< Jan 3 >
1 Jedním z předních Židů byl Nikodém, člen nejvyšší židovské rady. Patřil do skupiny farizejů, kteří přísně dodržovali všechny náboženské předpisy.
১ফৰীচী সকলৰ মাজত নীকদীম নামেৰে এজন লোক আছিল। তেওঁ ইহুদী পৰিষদৰ এজন অধিকাৰী আছিল।
2 Ten jedné noci vyhledal Ježíše a řekl mu: „Mistře, víme, že jsi učitel poslaný od Boha. Kdyby za tebou nestál sám Bůh, nemohl bys dělat takové zázraky, jaké jsi nám ukázal.“
২এদিন ৰাতি তেওঁ যীচুৰ ওচৰলৈ আহি ক’লে, “ৰব্বি, আমি জানো যে আপুনি ঈশ্বৰৰ ওচৰৰ পৰা অহা এজন শিক্ষক। কিয়নো আপুনি এই যি যি আচৰিত চিন দেখুৱাইছে, ঈশ্বৰ সঙ্গী নহ’লে এনে চিন কোনেও দেখুৱাব নোৱাৰে।”
3 Ježíš mu řekl: „Víš, na čem záleží? Na tom, aby se člověk znovu narodil, protože jinak se nestane občanem Božího království.“
৩উত্তৰত যীচুৱে নীকদীমক ক’লে, “মই আপোনাক সঁচাকৈয়ে কওঁ, নতুন জন্ম নহ’লে, কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে।”
4 „Znovu se narodit v mém věku?“podivil se Nikodém. „Cožpak se někdo může vrátit do matčina těla a narodit se podruhé?“
৪নীকদীমে তেওঁক ক’লে, “মানুহ বুঢ়া হ’লে, কেনেকৈ তেওঁৰ জন্ম হ’ব পাৰে? তেওঁ দ্বিতীয় বাৰ মাকৰ গৰ্ভত সোমাই জন্ম গ্রহণ কৰিব পাৰিব নে?”
5 Ježíš vysvětloval: „Jestliže se s člověkem nestane zásadní proměna a není na něm patrný nový život z Ducha a jestliže není na znamení toho pokřtěn, nemůže vstoupit do Božího království.
৫যীচুৱে উত্তৰ দিলে, “মই আপোনাক সঁচাকৈয়ে কৈছোঁ, জল আৰু আত্মাৰ পৰা জন্ম নহ’লে, কোনেও ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে।”
6 Život zrozený z člověka je tělesný. Teprve Boží Duch v člověku probouzí duchovní život.
৬শৰীৰৰ পৰা যাৰ জন্ম হয়, সেয়ে শৰীৰ হয় আৰু আত্মাৰ পৰা যাৰ জন্ম হয়, সেয়ে আত্মা হয়।
7 Nediv se mým slovům, že se musíte znovu narodit.
৭মই যে আপোনাক ‘আপোনালোকৰ নতুনকৈ জন্ম হোৱা প্ৰয়োজন’ বুলি ক’লো, এই কথাত বিস্মিত নহ’ব।
8 Ovšem s Duchem svatým je to jako s větrem: Nemůžeš ho ovládat, ale pozoruješ jeho účinky. Tak se člověk znovu narodí z Ducha.“
৮বায়ুৱে যি দিশলৈ ইচ্ছা কৰে সেই দিশলৈকে বয়। আপুনি তাৰ শব্দ শুনিবলৈ পায়, কিন্তু ক’ৰ পৰা আহে বা ক’লৈনো যায়, সেই বিষয়ে আপুনি নাজানে। আত্মাৰ পৰা যি সকলৰ জন্ম হয়, তেওঁলোক সকলোৰে তেনেকুৱা হয়।”
9 Nikodém se zeptal: „Jak toho všeho dosáhnu?“
৯নীকদীমে উত্তৰ দি তেওঁক ক’লে, “এইবোৰ কেনেকৈ হ’ব পাৰে?”
10 „Jsi učitelem Božího národa a toto nevíš?“podivil se Ježíš.
১০যীচুৱে উত্তৰ দি তেওঁক ক’লে, “আপুনি ইস্ৰায়েলৰ শিক্ষক হৈয়ো এইবোৰ কথা নুবুজে নে?
11 „Věř mi, že mluvím o tom, co vím, a svědčím o tom, co jsem viděl. Vy ovšem moje slova neberete vážně.
১১আপোনাক সঁচাকৈয়ে কওঁ, আমি যি জানো তাকে কওঁ আৰু যি দেখো সেই বিষয়ত সাক্ষ্য দিওঁ, কিন্তু আপোনালোকে আমাৰ সাক্ষ্য গ্ৰহণ নকৰে।
12 Když nechápete to, co se týká člověka, jak porozumíte tomu, co se týká Boha?
১২মই আপোনালোকক পাৰ্থিৱ বিষয়ৰ কথা ক’লে আপোনালোকে যদি বিশ্বাস নকৰে, তেনেহলে মই স্বৰ্গীয় বিষয়ৰ কোনো কথা ক’লে কেনেকৈ বিশ্বাস কৰিব?
13 Nikdo z lidí vám nemůže podat svědectví jako já, vždyť jsem přišel od Boha.
১৩যি জন স্বর্গৰ পৰা নামি আহিল, সেই মানুহৰ পুত্রৰ বাহিৰে কোনো স্বৰ্গলৈ উঠা নাই।
14 Vzpomínáš si, co Izraelcům zachránilo život na poušti, kde je ohrožovali jedovatí hadi? Jak Mojžíš vyzvedl na sloup bronzového hada, a kdo na něj pohlédl s vírou, zachránil si život? Tak i já musím být vyzdvižen na kříž.
১৪মোচিয়ে যেনেকৈ মৰুপ্রান্তত সাপটোক ওপৰত তুলিছিল, তেনেকৈ মানুহৰ পুত্ৰকো অৱশ্যেই ওপৰত উঠোৱা হ’ব,
15 Každý, kdo ve mne uvěří, ujde smrti a narodí se pro věčnost. (aiōnios )
১৫যাতে তেওঁত বিশ্বাস কৰা সকলোৱে অনন্ত জীৱন পাব পাৰে। (aiōnios )
16 Vždyť Bůh tak miloval svět, že dal svého jediného Syna, aby každý, kdo v něho uvěří, unikl záhubě a získal věčný život. (aiōnios )
১৬কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। (aiōnios )
17 Bůh svého Syna neposlal proto, aby svět odsoudil, ale zachránil.
১৭কিয়নো জগতক দোষী সাব্যস্ত কৰিবলৈ নহয়, কিন্তু জগতে তেওঁৰ দ্বাৰাই পৰিত্ৰাণ পাবলৈহে ঈশ্বৰে পুত্ৰক জগতলৈ পঠিয়ালে।
18 Kdo v něho věří, unikne odsouzení. Kdo však v něho nevěří, odsuzuje sám sebe, protože odmítá milost nabízenou samým Bohem.
১৮তেওঁত বিশ্বাস কৰা জনৰ সোধ-বিচাৰ কৰা নহয়; বিশ্বাস নকৰা জনক দোষী কৰা হ’ল, কিয়নো তেওঁ একমাত্ৰ ঈশ্বৰৰ পুত্ৰৰ নামত বিশ্বাস কৰা নাই।
19 Pro takové lidi je osudné, že na svět přišlo světlo, ale oni se nechtějí vzdát tmy, protože doufají, že ta zakryje jejich viny.
১৯সোধ-বিচাৰৰ কাৰণ এয়ে যে, জগতলৈ পোহৰ আহিল, কিন্তু মানুহে পোহৰতকৈ আন্ধাৰক অধিক প্ৰেম কৰিলে; কাৰণ তেওঁলোকৰ কৰ্ম মন্দ আছিল।
20 Zlé činy dělá člověk potmě, aby to nikdo nevěděl. Bojí se světla, aby nebyl odhalen.
২০কিয়নো যি জনে কু-আচৰণ কৰে, তেওঁ পোহৰক ঘৃণা কৰে আৰু তেওঁৰ কৰ্ম যেন প্রকাশ নাপায়, এই কাৰণে তেওঁ পোহৰলৈ নাহে।
21 Kdo se však řídí Boží pravdou, tíhne ke světlu, aby věděl, zda jsou jeho činy v souladu s Boží vůlí.“
২১কিন্তু যি জনে সত্য আচৰণ কৰে, তেওঁ পোহৰৰ ওচৰলৈ আহে যাতে সেই পোহৰত স্পষ্ট বুজা যায় যে তেওঁৰ সকলো কৰ্ম ঈশ্বৰৰ বাধ্যতাত হৈছে।”
22 Potom Ježíš odešel se svými učedníky na judský venkov, aby tam s nimi mohl v klidu pobývat a aby křtil.
২২তাৰ পাছত যীচু আৰু তেওঁৰ শিষ্য সকল যিহুদীয়া প্রদেশলৈ গ’ল। তাত তেওঁ শিষ্য সকলৰ সৈতে কিছুদিন থাকি লোক সকলক বাপ্তিস্ম দি আছিল।
23 Také Jan Křtitel, který byl v té době ještě na svobodě, křtil v Ainonu nedaleko Salimu, kde bylo mnoho vody. Četní lidé se tam dali od Jana pokřtít.
২৩যোহনেও চালীম নামৰ গাওঁ খনৰ ওচৰতে থকা ঐনোন নামৰ ঠাই খনত বহুত পানী থকাৰ কাৰণে তাতে বাপ্তিস্ম দি আছিল আৰু লোক সকলেও তেওঁৰ ওচৰলৈ আহি বাপ্তিস্ম লৈছিল।
২৪তেতিয়াও যোহন বন্দীশালত বন্দী হোৱা নাছিল।
25 Někteří Židé se dohadovali s Janovými učedníky, kdo má právo křtít.
২৫সেই সময়ত ইহুদী ৰীতি অনুসাৰে শুচি হোৱাৰ বিষয়টো লৈ যোহনৰ কেইজনমান শিষ্য আৰু এজন ইহুদী মানুহৰ মাজত তর্ক-বিতর্কৰ সৃষ্টি হ’ল।
26 Ti se obrátili na svého učitele: „Mistře, ten, kterého jsi označil za Mesiáše, také křtí a všichni teď chodí k němu.“
২৬পাছত তেওঁলোকে যোহনৰ ওচৰলৈ গৈ ক’লে, “ৰব্বি, যৰ্দ্দন নদীৰ সিপাৰে যি জন লোক আপোনাৰ লগত আছিল আৰু যি জনৰ বিষয়ে আপুনি সাক্ষ্য দিছিলে, চাওক, তেওঁ বাপ্তিস্ম দি আছে। আৰু সকলো মানুহ তেওঁৰ ওচৰলৈ গৈ আছে।”
27 Jan jim řekl: „Člověk sám si nemůže přisvojit žádnou duchovní moc, pokud mu není dána od Boha.
২৭যোহনে উত্তৰ দিলে, “স্বৰ্গৰ পৰা দিয়া নহ’লে কোনেও একোকে লাভ কৰিব নোৱাৰে।
28 Vy sami jste svědky, že jsem prohlásil: ‚On je Bohem poslaný Mesiáš a já mu jen připravuji cestu.‘
২৮মই কৈছিলোঁ যে ‘মই খ্রীষ্ট নহওঁ, কিন্তু মোক তেওঁৰ আগেয়ে পঠোৱা হৈছে’ এই কথাৰ সাক্ষ্য তোমালোকে নিজেই দিব পাৰা।
29 Nevěsta přece patří ženichovi. Jeho přítel je také na svatbě, ale raduje se z ženichova štěstí. To je právě moje radost. Jeho hvězda vychází a já chci, aby jasně zářila, a nechci jí zaclánět.
২৯যি জনৰ হাতত কইনাক দিয়া হয়, তেওঁ দৰা। কিন্তু দৰাৰ বন্ধু জন থিয় হৈ থাকে আৰু দৰাৰ কথা শুনে। দৰাৰ মাত যেতিয়া শুনে বন্ধু জন অতিশয় আনন্দিত হয়। তেনেহলে মোৰো সেই আনন্দ সম্পূৰ্ণ হ’ল।
৩০তেওঁ বাঢ়ি বাঢ়ি যাব লাগে, কিন্তু মই হ’লে সৰু হৈ হৈ যাব লাগে।
31 Protože Ježíš přišel z nebe, převyšuje nás všechny. My lidé mluvíme jen o tom, co jsme prožili na zemi.
৩১যি জন ওপৰৰ পৰা আহিছে, তেওঁ সকলোৰে ওপৰত। যি জন জগতৰ পৰা আহে, তেওঁ জগতৰ আৰু তেওঁ জাগতিক কথাহে কয়; কিন্তু যি জন স্বৰ্গৰ পৰা আহিছে, তেওঁ সকলোতকৈ উর্দ্ধত।
32 On svědčí o tom, co viděl v nebi, a přece ho tak málo lidí přijímá.
৩২তেওঁ যি দেখিলে আৰু শুনিলে, তাৰে সাক্ষ্য দিয়ে; কিন্তু তেওঁৰ সাক্ষ্য কোনেও গ্ৰহন নকৰে।
33 Kdo mu uvěří, dává za pravdu Bohu. Ježíš totiž mluví Boží slova z Božího pověření.
৩৩যি জনে তেওঁৰ সাক্ষ্য গ্ৰহন কৰিছে, তেওঁ তাৰ দ্বাৰাই প্রমাণ কৰে যে ঈশ্বৰেই সত্য।
34 Bůh jej k tomu také plně uschopnil svým Duchem.
৩৪কাৰণ ঈশ্বৰে যি জনক পঠিয়াইছে, তেওঁ ঈশ্বৰৰ কথাকে কয়; ঈশ্বৰে তেওঁক জোখ-মাপ কৰি তেওঁৰ আত্মা দিয়া নাই।
35 Vždyť Otec miluje Syna a svěřuje mu všechno.
৩৫পিতৃয়ে পুত্ৰক প্ৰেম কৰে আৰু তেওঁৰ হাতত সকলো শোধাই দিলে।
36 Proto, kdo věří Synu, má věčný život. Kdo mu nedůvěřuje, místo života ho stíhá Boží hněv.“ (aiōnios )
৩৬পুত্ৰত বিশ্বাস কৰা জনৰ অনন্ত জীৱন আছে; পুত্ৰক অমান্য কৰা জনে জীৱনৰ দৰ্শন নাপাব, কিন্তু ঈশ্বৰৰ ক্ৰোধহে তেওঁৰ ওপৰত থাকে।” (aiōnios )