< 2 Mojžišova 32 >
1 Vida pak lid, že by prodléval Mojžíš sstoupiti s hůry, sebrali se proti Aronovi a řekli jemu: Vstaň, udělej nám bohy, kteříž by šli před námi; nebo Mojžíšovi, muži tomu, kterýž vyvedl nás z země Egyptské, nevíme, co se přihodilo.
১পৰ্ব্বতৰ পৰা নামি আহিবলৈ মোচিৰ পলম হোৱা দেখি, লোকসকলে হাৰোণৰ চাৰিওফালে গোট খাই তেওঁক ক’লে, “আহক, আমাৰ আগে আগে যাবৰ বাবে আমাৰ অৰ্থে এজন দেৱতা নিৰ্মাণ কৰোঁ। কিয়নো যি দেৱতবোৰে আমাক মিচৰ দেশৰ পৰা উলিয়াই আনিছিল, সেই মোচিৰ লগত কি হ’ল, সেই বিষয়ে আমি একো নাজানো।”
2 I řekl jim Aron: Odejměte náušnice zlaté, kteréž jsou na uších žen vašich, synů vašich i dcer vašich, a přineste ke mně.
২তেতিয়া হাৰোণে তেওঁলোকক ক’লে, “আপোনালোকে আপোনালোকৰ ভাৰ্যা, পুত্র আৰু জীয়েক সকলৰ কাণৰ সোণৰ ফুলিবোৰ সোলোকাই মোৰ ওচৰলৈ আনক।”
3 Tedy strhl všecken lid náušnice zlaté, kteréž byly na uších jejich, a přinesli k Aronovi.
৩সকলো লোকে নিজৰ নিজৰ কাণৰ পৰা সোণৰ ফুলিবোৰ সোলোকাই হাৰোণৰ ওচৰলৈ আনিলে।
4 Kteréžto vzav z rukou jejich, dal je do formy, a udělal z nich tele slité. I řekli: Tito jsou bohové tvoji, Izraeli, kteříž tě vyvedli z země Egyptské.
৪হাৰোণে তেওঁলোকৰ পৰা সোণ ল’লে, আৰু সেইবোৰ সাঁচত ঢলি এটা দামুৰিৰ আকৃতিৰে সোণৰ দামুৰি তৈয়াৰ কৰিলে। তাৰ পাছত লোকসকলে ক’লে, “হে ইস্ৰায়েল, মিচৰ দেশৰ পৰা তোমাক উলিয়াই অনা ঈশ্বৰ এয়া।”
5 Což vida Aron, vzdělal oltář před ním. I volal Aron, a řekl: Slavnost Hospodinova zítra bude.
৫হাৰোণে যেতিয়া এইবোৰ দেখিলে, তেতিয়া সেই দামুৰিটোৰ আগত এটা যজ্ঞবেদী নিৰ্মাণ কৰিলে; আৰু “কাইলৈ যিহোৱাৰ সন্মানৰ উদ্দেশ্যে উৎসৱ হ’ব”; এইবুলি তেওঁ ঘোষণা কৰিলে।
6 A nazejtří vstavše velmi ráno, obětovali zápaly, a přivedli oběti pokojné. I sedl lid, aby jedl a pil, potom vstali, aby hrali.
৬লোকসকলে তাৰ পাছ দিনা ৰাতিপুৱাতে উঠি হোম-বলি উৎসৰ্গ কৰিলে, আৰু মঙ্গলাৰ্থক বলি দিলে। তাৰ পাছত তেওঁলোকে ভোজন পান কৰিবলৈ বহিলে, আৰু ভোজন কৰাৰ পাছত উঠি আনন্দেৰে উৎসৱ পালন কৰিলে।
7 Mluvil pak Hospodin k Mojžíšovi: Jdi, sstup, nebo porušil se lid tvůj, kterýž jsi vyvedl z země Egyptské.
৭তেতিয়া যিহোৱাই মোচিক ক’লে, “তুমি তোমাৰ লোকসকলৰ ওচৰলৈ বেগাই যোৱা; কাৰণ যি লোকসকলক তুমি মিচৰ দেশৰ পৰা উলিয়াই আনিলা, তেওঁলোকে নিজেই নিজকে ভ্ৰষ্ট কৰিছে।
8 Sešli brzo s cesty, kterouž jsem přikázal jim. Udělali sobě tele slité, a klaněli se mu, a obětovali jemu, řkouce: Tito jsou bohové tvoji, Izraeli, kteříž tě vyvedli z země Egyptské.
৮তেওঁলোকক যি পথত যাবলৈ মই আজ্ঞা দিছিলোঁ, সেই পথৰ পৰা তেওঁলোকে ক্ষিপ্রবেগে ঘূৰিলে। তেওঁলোকে নিজৰ বাবে সাঁচত ঢলা এটা দামুৰি নিৰ্মাণ কৰিলে, আৰু তাৰ আগত প্ৰণিপাত কৰিলে। তেওঁলোকে ক’লে, ‘হে ইস্ৰায়েল, মিচৰ দেশৰ পৰা তোমাক উলিয়াই অনা ঈশ্বৰ এয়া’।”
9 Řekl také Hospodin Mojžíšovi: Viděl jsem lid tento, a aj, lid jest tvrdé šíje.
৯যিহোৱাই মোচিক পুনৰ ক’লে, “মই সেই লোকসকলক দেখিলোঁ। চোৱা, তেওঁলোক ঠৰডিঙীয়া লোক।
10 Protož nyní nech mne, abych v hněvě prchlivosti své vyhladil je, tebe pak učiním v národ veliký.
১০সেয়ে এতিয়া মোক বাধা দিবলৈ চেষ্টা নকৰিবা। তেওঁলোকৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হৈছে, সেয়ে মই তেওঁলোকক সংহাৰ কৰিম। তাৰ পাছতহে মই তোমাৰ পৰা এক মহাজাতি উৎপন্ন কৰিম।”
11 I modlil se Mojžíš Hospodinu Bohu svému, a řekl: Pročež, ó Hospodine, rozněcuje se prchlivost tvá na lid tvůj, kterýž jsi vyvedl z země Egyptské v síle veliké a v ruce mocné?
১১কিন্তু মোচিয়ে তেওঁৰ ঈশ্বৰ যিহোৱাক শান্ত কৰিবলৈ চেষ্টা কৰি ক’লে, “হে যিহোৱা, আপোনাৰ লোকসকলৰ বিৰুদ্ধে কিয় ক্ৰোধ প্ৰজ্বলিত হৈছে; কাৰণ তেওঁলোকক আপুনি মহা পৰাক্ৰম আৰু বলৱান হাতেৰে মিচৰ দেশৰ পৰা উলিয়াই আনিলে।
12 A proč mají mluviti Egyptští, řkouce: Lstivě je vyvedl, aby zmordoval je na horách, a aby vyhladil je se svrchku země? Odvrať se od hněvu prchlivosti své, a lituj zlého, kteréžs uložil uvésti na lid svůj.
১২মিচৰীয়া লোকসকলক কিয় ক’ব দিব যে, ‘তেওঁলোকক পৰ্ব্বতীয়া অঞ্চলত বিনষ্ট কৰি পৃথিৱীৰ পৰা লুপ্ত কৰিবৰ বাবেহে তেওঁ তেওঁলোকক বাহিৰ কৰি আনিলে’। আপুনি নিজৰ প্ৰচণ্ড ক্ৰোধৰ পৰা ঘূৰি নিজৰ লোকসকলৰ অপকাৰ কৰাৰ বিষয়ে ক্ষান্ত হওক।
13 Rozpomeň se na Abrahama, Izáka a Izraele, služebníky své, jimž jsi zapřisáhl skrze sebe samého a mluvil jsi jim: Rozmnožím símě vaše jako hvězdy nebeské, a všecku zemi tuto, o kteréž jsem mluvil, dám semeni vašemu, a dědičně obdržíte ji na věky.
১৩আপোনাৰ দাস অব্ৰাহাম, ইচহাক, আৰু ইস্ৰায়েলক সোঁৱৰণ কৰক। তেওঁলোকৰ আগত আপুনি নিজৰ নামেৰে শপত দি তেওঁলোকক কৈছিলে, ‘মই আকাশৰ তৰাবোৰৰ নিচিনাকৈ তোমালোকৰ বংশ বৃদ্ধি কৰিম, আৰু এই যি দেশৰ কথা কলোঁ, সেই গোটেইখন দেশ তোমালোকৰ বংশক দিম। তেওঁলোকে চিৰকাল অধিকাৰ কৰিব’।”
14 I litoval Hospodin zlého, kteréž řekl, že učiní lidu svému.
১৪তেতিয়া যিহোৱাই নিজৰ লোকসকলৰ যি অপকাৰ কৰিম বুলি কৈছিল, তাৰ পৰা ক্ষান্ত হ’ল।
15 A obrátiv se Mojžíš, sstoupil s hůry, dvě dsky svědectví maje v rukou svých, dsky po obou stranách psané; s jedné i s druhé strany byly popsané.
১৫তাৰ পাছত মোচিয়ে ঘূৰি, সাক্ষ্য ফলি দুখন হাতত লৈ পৰ্ব্বতৰ পৰা নামি আহিল। সেই ফলিৰ আগফালৰ আৰু পিছফালৰ দুয়ো পিঠিতে লিখা আছিল।
16 A dsky ty dílo Boží byly; písmo také písmo Boží bylo vyryté na dskách.
১৬সেই ফলি দুখন ঈশ্বৰে নিজৰ হাতেৰে তৈয়াৰ কৰা। সেই দুখন ফলিৰ লিখনীও ঈশ্বৰে নিজে লিখা আছিল।
17 Uslyšev pak Jozue hlas lidu křičícího, řekl Mojžíšovi: Hřmot boje v táboru jest.
১৭যিহোচূৱাই যেতিয়া লোকসকলৰ চিঞঁৰ শুনিলে, তেতিয়া তেওঁ মোচিক ক’লে, “ছাউনিত যুদ্ধৰ শব্দ হৈছে।”
18 Kterýžto odpověděl: Není to křik vítězících, ani křik poražených, hlas zpívajících já slyším.
১৮কিন্তু মোচিয়ে তেওঁক ক’লে, “এয়ে জয় ধ্বনিৰ শব্দ নহয়; আৰু পৰাজয়ী লোকসকলৰো শব্দ নহয়, কিন্তু গান গোৱাৰহে শব্দ মই শুনিবলৈ পাইছোঁ।”
19 I stalo se, když se přiblížil k stanům, že uzřel tele a tance. A rozhněvav se Mojžíš velmi, povrhl z rukou svých dsky, a rozrazil je pod Horou.
১৯মোচিয়ে যেতিয়া তম্বুৰ ওচৰ চাপি আহিল, তেতিয়া তেওঁ সেই দামুৰিটোক দেখিলে, আৰু লোকসকলে তেতিয়া নাচি আছিল। তেওঁ ক্রোধাম্বিত হ’ল। তেওঁৰ হাতৰ পৰা সেই ফলি দুখন পৰি গ’ল; আৰু পৰ্ব্বতৰ তলত পৰি ভাঙি গ’ল।
20 Vzal také tele, kteréž byli udělali, a spálil je v ohni, a setřel je až na prach, a vsypav na vodu, dal píti synům Izraelským.
২০লোকসকলে নিৰ্মাণ কৰা দামুৰিটো লৈ জুইত পুৰি দিলে। পুৰা দামুৰিটোক পিহি ধূলিৰ নিচিনা কৰি পানীত মিহলাই ইস্ৰায়েলী লোকসকলক পান কৰালে।
21 A řekl Mojžíš Aronovi: Coť učinil lid tento, že jsi uvedl na něj hřích veliký?
২১তাৰ পাছত মোচিয়ে হাৰোণক ক’লে, “এই লোকসকলে তোমাক কি কৰিছিল, যে তুমি তেওঁলোকক এনে মহাপাপত পেলালা?”
22 Odpověděl Aron: Nehněvej se, pane můj. Ty víš, že lid tento k zlému nakloněn jest.
২২হাৰোণে ক’লে, “হে মোৰ প্ৰভু, আপোনাৰ ক্ৰোধ প্ৰজ্বলিত নহওঁক; আপুনি এই লোকসকলক জানে, যে তেওঁলোক দুষ্ট কাৰ্যত কিমান আসক্ত।
23 Nebo řekli mi: Udělej nám bohy, kteříž by šli před námi; nebo Mojžíšovi, muži tomu, kterýž vyvedl nás z země Egyptské, nevíme, co se stalo.
২৩তেওঁলোকে মোক ক’লে, ‘আমাৰ আগে আগে যাবৰ বাবে আমাৰ অৰ্থে এজন দেৱতা নিৰ্মাণ কৰক; কাৰণ যি মোচিয়ে আমাক মিচৰ দেশৰ পৰা উলিয়াই আনিলে, সেই মোচিৰ কি হ’ল, সেই বিষয়ে আমি নাজানো’।
24 Jimž jsem odpověděl: Kdo má zlato, strhněte je s sebe. I dali mi, a uvrhl jsem je do ohně, a udělalo se to tele.
২৪সেয়ে মই তেওঁলোকক ক’লোঁ, ‘যি কোনো লোকৰ সোণৰ অলঙ্কাৰ আছে, সেই সকলোবোৰ সোলোকাই দিয়ক’। তেতিয়া তেওঁলোকে সেই সোণবোৰ মোক দিলে, আৰু মই সেইবোৰ জুইত পেলাই দিলোঁ; আৰু এই দামুৰি বাহিৰলৈ ওলাই আহিল।”
25 A vida Mojžíš lid obnažený, že obnažil jej Aron ku potupě před nepřátely, kteříž povstati měli proti nim,
২৫মোচিয়ে দেখিলে যে, হাৰোণৰ লোকসকলৰ ওপৰত নিয়ন্ত্রণ হেৰাইছে আৰু তেওঁলোকে নিজৰ ইচ্ছামতে চলি, তেওঁলোক শত্রুবোৰৰ আগত হাঁহিয়াতৰ পাত্র হৈছে।
26 Stoje v bráně táboru, řekl: Kdo jest Hospodinův, přistup ke mně. I shromáždili se k němu všickni synové Léví.
২৬তেতিয়া মোচিয়ে তম্বুৰ প্রবেশ দুৱাৰত থিয় হৈ ক’লে, “যিজন যিহোৱাৰ ফলীয়া, তেওঁ মোৰ ওচৰলৈ আহক।” লেবীৰ সকলো লোক তেওঁৰ চাৰিওকাষে গোট খালে।
27 Jimž řekl: Tak praví Hospodin Bůh Izraelský: Připaš jeden každý meč svůj k boku svému; přejděte sem i tam od brány táboru k bráně, a zabí jeden každý bratra svého, a každý přítele svého i bližního svého.
২৭তেতিয়া মোচিয়ে তেওঁলোকক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘তোমালোক প্ৰতিজনে নিজৰ তৰোৱাল নিজৰ কাষত বান্ধা, আৰু তম্বুৰ চাৰিওফালৰ এটা প্রবেশ দুৱাৰৰ পৰা আন প্রবেশ দুৱাৰলৈকে ঘূৰি গৈ নিজৰ ভাই, বন্ধু আৰু চুবুৰীয়া সকলক বধ কৰা’।”
28 I učinili synové Léví podlé řeči Mojžíšovy, a padlo jich v ten den z lidu na tři tisíce mužů.
২৮তেতিয়া লেবীয়া লোকসকলে মোচিয়ে কোৱাৰ দৰেই কৰিলে। সেইদিনা লোকসকলৰ মাজত প্রায় তিনি হাজাৰ লোকৰ মৃত্যু হ’ল।
29 Nebo řekl byl Mojžíš: Posvěťtež dnes rukou svých Hospodinu, jeden každý na synu svém a na bratru svém, aby vám dal dnes požehnání.
২৯মোচিয়ে লেবীয়া লোকসকলক ক’লে, “আজিৰ পৰা যিহোৱাই তোমালোকক তেওঁৰ সেৱাৰ বাবে উৎসৰ্গ কৰিলে; কাৰণ তোমালোক প্রতিজনে তোমালোকৰ ভাইসকলৰ বিৰুদ্ধে কাৰ্য কৰিলা, সেয়ে যিহোৱা তোমালোকক আজি আশীৰ্ব্বাদ কৰিলে।”
30 A když bylo nazejtří, řekl Mojžíš lidu: Vy jste zhřešili hříchem velikým. Protož nyní vstoupím k Hospodinu, zda bych ho ukrotil pro hřích váš.
৩০তাৰ পাছদিনা মোচিয়ে লোকসকলক ক’লে, “তোমালোকে মহাপাপ কৰিলা। মই এতিয়া যিহোৱাৰ ওচৰলৈ যাওঁ; যদি পাৰোঁ তেনেহ’লে মই তোমালোকৰ পাপৰ প্ৰায়শ্চিত্ত কৰিম।”
31 Tedy navrátiv se Mojžíš k Hospodinu, řekl: Prosím, zhřešilť jest lid ten hříchem velikým; nebo udělali sobě bohy zlaté.
৩১মোচিয়ে যিহোৱাৰ ওচৰলৈ উভটি গৈ ক’লে, “হায় হায়, এই লোকসকলে মহাপাপ কৰিলে; আৰু নিজৰ বাবে এটা সোণৰ দেৱতা নিৰ্মাণ কৰিলে।
32 Nyní pak neb odpusť hřích jejich, a pakli nic, vymaž mne, prosím, z knihy své, kteroužs psal.
৩২তথাপি এতিয়া অনুগ্রহ কৰি তেওঁলোকক ক্ষমা কৰক; কিন্তু যদি আপুনি ক্ষমা নকৰে, তেনেহ’লে আপুনি লিখা আপোনাৰ পুস্তকৰ পৰা মোৰ নাম বাহিৰ কৰি দিয়ক।”
33 I řekl Hospodin Mojžíšovi: Kdo zhřešil proti mně, toho vymaži z knihy své.
৩৩যিহোৱাই মোচিক ক’লে, “যি জনে মোৰ বিৰুদ্ধে পাপ কৰিলে, সেই জনৰ নামহে মই মোৰ পুস্তকৰ পৰা বাহিৰ কৰিম।
34 Protož nyní jdi, veď lid tento, kamž jsem rozkázal tobě. Aj, anděl můj půjde před tebou; v den pak navštívení mého navštívím i na nich hřích jejich.
৩৪এতেকে এতিয়া যোৱা, মই যি দেশৰ বিষয়ে তোমাক কৈছিলোঁ, সেই দেশলৈকে লোকসকলক লৈ যোৱা। চোৱা, মোৰ দূত তোমাৰ আগে আগে যাব; কিন্তু যি দিনা তেওঁলোকে দণ্ড পাব লাগে; সেই দিনা তেওঁলোকৰ পাপৰ দণ্ড মই দিম।”
35 I bil Hospodin lid, proto že učinili tele, kteréž byl udělal Aron.
৩৫তাৰ পাছত যিহোৱাই লোকসকলৰ ওপৰত মহামাৰী পঠাই আঘাত কৰিলে; কিয়নো লোকসকলে হাৰোণক দামুৰি নিৰ্মাণ কৰিবলৈ বাধ্য কৰিছিল।