< Marek 9 >

1 I pravil jim: Amen pravím vám, žeť jsou někteří z stojících tuto, kteříž neokusí smrti, až i uzří království Boží přicházející v moci.
যীচুৱে তেওঁলোকক ক’লে, “মই তোমালোকক স্বৰূপকৈ কওঁ, ইয়াত উপস্থিত থকা লোক সকলৰ মাজৰ কিছুমানে ঈশ্বৰৰ ৰাজ্য পৰাক্ৰমেৰে অহা নেদেখালৈকে মৃত্যুৰ সোৱাদ নাপাব৷”
2 A po šesti dnech pojal Ježíš Petra a Jakuba a Jana, i uvedl je na horu vysokou soukromí samy, a proměnil se před nimi.
তাৰ ছয় দিনৰ পাছত যীচুৱে কেৱল পিতৰ, যাকোব আৰু যোহনক লগত লৈ এটা ওখ পর্বতৰ ওপৰলৈ উঠি গ’ল; তাতে তেওঁলোকৰ সন্মুখত তেওঁ ৰূপান্তৰিত হ’ল।
3 A učiněno jest roucho jeho stkvoucí a bílé velmi jako sníh, ješto tak bílého žádný bělič na zemi učiniti nemůže.
তেওঁৰ বস্ত্ৰ উজ্বল আৰু এনে বগা হৈছিল যে পৃথিৱীৰ কোনো ধোবাই তেনে বগা কৰিব নোৱাৰে।
4 I uzřeli Eliáše s Mojžíšem, ani s Ježíšem mluví.
তেতিয়া মোচিৰ সৈতে এলিয়াই তেওঁলোকক দেখা দিলে, আৰু যীচুৰ লগত কথা-বতৰা হ’ল।
5 A odpověděv Petr, řekl k Ježíšovi: Mistře, dobréť jest nám tuto býti. Protož udělejme tři stánky, tobě jeden, Mojžíšovi jeden a Eliášovi jeden.
তাতে পিতৰে মাত লগাই যীচুক ক’লে, “ৰব্বি, ইয়াত থকা আমাৰ ভাল; আমি আপোনালৈ এটা, মোচিলৈ এটা, এলিয়াৰ বাবে এটা, এইদৰে তিনিটা পঁজা সাজোঁ।”
6 Nebo nevěděl, co mluví; byli zajisté přestrašeni.
কিয়নো কি কব লাগিছিল, সেই বিষয়ে পিতৰে নাজানিছিল; কাৰণ তেওঁলোকৰ বৰ ভয় লাগিছিল।
7 I stal se oblak zastěňující je, a přišel hlas z oblaku, řkoucí: Tentoť jest ten Syn můj milý, jeho poslouchejte.
তেতিয়া এডোখৰ মেঘে তেওঁলোকক ছাঁ কৰি ধৰিলে; আৰু সেই মেঘৰ পৰা এই বাণী শুনা গ’ল, “এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁৰ কথা শুনা”।
8 A hned obezřevše se, žádného víc neviděli než samého Ježíše s sebou.
পাছত তেওঁলোকে অকস্মাতে চাৰিওফাললৈ চাই, যীচুৰ বাহিৰে আন কাকো দেখা নাপালে৷
9 A když sstupovali s hory, přikázal jim, aby toho žádnému nevypravovali, co viděli, než až Syn člověka z mrtvých vstane.
পাছত তেওঁলোক পৰ্বতৰ পৰা নামি আহোতে, যীচুৱে তেওঁলোকক এই আজ্ঞা দিলে, “তোমালোকে যি যি দেখিলা, মানুহৰ পুত্ৰ মৃত লোকৰ মাজৰ পৰা পুনৰায় নুঠালৈকে এই বিষয়ে কাকো নক’বা”।
10 I zachovali tu věc u sebe, tížíce mezi sebou, co by to bylo z mrtvých vstáti?
১০তাতে তেওঁলোকে সেই কথা মানি ললে কিন্তু ‘মৃত্যুৰ পৰা পুনৰুত্থান’ কি হয়, এই বিষয়ে নিজৰ মাজতে সুধা-সুধি কৰিলে।
11 I otázali se ho, řkouce: Což pak zákoníci praví, že Eliáš musí přijíti prve?
১১পাছত তেওঁলোকে যীচুক সুধিলে, “এলিয়া প্ৰথমে আহিব লাগে বুলি বিধানৰ অধ্যাপক সকলে কিয় কয়?”
12 On pak odpověděv, řekl jim: Eliáš přijda nejprve, napraví všecky věci, a jakož psáno jest o Synu člověka, že má mnoho trpěti a za nic položen býti.
১২তাতে তেওঁ তেওঁলোকক ক’লে, “এই কথা বাস্তৱিক যে এলিয়াই প্ৰথমে আহি সকলোকে পুনঃপ্ৰতিষ্ঠা কৰে; তেনেহ’লে মানুহৰ পুত্ৰৰ বিষয়েও নো কেনেকৈ লিখা আছে যে, তেওঁ অনেক দুখভোগ কৰিব আৰু তেওঁক অৱহেলা কৰা হ’ব?
13 Ale pravím vám, že Eliáš již přišel, a učinili mu, což jsou chtěli, jakož psáno jest o něm.
১৩কিন্তু মই তোমালোকক কওঁ যে, এলিয়া আহিল আৰু তেওঁৰ বিষয়ে যেনেকৈ লিখা আছে, তেনেকৈ মানুহবোৰে নিজ ইচ্ছা অনুসাৰে তেওঁলৈ কৰিলে।”
14 Tedy přišed k učedlníkům, uzřel zástup veliký okolo nich a zákoníky, an se hádají s nimi.
১৪পাছত যেতিয়া তেওঁলোক অন্য শিষ্য সকলৰ ওচৰলৈ আহিল, তেতিয়া তেওঁলোকৰ চাৰিওফালে অলেখ মানুহে আহি ভিৰ কৰি থকা দেখিলে আৰু বিধানৰ অধ্যাপক সকলে তাতে তেওঁলোকৰ সৈতে তর্ক-বিতর্ক কৰি আছিল।
15 A hned všecken zástup uzřev jej, ulekli se; a sběhše se, přivítali ho.
১৫তেতিয়া লোক সকলে যীচুক দেখি অতিশয় চমৎকৃত হ’ল আৰু তেওঁৰ ওচৰলৈ বেগাই গৈ তেওঁক আদৰণি জনালে৷
16 I otázal se zákoníků: Co se hádáte spolu?
১৬তেতিয়া তেওঁ শিষ্য সকলক সুধিলে, “তোমালোকে এওঁলোকৰ লগত কি বিষয়ত তর্ক-বিতর্ক কৰি আছা?”
17 A odpovídaje jeden z zástupu, řekl: Mistře, přivedl jsem syna svého k tobě, kterýž má ducha němého.
১৭তেতিয়া লোক সকলৰ মাজৰ পৰা এজন লোকে তেওঁক উত্তৰ দিলে, “হে গুৰু, মই আপোনাৰ ওচৰলৈ মোৰ পুত্ৰক আনিলো; অশুচি আত্মাই তাৰ তাত প্ৰৱেশ কৰি তাক কথা কবলৈ বাধা কৰে৷
18 Ten kdyžkoli jej pochopí, lomcuje jím, a on se sliní, a škřipí zubami, a svadne. I řekl jsem učedlníkům tvým, aby jej vyvrhli, a nemohli.
১৮সেই কাৰণে তাৰ কঁপনি উঠে আৰু তাক তললৈ পেলাই দিয়ে; তাৰ মুখৰ পৰা ফেন ওলায় আৰু য’তে তাক ধৰে, ত’তে তাক আছাৰ মাৰি পেলায়; তেতিয়া তাৰ মুখেদি ফেন ওলায়, আৰু সি দাঁত কৰচে। সি খীণাই গৈছে; সেয়েহে তাক খেদাবলৈ আপোনাৰ শিষ্য সকলৰ আগত নিবেদন কৰিছিলোঁ, কিন্তু তেওঁলোকে নোৱাৰিলে।”
19 A on odpovídaje jemu, řekl: Ó národe nevěrný! Ale dokudž s vámi budu? A dokudž vás trpěti budu? Přiveďte jej ke mně.
১৯তেতিয়া যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “হে অল্পবিশ্বাসী বংশ, মই তোমালোকৰ লগত কিমান কাল থাকিম? কিমান কালনো তোমালোকক সহিম? তেওঁক মোৰ ওচৰলৈ আনা৷”
20 I přivedli ho k němu. A jakž jej uzřel, hned jím duch lomcoval; a padna na zemi, válel se a slinil.
২০তাতে তেওঁলোকে ল’ৰা জনক তেওঁৰ ওচৰলৈ আনিলে আৰু তাতে ভূতৰ আত্মাই যীচুক দেখাৰ লগে লগে লৰা জনক মুচৰি পেলালে, আৰু তাতে সি মাটিত পৰি মুখেদি ফেন উলিয়াই, ছটফটাবলৈ ধৰিলে।
21 I otázal se otce jeho: Dávno-li se jemu to stalo? A on řekl: Hned od dětinství.
২১তেতিয়া যীচুৱে ল’ৰা জনৰ দেউতাকক সুধিলে, “ইয়াৰ এনে অৱস্থা হোৱা কিমান দিন হ’ল?” তাতে তেওঁ ক’লে, “শিশু কালৰে পৰা হৈছে;
22 A často jím metal i na oheň i do vody, aby jej zahubil. Ale můžeš-li co, spomoz nám, slituje se nad námi.
২২আৰু এই আত্মাই তাক নষ্ট কৰিবলৈ বাৰে বাৰে জুই আৰু পানীতো পেলায়; কিন্তু আপুনি যদি কিবা কৰিব পাৰে তেনেহলে আমালৈ কৃপা কৰি উপকাৰ কৰক।”
23 A Ježíš řekl jemu: Můžeš-li tomu věřiti; všeckoť jest možné věřícímu.
২৩তেতিয়া যীচুৱে তেওঁক ক’লে, “যদি পাৰে বুলি ক’লা যে! বিশ্বাস কৰা জনৰ বাবে সকলো সম্ভৱ।”
24 A ihned zvolav otec mládence toho s slzami, řekl: Věřím, Pane, spomoz nedověře mé.
২৪তেতিয়া সেই ল’ৰা জনৰ বাপেকে ৰিঙিয়াই ক’লে, “বিশ্বাস কৰিছোঁ; মোৰ অবিশ্বাসৰ প্ৰতিকাৰ কৰক!”
25 Uzřev pak Ježíš, že se zástup sbíhá, přimluvil duchu tomu nečistému, řka jemu: Hluchý a němý duše, já tobě přikazuji, vyjdi z něho, a nevcházej více do něho.
২৫তেতিয়া যীচুৱে মানুহৰ দলটোক একেলগে ল’ৰি অহা দেখি, সেই অশুচি আত্মাক ডবিয়াই ক’লে, “হে বোবা আৰু কলা আত্মা, মই তোক আজ্ঞা দিছোঁ, তই ইয়াৰ পৰা বাহিৰ ওলাই যা; পুনৰ ইয়াত প্ৰৱেশ নকৰিবি৷”
26 Tedy křiče a velmi jím lomcuje, vyšel z něho. I učiněn jest člověk ten jako mrtvý, takže mnozí pravili, že umřel.
২৬তেতিয়া সি আটাহ পাৰি ল’ৰা জনক বৰকৈ মোচোৰা মাৰি বাহিৰ ওলাল; আৰু ল’ৰা জন দেখিবলৈ মৰাৰ নিচিনা হোৱাত, বহুত মানুহে ক’লে, “সি মৰিল”।
27 Ale Ježíš ujav jej za ruku, pozdvihl ho, a on vstal.
২৭কিন্তু যীচুৱে হাতত ধৰি তাক উঠালে আৰু তেতিয়া সি উঠি বহিল।
28 A když všel do domu, učedlníci jeho otázali ho soukromí: Pročež jsme my ho nemohli vyvrci?
২৮পাছত তেওঁ ঘৰৰ ভিতৰত প্ৰৱেশ কৰোঁতে তেওঁৰ শিষ্য সকলে গুপুতে তেওঁক সুধিলে, “আমি সেই আত্মাটোক কিয় খেদাব নোৱাৰিলোঁ?”
29 I řekl jim: Toto pokolení nijakž nemůž vyhnáno býti, jediné modlitbou a postem.
২৯তাতে তেওঁ তেওঁলোকক ক’লে, “প্ৰাৰ্থনাৰ অবিহনে আন কোনো উপায়েৰে এইবিধক খেদাব নোৱাৰি।”
30 A jdouce odtud, šli skrze Galilei, a nechtěl, aby kdo o tom věděl.
৩০পাছত তেওঁলোকে সেই ঠাইৰ পৰা ওলাই, গালীল প্ৰদেশৰ মাজেদি যাত্ৰা কৰিলে, কিন্তু যীচুৱে ইচ্ছা কৰিছিল, তেওঁলোকৰ যাত্রাৰ কথা কোনেও যেন নাজানে।
31 Nebo učil učedlníky své a pravil jim: Že Syn člověka dán bude v ruce lidské, a zamordujíť jej, ale zamordován jsa, třetí den z mrtvých vstane.
৩১কিয়নো তেওঁ নিজৰ শিষ্য সকলক শিক্ষা দি কৈছিল, বোলে ‘মানুহৰ পুত্ৰক মানুহবোৰৰ হাতত শোধাই দিয়া হ’ব, তেওঁলোকে তেওঁক বধ কৰিব আৰু বধ কৰাৰ তিন দিনৰ পাছত তেওঁ পুনৰায় উঠিব’।
32 Oni pak nesrozuměli tomu povědění, a ostýchali se ho otázati.
৩২কিন্তু তেওঁলোকে সেই কথা নুবুজিলে, আৰু তেওঁক সুধিবলৈকো ভয় কৰিলে।
33 I přišel do Kafarnaum, a v domě byv, otázal se jich: Co jste na cestě mezi sebou rozjímali?
৩৩এইদৰে তেওঁলোক কফৰনাহূমলৈ আহিল। পাছত তেওঁ ঘৰ সোমাই তেওঁলোকক সুধিলে, “তোমালোকে বাটত কি কোৱা-মেলা কৰিছিলা?”
34 A oni mlčeli. Nebo hádali se byli na cestě mezi sebou, kdo by z nich byl větší.
৩৪কিন্তু তেওঁলোক নিজম দি থাকিল; কিয়নো কোন শ্ৰেষ্ঠ, সেই বিষয়ে বাটত তেওঁলোকে পৰস্পৰে কোৱা-মেলা কৰি আহিছিল।
35 A posadiv se, zavolal dvanácti, a dí jim: Chce-li kdo první býti, budeť všech nejposlednější a všech služebník.
৩৫তাতে তেওঁ বহিল, আৰু বাৰ জন পাঁচনিক মাতি ক’লে, কোনোৱে যদি প্ৰথম হ’বলৈ ইচ্ছা কৰে, তেওঁ সকলোৰে শেষ আৰু সকলোৰে পৰিচাৰক হ’ব।
36 A vzav pacholátko, postavil je uprostřed nich, a vzav je na lokty své, řekl jim:
৩৬তেতিয়া তেওঁ শিশু এজনক লৈ আহিল আৰু তেওঁলোকৰ মাজত থলে৷
37 Kdož by koli jedno z takových dítek přijal ve jménu mém, mneť přijímá; a kdož by mne koli přijal, ne mneť přijímá, ale toho, kterýž mne poslal.
৩৭তাৰ পাছত তাক কোলাত লৈ তেওঁলোকক ক’লে, “যি কোনোৱে এনে শিশু এটিক মোৰ নামেৰে গ্ৰহণ কৰে; তেওঁ মোকেই গ্ৰহণ কৰে আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনক গ্ৰহণ কৰে।”
38 I odpověděl mu Jan, řka: Mistře, viděli jsme tam jednoho, an ve jménu tvém ďábly vymítá, kterýž nechodí s námi; i bránili jsme mu, protože s námi nechodí.
৩৮তেতিয়া যোহনে তেওঁক ক’লে, “হে গুৰু, আপোনাৰ নামেৰে ভূতবোৰক খেদোৱা এজনক আমি দেখিলোঁ; কিন্তু তেওঁ আমাৰ পাছে পাছে নহাত, আমি তেওঁক নিষেধ কৰিলোঁ।”
39 Ježíš pak řekl: Nebraňtež mu. Nebť není žádného, kterýž by divy činil ve jménu mém, ať by mohl snadně zle mluviti o mně.
৩৯তেতিয়া যীচুৱে ক’লে, “তেওঁক নিষেধ নকৰিবা; কিয়নো মোৰ নামেৰে পৰাক্ৰম কাৰ্য কৰাৰ পাছত, সোনকালে মোৰ নিন্দা কৰিব পৰা কোনো নাই।
40 Nebo kdož není proti nám, s námiť jest.
৪০কাৰণ যি জন আমাৰ বিপক্ষ নহয়, তেওঁ আমাৰ সপক্ষ।
41 Kdož by koli zajisté dal vám píti číši vody ve jménu mém, protože jste Kristovi, amen pravím vám, neztratíť nikoli odplaty své.
৪১যি কোনোৱে খ্ৰীষ্টৰ লোক বুলি তোমালোকক এবাটি পানীকে খুৱায়, মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁ নিজৰ পুৰস্কাৰ কোনোমতে নেহেৰুৱাব।
42 A kdožť by koli pohoršil jednoho z těchto maličkých, věřících ve mne, mnohem by lépe mu bylo, aby byl zavěšen na hrdlo jeho žernov mlýnský a vržen byl do moře.
৪২কিন্তু যি কোনোৱে মোত বিশ্বাস কৰা এই শিশু সকলৰ মাজৰ এজনৰো বিঘিনি জন্মায়, তেওঁৰ ডিঙিত জাঁত আঁৰি, সাগৰত পেলাই দিয়াই তেওঁৰ বাবে ভাল হ’ব।
43 A horšila-li by tě ruka tvá, utni ji. Lépeť jest tobě bezrukému vjíti do života, raději nežli obě ruce majícímu jíti do pekla, v oheň neuhasitelný, (Geenna g1067)
৪৩যদি তোমাৰ হাত, তোমাৰ বিঘিনিৰ কাৰণ হয়, তেনেহলে সেই হাত কাটি পেলোৱা; দুহতীয়া হৈ নৰকৰ নুনুমুৱা জুইলৈ যোৱাতকৈ, কোঙা হৈ জীৱনত সোমোৱা তোমাৰ ভাল। (Geenna g1067)
44 Kdež červ jejich neumírá a oheň nehasne.
৪৪
45 A pakli noha tvá horšila by tě, utniž ji. Lépeť jest tobě kulhavému vjíti do života, nežli obě noze majícímu uvrženu býti do pekla, v oheň neuhasitelný, (Geenna g1067)
৪৫যদি তোমাৰ ভৰি, তোমাৰ বিঘিনিবোৰৰ কাৰণ হয়, তেনেহলে সেই ভৰি কাটি পেলোৱা; দুটা ভৰিৰে নৰকত পেলোৱা হোৱাতকৈ, খোৰা হৈ জীৱনত সোমোৱা তোমাৰ ভাল। (Geenna g1067)
46 Kdežto červ jejich neumírá a oheň nehasne.
৪৬
47 Pakli by tě oko tvé horšilo, vylup je. Lépeť jest tobě jednookému vjíti do království Božího, nežli obě oči majícímu uvrženu býti do ohně pekelného, (Geenna g1067)
৪৭আৰু তোমাৰ চকুৱো যদি তোমাৰ বিঘিনিৰ কাৰণ হয়, তেনেহলে তাকো উলিয়াই পেলোৱা; দু-চকুৱা হৈ, নৰকত পেলোৱা হোৱাতকৈ, এচকুৱা হৈ, ঈশ্বৰৰ ৰাজ্যত সোমোৱা তোমাৰ ভাল। (Geenna g1067)
48 Kdežto červ jejich neumírá a oheň nehasne.
৪৮কিয়নো সেই ঠাইত পোক নমৰে আৰু জুইয়ো নুনুমায়৷
49 Nebo každý člověk ohněm bude solen, a všeliká obět solí bude osolena.
৪৯কিয়নো প্ৰতিজনক অগ্নিৰূপ লোণেৰে লুণীয়া কৰা হ’ব।
50 Dobráť jest sůl. Pakli sůl bude neslaná, čím ji osolíte? Mějte sůl v sobě sami, a pokoj mějte mezi sebou.
৫০লোণ উত্তম; কিন্তু যদি লোণৰ সোৱাদ নাইকিয়া হয়, তেনেহলে তাক কিহেৰে লুণীয়া কৰা যাব? তোমালোকৰ অন্তৰত লোণ ৰাখা, আৰু পৰস্পৰে শান্তিৰে থাকা।”

< Marek 9 >