< Jeremiáš 40 >

1 Slovo to, kteréž se stalo k Jeremiášovi od Hospodina, když jej propustil Nebuzardan, hejtman nad žoldnéři, z Ráma, vzav jej, když byl svázaný řetězy u prostřed všech zajatých Jeruzalémských a Judských, zajatých do Babylona.
বাবিললৈ বন্দী কৰি লৈ যোৱা যিৰূচালেমৰ আৰু যিহূদাৰ লোকসকলৰ মাজত যিৰিমিয়াক নবুজৰদান ৰক্ষক-সেনাপতিয়ে শিকলিৰে বন্ধা পাই তেওঁক ৰামাৰ পৰা পঠাই দিয়াৰ পাছত যিহোৱাৰ পৰা যি বাক্য আহিছিল, সেই বাক্য।
2 Tedy vzal hejtman nad žoldnéři Jeremiáše, a řekl jemu: Hospodin Bůh tvůj byl vyřkl zlé toto proti místu tomuto.
ৰক্ষক-সেনাপতিয়ে যিৰিমিয়াক গ্ৰহণ কৰি ক’লে, “তোমাৰ ঈশ্বৰ যিহোৱাই এই ঠাইৰ বিষয়ে এই অমঙ্গলৰ কথা কৈছিল,
3 Protož je uvedl a učinil Hospodin, jakž mluvil; nebo jste hřešili proti Hospodinu, a neposlouchali jste hlasu jeho, pročež stala se vám věc tato.
আৰু যিহোৱাই তাক ঘটালে। আৰু নিজ বাক্য অনুসাৰে কাৰ্য কৰিলে; তোমালোকে যিহোৱাৰ অহিতে পাপ কৰিলা আৰু তেওঁৰ বাক্য পালন নকৰিলা, এই কাৰণে তোমালোকলৈ এই ঘটনা ঘটিল।
4 Již tedy, aj, rozvazuji tě dnes z řetězů těch, kteříž jsou na rukou tvých. Vidí-liť se za dobré jíti se mnou do Babylona, poď, a budu tě pilně opatrovati; jestližeť se pak nevidí za dobré jíti se mnou do Babylona, nech tak. Aj, všecka tato země jest před tebou; kamžť se za dobré a slušné vidí jíti, tam jdi.
এতিয়া চোৱা! আজি মই তোমাক, তোমাৰ হাতত থকা শিকলিৰ পৰা মুক্ত কৰিলোঁ; তুমি যদি মোৰ লগত বাবিললৈ যাবলৈ ভাল দেখা, তেন্তে আহাঁ, মই তোমালৈ দৃষ্টি ৰাখিম; আৰু যদি মোৰ লগত বাবিললৈ যাবলৈ বেয়া দেখা, তেন্তে নালাগে। চোৱা, গোটেই দেশ তোমাৰ আগত আছে, যি ঠাইলৈ যোৱা তোমাৰ পক্ষে ভাল আৰু সুবিধাজনক, তালৈকে যোৱা।”
5 Pakli, (poněvadž se nenavracuje), obrať se k Godoliášovi synu Achikamovu, syna Safanova, kteréhož ustanovil král Babylonský nad městy Judskými, a zůstaň s ním u prostřed lidu, aneb kamžť se koli dobře líbí jíti, jdi. I dal jemu hejtman nad žoldnéři na cestu, a dar, a propustil jej.
যিৰিমিয়াই উত্তৰ নিদিয়া দেখি তেওঁ আকৌ ক’লে, “তেন্তে যি জনক বাবিলৰ ৰজাই যিহূদাৰ নগৰবোৰৰ ওপৰত শাসনকৰ্ত্তা নিযুক্ত কৰিলে, চাফনৰ নাতিয়েক অহীকামৰ পুত্ৰ সেই গদলিয়াৰ ওচৰলৈ উলটি যোৱা আৰু লোকসকলৰ মাজত তেওঁৰ লগত বাস কৰাগৈ, বা যি ঠাইলৈ যোৱা তোমাৰ পক্ষে সুবিধাজনক তালৈকে যোৱা; এই বুলি ৰক্ষক-সেনাপতিয়ে তেওঁৰ বাটৰ সমল আৰু উপহাৰ দি বিদায় কৰিলে।
6 Takž přišel Jeremiáš k Godoliášovi synu Achikamovu do Masfa, a bydlil s ním u prostřed lidu pozůstalého v zemi.
পাছত যিৰিমিয়াই মিস্পালৈ অহীকামৰ পুত্ৰ গদলিয়াৰ ওচৰলৈ আহিল আৰু দেশত অৱশিষ্ট থকা লোকসকলৰ মাজত তেওঁৰে সৈতে বাস কৰিলে।
7 Uslyšeli pak všickni hejtmané vojsk, kteříž byli na poli, oni i všecken lid jejich, že ustanovil král Babylonský Godoliáše syna Achikamova nad tou zemí, a že jemu poručil muže a ženy i děti, a to z nejchaternějších té země, z těch kteříž nebyli zajati do Babylona.
পাছত, বাবিলৰ ৰজাই অহীকামৰ পুত্ৰ গদলিয়াক দেশৰ শাসনকৰ্ত্তা পতা কথা, আৰু পুৰুষ, মহিলা, লৰা, ছোৱালী আদি বাবিললৈ বন্দী কৰি লৈ নোযোৱা দেশৰ কেতবোৰ দুখীয়া মানুহক তেওঁৰ হাতত গতাই দিয়া কথা যেতিয়া নগৰৰ বাহিৰত থকা ফৌজৰ সেনাপতিসকলে আৰু তেওঁলোকৰ লোকসকলে শুনিবলৈ পালে,
8 Protož přišli k Godoliášovi do Masfa, totiž Izmael syn Netaniášův, též Jochanan a Jonatan, synové Kareachovi, a Saraiáš syn Tanchumetův, a synové Efai Netofatského, a Jazaniáš syn Machatův, oni i lid jejich.
তেতিয়া তেওঁলোকে, অৰ্থাৎ নথনিয়াৰ পুতেক ইশ্মায়েল, কাৰেহৰ দুজন পুতেক যোহানন আৰু যোনাথন, তনহূমতৰ পুতেক চৰায়া, নটোফাতীয়া এফয়ৰ পুতেক কেইজন আৰু মাখাথীয়াৰ পুতেক যাজনিয়া নিজ নিজ লোকসকলে সৈতে মিস্পালৈ গদলিয়াৰ ওচৰলৈ আহিল।
9 Tedy přisáhl jim Godoliáš syn Achikamův, syna Safanova, i lidu jejich, řka: Nebojte se služby Kaldejských, zůstaňte v zemi, a služte králi Babylonskému, a dobře vám bude.
তেতিয়া চাফনৰ নাতিয়েক অহীকামৰ পুত্ৰ গদলিয়াই তেওঁলোকৰ আৰু তেওঁলোকৰ লোকসকলৰ আগত শপত খাই ক’লে, “তোমালোকে কলদীয়াসকলৰ অধীন হ’বলৈ ভয় নকৰিবা; দেশত বাস কৰি বাবিলৰ ৰজাৰ অধীন হোৱা, তেতিয়া তোমালোকৰ মঙ্গল হ’ব।”
10 Nebo aj, já bydlím v Masfa, abych sloužil Kaldejským, kteříž přicházejí k nám, vy pak slízejte víno a letní ovoce i olej, a skládejte do nádob svých, a zůstaňte v městech svých, kteráž držíte.
১০আৰু চোৱা, মই হ’লে যি কলদীয়াসকল আমাৰ ওচৰলৈ আহিব, তেওঁলোকৰ আগত থিয় হ’বলৈ মিস্পাত বাস কৰিম; কিন্তু তোমালোকে দ্ৰাক্ষাৰস, ফল আৰু তেল গোটাই নিজ নিজ পাত্ৰত ৰাখা আৰু তোমালোকে লোৱা নিজ নিজ নগৰত বাস কৰা।”
11 Tak i všickni Judští, kteříž byli u Moábských a mezi Ammonitskými, a mezi Idumejskými, a kteříž byli ve všech zemích, uslyšavše, že by pozůstavil král Babylonský ostatek Judských, a že by ustanovil nad nimi Godoliáše syna Achikamova, syna Safanova,
১১তেতিয়া বাবিলৰ ৰজাই যিহূদাৰ এটি অৱশিষ্ট ভাগ এৰি যোৱা কথা আৰু তেওঁলোকৰ ওপৰত চাফনৰ নাতিয়েক অহীকামৰ পুত্ৰ গদলিয়াক শাসনকৰ্ত্তা পতা কথা যেতিয়া মোৱাবত, অম্মোনৰ সন্তান সকলৰ মাজত আৰু ইদোম আদি সকলো দেশত থকা আটাই যিহূদীসকলে শুনিবলৈ পালে,
12 Navrátili se všickni Judští ze všech míst, kamž rozehnaní byli, a přišli do země Judské k Godoliášovi do Masfa. I nazbírali vína a letního ovoce velmi mnoho.
১২তেতিয়া, যি যি ঠাইলৈ সেই যিহূদীসকলক খেদাই দিয়া হৈছিল, সেই সকলো ঠাইৰ পৰা তেওঁলোক সকলোৱেই যিহূদা দেশৰ মিস্পালৈ গদলিয়াৰ ওচৰলৈ উলটি আহিল আৰু অধিক পৰিমাণে দ্ৰাক্ষাৰস আৰু ফল গোটালে।
13 Jochanan pak syn Kareachův, a všecka knížata vojsk, kteráž byla v poli, přišli k Godoliášovi do Masfa,
১৩পাছে কাৰেহৰ পুতেক যোহানন আদি নগৰৰ বাহিৰত থকা ফৌজন সকলোৱে সেনাপতিয়ে মিস্পালৈ গদলিয়াৰ ওচৰলৈ আহি তেওঁক ক’লে,
14 A řekli jemu: Víš-li co o tom, že Baalis král Ammonitský poslal Izmaele syna Netaniášova, aby tě zabil? Ale nevěřil jim Godoliáš syn Achikamův.
১৪“অম্মোনৰ সন্তান সকলৰ ৰজা বালীচে তোমাৰ প্ৰাণ লবলৈ নথনিয়াৰ পুতেক ইশ্মায়েলক পঠিয়াইছে, তুমি তাক জানা নে?” কিন্তু অহীকামৰ পুত্ৰ গদলিয়াই তেওঁলোকৰ কথা বিশ্বাস নকৰিলে।
15 Nadto Jochanan syn Kareachův řekl Godoliášovi tajně v Masfa, řka: Nechť jdu medle, a zabiji Izmaele syna Netaniášova, však žádný nezví. Proč má zabiti tebe, a mají rozptýleni býti všickni Judští, kteříž shromážděni jsou k tobě, a zahynouti ostatek Judských?
১৫পাছে কাৰেহৰ পুতেক যোহাননে মিস্পাত গদলিয়াক গুপুতে ক’লে, “মই মিনতি কৰোঁ, মোক যাবলৈ দিয়া, কোনো মানুহে নজনাকৈ মই নথনিয়াৰ পুতেক ইশ্মায়েলক বধ কৰোঁগৈ; তেওঁ কিয় তোমাৰ প্ৰাণ ল’ব আৰু তোমাৰ ওচৰত গোট খোৱা সকলো যিহূদী লোক ছিন্ন-ভিন্ন হ’ব আৰু যিহূদাৰ অৱশিষ্ট ভাগ নষ্ট হ’ব?
16 Ale řekl Godoliáš syn Achikamův Jochananovi synu Kareachovu: Nečiň toho, nebo lež ty mluvíš o Izmaelovi.
১৬কিন্তু অহীকামৰ পুত্ৰ গদলিয়াই কাৰেহৰ পুতেক যোহাননক ক’লে, “তুমি এনে কাম নকৰিবা; কিয়নো তুমি ইশ্মায়েলৰ বিষয়ে মিছা কথা কৈছা।”

< Jeremiáš 40 >