< 2 Mojžišova 35 >
1 Tedy svolal Mojžíš všecko shromáždění synů Izraelských, a řekl jim: Tato jsou slova, kteráž přikázal vám Hospodin, abyste je činili.
১মোচিয়ে ইস্ৰায়েলৰ লোকসকলক গোট খুৱালে, আৰু তেওঁলোকক ক’লে, “আপোনালোকে পালন কৰিবলৈ যিহোৱাই দিয়া আজ্ঞা এইবোৰ।
2 Šest dní děláno bude dílo, ale v sedmý den mějte svátek, sobotu odpočinutí Hospodinova. Kdo by dělal v něm dílo, umře.
২ছয়দিন কাম কৰিব, কিন্তু সপ্তম দিনা আপোনালোকলৈ পবিত্ৰ দিন হ’ব। সেয়ে যিহোৱাৰ উদ্দেশ্যে সম্পূৰ্ণ বিশ্ৰামৰ বাবে বিশ্ৰাম-দিন হ’ব; যি কোনোৱে সেই দিনা কাম কৰিব, তাৰ নিশ্চয় প্ৰাণদণ্ড হ’ব।
3 Nezanítíte ohně nikdež v příbytcích svých v den sobotní.
৩বিশ্ৰাম দিনত আপোনালোকৰ কাৰো ঘৰত জুই নজ্বলাব।”
4 Mluvil také Mojžíš ke všemu shromáždění synů Izraelských takto: Toto jest slovo, kteréž přikázal Hospodin, řka:
৪মোচিয়ে ইস্ৰায়েলৰ সকলো সমাজক কলে, “যিহোৱাই দিয়া আজ্ঞা এইবোৰ;
5 Sebeřte z sebe obět pozdvižení Hospodinu. Každý, kdož jest ochotný v srdci svém, přinese tu obět Hospodinu: Zlato, stříbro a měď,
৫যিহোৱাৰ বাবে আপোনালোকে উপহাৰ আনক। ইচ্ছাকৃত মনেৰে আনিব বিচাৰা উপহাৰসমূহ এইবোৰ; সোণ, ৰূপ আৰু পিতল;
6 A postavec modrý, a šarlat, a červec dvakrát barvený, a bílé hedbáví, a kozí srsti;
৬নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা, মিহি শণ সূতা, আৰু ছাগলীৰ নোম।
7 Též kůže skopců na červeno barvené, a kůže jezevčí, a dříví setim,
৭ৰঙা ৰং কৰা মেৰ-ছাগৰ ছাল, তহচ জন্তুৰ ছাল, আৰু চিটীম কাঠ।
8 A olej k svícení a vonné věci na olej ku pomazání a pro kadění vonné,
৮প্ৰদীপৰ বাবে তেল, আৰু অভিষেক তেল আৰু সুগন্ধি ধূপৰ বাবে গন্ধদ্ৰব্য।
9 A kamení onychinové, a jiné kamení k vsazování do náramenníku a náprsníku.
৯এফোদ আৰু বুকুপতাৰ বাবে গোমেদক আৰু আন বহুমূলীয়া পাথৰ।
10 A všickni, kdož jsou vtipní mezi vámi, přijdou a dělati budou, cožkoli přikázal Hospodin:
১০আপোনালোকৰ মাজৰ প্ৰত্যেক দক্ষতাসম্পন্ন লোক আহক, আৰু যিহোৱাই আজ্ঞা কৰা সকলোকে তৈয়াৰ কৰক।
11 Příbytek, stánek jeho i přikrytí jeho a háky jeho, dsky jeho, svlaky jeho, sloupy jeho i podstavky jeho;
১১আবাসৰ তম্বু, আবৰণ, হাঁকোটা, তক্তা, ডাং, খুঁটা, আৰু চুঙী।
12 Truhlu s sochory jejími, slitovnici a oponu zastření;
১২চন্দুক আৰু তাৰ কানমাৰি, পাপাবৰণ আৰু আঁৰ কৰি ৰখা পৰ্দা।
13 Stůl i sochory k němu se všemi nádobami jeho, i chléb předložení;
১৩তেওঁলোকে মেজৰ সৈতে তাৰ খুটাবোৰ, আৰু তাৰ সকলো সঁজুলি, দৰ্শন-পিঠা;
14 A svícen k svícení s nádobami jeho i lampy jeho, a olej k svícení;
১৪দীপ্তিৰ বাবে দীপাধাৰ আৰু তাৰ প্রয়োজনীয় সামগ্রী, প্ৰদীপবোৰ, আৰু প্ৰদীপৰ বাবে তেল;
15 Též oltář pro kadění a sochory jeho, i olej pomazání a kadidlo z vonných věcí, i zastření dveří v příbytku;
১৫ধূপ-বেদি আৰু তাৰ খুটাবোৰ, অভিষেকৰ তেল আৰু সুগন্ধি ধূপ, আবাসৰ প্রবেশ দুৱাৰত ওলমাবলৈ পৰ্দা।
16 Oltář k zápalu a rošt jeho měděný a sochory jeho, i všecka nádobí jeho, i umyvadlo s podstavkem jeho;
১৬হোমবলিৰ বাবে বেদি আৰু তাৰ পিতলৰ জালি, খুটাবোৰ আৰু তাৰ সামগ্রী, ডাঙৰ পাত্র আৰু তাৰ ভিত্তি আনিব।
17 Koltry očkovaté k síni, sloupy její a podstavky její, i zastření brány do síně;
১৭তেওঁলোকে চোতালত ওলমাবলৈ তাৰ খুঁটা, চুঙী, আৰু চোতালৰ দুৱাৰৰ পৰ্দাবোৰ,
18 Kolíky k příbytku, a kolíky síně s provázky jejich;
১৮আবাসৰ খুঁটা, চোতালৰ খুটাৰ সৈতে সেইবোৰৰ ৰচি।
19 Roucha k službě, k přisluhování v svatyni, i roucho svaté Arona kněze, i roucho synů jeho k konání úřadu kněžského.
১৯তেওঁলোকে পবিত্ৰ-স্থানত পৰিচৰ্যা কৰিবৰ বাবে বোৱা মিহি বস্ত্ৰ, পুৰোহিতৰ কৰ্ম কৰিবলৈ হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ বস্ত্ৰ আনিব।”
20 Vyšlo tedy všecko shromáždění synů Izraelských od tváři Mojžíšovy,
২০তাৰ পাছত ইস্ৰায়েলৰ জাতিৰ সকলো লোক মোচিৰ আগৰ পৰা আঁতৰি গ’ল।
21 A přišli, každý muž, kteréhož ponuklo srdce jeho, a každý, v němž duch jeho byl dobrovolný, a přinesli obět pozdvižení Hospodinu, k dílu stánku úmluvy a ke vší službě jeho, i k rouchu svatému.
২১যিসকলৰ হৃদয়ত প্রবৃত্তি আৰু মনত ইচ্ছা জন্মিল তেওঁলোকে যিহোৱাৰ বাবে উপহাৰ আনিলে। তেওঁলোকে সাক্ষাৎ কৰা তম্বুৰ, তম্বুৰ সম্পৰ্কীয় সকলো সামগ্রীৰ, আৰু পবিত্ৰ বস্ত্ৰৰ বাবে যিহোৱাৰ উদ্দেশ্যে উপহাৰ আনিলে।
22 Přicházeli muži i ženy, každý, kdož byl ochotný v srdci, a přinášeli spinadla, a náušnice, a prsteny, a záponky z pravých rukou, všelijaké nádobí zlaté, a kdožkoli obětoval obět zlata Hospodinu.
২২পুৰুষ আৰু স্ত্ৰী যিসকল লোকৰ ইচ্ছা জন্মিল, তেওঁলোক সকলোৱে ব্রোচ, কাণফুলি, আঙঠি, আৰু অলঙ্কাৰ, সকলো ধৰণৰ সোণৰ অলঙ্কাৰ আনিলে। তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে সোণৰ উপহাৰ আনিলে।
23 Každý, kdož měl postavec modrý a šarlat, a červec dvakrát barvený, a bílé hedbáví a kozí srsti, a kůže skopců na červeno barvené, a kůže jezevčí, přinesl to.
২৩যিসকল লোকৰ নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা আৰু মিহি শণ সূতা, ছাগলীৰ নোম, ৰঙা ৰং কৰা মেৰ-ছাগৰ ছাল, আৰু তহচ জন্তুৰ ছাল আছিল, তেওঁলোকে প্ৰতিজনে সেইবোৰ আনিলে।
24 Kdokoli obětoval obět stříbra a mědi, přinášeli to za obět pozdvižení Hospodinu; každý také, kdo měl dříví setim, ke všelikému dílu služebnosti, přinášeli je.
২৪প্রতিজনে যিহোৱাৰ উদ্দেশ্যে ৰূপ বা পিতল উপহাৰস্বৰূপে আনিলে; আৰু যিসকলৰ চিটীম কাঠ আছিল, তেওঁলোক যিকোনো কাৰ্যত ব্যৱহাৰ কৰিবলৈ সেইবোৰ আনিলে।
25 Ano i všecky ženy vtipné rukama svýma předly, a přinesly, co napředly, postavec modrý a šarlat, a červec dvakrát barvený a bílé hedbáví.
২৫প্রত্যেক দক্ষতাসম্পন্ন মহিলা নিজৰ হাতেৰে সূতা কাটি নীলা, বেঙুনীয়া, ৰঙা বৰণীয়া আৰু মিহি শণ সূতা আনিলে।
26 Všecky pak ženy, kterýchž ponuklo srdce jejich, aby předly uměle, předly srsti kozí.
২৬সকলো মহিলাৰ যিসকলৰ হৃদয়ত উৎসাহ জন্মিছিল তেওঁলোকে ছাগলীৰ নোমৰ সূতা কাটিলে।
27 Knížata pak přinášeli kamení onychinové, a jiné kamení k vsazování do náramenníku a náprsníku,
২৭মূখ্যলোক সকলে এফোদ আৰু বুকুপটাত লগাবলৈ গোমেদ আৰু আন পাথৰ আনিলে।
28 Též vonné věci a olej k svícení, a k oleji pomazání, a k vonnému kadidlu.
২৮তেওঁলোকে মছলা আৰু প্ৰদীপৰ বাবে তেল, অভিষেকৰ তেল, আৰু সুগন্ধি ধূপৰ বাবে সুগন্ধি দ্ৰব্য আনিলে।
29 Každý muž i žena, v nichž ochotné srdce jejich bylo k tomu, aby přinášeli potřeby ke všelikému dílu, kteréž byl přikázal dělati Hospodin skrze Mojžíše, přinášeli synové Izraelští obět dobrovolnou Hospodinu.
২৯ইস্ৰায়েলৰ সকলোলোকে ইচ্ছাকৃত ভাৱে যিহোৱাৰ উদ্দেশ্যে উপহাৰ আনিলে। প্রত্যেক পুৰুষ আৰু মহিলাই ইচ্ছাকৃতভাৱে উপহাৰ প্রদান কৰিলে। যিহোৱাই মোচিক যিসকলো কৰিবলৈ আজ্ঞা কৰিছিল, সেই সকলো উপহাৰ সামগ্রীৰ সহায়ত মোচিয়ে তৈয়াৰ কৰিলে।
30 Tedy řekl Mojžíš synům Izraelským: Pohleďte, povolal ze jména Hospodin Bezeleele, syna Uri, syna Hur, z pokolení Judova.
৩০তাৰ পাছত মোচিয়ে ইস্ৰায়েলৰ লোকসকলক ক’লে, “চোৱা, যিহোৱাই যিহূদা ফৈদৰ হূৰৰ পুত্র ঊৰী, ঊৰীৰ পুত্ৰ বচলেলৰ নাম কাঢ়ি মাতিলে।
31 A naplnil ho duchem Božím, moudrostí, rozumností i uměním všelijakého řemesla,
৩১যিহোৱাই বচলেলক তেওঁৰ আত্মাৰে পৰিপূৰ্ণ কৰিলে, তেওঁক জ্ঞান, বুদ্ধি, বিদ্যা, আৰু সকলো প্ৰকাৰ শিল্প কৌশল দিলে।
32 Aby vtipně smysliti uměl, jak by se co dělati mělo na zlatu a stříbru a mědi,
৩২তেওঁ সোণ, ৰূপ, আৰু পিতলৰ সামগ্রী তৈয়াৰ কৰি তাৰ ওপৰত কাৰুকাৰ্য কৰিব।
33 I v řemeslném strojení kamenů k vsazování, i v díle od dřeva, aby dělal všelijakým řemeslem vtipným.
৩৩পাথৰ কাটি খটাব পাৰে, আৰু কাঠেৰেও সকলো প্ৰকাৰ শিল্প কৰ্ম কৰিব পাৰে।
34 Dal nadto v srdce jeho i to, aby učiti mohl on i Aholiab, syn Achisamechův z pokolení Dan.
৩৪যিহোৱাই বচলেল আৰু অহলীয়াবক শিক্ষা দান কৰিবলৈ বিশেষ ক্ষমতা দিলে, অহলীয়াব হ’ল দান বংশৰ অহীচামকৰ পুত্ৰ।
35 Naplnil je moudrostí srdce, aby dělali všelijaké dílo tesařské a řemeslné, i krumpéřské a vytkávané z postavce modrého a šarlatu, a červce dvakrát barveného, a bílého hedbáví, a aby dělali všelijaké dílo a vymýšleli vtipné věci.
৩৫যিহোৱাই এই দুয়োজনক সকলো প্রকাৰ কাৰ্য কৰিবলৈ বিশেষ দক্ষতা দিলে। তেওঁলোক সূতাৰ আৰু ধাতুৰ কাৰ্য কৰাত দক্ষতাসম্পন্ন। নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া মিহি শণ সূতাৰে ফুল বছা কৰ্ম, আৰু কাপোৰ বোৱা কাৰ্য কৰে। তেওঁলোকে সকলো প্রকাৰৰ শিল্পকাৰ্য কৰে, আৰু তেওঁলোক শিল্পিসুলভ নক্সাকাৰ।