< Ezechiel 27 >

1 I stalo se slovo Hospodinovo ke mně, řkoucí:
যিহোৱাৰ বাক্য মোৰ ওচৰলৈ পুনৰায় আহিল, আৰু ক’লে,
2 Ty pak synu člověčí, vydej se nad Týrem v naříkání,
“হে মনুষ্য সন্তান, তুমি তূৰৰ বিষয়ে বিলাপ আৰম্ভ কৰা,
3 A rci Týru, jenž sedě tu, kdež se na moře pouštějí, kupectví provodí s národy na ostrovích mnohých: Takto praví Panovník Hospodin: Ó Týre, ty jsi říkal: Já jsem nejkrásnější.
আৰু তূৰক কোৱা, ‘তোমালোক যিসকল সাগৰৰ প্ৰৱেশস্থানত-নিবাস কৰা অনেক দ্বীপত থকা বাণিজ্যকাৰিণীসকলক কোৱা বোলে, প্ৰভু যিহোৱাই এই কথা কৈছে: হে তূৰ! তুমি কৈছিলা “মই পৰম সুন্দৰী’!”
4 U prostřed moře byly hranice tvé, stavitelé tvoji dokonale tě ozdobovali.
তোমাৰ সীমাৰ ভিতৰৰ ঠাইখন গভীৰ সমুদ্ৰৰ মাজত আছিল; তোমাৰ নিৰ্ম্মাণকাৰীবোৰে তোমাৰ সৌন্দৰ্য্য সম্পূৰ্ণ কৰিছিল।
5 Z jedloví z Sanir dělávali všecka taflování tvá, cedry z Libánu brávali k dělání sloupů tvých.
তেওঁলোকে চনীৰৰ পৰা অনা দেৱদাৰু কাঠেৰে তোমাৰ সকলো তক্তা বনাইছিল; তেওঁলোকে তোমাৰ কাৰণে এডাল মাস্তুল কৰিবলৈ লিবানোনৰ পৰা এৰচ কাঠ আনিছিল।
6 Z dubů Bázanských dělávali vesla tvá, a lavičky tvé dělávali z kostí slonových, a z pušpanu z ostrovů Citejských.
তেওঁলোকে বাচান দেশীয় এলোন কাঠেৰে তোমাৰ বঠাবোৰ তৈয়াৰ কৰিছিল; তেওঁলোকে কিত্তীম দ্বীপবোৰৰ পৰা অনা তাচুৰ কাঠবোৰ আনিছিল আৰু তাতে তেওঁলোকে তাৰ ওপৰত হাতীৰ দাঁতেদি শায়িত কৰি তোমাৰ বঠা বাওঁতাবোৰৰ আসনবোৰ সাজিছিল।
7 Kment s krumpováním Egyptským býval plátno tvé, z něhož jsi plachty míval; modrý postavec a šarlat z ostrovů Elisa přikrýval tě.
তোমালৈ নিচানস্বৰূপ হ’বৰ কাৰণে, তোমাৰ নাৱৰ পালবোৰ মিচৰ দেশৰ পৰা অনা কাৰচিপি বন কৰা মিহি শণ সূতাৰ ৰং কৰা হৈছিল! তোমাৰ চন্দ্ৰতাপ ইলীচা দ্বীপবোৰৰ পৰা অনা নীল আৰু বেঙেনা বৰণীয়া সূতাৰে বনোৱা হৈছিল।
8 Obyvatelé Sidonští i Arvadští bývali plavci tvoji, moudří tvoji v tobě, ó Týre, ti bývali správcové tvoji.
যি লোকসকল চীদোন আৰু অৰ্বদত বাস কৰি আছিল, তেওঁলোক তোমাৰ বঠা বাওঁতা আছিল; হে তূৰ, তোমাৰ জ্ঞানী লোকসকল তোমাৰ মাজত আছিল আৰু তোমাৰ পথ প্রদৰ্শক আছিল।
9 Starší Gebalští a moudří jejich opravovali v tobě zbořeniny tvé; všecky lodí mořské i plavci jejich bývali v tobě, směňujíce s tebou kupectví.
গবলৰ বিশেষ অভিজ্ঞতা থকা কাৰিকৰবোৰে তোমাৰ জাহাজবোৰক মেৰামতি কৰিছিল; তোমাৰ বাণিজ্য-দ্ৰব্য বেহা-বেপাৰ কৰিবলৈ সমুদ্ৰৰ আটাই জাহাজবোৰ আৰু সেইবোৰৰ নাৱিকবোৰ তোমাৰ মাজত আছিল!
10 Perští a Ludští i Putští bývali v vojště tvém bojovníci tvoji, pavézu a lebku zavěšovali v tobě. Tiť jsou přidávali tobě ozdoby.
১০পাৰস্য, লুদ আৰু পূটদেশীয় লোক তোমাৰ সৈন্য-সামন্ত আছিল, তেওঁলোক তোমাৰ ৰণুৱা! তেওঁলোকে তোমাৰ মাজত ঢাল আৰু শিৰোৰক্ষক টুপী আৰি থৈছিল; তেওঁলোকে তোমাক সুশোভিতা কৰিছিল!
11 Arvadští s vojskem tvým na zdech tvých vůkol, též Gamadští na věžech tvých bývali, štíty své zavěšovali na zdech tvých vůkol. Tiť jsou tě zvláštně ozdobovali.
১১তোমাৰ সৈন্য-সামন্তেৰ অৰ্বদ আৰু সেলেখৰ লোকসকল তোমালোকক চাৰিওফালে তোমাৰ গড়বোৰৰ ওপৰত আছিল, আৰু গম্মদীয়া লোকসকল তোমাৰ দুৰ্গবোৰত আছিল! তেওঁলোকে চাৰিওফালে তোমাৰ গড়ৰ ওপৰত নিজ নিজ ঢাল আৰি থৈছিল! তেওঁলোকে তোমাৰ সৌন্দৰ্য্য সম্পূৰ্ণ কৰিছিল!
12 Zámořští kupci tvoji v množství všelijakého zboží, v stříbře, železe, cínu i olově kupčili na jarmarcích tvých.
১২তোমাৰ সকলো প্ৰকাৰৰ ধন-ঐশ্বৰ্য্যৰ কাৰণে তৰ্চীচ তোমাৰ গ্রাহক আছিল: তেওঁলোকে ৰূপ, লোহা, বগীতাম আৰু সীহ আনি সেইবোৰৰ বেপাৰ কৰিছিল!
13 Javan, Tubal a Mešech, kupci tvoji, lidi a nádobí měděné dávali za směnu tobě.
১৩যাবন, তুবল আৰু মেচেক- তেওঁলোক তোমাৰ বেপাৰী আছিল; তেওঁলোকে মানুহ আৰু পিতলৰ পাত্ৰ দি তোমাৰ বাণিজ্য-দ্ৰব্যৰ সৈতে বেপাৰ কৰিছিল।
14 Z domu Togarma v koních a jezdcích i mezcích kupčili na jarmarcích tvých.
১৪তোগৰ্মা বংশীয় লোকসকলে ঘোঁৰা, যুদ্ধাৰু ঘোঁৰা আৰু খছৰ দি তোমাৰ বয়-বস্তুবোৰ লৈছিল।
15 Synové Dedanovi kupci tvoji, a ostrovové mnozí překupníci byli koupí tvých, tobě k ruce; rohy, kosti slonové i dříví hebénové směňovali za mzdu tvou.
১৫দদানৰ লোকসকলেও তোমাৰ বেপাৰী আছিল। অনেক দ্বীপ তোমাৰ অধীনৰ বজাৰ আছিল। তেওঁলোকে শিঙৰ আকৃতিৰ হাতী-দাঁত আৰু অবলুচ কাঠ তোমালোকৰ লগত সলনি কৰিছিল।
16 Syrští kupci tvoji pro množství věcí tvých řemeslně udělaných, v karbunkulích, šarlatu, krumpování i kmentu, a korálích a křištálích kupčívali na jarmarcích tvých.
১৬তোমাৰ হাতেৰে সজা অনেক বস্তুৰ কাৰণে অৰাম আছিল তোমাৰ বণিক; তেওঁলোকে মৰকত মণি, বেঙেনা বৰণীয়া সূতা, ৰঙীণ বন কৰা কাপোৰ, মিহি শণ সূতাৰ কাপোৰ পোৱাল আৰু পদ্মৰাগ মণি দি তোমাৰ বাণিজ্য-দ্ৰব্য লৈছিল।
17 Judští i země Izraelská kupci tvoji, pšenici Mennitskou i Fenickou, a med, olej i kadidlo dávali za směnu tobě.
১৭যিহূদা আৰু ইস্ৰায়েল দেশ তোমাৰ লগত বেপাৰী আছিল। তেওঁলোকে মিন্নীতৰ ঘেঁহু ধান, পন্নগ, মিঠাই, মৌ, তেল আৰু সুস্থজনক গছৰ এঁঠা দি তোমাৰ বয়-বস্তু লৈছিল।
18 Damašští kupci tvoji, pro množství věcí tvých řemeslně udělaných, kupčili ve množství všelijakého zboží, ve víně Chelbonském a vně bělostkvoucí.
১৮তোমাৰ হাতেৰে সজা অধিক বয়-বস্তুবোৰ আৰু তোমাৰ সকলো প্ৰকাৰ ধন-ঐশ্বৰ্য্যৰ কাৰণে দম্মেচক তোমাৰ বণিক আছিল; তাৰ লোকসকলে হিল্বোনৰ দ্ৰাক্ষাৰস আৰু মেৰ-ছাগৰ বগা নোম আনিছিল।
19 Též Dan i Javan chodíce na jarmarky tvé, kupčili, a železo pulerované, kassii i třtinu vonnou tobě směňovali.
১৯উজালত থকা দান আৰু যাবনে তোমাক উজ্জ্বল লোহা, ডালচেনি আৰু সুগন্ধি বচ আদি বয়-বস্তুবোৰ যোগাৰ কৰিছিল। এয়ে তোমাৰ বাণিজ্য-দ্ৰব্য হ’বলৈ ধৰিলে।
20 Dedan kupčíval v tobě v suknech drahých k vozům.
২০ঘোঁৰাত উঠিবৰ কাৰণে জীন কাপোৰৰ, দদান তোমাৰ ব্যৱসায়ী আছিল।
21 Arabští i všecka knížata Cedarská kupčívali tobě k ruce v beranech a skopcích i kozlích, tím kupčívali v tobě.
২১আৰব আৰু কেদৰৰ আটাই মূখ্য লোকসকল তোমাৰ বণিক আছিল; তেওঁলোকে তোমাক মেৰ-ছাগ পোৱালি, মতা মেৰ আৰু মতা ছাগলী যোগাৰ কৰি দিছল।
22 Kupci Sabejští i Ragmejští bývali kupci tvoji ve všelijakých nejpřednějších vonných věcech, i ve všelijakém kamení drahém i zlatě, kupčívali na jarmarcích tvých.
২২চিবাৰ আৰু ৰয়মাৰ বেপাৰীসকলে তোমাক সকলো বিধৰ শ্ৰেষ্ঠ সুগন্ধি দ্ৰব্য আৰু সকলো বিধৰ বহুমূল্য পাথৰ বিক্রী কৰিবলৈ আহিছিল; তেওঁলোকে সোণৰ সলনি তোমাৰ বয়-বস্তবোৰৰ বেপাৰ কৰিছিল।
23 Cháran a Kanne i Eden, kupci Sabejští, Assur i Kilmad kupčíval v tobě.
২৩হাৰণ, কন্নি আৰু এদনৰ সৈতে চিবা, অচুৰ আৰু কিল্মদৰ বেপাৰীবোৰ তোমাৰ বণিক আছিল।
24 Ti bývali kupci tvoji na jarmarcích tvých s nejvýbornějšími věcmi, s štoučkami postavce modrého, a s krumpováním i s klénoty drahých věcí, kteréž se provazy svazují a zavírají do cedru.
২৪বহুমূল্য বস্ত্ৰ, নীল বৰণীয়া আৰু কাৰচিপি বন কৰা চোলা, আৰু ৰচীৰে বন্ধা এৰচ কাঠৰ তৈয়াৰী বহুমূল্য কাপোৰ থকা চন্দুক তোমাৰ বজাৰলৈ অনা এইবোৰ বস্তুৰেই তোমাৰ বনিক আছিল।
25 Lodí mořské předek měly v kupectví tvém. Summou, naplněno jsi i zvelebeno náramně u prostřed moře.
২৫তৰ্চীচৰ জাহাজবোৰ তোমাৰ বাণিজ্য-দ্ৰব্য লৈ যোৱা বণিকৰ দলস্বৰূপ আছিল! সেই কাৰণে তুমি তোমাৰ সামগ্রীবোৰেৰে পৰিপূৰ্ণ হৈ সমুদ্ৰৰ মাজত অতিশয় গৌৰৱান্বিত হৈছিলা!
26 Na vodu velikou zavezli tě ti, kteříž tě vesly táhli; vítr východní potříská tě u prostřed moře.
২৬তোমাৰ বঠা বাওঁতাসকলে তোমাক মহাজল সমূহলৈ লৈ আহিল; পূৱৰ বতাহে সমুদ্ৰৰ মাজত তোমাক ধংস কৰিলে।
27 Zboží tvá i jarmarkové tvoji, kupectví tvá, plavci tvoji a správcové tvoji, i ti, kteříž opravovali zbořeniny tvé, a směňovali s tebou kupectví, a všickni muži váleční tvoji, kteříž byli v tobě, i všecko shromáždění tvé, kteréž bylo u prostřed tebe, padnou do hlubokosti mořské v den pádu tvého.
২৭তোমাৰ ধন-সম্পত্তি, বয়-বস্তু, বাণিজ্য দ্ৰব্য; তোমাৰ পথ প্রদৰ্শকসকল, নাৱিকসকল, আৰু তোমাৰ জাহাজ নিৰ্মান কৰা লোকসকল; বাণিজ্য-দ্ৰব্যবোৰৰ বণিকসকল আৰু তোমাৰ লগত উপস্থিত থকা সকলো যুদ্ধাৰু আৰু তোমাৰ সকলো কৰ্মচাৰীবোৰ - তোমাৰ বিনাশৰ দিনা এই সকলো লোক সকলে সৈতে সমুদ্ৰৰ মাজত বিনষ্ট হ’ব।
28 Od hřmotu křiku správců tvých zbouří se i vlnobití.
২৮তোমাৰ পথ দৰ্শকসকলৰ চিঞৰৰ শব্দত তোমাৰ চাৰিওফালৰ ঠাইবোৰ কঁপিব।
29 I vystoupí z lodí svých všickni ti, kteříž táhnou veslem, plavci i všickni správcové lodí mořských na zemi stanou,
২৯আটাই বঠা বাওঁতাসকলে নিজ নিজ জাহাজৰ পৰা বামত নামি আহিব; সমুদ্ৰৰ পথ দৰ্শক আৰু সকলো সমুদ্ৰৰ প্রত্যেক জন নাৱিকে মাটিৰ ওপৰত থিয় হ’ব।
30 A hlasem velikým nad tebou naříkati a žalostně křičeti budou, a sypouce prach na hlavy své, v popele se váleti.
৩০তেতিয়া তেওঁলোকে তোমাক তেওঁলোকৰ মাত শুনোৱাব আৰু বৰ বেজাৰেৰে শোক কৰিব; তেওঁলোকে নিজ নিজ মূৰত ধূলি ছটিয়াব। তেওঁলোকে ছাইত বাগৰি পৰিব।
31 Nadto zdělajíce příčinou tvou lysiny, přepáší se žíněmi, a kvílením hořkým nad tebou s žalostí srdečnou plakati budou.
৩১তোমাৰ কাৰণে তেওঁলোকে নিজৰ নিজৰ মূৰ টকলা কৰিব, চট কাপোৰেৰে কঁকাল বান্ধিব। আৰু অত্যন্ত শোকেৰে মনৰ তাপত তেওঁলোকে তোমাৰ কাৰণে কান্দিব।
32 Vydadí se, pravím, nad tebou s hořekováním svým v naříkání, a budou naříkati nad tebou: Které město podobné Týru, zahlazenému u prostřed moře?
৩২তেওঁলোকে হাহাকাৰ কৰি তোমাৰ বিলাপ কৰিবলৈ ধৰিব আৰু তোমাৰ বিষয়ে এই বিলাপৰ কথা ক’ব, তূৰৰ নিচিনা, সমুদ্ৰৰ মাজত নিস্তব্ধে থকা জনীৰেই নিচিনা কোন আছে?
33 Když vycházely koupě tvé z moře, nasycovalo jsi národy mnohé; množstvím zboží svého i kupectví svých zbohacovalos krále zemské.
৩৩সমুদ্ৰৰ পৰা তোমাৰ বয়-বস্তুবোৰ বৈ যোৱাৰ সময়ত তুমি অনেক লোকক সন্তুষ্ট কৰিলা; তোমাৰ অধিক ধন-সম্পত্তি আৰু বাণিজ্য-দ্ৰব্যেৰে পৃথিৱাৰ ৰজাসকলক তুমি চহকী কৰিছিলা!
34 Ale když ztroskotáno budeš od moře v hlubokých vodách, kupectví tvé i všecko shromáždění tvé u prostřed tebe klesne.
৩৪কিন্তু যেতিয়া তোমাক সমুদ্ৰৰ দ্বাৰাই জল সমূহৰ গভীৰ ঠাইবোৰত তোমাক ভগ্ন কৰা হৈছিল, তোমাৰ বাণিজ্য-দ্ৰব্য আৰু তোমাৰ আটাই দল বুৰ গ’ল!
35 Všickni obyvatelé ostrovů ztrnou nad tebou, a králové jejich ohromeni jsouce, zhrozí se náramně.
৩৫দ্বীপ নিবাসী সকলোৱে তোমাক দেখি ভয় খালে, আৰু তেওঁলোকৰ ৰজাসকলৰ নোম শিয়ৰি উঠিল! তেওঁলোকৰ মুখমণ্ডল ভয়েৰে কপিলে!
36 Kupci mezi národy ckáti budou nad tebou; k hrůze veliké budeš, a nebude tě na věky.
৩৬লোকসকলৰ মাজত থকা বণিকসকলে তোমাক দেখি ইচ ইচ কৰে। তুমি ত্ৰাসৰ বিষয় থ’লো, তুমি আৰু কেতিয়াও অৱশিষ্ট নাথাকিবা।”

< Ezechiel 27 >