগে মৃত্যু হ’ল।
7 Der alle Israels Mænd, som vare i Dalen, saa, at de flyede, og at Saul og hans Sønner vare døde, da forlode de deres Stæder og flyede, og Filisterne kom og boede i dem.
৭যেতিয়া ইস্ৰায়েলৰ লোক সকলে সমথল ঠাইলৈ আহি দেখিলে যে, তেওঁলোক পলাইছে আৰু চৌল আৰু তেওঁৰ পুত্ৰসকলৰ মৃত্যু হ’ল; তেতিয়া তেওঁলোকে নিজৰ নগৰবোৰ এৰি পলাল। তাৰ পাছত পলেষ্টীয়াসকলে আহি সেইবোৰ ঠাইত বাস কৰিলে।
8 Og det skete den anden Dag, da Filisterne kom til at plyndre de ihjelslagne, da fandt de Saul og hans Sønner faldne paa Gilboas Bjerg.
৮পিছদিনা পলেষ্টীয়াসকলে বধ কৰা লোকসকলৰ সাজ সোলোকাই লবলৈ আহি, গিলবোৱা পৰ্বতত চৌল আৰু তেওঁৰ পুত্ৰসকলৰ মৃত-দেহ পৰি থকা পালে।
9 Og de udplyndrede ham og toge hans Hoved og hans Vaaben, og de sendte hen i Filisternes Land trindt omkring for at bringe Budskab derom til deres Afguder og til Folket.
৯তেতিয়া তেওঁলোকে চৌলৰ সাজ সোলোকালে আৰু তেওঁৰ মূৰ লৈ, নিজৰ দেৱতাবোৰক আৰু লোকসকলক বাতৰি জনাবৰ বাবে, পলেষ্টীয়াসকলৰ দেশত সকলো ফালে বাৰ্ত্তাবাহক পঠাই দিলে।
10 Og de lagde hans Vaaben i deres Guds Hus og fæstede hans Hjerne skal paa Dagons Hus.
১০তেওঁলোকে চৌলৰ যুদ্ধৰ সাজ তেওঁলোকৰ দেৱতাবোৰৰ মন্দিৰত ৰাখিলে, আৰু তেওঁৰ মূৰ দাগোনৰ মন্দিৰৰ ভিতৰত আৰি থলে।
11 Der alle de i Jabes udi Gilead hørte alt det, som Filisterne havde gjort imod Saul,
১১যেতিয়া যাবেচ গিলিয়দৰ সকলো লোকে পলেষ্টীয়াসকলে চৌললৈ কৰা সেই কৰ্মৰ বাতৰি পালে,
12 da gjorde alle stridbare Mænd sig rede og toge Sauls Legeme og hans Sønners Legemer, og de førte dem til Jabes, og de begrove deres Ben under Egen i Jabes og fastede i syv Dage.
১২তেতিয়া তেওঁলোকৰ সকলো যুদ্ধাৰু লোকে গৈ চৌল আৰু তেওঁৰ পুত্ৰসকলৰ মৃত-দেহবোৰ যাবেচলৈ লৈ আহিল, আৰু তেওঁলোকৰ অস্থি যাবেচত থকা ওক গছৰ তলত পুতি হ’ল, আৰু সাত দিন লঘোন দিলে।
13 Saa døde Saul i sin Forsyndelse, som han havde begaaet imod Herren, fordi han ikke havde holdt Herrens Ord, men han havde endog adspurgt og søgt Spaakvinden.
১৩চৌল যিহোৱাৰ অবিশ্ৱাসী হোৱাৰ বাবে এইদৰে মৃত্যু হ’ল। তেওঁ যিহোৱাৰ আজ্ঞা বোৰ পালন নকৰিলে, কিন্তু পৰামৰ্শ লবলৈ মৃতলোকৰ লগত কথা পতা লোকৰ ওচৰলৈ গৈছিল।
14 Og han søgte ikke Herren, derfor dræbte han ham og vendte Riget til David, Isajs Søn.
১৪তেওঁ যিহোৱাৰ পৰা মাৰ্গ প্ৰদৰ্শনৰ বাবে প্ৰাৰ্থনা কৰা নাছিল। সেয়ে যিহোৱাই তেওঁক মাৰিলে আৰু ৰাজ্যকো কাঢ়ি লৈ যিচয়ৰ পুত্ৰ দায়ূদক দিলে।