< Marek 15 >
1 A hned ráno uradivše se přední kněží s staršími a s zákoníky i se vším shromážděním, svázavše Ježíše, vedli jej a dali Pilátovi.
১পাছত ৰাতিপুৱা প্ৰধান পুৰোহিত, পৰিচাৰক আৰু বিধানৰ অধ্যাপক সকলৰ সৈতে গোটেই মহাসভাই মন্ত্ৰণা কৰিলে৷ তেতিয়া তেখেত সকলে যীচুক বান্ধিলে আৰু পীলাতৰ হাতত শোধাই দিলে।
2 I otázal se ho Pilát: Ty-liž jsi král Židovský? A on odpověděv, řekl jemu: Ty pravíš.
২তেতিয়া পীলাতে তেওঁক সুধিলে, “তুমি ইহুদী সকলৰ ৰজা হয় নে?” তাতে তেওঁ উত্তৰ দি ক’লে, “তুমিয়েই কৈছা।”
3 I žalovali na něj přední kněží mnoho. On pak nic neodpovídal.
৩এনেতে প্ৰধান পুৰোহিত সকলে তেওঁক বহুত অপবাদ দিলে।
4 Tedy Pilát otázal se ho opět, řka: Nic neodpovídáš? Hle, jak mnoho proti tobě svědčí.
৪তেতিয়া পীলাতে আকৌ তেওঁক সুধিলে, “তুমি একো উত্তৰ নিদিয়া নে? চোৱা, এওঁলোকে তোমাৰ বিৰুদ্ধে কিমান অপবাদ দিছে!”
5 Ale Ježíš předce nic neodpověděl, takže se podivil Pilát.
৫কিন্তু যীচুৱে কোনো দিঘলীয়া উত্তৰ নিদিলে আৰু তাতে তেওঁ বিস্ময় মানিলে।
6 Ve svátek pak propouštíval jim jednoho z vězňů, za kteréhož by prosili.
৬সেই পৰ্বৰ সময়ত মানুহবোৰে বিচাৰিলে যি কোনো এজন বন্দীক পীলাতে মুকলি কৰি দিয়ে।
7 I byl jeden, kterýž sloul Barabbáš, jenž s svárlivými byl v vězení, kteříž v svadě vraždu byli spáchali.
৭সেই সময়ত বিদ্ৰোহী লোক সকলৰ সৈতে কাৰাগাৰত, কিছুমান হত্যাকাৰীৰ লগত প্ৰতিষ্ঠিত ব্যৱস্থাৰ বিৰুদ্ধে যোৱা ৰাজদ্ৰোহী এজন আছিল; তেওঁৰ নাম আছিল বাৰাব্বা ৷
8 A zvolav zástup, počal prositi, aby učinil, jakož jim vždycky činíval.
৮তেতিয়া লোক সকলে পীলাতৰ ওচৰলৈ আহিল আৰু আগতে কৰি অহা নিয়ম অনুসৰি কৰিবলৈ তেওঁক অনুৰোধ কৰিলে৷
9 Pilát pak odpověděl jim, řka: Chcete-li, propustím vám krále Židovského?
৯পীলাতে তেওঁলোকক উত্তৰ দি ক’লে, “তোমালোকৰ বাবে মই ইহুদী সকলৰ ৰজাক যেন মুকলি কৰোঁ, তোমালোকে এনে ইচ্ছা কৰা নে?”
10 (Nebo věděl, že jsou jej z závisti vydali přední kněží.)
১০কিয়নো তেওঁ জানিছিল যে প্ৰধান পুৰোহিত সকলে ইর্ষা কৰি যীচুক তেওঁৰ ওচৰত শোধাই দিছিল৷
11 Ale přední kněží ponukli zástupu, aby jim raději propustil Barabbáše.
১১কিন্তু প্ৰধান পুৰোহিত সকলে যীচুৰ সলনি বাৰাব্বাক মুকলি কৰিবৰ বাবে দাবী কৰিবলৈ লোক সকলক উচটালে৷
12 A Pilát odpověděv, řekl jim zase: Což pak chcete, ať učiním tomu, kteréhož králem Židovským nazýváte?
১২পাছত পীলাতে আকৌ উত্তৰ দি তেওঁলোকক সুধিলে, “তেনেহলে তোমালোকে যি জনক ইহুদী সকলৰ ৰজা বুলি কোৱা তেওঁক মই কি কৰিম?”
13 A oni opět zvolali: Ukřižuj ho.
১৩তেতিয়া তেওঁলোকে আকৌ আটাহ পাৰি ক’লে, “তাক ক্রুচত দিয়ক।”
14 A Pilát pravil jim: I což jest zlého učinil? Oni pak více volali: Ukřižuj ho.
১৪তেতিয়া পীলাতে তেওঁলোকক সুধিলে, “কিন্তু তেওঁনো কি দোষ কৰিলে?” তাতে তেওঁলোকে অধিককৈ আটাহ পাৰি ক’লে, “তাক ক্রুচত দিয়ক।”
15 Tedy Pilát, chtě lidu dosti učiniti, pustil jim Barabbáše, a dal jim Ježíše ubičovaného, aby byl ukřižován.
১৫তেতিয়া পীলাতে লোক সকলক সন্তুষ্ট কৰিবলৈ তেওঁলোকলৈ বাৰাব্বাক মুকলি কৰি দিলে আৰু যীচুক চাবুকেৰে কোবোৱাই, ক্রুচত দিবলৈ শোধাই দিলে।
16 Žoldnéři pak uvedli jej vnitř do síně, do radného domu, a svolali všecku sběř.
১৬তেতিয়া সেনাবোৰে চোতাললৈ অৰ্থাৎ প্ৰিটৰিয়মৰ ভিতৰলৈ তেওঁক লৈ গ’ল, আৰু গোটেই সৈন্য দলক মাতি গোট খুৱালে।
17 I oblékli jej v šarlat, a korunu spletše z trní, vložili naň.
১৭পাছত তেওঁলোকে যীচুক উজ্বল বৰণীয়া কাপোৰ পিন্ধালে, আৰু কাঁইটৰ কিৰীটি সাজি মুৰত পিন্ধাই দিলে;
18 I počali ho pozdravovati, řkouce: Zdráv buď, králi Židovský.
১৮মানুহবোৰে তেওঁক নমস্কাৰ জনাই ক’লে “হে ইহুদী সকলৰ ৰজা, জয় হওক!”
19 A bili hlavu jeho třtinou, a plvali na něj, a sklánějíce kolena, klaněli se jemu.
১৯তেতিয়া নলেৰে তেওঁৰ মুৰত কোবালে আৰু থুই পেলালে৷ তাৰ পাছত তেওঁৰ আগত আঁঠুকাঢ়ি শ্ৰদ্ধা জনালে।
20 A když se jemu naposmívali, svlékli s něho šarlat, a oblékli jej v roucho jeho vlastní. I vedli jej, aby ho ukřižovali.
২০এইদৰে তেওঁক ঠাট্টা-বিদ্ৰূপ কৰি উঠি, সেই উজ্বল বৰণীয়া কাপোৰ সোলোকাই তেওঁক নিজৰ কাপোৰ পিন্ধালে আৰু তেওঁক ক্রুচত দিবৰ বাবে বাহিৰলৈ লৈ গ’ল।
21 I přinutili nějakého Šimona Cyrenenského, pomíjejícího je, (kterýž šel z pole, otce Alexandrova a Rufova, ) aby vzal kříž jeho.
২১সেই সময়ত মানুহবোৰে কুৰীণীয়া দেশৰ পৰা অহা চিমোন নামৰ (এই জন আলেকজেন্দাৰ আৰু ৰুফৰ বাপেক) লোক এজনক জবৰদস্তিৰে যীচুৰ ক্ৰুচটো কঢ়িয়াই নিবলৈ ধৰি আনিলে৷
22 I vedli jej až na místo Golgota, to jest, (vyložil-li by, ) popravné místo.
২২এইদৰে সৈন্য সকলে গলগথা বুলি কোৱা ঠাই খন লৈ যীচুক লৈ আহিল; (এই নামৰ অর্থ ‘মুৰৰ লাওখোলা’) ৷
23 I dávali mu píti víno s mirrou, ale on nepřijal ho.
২৩তাতে তেওঁলোকে যীচুক গন্ধৰসেৰে মিহলি হোৱা দ্ৰাক্ষাৰস যাচিলে কিন্তু তেওঁ তাক গ্ৰহণ নকৰিলে।
24 A ukřižovavše jej, rozdělili roucha jeho, mecíce o ně los, kdo by co vzíti měl.
২৪পাছত তেওঁক ক্রুচত দি উঠি, তেওঁৰ কাপোৰৰ কোনে কি পাব, সেয়ে নিশ্চয় কৰিবলৈ, তেওঁলোকে চিঠি খেলি সেই কাপোৰ ভগাই ল’লে।
25 A byla hodina třetí, když ho ukřižovali.
২৫তেতিয়া ন মান বজাত তেওঁলোকে যীচুক ক্রুচত দিলে।
26 A byl nápis viny jeho napsán těmi slovy: Král Židovský.
২৬আৰু “ইহুদী সকলৰ ৰজা৷” এই বুলি তেওঁৰ অপৰাধৰ জাননী ওপৰত লিখি দিলে।
27 Ukřižovali také s ním dva lotry: jednoho na pravici a druhého na levici jeho.
২৭তেওঁৰ লগত আন দুজন ডকাইতৰ সোঁফালে এজনক আৰু বাওঁফালে আন এজনক, এনেদৰে ক্রুচতদিলে।
28 I naplněno jest písmo, řkoucí: A s nepravými počten jest.
২৮
29 A kteříž tudy chodili mimo něj, rouhali se jemu, potřásajíce hlavami svými, a říkajíce: Hahá, kterýž rušíš chrám Boží, a ve třech dnech jej zase vzděláváš,
২৯পাছত অহা-যোৱা কৰা বাটৰুৱা সকলে মুৰ জোকাৰি নিন্দা কৰি কবলৈ ধৰিলে, “হেৰৌ মন্দিৰ নষ্ট কৰোঁতা আৰু তিন দিনৰ ভিতৰত সাজোঁতা,
30 Spomoz sobě samému, a sstup s kříže.
৩০নিজকে ৰক্ষা কৰ আৰু ক্ৰুচৰ পৰা নাম৷”
31 Též i přední kněží posmívajíce se, jeden k druhému s zákoníky pravili: Jinýmť jest pomáhal, sám sobě pomoci nemůže.
৩১সেইদৰে প্ৰধান পুৰোহিত সকলে বিধানৰ অধ্যাপক সকলৰ সৈতে ঠাট্টা-বিদ্ৰূপ কৰি পৰস্পৰৰ মাজত ক’লে, “সি আন লোকক ৰক্ষা কৰিছিল কিন্তু নিজকেই ৰক্ষা কৰিব নোৱাৰে।
32 Kristus král Izraelský, nechažť nyní sstoupí s kříže, ať uzříme a uvěříme. A i ti, kteříž s ním ukřižováni byli, útržku mu činili.
৩২হে খ্ৰীষ্ট, ইস্ৰায়েলৰ ৰজা, এতিয়াই ক্ৰুচৰ পৰা নামি আহা; তাতে আমি যেন দেখা পাওঁ আৰু বিশ্বাস কৰোঁ৷” তেতিয়া যি দুজনক তেওঁৰ লগত ক্ৰুচত দিয়া হ’ল, সেই দুজনেও তেওঁক নিন্দা কৰিলে।
33 A když byla hodina šestá, stala se tma po vší zemi až do hodiny deváté.
৩৩পাছত বাৰ মান বজাৰ পৰা তিনি বজালৈকে গোটেই দেশ আন্ধাৰ হ’ল।
34 A v hodinu devátou zvolal Ježíš hlasem velikým, řka: Elói, Elói, lama zabachtani? jenž se vykládá: Bože můj, Bože můj, pročs mne opustil?
৩৪আৰু ঠিক তিনি বজাৰ সময়ত যীচুৱে বৰ মাতেৰে ৰিঙিয়াই ক’লে, “এলোই, এলোই, লামা চবক্তানী?” অৰ্থাৎ “হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, কি কাৰণত মোক তুমি পৰিত্যাগ কৰিলা?”
35 A někteří z okolo stojících, slyševše to, pravili: Hle, Eliáše volá.
৩৫তেতিয়া ওচৰত থিয় দি থকা লোক সকলৰ মাজৰ কোনো কোনোৱে ইয়াকে শুনি ক’লে, “চোৱা, ই এলিয়াক মাতিছে।”
36 A běžev jeden, naplnil houbu octem a vloživ na tresť, dával jemu píti, řka: Ponechte, uzříme, přijde-li Eliáš, aby jej složil.
৩৬তাতে কোনো এজনে বেগাই গৈ, স্পঞ্জ এটা চিৰকাৰে পুৰ কৰি, তাক নলৰ আগত লগাই তেওঁক পান কৰিবলৈ দি ক’লে, “ৰবা, এলিয়াই ইয়াক নমাই দিবলৈ আহে নে নাহে, তাকে আমি চাওঁ আহা৷”
37 Ježíš pak zvolav hlasem velikým, pustil duši.
৩৭তেতিয়া যীচুৱে বৰকৈ আটাহ পাৰি, প্ৰাণ ত্যাগ কৰিলে।
38 A opona v chrámě roztrhla se na dvé, od vrchu až dolů.
৩৮তাতে মন্দিৰৰ আঁৰ-কাপোৰ খন ওপৰৰ পৰা তললৈকে ফালি দুভাগ হ’ল।
39 Viděv pak to centurio, kterýž naproti stál, že tak volaje, vypustil duši, řekl: Jistě člověk tento Syn Boží byl.
৩৯তেওঁ এইদৰে প্ৰাণ ত্যাগ কৰা দেখি, তেওঁৰ ওচৰতে থিয় দি থকা এশৰ সেনাপতিয়ে ক’লে, “সঁচাকৈ এই মানুহ জন ঈশ্বৰৰ পুত্ৰ আছিল৷”
40 Byly pak tu i ženy, zdaleka se dívajíce, mezi nimiž byla Maria Magdaléna, a Maria Jakuba menšího, a Jozesova mátě, a Salome.
৪০সেই সময়ত বহু মহিলাই আতৰৰ পৰা চাই আছিল৷ তেওঁলোকৰ ভিতৰত মগ্দলীনী মৰিয়ম, সৰু যাকোব আৰু যোচিৰ মাক মৰিয়ম আৰু চালোমীও আছিল ৷
41 Kteréž, když ještě byl v Galilei, chodily za ním a posluhovaly jemu, i jiné mnohé, kteréž byly s ním vstoupily do Jeruzaléma.
৪১যীচু যেতিয়া গালীল প্ৰদেশত আছিল, তেতিয়া এই মহিলা সকলে তেওঁৰ পাছে পাছে গৈ তেওঁক সেৱা শুশ্ৰূষা কৰিছিল৷ ইয়াৰ ওপৰিও বহু মহিলা তেওঁৰ লগত যিৰূচালেমলৈ আহিছিল৷
42 A když již byl večer, (že byl den připravování, to jest před sobotou, )
৪২এই দিনটো আছিল আয়োজনদিন; বিশ্ৰাম দিনৰ আগদিনা৷ সেয়েহে তেতিয়া আবেলি ওচৰ চাপি অহাত,
43 Přišed Jozef z Arimatie, počestná osoba úřadná, kterýž také očekával království Božího, směle všel ku Pilátovi a prosil za tělo Ježíšovo.
৪৩অৰিমাথিয়াৰ যোচেফ সেই ঠাইলৈ আহিল৷ তেওঁ পৰিষদ মণ্ডলীৰ এজন সন্মানীয় সদস্য আছিল৷ তেওঁ ঈশ্ৱৰৰ ৰাজ্যলৈ অপেক্ষা কৰি আছিল৷ তেওঁ সাহসেৰে পীলাতৰ ওচৰলৈ গ’ল আৰু যীচুৰ দেহ বিচাৰিলে।
44 Pilát pak podivil se, již-li by umřel. A povolav centuriona, otázal se ho, dávno-li je umřel.
৪৪ইতিমধ্যে পীলাতে যীচুৰ মৃত্যু হোৱা বুলি জানিবলৈ পোৱাত, পীলাত আচৰিত হ’ল; তেওঁ এশৰ সেনাপতিক মাতি আনিলে আৰু যীচুৰ মৃত্যুৰ বিষয়ে সুধিলে৷
45 A zvěděv od centuriona, dal tělo Jozefovi.
৪৫যেতিয়া তেওঁ এশৰ সেনাপতিৰ পৰা যীচুৰ মৃত্যু জানিলে, তেতিয়া তেওঁ যোচেফক যীচুৰ দেহটো নিবলৈ অনুমতি প্ৰদান কৰিলে৷
46 A Jozef koupiv plátna, a složiv ho s kříže, obvinul v plátno, i položil do hrobu, kterýž byl vytesán z skály, a přivalil kámen ke dveřům hrobovým.
৪৬যোচেফে শণ সুতাৰ কাপোৰ লগত লৈ আহিছিল৷ তেওঁ যীচুক ক্ৰুচৰ পৰা নমালে আৰু লগত অনা শণ সুতাৰ কাপোৰেৰে মেৰিয়াই শিলত খান্দি উলিওৱা মৈদাম এটাত শুৱাই থ’লে৷ তাৰ পাছত এচটা ডাঙৰ শিল বগৰাই আনি মৈদামৰ প্ৰৱেশ দ্ৱাৰ বন্ধ কৰি দিলে৷
47 Ale Maria Magdaléna a Maria Jozesova dívaly se, kde by byl položen.
৪৭মগ্দলীনী মৰিয়ম আৰু যোচিৰ মাক মৰিয়মে যীচুক মৈদাম দিয়া ঠাইটো দেখা পালে৷