< Zjevení Janovo 7 >
1 Potom jsem viděl čtyři anděly, stojící na čtyřech úhlech země, držící čtyři větry zemské, aby nevál vítr na zemi, ani na moře, ani na žádný strom.
১তাৰ পাছত পৃথিৱী বা সাগৰ বা কোনো গছৰ ওপৰত বতাহ যেন নবলায়, এই কাৰণে পৃথিৱীৰ চাৰি বায়ু ধৰি, পৃথিৱীৰ চাৰি চুকত থিয় হৈ থকা চাৰি জন স্বৰ্গৰ দূত দেখিলোঁ।
2 A viděl jsem jiného anděla, vystupujícího od východu slunce, majícího pečet Boha živého. Kterýž zvolal hlasem velikým na ty čtyři anděly, jimž dáno, aby škodili zemi a moři,
২পাছত আৰু এজন দূতক, জীৱনময় ঈশ্বৰৰ ছাব লৈ, পূব দিশৰ পৰা উঠি অহা দেখিলোঁ৷ তেওঁ বৰ মাতেৰে ৰিঙিয়াই, পৃথিৱী আৰু সাগৰক অনিষ্ট কৰিবলৈ ক্ষমতা পোৱা সেই চাৰি জন দূতক ক’লে,
3 Řka: Neškoďte zemi, ani moři, ani stromům, dokudž neznamenáme služebníků Boha našeho na čelích jejich.
৩“আমি নিজ ঈশ্বৰৰ দাস সকলৰ কপালত ছাব নামাৰোঁ মানে, তোমালোকে পৃথিৱী বা সাগৰ বা গছ-গছনিবোৰক অনিষ্ট নকৰিবা৷”
4 I slyšel jsem počet znamenaných, sto čtyřidceti a čtyři tisíce jich zapečetěno ze všech pokolení synů Izraelských.
৪পাছত সেই ছাব মৰা সকলৰ সংখ্যা শুনিলো: ইস্ৰায়েলৰ সকলো ফৈদৰ মুঠে এক লাখ চৌৱাল্লিশ হাজাৰ ছাব মৰা হ’ল:
5 Z pokolení Juda dvanácte tisíců znamenaných, z pokolení Ruben dvanácte tisíců znamenaných, z pokolení Gád dvanácte tisíců znamenaných;
৫‘যিহূদা ফৈদৰ ছাব মৰা বাৰ হাজাৰ, ৰুবেনৰ ফৈদৰ মৰা বাৰ হাজাৰ, গাদৰ ফৈদৰ বাৰ হাজাৰ,
6 Z pokolení Aser dvanácte tisíců znamenaných, z pokolení Neftalím dvanácte tisíců znamenaných, z pokolení Manases dvanácte tisíců znamenaných;
৬আচেৰ ফৈদৰ বাৰ হাজাৰ, নপ্তালী ফৈদৰ বাৰ হাজাৰ, মনচি ফৈদৰ বাৰ হাজাৰ,
7 Z pokolení Simeon dvanácte tisíců znamenaných, z pokolení Léví dvanácte tisíců znamenaných, z pokolení Izachar dvanácte tisíců znamenaných;
৭চিমিয়োন ফৈদৰ বাৰ হাজাৰ, লেবী ফৈদৰ বাৰ হাজাৰ, ইচাখৰ ফৈদৰ বাৰ হাজাৰ,
8 Z pokolení Zabulon dvanácte tisíců znamenaných, z pokolení Jozef dvanácte tisíců znamenaných, z pokolení Beniamin dvanácte tisíců znamenaných.
৮জবূলূন ফৈদৰ বাৰ হাজাৰ, যোচেফ ফৈদৰ বাৰ হাজাৰ, বিন্যামীন ফৈদৰ ছাব মৰা বাৰ হাজাৰ’।
9 Potom pohleděl jsem, a aj, zástup veliký, kteréhož by žádný přečísti nemohl, ze všech národů a pokolení a lidí i jazyků, ani stojí před trůnem a před obličejem Beránka, oblečeni jsouce v bílé roucho, a palmy v rukou jejich.
৯এইবোৰৰ পাছত মই চাই দেখিলোঁ যে, কোনেও গণিব নোৱোৰা এক বৰ লোক সকল, য’ত সকলো জাতি, ফৈদ, লোক আৰু ভাষাৰ, বগা বস্ত্ৰ পিন্ধি আৰু হাতত খেজুৰ পাত লৈ সেই সিংহাসন আৰু মেৰ-পোৱালি জনৰ আগত থিয় হৈ আছিল;
10 A volali hlasem velikým, řkouce: Spasení jest od Boha našeho na trůnu sedícího a od Beránka.
১০আৰু তেওঁলোকে বৰ মাতেৰে ৰিঙিয়াই ক’লে, “পৰিত্রাণ সিংহাসনত বহি থকা আমাৰ ঈশ্বৰৰ আৰু মেৰ-পোৱালিৰ।”
11 A všickni andělé stáli okolo trůnu a starců a čtyř zvířat. I padli před trůnem na tváři své a klaněli se Bohu,
১১আৰু সকলো স্বৰ্গৰ দূতে সেই সিংহাসনৰ পৰিচাৰক সকলৰ আৰু চাৰি জীৱিত প্ৰাণীৰ চাৰিওফালে থিয় হৈ আছিল; আৰু তেতিয়া তেওঁলোকে সিংহাসনৰ আগত সমর্পণ কৰি মাটিত মুৰ দোৱাই, ঈশ্বৰক আৰাধনা কৰিলে,
12 Řkouce: Amen. Požehnání, a sláva, a moudrost, a díků činění, a čest, a moc, i síla Bohu našemu na věky věků. Amen. (aiōn )
১২আৰু ক’লে, “আমেন! প্ৰশংসা, মহিমা, জ্ঞান, ধন্যবাদ, সমাদৰ, পৰাক্ৰম আৰু শক্তি চিৰকাল আমাৰ ঈশ্বৰৰ প্ৰতি হওক! আমেন৷” (aiōn )
13 I promluvil ke mně jeden z těch starců, a řekl mi: Kdo jsou tito, kteříž oblečeni jsou v bílé roucho? A odkud přišli?
১৩তেতিয়া সেই পৰিচাৰক সকলৰ এজনে মোক সুধিলে, “বগা বস্ত্ৰ পিন্ধা এওঁলোক কোন আৰু ক’ৰ পৰা আহিল?”
14 I řekl jsem jemu: Pane, ty víš. I řekl mi: To jsou ti, kteříž přišli z velikého soužení, a umyli roucha svá, a zbílili je ve krvi Beránkově.
১৪তেতিয়া মই তেওঁক ক’লো, “হে মোৰ প্ৰভু, আপুনি জানে”। তেতিয়া তেওঁ মোক ক’লে, “এওঁলোক সেই মহা-ক্লেশৰ পৰা অহা লোক; এওঁলোকে মেৰ-পোৱালিৰ তেজেৰে নিজ বস্ত্ৰ ধুই বগা কৰিলে।
15 Protož jsou před trůnem Božím, a slouží jemu dnem i nocí v chrámě jeho; a ten, jenž sedí na trůnu, přebývati bude s nimi.
১৫এই কাৰণে, এওঁলোকে ঈশ্বৰৰ সিংহাসনৰ আগত আছে, আৰু দিনে-ৰাতিয়ে তেওঁৰ মন্দিৰত তেওঁৰ আৰাধনা কৰে৷ আৰু সিংহাসনত বহা জনাই এওঁলোকৰ ওপৰত নিজ তম্বু তৰিব।
16 Nebudouť lačněti ani žízniti více, a nebude bíti na ně slunce, ani žádné horko.
১৬এওঁলোকৰ আৰু কেতিয়াও ভোক-পিয়াহ নালাগিব; এওঁলোকৰ গাত ৰ’দ বা কোনো পোৰা তাপ নপৰিব৷
17 Nebo Beránek, kterýž jest uprostřed trůnu, pásti je bude, a dovedeť je k živým studnicím vod, a setře Bůh všelikou slzu s očí jejich.
১৭কিয়নো সিংহাসনৰ মাজত থকা মেৰ-পোৱালি জনে এওঁলোকক চৰাব, আৰু জীৱনময় জলৰ ভুমুকৰ ওচৰলৈ নিব, আৰু ঈশ্বৰে এওঁলোকৰ চকুৰ পৰা আটাই চকুলো মচি গুচাব।”