< Zjevení Janovo 20 >
1 I viděl jsem anděla sstupujícího s nebe, majícího klíč od propasti a řetěz veliký v ruce své. (Abyssos )
১তেতিয়া মই এজন দূতক স্বৰ্গৰ পৰা নামি অহা দেখিলোঁ, তেওঁৰ হাতত সেই অগাধ ঠাইৰ চাবি আৰু এডাল বৰ শিকলি আছিল। (Abyssos )
2 I chopil draka, hada toho starého, jenž jest ďábel a satan, i svázal jej za tisíc let.
২তেওঁ সেই ড্ৰেগন, সেই পুৰণি সৰ্প; যি দিয়াবল আৰু চয়তান, তাক ধৰি, এহেজাৰ বছৰলৈ বান্ধি ৰাখিলে৷ দূত জনে সেই অগাধ ঠাইত তাক পেলাই দি, সেই ঠাইৰ মুখ বন্ধ কৰিলে, আৰু তাৰ ওপৰত চাব মাৰি দিলে৷
3 A uvrhl ho do propasti, i zavřel jej tam a svrchu nad ním zapečetil, aby nesvodil více národů, až by se vyplnilo tisíc let; neboť potom musí býti propuštěn na malý čas. (Abyssos )
৩তাক এনেদৰে অগাধ ঠাইত পেলাই দিয়াৰ কাৰণ এয়ে যে, সি যেন জাতিবোৰক, যেতিয়ালৈ সেই এহেজাৰ বছৰ পুৰ নহয়, তেতিয়ালৈকে ভুলাব নোৱাৰে৷ তাৰ পাছত অলপ কালৰ বাবে সি মুক্ত হ’ব লাগিব। (Abyssos )
4 I viděl jsem stolice, a posadili se na nich, i dán jest jim soud, a viděl jsem duše stínaných pro svědectví Ježíšovo a pro slovo Boží, a kteříž se neklaněli šelmě, ani obrazu jejímu, a aniž přijali znamení jejího na čela svá, anebo na ruce své. A ožili a kralovali s Kristem tisíc let.
৪পাছত মই কেইখন মান সিংহাসন দেখিলোঁ৷ সেইবোৰৰ ওপৰত যি লোক সকল বহি আছিল, তেওঁলোকক সোধ-বিচাৰৰ ভাৰ দিয়া হ’ল; আৰু মই সেই লোক সকলৰ জীৱাত্মা দেখিলোঁ; যি সকলক যীচুৰ সাক্ষ্যৰ কাৰণে আৰু ঈশ্বৰৰ বাক্যৰ কাৰণে মুৰ ছেদন কৰা হৈছিল আৰু যি সকলে সেই পশু বা তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰা নাছিল আৰু নিজৰ কপালত আৰু হাতত তাৰ ছাব লোৱা নাছিল, তেওঁলোকে জীৱিত হ’ল আৰু এহেজাৰ বছৰ খ্ৰীষ্টৰ সৈতে ৰাজত্ব কৰিলে।
5 Jiní pak mrtví neožili, dokudž by se nevyplnilo tisíc let. A toť jest první vzkříšení.
৫মৃত সকলৰ অৱশিষ্ট লোক সেই হাজাৰ বছৰ পুৰ নহোৱালৈকে জীৱিত নহ’ল। এয়ে প্ৰথম পুনৰুত্থান।
6 Blahoslavený a svatý, kdož má díl v prvním vzkříšení. Nad těmiť ta druhá smrt nemá moci, ale budou kněží Boží a Kristovi, a kralovati s ním budou tisíc let.
৬যি জনে এই প্ৰথম উত্থানৰ ভাগী হয়, তেওঁ ধন্য আৰু পবিত্ৰ লোক৷ তেওঁলোকৰ ওপৰত দ্বিতীয় মৃত্যুৰ কোনো ক্ষমতা নাই; তেওঁলোক ঈশ্বৰৰ আৰু খ্ৰীষ্টৰ পুৰোহিত হৈ তেৱেঁ সৈতে এহেজাৰ বছৰ ৰাজত্ব কৰিব।
7 A když se vyplní tisíc let, propuštěn bude satanáš z žaláře svého.
৭যেতিয়া সেই হাজাৰ বছৰ পুৰ হব, চয়তান নিজ বন্দীশালৰ পৰা মুক্ত হব আৰু,
8 I vyjde, aby svodil národy, kteříž jsou na čtyřech stranách země, Goga a Magoga, a aby je shromáždil k boji, kterýchžto počet jest jako písku mořského.
৮তেতিয়া সি ওলাই আহি, পৃথিৱীৰ চাৰি চুকত থকা গোগ আৰু মাগোগ জাতি সকলক ভুলাই, সৈন্যৰ দল যোগাৰ কৰি, ৰণলৈ গোট খুৱাব। তেওঁলোকৰ সংখ্যা সাগৰৰ বালিৰ সমান হব৷
9 I vstoupili na širokost země a obklíčili stany svatých, i to město milé, ale sstoupil oheň od Boha s nebe a spálil je.
৯সিহঁতে পৃথিৱীৰ বিস্তাৰেদি গৈ, পবিত্ৰ লোক সকলৰ ছাউনি আৰু প্ৰিয় নগৰ বেৰি ধৰিলে; কিন্তু স্বৰ্গৰ পৰা জুই পৰি, সিহঁতক গ্ৰাস কৰিলে।
10 A ďábel, kterýž je svodil, uvržen jest do jezera ohně a síry, kdež jest i šelma, i falešný prorok, a budouť mučeni dnem i nocí na věky věků. (aiōn , Limnē Pyr )
১০আৰু সিহঁতক ভুলুৱা চয়তানক, গন্ধক আৰু জুইৰ সৰোবৰত পেলোৱা হ’ল যত সেই পশু আৰু ভাঁৰি-কোৱা ভাববাদীও আছে; আৰু সিহঁতে চিৰকাললৈকে দিনে-ৰাতিয়ে যাতনা ভোগ কৰিব। (aiōn , Limnē Pyr )
11 I viděl jsem trůn veliký bílý, a sedícího na něm, před jehož tváří utekla země i nebe, a místo jim není nalezeno.
১১তাৰ পাছত মই এখন ডাঙৰ বগা সিংহাসন, আৰু তাৰ ওপৰত বহি থকা জনক দেখিলোঁ; তেওঁৰ উপস্থিতিত পৃথিৱী আৰু আকাশমণ্ডল পলাই গ’ল কিন্তু সেইবোৰৰ কাৰণে যাবলৈ ঠাই পুনৰ পোৱা নগ’ল।
12 I viděl jsem mrtvé, malé i veliké, stojící před obličejem Božím, a knihy otevříny jsou. A jiné knihy také jsou otevříny, to jest knihy života, i souzeni jsou mrtví podle toho, jakž psáno bylo v knihách, totiž podle skutků svých.
১২সেই সিংহাসনৰ আগত সৰু বৰ সকলো মৃত সকলক থিয় হৈ থকা দেখিলোঁ; আৰু কেইখন মান পুস্তক মেলা হ’ল; পাছত আৰু এখন পুস্তক মেলা হ’ল- জীৱন পুস্তক৷ সেই পুস্তকবোৰত লিখা মতে মৃত সকলৰ নিজ নিজ কৰ্ম অনুসাৰে সোধ-বিচাৰ কৰা হ’ল।
13 A vydalo moře mrtvé, kteříž byli v něm, tolikéž smrt i peklo vydali ty, kteříž v nich byli, i souzeni jsou jeden každý podle skutků svých. (Hadēs )
১৩তেতিয়া সাগৰে নিজৰ লগত থকা মৃত সকলক শোধাই দিলে; মৃত্যু আৰু পৰলোকেও নিজৰ লগত থকা মৃত সকলক শোধাই দিলে; তাতে সেই মৃত লোক সকলক নিজ নিজ কৰ্ম অনুসাৰে সোধ-বিচাৰ কৰা হ’ল। (Hadēs )
14 Smrt pak a peklo uvrženi jsou do jezera ohnivého, a toť jest smrt druhá. (Hadēs , Limnē Pyr )
১৪পাছত মৃত্যু আৰু পৰলোকক সেই জুইৰ সৰোবৰত পেলোৱা হ’ল। সেয়েই অৰ্থাৎ অগ্নিৰ সৰোবৰেই দ্বিতীয় মৃত্যু; (Hadēs , Limnē Pyr )
15 I ten, kdož není nalezen v knihách života, uvržen jest do jezera ohnivého. (Limnē Pyr )
১৫আৰু জীৱন পুস্তকত যি কোনো জনৰ নাম পোৱা নগ’ল, তেওঁলোকক সেই জুইৰ সৰোবৰত পেলোৱা হ’ল। (Limnē Pyr )