< Filipským 2 >

1 Protož jest-li jaké potěšení v Kristu, jest-li které utěšení lásky, jest-li která společnost Ducha svatého, jsou-li která milosrdenství a slitování,
এতেকে খ্ৰীষ্টত যদি কোনো আশ্বাস, প্ৰেমৰ যদি কোনো সান্ত্বনা, আত্মাৰ যদি কোনো সহভাগিতা আৰু কোনো স্নেহ আৰু দয়া থাকে,
2 Naplňte radost mou v tom, abyste jednostejného smyslu byli, jednostejnou lásku majíce, jednodušní jsouce, jednostejně smýšlejíce,
তেনেহলে আপোনালোকে একে বিষয় ভাবি, এক প্ৰেমৰ, এক মনৰ আৰু এক ভাবৰ লোক হৈ মোৰ আনন্দ পৰিপূৰ্ণ কৰক৷
3 Nic nečiňte skrze svár anebo marnou chválu, ale v pokoře jedni druhé za důstojnější sebe majíce.
আপোনালোকে বিৰোধ বা অনৰ্থক দৰ্পেৰে একো নকৰিব; কিন্তু নম্ৰভাবে প্ৰত্যেকে নিজতকৈ অানক উত্তম বুলি মান্য কৰক৷
4 Nehledejte jeden každý svých věcí, ale každý také toho, což jest jiných.
প্ৰতিজনে নিজৰ বিষয়ে নহয়, কিন্তু অানৰ বিষয়ে ভাবক।
5 Budiž tedy tatáž mysl při vás, jakáž byla při Kristu Ježíši,
খ্ৰীষ্ট যীচুত যি ভাব, সেয়ে আপোনালোকৰ হওক,
6 Kterýž jsa v způsobu Božím, nepoložil sobě toho za loupež rovný býti Bohu,
যি জনৰ অস্তিত্ব ঈশ্বৰ-ৰূপী আছিল৷ তেওঁ ঈশ্বৰৰ সমান হলেও তাক কাঢ়ি লোৱা বুলি নামানিলে৷
7 Ale samého sebe zmařil, způsob služebníka přijav, podobný lidem učiněn.
বৰং নিজকে শূণ্য কৰিলে৷ আৰু তেওঁ দাসৰ ৰূপ ধাৰণ কৰিলে৷ তেওঁ মানুহৰ নিচিনা হৈ অৱতীৰ্ণ হ’ল৷ আৰু তেওঁ আকাৰ-প্ৰকাৰত মানুহৰ দৰে হ’ল৷
8 A v způsobu nalezen jako člověk, ponížil se, poslušný jsa učiněn až do smrti, a to do smrti kříže.
তেওঁ নিজকে সৰু কৰি মৃত্যুলৈকে, এনে কি ক্ৰুচীয় মৃত্যুলৈকে আজ্ঞাধীন হ’ল।
9 Protož i Bůh povýšil ho nade vše a dal jemu jméno, kteréž jest nad každé jméno,
এই কাৰণে ঈশ্বৰে তেওঁক অতি ওখ পদ দিলে, আৰু সকলো নামতকৈ সেই শ্ৰেষ্ঠ নাম তেওঁক দান কৰিলে,
10 Aby ve jménu Ježíše každé koleno klekalo, těch, kteříž jsou na nebesích, a těch, jenž jsou na zemi, i těch, jenž jsou pod zemí,
১০যাতে স্বৰ্গত, পৃথিৱীত আৰু পৃথিৱীৰ তলত নিবাস কৰা সকলোৱে যীচুৰ নামত আঁঠু লয়৷
11 A každý jazyk aby vyznával, že Ježíš Kristus jest Pánem v slávě Boha Otce.
১১আৰু যীচু খ্ৰীষ্ট যে প্ৰভু, ইয়াক যেন পিতৃ ঈশ্বৰৰ মহিমাৰ অৰ্থে সকলো জিভাই স্বীকাৰ কৰে৷
12 A tak, moji milí, jakož jste vždycky poslušni byli, netoliko v přítomnosti mé, ale nyní mnohem více, když jsem vzdálen od vás, s bázní a s třesením spasení své konejte.
১২এতেকে, হে মোৰ প্ৰিয় সকল, আপোনালোকে যেনেকৈ সদায় আজ্ঞাধীন আছিল, তেনেকৈ মোৰ সাক্ষাতে যি ৰূপ, কেৱল সেইদৰে নহয়, কিন্তু এতিয়া মোৰ অনুপস্থিতিতো অধিককৈ ভয় আৰু কম্পনেৰে নিজ নিজ পৰিত্রাণ সম্পন্ন কৰক৷
13 Bůh zajisté jest, kterýž působí v vás i chtění i skutečné činění, podle dobře libé vůle své.
১৩কিয়নো ঈশ্বৰে নিজৰ হিত-সঙ্কল্পৰ কাৰণে আপোনালোকৰ অন্তৰত ইচ্ছা কৰোঁতা আৰু কাৰ্য সাধন কৰোঁতা, এই উভয়ৰ সাধনকৰ্তা হৈছে।
14 Všecko pak čiňte bez reptání a bez pochybování,
১৪বিবাদ আৰু তৰ্ক-বিতৰ্ক নোহোৱাকৈ সকলো কৰ্ম কৰক;
15 Abyste byli bez úhony, a upřímí synové Boží, bez obvinění uprostřed národu zlého a převráceného; mezi kterýmižto svěťte jakožto světla na světě,
১৫যাতে ঈশ্বৰৰ নিষ্কলঙ্ক সন্তান হ’বৰ কাৰণে, আপোনালোক যেন পবিত্ৰ, নিৰ্দ্দোষী আৰু শুদ্ধ হয় আৰু জগতত যি কুটিল আৰু বিপথগামী লোক আছে, তেখেত সকলৰ মাজত আপোনালোক দীপ্তি স্বৰূপ হওক৷
16 Slovo života zachovávajíce, k chloubě mé v den Kristův, aby bylo vidíno, že jsem ne nadarmo běžel, ani nadarmo pracoval.
১৬জীৱনৰ বাক্য ধাৰণ কৰক, এয়ে খ্ৰীষ্টৰ আগমণৰ দিনত মোৰ বাবে শ্লাঘাৰ কাৰণ হ’ব; কিয়নো মই বৃথা দৌৰ মৰা নাই আৰু বৃথা পৰিশ্ৰমো কৰা নাই।
17 A bychť pak i obětován byl pro obět a službu víře vaší, raduji se a spolu raduji se se všemi vámi.
১৭কিন্তু আপোনালোকৰ বিশ্বাসৰূপ যজ্ঞত আৰু সেৱাৰ কাৰ্যত, যদিওবা মই নৈবেদ্য স্বৰূপে ঢলা যাওঁ, তথাপি মই আনন্দ কৰোঁ; আৰু আপোনালোক সকলোৰে সৈতে আনন্দ কৰোঁ।
18 A též i vy radujte se a spolu radujte se se mnou.
১৮এই বিষয়ে আপোনালোকেও আনন্দ কৰক আৰু মোৰে সৈতে আনন্দ কৰক৷
19 Mámť pak naději v Kristu Ježíši, že Timotea brzy pošli vám, abych i já pokojné mysli byl, zvěda, kterak vy se máte.
১৯কিন্তু আপোনালোকৰ বিষয়ে জানিবলৈ পোৱাত মই যেন সন্তুষ্ট হ’ম, এই কাৰণে সোনকালে আপোনালোকৰ তালৈ তীমথিয়ক পঠাবৰ বাবে মই প্ৰভু যীচুত আশা কৰিছোঁ।
20 Nebo žádného tak jednomyslného nemám, kterýž by tak vlastně o vaše věci pečoval.
২০কিয়নো আপোনালোকৰ বিষয়ে সঁচাকৈ চিন্তা কৰিবলৈ তীমথিয়ৰ মনৰ দৰে আন লোক মোৰ কোনো নাই।
21 Všickni zajisté svých věcí hledají, a ne těch, kteréž jsou Krista Ježíše.
২১কাৰণ সকলোৱে যীচু খ্ৰীষ্টৰ বিষয়ে নহয়, নিজৰ বিষয়েহে চেষ্টা কৰে।
22 Ale jej zkušeného býti víte, podle toho, že jakož syn s otcem se mnou přisluhoval v evangelium.
২২কিন্তু আপোনালোকে তীমথিয়ৰ পৰীক্ষাসিদ্ধ গুণৰ বিষয়ে জানে, কাৰণ তেওঁ পিতৃৰ লগত পুত্ৰ যেনে, তেনেকৈ মোৰ লগতো শুভবাৰ্তাৰ অৰ্থে সেৱাকৰ্ম কৰিলে৷
23 Tohoť hle, naději mám, že pošli, jakž jen porozumím, co se bude díti se mnou.
২৩এতেকে মোৰ কি ঘটিব, সেই বিষয়ে জনা মাত্ৰকে তেওঁক পঠিয়াবৰ বাবে মই আশা কৰিছোঁ৷
24 Mámť pak naději v Pánu, že i sám brzo k vám přijdu.
২৪কিন্তু মই নিজেও সোনকালে আপোনালোকৰ ওচৰলৈ যাম বুলি প্ৰভুত বিশ্বাস কৰিছোঁ।
25 Ale zdálo se mi za potřebné Epafrodita, bratra a pomocníka a spolurytíře mého, vašeho pak apoštola i služebníka, v potřebě mé poslati k vám,
২৫মোৰ অভাবত সেৱা শুশ্ৰূষা কৰোঁতা আপোনালোকৰ পাঁচনি, অথচ মোৰ ভাই, সহকাৰী আৰু সহসেনা যি ইপাফ্ৰদীত, তেখেতক আপোনালোকৰ তালৈ পঠিয়াবলৈ মই প্ৰয়োজন দেখিলোঁ৷
26 Poněvadž takovou měl žádost vás všecky viděti, a velmi těžek nad tím byl, že jste o něm slyšeli, že by byl nemocen.
২৬কিয়নো তেখেত নৰিয়াত পৰা বাৰ্তা আপোনালোকে শুনিলে, তেওঁ আপোনালোকৰ কাৰণে অতিশয় হাবিয়াহ কৰিছিল আৰু তেওঁ বৰ উদিগ্ন হৈছিল।
27 A bylť jest jistě nemocen, i blízek smrti, ale Bůh se nad ním smiloval, a ne nad ním toliko, ale i nade mnou, abych zámutku na zámutek neměl.
২৭তেখেত নৰিয়াত পৰি মৃতপ্ৰায় হৈছিল হয়, কিন্তু ঈশ্বৰে তেওঁলৈ দয়া কৰিলে৷ অকল তেওঁলৈ নহয়, কিন্তু মোৰ দুখৰ ওপৰি দুখ যেন নঘটে, এই কাৰণে, মোলৈকো দয়া কৰিলে।
28 Protož tím spěšněji poslal jsem ho k vám, abyste, vidouce jej zase, zradovali se, a já abych byl bez zámutku.
২৮এতেকে আপোনালোকে তেওঁক পুনৰাই দেখি যেন আনন্দিত হয় আৰু মোৰ শোকো যেন কম হয়, এই কাৰণে তেখেতক পঠিয়াবলৈ ইচ্ছা কৰিলোঁ৷
29 Protož přijmětež jej v Pánu se vší radostí, a mějte takové v uctivosti.
২৯সম্পূৰ্ণ আনন্দেৰে আপোনালোকে প্ৰভুত থাকি ইপাফ্ৰদীতক গ্ৰহণ কৰিব আৰু তেনেকুৱা মানুহক আদৰণীয় জ্ঞান কৰিব,
30 Neboť jest pro dílo Kristovo až k smrti se přiblížil, opováživ se života svého, jedné aby doplnil to, v čemž jste vy měli nedostatek při posloužení mně.
৩০কিয়নো মোৰ সেৱা শুশ্ৰূষাত আপোনালোকৰ যি যি ক্ৰুটি আছিল, তাক সম্পূৰ্ণ কৰিবলৈ, তেখেত প্ৰাণপণ কৰি খ্ৰীষ্টৰ কাৰ্যৰ কাৰণে মৃতপ্ৰায় হৈছিল।

< Filipským 2 >