< Daniel 7 >
1 Léta prvního Balsazara krále Babylonského Daniel měl sen a vidění svá na ložci svém, i napsal ten sen krátkými slovy.
১বাবিলৰ ৰজা বেলচচৰ ৰাজত্বৰ প্ৰথম বছৰত, দানিয়েলে শুই থকা সময়ত সপোন আৰু দৰ্শন পালে। তেতিয়া তেওঁ সপোনত দেখা বিষয়বোৰ আৰু অতি গুৰুত্বপূৰ্ণ ঘটনাবোৰ লিখিলে।
2 Mluvil Daniel a řekl? Viděl jsem u vidění svém v noci, a aj, čtyři větrové nebeští bojovali na moři velikém.
২দানিয়েলে ব্যাখ্যা কৰিলে যে, “মই ৰাতি দৰ্শনত দেখিলোঁ যে, আকাশৰ চাৰিও দিশৰ পৰা প্ৰচণ্ড বতাহ আহি মহাসমূদ্রৰ ওপৰত মন্থন হৈ আছিল।
3 A čtyři šelmy veliké vystupovaly z moře, jedna od druhé rozdílná.
৩সমুদ্ৰৰ পৰা চাৰিটা প্রকাণ্ড জন্তু ওলাই আহিল; আৰু সিহঁতৰ প্রত্যেকটো জন্তুৱেই পৃথক আছিল।
4 První podobná lvu, a křídla orličí měla. Hleděl jsem, až vytrhána byla křídla její, jimiž se vznášela od země, tak že na nohách jako člověk státi musila, a srdce lidské dáno jest jí.
৪প্ৰথমটো সিংহৰ দৰে, কিন্তু কুৰৰ পক্ষীৰ ডেউকাৰ দৰে তাৰ ডেউকা আছিল; মই চাই থাকোঁতে, তাৰ ডেউকা দুখন তাৰ পৰা বিচ্ছিন্ন কৰা হৈছিল; আৰু মানুহৰ দৰে সি দুখন ভৰিত থিয় হৈছিল, তাক মানুহৰ হৃদয় দিয়া হৈছিল।
5 A aj, jiná šelma druhá podobná nedvědu, kteráž panství jedno vyzdvihla, a tři žebra v ústech jejích, mezi zuby jejími, a tak mluveno bylo k ní: Vstaň, nažer se hojně masa.
৫তাৰ পাছত দ্বিতীয়টো জন্তু ভালুকৰ দৰে, সি এফালৰ ভৰিৰে ভৰ দি উঠিল, তাৰ মুখৰ আৰু দাঁতৰ মাজত তিনি ডাল কামীহাড় আছিল; আৰু তাক কোৱা হৈছিল, উঠ আৰু বহুতো মানুহক খাই শেষ কৰ।
6 Potom jsem viděl, a aj, jiná podobná pardovi, kteráž měla čtyři křídla ptačí na hřbetě svém, a čtyřhlavá byla šelma ta, jíž moc dána byla.
৬তাৰ পাছত মই পুনৰ চালোঁ। তাত আন এটা জন্তু আছিল, সি নাহৰফুটুকী বাঘৰ দৰে। তাৰ পিঠিত চৰাইৰ ডেউকাৰ দৰে চাৰিখন ডেউকা আছিল, আৰু সেই জন্তুৰ চাৰিটা মূৰ আছিল; তাক শাসনভাৰ দিয়া হৈছিল।
7 Potom viděl jsem u viděních nočních, a aj, šelma čtvrtá strašlivá a hrozná a velmi silná, mající zuby železné veliké, kteráž zžírala a potírala, ostatek pak nohama svýma pošlapávala; a ta byla rozdílná ode všech šelm, kteréž byly před ní, a měla rohů deset.
৭তাৰ পাছত মই ৰাতি সপোনত চতুৰ্থ জন্তুটো দেখিলোঁ; সি আতঙ্কজনক, ভয়ঙ্কৰ, আৰু অতিশয় শক্তিমান আছিল। তাৰ ডাঙৰ ডাঙৰ লোহাৰ দাঁত আছিল; সি ডোখৰ ডোখৰকৈ ভাঙি খাইছিল, আৰু অৱশিষ্টবোৰ ভৰিৰে গচকিছিল। আন জন্তুবোৰতকৈ সি বেলেগ, আৰু তাৰ দহটা শিং আছিল।
8 Pilně jsem šetřil těch rohů, a hle, roh poslední malý vyrostal mezi nimi, a tři z těch rohů prvních vyvráceni jsou před ním; a aj, oči podobné očím lidským v rohu tom, a ústa mluvící pyšně.
৮মই সেই শিঙবোৰলৈ মন কৰি থাকোতেই, মই দেখিলোঁ যে সেইবোৰৰ মাজৰ পৰা আন এটা সৰু শিং গজি ওলাইছে। পূৰ্বৰ শিংবোৰৰ তিনিটা শিং গুৰিৰ পৰা উঘলা হৈছিল; আৰু সেই শিংটোত মানুহৰ চকুৰ দৰে দুটা চকু, আৰু গৰ্ব্ব কৰি ডাঙৰ ডাঙৰ কথা কোৱা এখন মুখ আছিল।
9 Hleděl jsem, až trůnové ti svrženi byli, a Starý dnů posadil se, jehož roucho jako sníh bílé, a vlasové hlavy jeho jako vlna čistá, trůn jako jiskry ohně, kola jeho jako oheň hořící.
৯মই দেখিলোঁ যে, সেই ঠাইত সিংহাসনবোৰ স্থাপন কৰা হৈছিল, আৰু প্রাচীন কালে তেওঁৰ আসনত বহিলে; তেওঁৰ বস্ত্ৰ হিমৰ দৰে বগা আছিল, আৰু তেওঁৰ মুৰৰ চুলি বিশুদ্ধ ঊণৰ দৰে আছিল; তেওঁৰ সিংহাসন অগ্নিশিখাৰ আছিল, আৰু তাৰ চক্ৰবোৰ জলন্ত জুইৰ আছিল।
10 Potok ohnivý tekl a vycházel od něho, tisícové tisíců sloužili jemu, a desetkrát tisíckrát sto tisíců stálo před ním; soud zasedl, a knihy otevříny byly.
১০তেওঁৰ সন্মুখেৰে এখন অগ্নিৰ নৈ বৈ গৈছিল; হাজাৰ হাজাৰে তেওঁৰ পৰিচৰ্যা কৰিছিল, আৰু অযুত অযুত দূতে তেওঁৰ আগত থিয় হৈছিল; ন্যায়ালয়ৰ সভা বহিছিল, আৰু পুথিবোৰ খোলা আছিল।
11 Patřil jsem tehdáž, hned jakž se začal zvuk té řeči pyšné, kterouž roh mluvil; patřil jsem, dokudž ta šelma nebyla zabita, a vyhlazeno tělo její, a dáno k spálení ohni.
১১মই একেৰাহে চাই আছিলোঁ, কাৰণ সেই গৰ্ব্বৰ কথাবোৰ সেই শিঙটোৱে কৈ আছিল। মই চালোঁ সেই জন্তুটো যেতিয়া বধ কৰা হৈছিল, আৰু তাৰ শৰীৰ ধ্বংস কৰা হৈছিল; তেতিয়া তাক অগ্নিশিখাত পেলাই দিয়া হৈছিল।
12 A i ostatkům šelm odjali panství; nebo dlouhost života jim odměřena byla až do času, a to uloženého času.
১২বাকী থকা চাৰিটা জন্তুৰ শাসন কৰা ক্ষমতা সিহঁতৰ পৰা কাঢ়ি লোৱা হৈছিল; কিন্তু সিহঁতৰ জীৱন কিছুসময়ৰ বাবে বঢ়াই দিয়া হৈছিল।
13 Viděl jsem u vidění nočním, a aj, s oblaky nebeskými podobný Synu člověka přicházel; potom až k Starému dnů přišel, a před něj postaven byl.
১৩মই সেই দর্শনত, আকাশৰ ডাৱৰৰ সৈতে মানুহৰ পুত্রৰ দৰে এজনক অহা দেখিলোঁ; তেওঁ প্রাচীন জনৰ ওচৰলৈ আহিল আৰু তেওঁৰ সন্মুখত উপস্থিত হৈছিল।
14 I dáno jest jemu panství a sláva i království, aby všickni lidé, národové a jazykové sloužili jemu; jehož panství jest panství věčné, kteréž nepomíjí, a království jeho, kteréž se neruší.
১৪তেওঁক শাসন ক্ষমতা, মহিমা, আৰু ৰাজকীয় পৰাক্রম দিয়া হ’ল; সেয়ে সকলো দেশৰ লোক, আৰু সকলো ভাষাৰ লোকে তেওঁৰ পৰিচৰ্যা কৰা উচিত। তেওঁৰ শাসন ক্ষমতা চিৰকাললৈকে থকা ক্ষমতা, সেয়ে কেতিয়াও লুপ্ত নহব; আৰু তেওঁৰ ৰাজ্য এনেকুৱা যে, সেই ৰাজ্য কেতিয়াও ধ্বংস নহ’ব।
15 I zhrozil se duch můj ve mně Danielovi u prostřed těla, a vidění má předěsila mne.
১৫মই যি দানিয়েল, মোৰ ভিতৰত মোৰ আত্মাই কষ্ট পাইছিল, আৰু মোৰ মানসিক দৰ্শনে মোক ব্যাকুল কৰিছিল।
16 Tedy přistoupil jsem k jednomu z přístojících, a ptal jsem se ho na jistotu vší té věci. I pověděl mi, a výklad řečí mi oznámil:
১৬তাৰ পাছত মই থিয় হৈ থকাসকলৰ মাজৰ এজনৰ ওচৰলৈ গ’লো, আৰু এই সকলো বিষয়ৰ অর্থ দেখুৱাবলৈ তেওঁক কলোঁ।
17 Ty šelmy veliké, kteréž jsou čtyry, jsou čtyři králové, kteříž povstanou z země,
১৭এই প্রকাণ্ড জন্তু চাৰিটা হ’ল, পৃথিৱীৰ পৰা আহিব লগা চাৰিজন ৰজা।
18 A ujmou království svatých výsostí, kteříž obdržeti mají království až na věky, a až na věky věků.
১৮কিন্তু সৰ্ব্বোপৰি ঈশ্বৰৰ পবিত্ৰ লোকসকলে ৰাজ্যভাৰ পাব, আৰু যুগে যুগে অনন্ত কাললৈকে ৰাজত্ব ভোগ কৰিব।
19 Tedy žádostiv jsem byl zprávy o šelmě čtvrté, kteráž rozdílná byla ode všech jiných, hrozná velmi; zubové její železní, a pazoury její ocelivé, kteráž zžírala, potírala, ostatek pak nohama svýma pošlapávala.
১৯তাৰ পাছত মই চতুর্থ জন্তুটোৰ বিষয়ে অধিক জানিবলৈ বিচাৰিলো, ই আন সকলোতকৈ বেলেগ আছিল। ই লোহাৰ দাঁত আৰু পিতলৰ নখৰ সৈতে অতি ভয়ানক আছিল, ই ডোখৰ ডোখৰ কৰি খাইছিল আৰু অৱশিষ্টবোৰ ভৰিৰে গচকিছিল।
20 Tolikéž o rozích desíti, kteříž byli na hlavě její, a o posledním, kterýž vyrostl, a před ním spadli tři; o tom rohu, pravím, kterýž měl oči a ústa mluvící pyšně, a byl na pohledění větší než jiní.
২০তাৰ মুৰত থকা দহোটা শিঙ আৰু তিনিটা শিং উঘলাৰ পূৰ্বে গজা আনটো শিঙৰ বিষয়ে মই জানিব বিচাৰিছিলোঁ। চকু থকা, গর্বৰ কথা কোৱা মুখ থকা আৰু নিজৰ সঙ্গীসকলকৈ অধিক গৰ্ব্বী দেখুউৱা শিংটোৰ বিষয়ে মই জানিব বিচাৰিছিলোঁ।
21 Viděl jsem, an roh ten válku vedl s svatými, a přemáhal je,
২১মই চাই থাকোঁতে দেখিলোঁ যে, প্রাচীন কালত তেওঁ থকাৰ দৰে, সৰ্ব্বোপৰি ঈশ্বৰৰ পবিত্ৰ লোকসকলক ন্যায়বিচাৰ দিয়া, পবিত্ৰ লোকসকলে ৰাজ্যৰ অধিকাৰী হোৱা সময় আহিল,
22 Až přišel Starý dnů, a oddán jest soud svatým výsostí, a čas přišel, aby to království svatí obdrželi.
২২সেই শিংটোৱে পবিত্ৰ লোকসকলৰ লগত যুদ্ধ কৰিলে আৰু তেওঁলোকক পৰাজয় কৰিলে।
23 Řekl takto: Šelma čtvrtá znamená království čtvrté na zemi, kteréž rozdílné bude ode všech království, a zžíře všecku zemi, a zmlátí ji a potře ji.
২৩সেই পুৰুষজনে চতুর্থ জন্তুটোৰ বিষয়ে কোৱা কথা এয়া, এয়ে পৃথিৱীৰ চতুৰ্থ ৰাজ্য হ’ব, বাকী সকলো আন ৰাজ্যতকৈ এই ৰাজ্য পৃথক হ’ব, এই ৰাজ্যই সমগ্র পৃথিৱীক গ্ৰাস কৰিব, ই ভৰিৰে গচকিব, আৰু ডোখৰ ডোখৰ কৰি ভাঙিব।
24 Rohů pak deset znamená, že z království toho deset králů povstane, a poslední povstane po nich, kterýž bude rozdílný od prvních, a poníží tří králů.
২৪সেই দহটা শিঙৰ অৰ্থ এই, সেই ৰাজ্যৰ পৰা দহ জন ৰজা উৎপন্ন হ’ব; তেওঁলোকৰ পাছত আন এজন ৰজা উৎপন্ন হ’ব; তেওঁ আগৰ জনতকৈ পৃথক হ’ব, আৰু তেওঁ তিনিও জন ৰজাক জয় কৰিব।
25 A slova proti Nejvyššímu mluviti bude, a svaté výsostí potře; nadto pomýšleti bude, aby proměnil časy i práva, když vydáni budou v ruku jeho, až do času a časů, i do částky časů.
২৫তেওঁ সৰ্ব্বোপৰি জনাৰ বিৰুদ্ধে কথা ক’ব, আৰু সৰ্ব্বোপৰি ঈশ্বৰৰ পবিত্ৰ জনক তাড়না কৰিব, তেওঁ পর্ব আৰু বিধান সলনি কৰিবলৈ চেষ্টা কৰিব। আৰু এক কাল, দুই কাল আৰু আধা কালৰ বাবে এই সকলো তেওঁৰ হাতত শোধাই দিয়া হ’ব।
26 V tom bude soud osazen, a panství jeho odejmou, vypléní a vyhladí je docela.
২৬কিন্তু ন্যায়ালয়ৰ সভা বহিব; আৰু তেওঁলোকে তেওঁৰ পৰা ৰাজকীয় পৰাক্রম কাঢ়ি ল’ব; শেষত গ্রাস কৰা হ’ব, আৰু ধ্বংস কৰা হ’ব।
27 Království pak i panství, a důstojnost královská pode vším nebem dána bude lidu svatých výsostí; jehož království bude království věčné, a všickni páni jemu sloužiti a jeho poslouchati budou.
২৭ৰাজ্য আৰু ৰাজশাসন, আৰু গোটেই আকাশ মণ্ডলৰ তলত থকা ৰাজ্যবোৰৰ মহিমা, যিসকল লোক সৰ্ব্বোপৰি পবিত্র ঈশ্বৰৰ সেই লোকসকলক দিয়া হ’ব; তেওঁৰ ৰাজ্য অনন্তকলীয়া ৰাজ্য, আৰু আন সকলো ৰাজ্যই তেওঁক সেৱা কৰিব, আৰু তেওঁক মানি চলিব।
28 Až potud konec té řeči. Mne pak Daniele myšlení má velice zkormoutila, a krása má proměnila se při mně, slovo však toto v srdci svém zachoval jsem.
২৮এইখিনিতে সেই বিষয় সমাপ্ত হ’ল। দানিয়েল যি মই, মোৰ চিন্তাই মোক অতিশয় ব্যাকুল কৰিলে, আৰু মোৰ মুখ বিবৰ্ণ হল; কিন্তু মই মোৰ নিজৰ মনতে সেই বিষয়সমূহ সাঁচি ৰাখিলোঁ।”