< Skutky Apoštolů 21 >

1 Když jsme se pak plavili, rozloučivše se s nimi, přímým během přijeli jsme do Koum, a druhý den do Ródu, a odtud do Patary.
সেই ঠাইত আমি তেওঁলোকৰ পৰা পৃথক হৈ জাহাজেৰে পোন বাটেদি কো দ্বীপলৈ গৈ পাছদিনা ৰোদঃ দ্বীপ পালোঁ৷ তাৰ পৰা আমি পাতাৰা নগৰলৈ যাত্ৰা কৰিলোঁ।
2 I nalezše tu lodí, kteráž měla plouti do Fenicen, a vstoupivše na ni, plavili jsme se.
পাতাৰাত ফৈনীকিয়া অঞ্চলেদি যোৱা এখন জাহাজ পোৱাত, আমি সেই জাহাজত উঠি যাত্ৰা কৰিলোঁ।
3 A když se nám počal ukazovati Cyprus, nechavše ho na levé straně, plavili jsme se do Syrie, a připlavili jsme se do Týru; nebo tu měli složiti náklad z lodí.
পাছত কুপ্ৰ দ্বীপ দেখা পাই, তাক বাঁওহাতে এৰি, চিৰিয়া দেশলৈ গৈ, তুৰনগৰত নামিলো; কিয়নো তাত জাহাজৰ মাল-বস্তু দিবলগীয়া আছিল।
4 A nalezše tu učedlníky, pobyli jsme tam za sedm dní, kteřížto pravili Pavlovi skrze Ducha svatého, aby nechodil do Jeruzaléma.
সেই ঠাইৰ শিষ্য সকলক বিচাৰি পোৱাত, আমি তাতে সাত দিন থাকিলো; তেওঁলোকে পবিত্র আত্মাৰ দ্বাৰাই পৌলক যিৰূচালেমলৈ যাবৰ বাবে মানা কৰিলে।
5 A když jsme my vyplnili ty dni, vyšedše, brali jsme se pryč, a sprovodili nás všickni s ženami i s dětmi až za město. A poklekše na kolena na břehu, pomodlili jsme se.
আমি সেই কেইদিন তাতে থাকি ওলাই যাওঁতে, তেওঁলোকে লৰা-তিৰোতাৰ সৈতে সকলোৱে নগৰৰ বাহিৰলৈকে আমাক আগবঢ়াই থলে আৰু সাগৰৰ তীৰত আঁঠু লৈ প্ৰাৰ্থনা কৰি, পৰস্পৰে বিদায় ললোঁ৷
6 A když jsme se vespolek rozžehnali, vstoupili jsme na lodí, a oni se vrátili domů.
আমি জাহাজত উঠিলো কিন্তু তেওঁলোকে নিজ নিজ ঘৰলৈ উলটি গল।
7 My pak přeplavivše se od Týru, dostali jsme se až do Ptolemaidy, a pozdravivše tu bratří, pobyli jsme u nich jeden den.
পাছত আমি তুৰৰ পৰা গৈ, তলিমায়ি পাই, সমুদ্ৰ-যাত্ৰা শেষ কৰিলোঁ আৰু ভাই সকলক মঙ্গলবাদ জনাই তেওঁলোকৰ লগত এদিন থাকিলোঁ।
8 A nazejtří vyšedše Pavel a my, jenž jsme s ním byli, přišli jsme do Cesaree, a všedše do domu Filipa evangelisty, (kterýž byl jeden z oněch sedmi, ) pobyli jsme u něho.
পাছদিনা আমি তাৰ পৰা ওলাই গৈ, চীজাৰিয়া পালোঁ৷ তাতে সাত জনৰ মাজৰ শুভবার্তা প্ৰচাৰক যি ফিলিপ, তেওঁৰ ঘৰত থাকিলোঁ।
9 A ten měl čtyři dcery panny, prorokyně.
তাত তেওঁৰ ভাবোক্তি প্ৰচাৰ কৰা চাৰিজনী অবিবাহিতা জীয়েক আছিল।
10 A když jsme tu pobyli za drahně dní, přišel prorok nějaký z Judstva, jménem Agabus.
১০তাত আমি কেইদিনমান থাকোঁতে, যিহুদীয়াৰ পৰা আগাব নামেৰে এজন ভাববাদী আহিল।
11 Ten když k nám přišel, vzal pás Pavlův, a svázav sobě ruce i nohy, řekl: Totoť praví Duch svatý: Muže toho, jehož jest pás tento, tak sváží Židé v Jeruzalémě a vydadí v ruce pohanům.
১১তেওঁ আমাৰ ওচৰলৈ আহি পৌলৰ ককালৰ পৰা টঙালি লৈ নিজৰ হাত-ভৰি বান্ধি কবলৈ ধৰিলে, “পবিত্ৰ আত্মাই এই কথা কৈছে যাৰ এই টঙালি, সেই মানুহক যিৰূচালেমত ইহুদী সকলে এইদৰে বান্ধি অনা-ইহুদী লোকৰ হাতত শোধাই দিব।”
12 A jakž jsme to uslyšeli, prosili jsme ho i my i ti, kteříž byli v tom místě, aby nechodil do Jeruzaléma.
১২এই কথা শুনি তাত থকা লোক সকলে আৰু আমিও পৌলক এই ঠাই এৰি যিৰূচালেমলৈ নাযাবৰ বাবে মিনতি কৰিলোঁ।
13 Tedy odpověděl Pavel: I co činíte, plačíce a trápíce srdce mé? Však já netoliko svázán býti, ale i umříti hotov jsem v Jeruzalémě pro jméno Pána Ježíše.
১৩তেতিয়া পৌলে উত্তৰ দিলে, “আপোনালোকে কান্দি কান্দি মোৰ হৃদয় বিদাৰি, কি কৰিব বিছাৰিছে? কিয়নো মই প্ৰভু যীচুৰ নামৰ কাৰণে, যিৰূচালেমত কেৱল বান্ধ খাবলৈ নহয়, মৰিবলৈকো যুগুত হৈ আছোঁ।”
14 A když nechtěl povoliti, dali jsme tomu pokoj, řkouce: Staň se vůle Páně.
১৪তাতে পৌলে আমাৰ কথা গ্রহণ কৰিবলৈ নিবিচৰাত, আমি ক্ষান্ত হলোঁ আৰু কলোঁ, “প্ৰভুৰ যি ইচ্ছা সেয়ে হওক।”
15 Po těch pak dnech připravivše se, brali jsme se do Jeruzaléma.
১৫তাৰ পাছত আমাৰ সম্বল গোটাই প্রস্তুত হলোঁ আৰু যিৰূচালেমলৈ যাত্ৰা কৰিলোঁ।
16 A šli s námi i učedlníci někteří z Cesaree, vedouce s sebou nějakého Mnázona z Cypru, starého učedlníka, u něhož bychom hospodu měli.
১৬তাতে চীজাৰিয়াৰ পৰাও কিছুমান শিষ্য আমাৰ লগত আহিল৷ ম্লাচোন নামেৰে কুপ্র দ্বীপৰ তেওঁৰ যি পুৰণি শিষ্যৰ ঘৰত আমি আলহী হৈ থকাৰ কথা আছিল, তেওঁকো লগত লৈ অহা হ’ল।
17 A když jsme přišli do Jeruzaléma, vděčně nás přijali bratří.
১৭আমি যিৰূচালেম পোৱাত, ভাই সকলে আনন্দেৰে আমাক গ্ৰহণ কৰিলে।
18 Druhého pak dne všel Pavel s námi k Jakubovi, a tu se byli všickni starší sešli.
১৮পাছদিনা পৌল আমাৰ সৈতে যাকোবৰ তাত সোমোৱাত পৰিচাৰক সকলো তাত উপস্থিত হ’ল।
19 Jichžto pozdraviv, vypravoval jim všecko, což Bůh skrze službu jeho činil mezi pohany.
১৯পাছত তেওঁ তেওঁলোকক মঙ্গলবাদ কৰিলে আৰু ঈশ্বৰে তেওঁৰ পৰিচর্যাৰ দ্বাৰাই অনা-ইহুদী লোকৰ মাজত যি যি কৰিলে; সেই বিষয়ে এটা এটাকৈ বর্ণনা কৰিলে৷
20 A oni slyšavše to, velebili Pána, a řekli jemu: Vidíš, bratře, kterak jest mnoho tisíců Židů věřících, a ti všickni jsou horliví milovníci Zákona.
২০এই কাৰ্যবোৰ শুনি তেওঁলোকে ঈশ্বৰৰ প্ৰশংসা কৰিলে আৰু তেওঁক কলে, “হে ভাই, তুমি জানা যে, ইহুদী লোকৰ মাজত বিশ্বাস কৰা সকলৰ যি লোক আছে আৰু তেওঁলোক সকলোৱে বিধানত উৎসাহী।
21 Ale o toběť mají zprávu, že bys ty vedl od Zákona Mojžíšova všecky ty Židy, kteříž jsou mezi pohany, pravě, že nemají obřezovati synů svých, ani zachovávati obyčejů Zákona.
২১কিন্তু তোমাৰ বিষয়ে তেওঁলোকে এই সম্বাদ পালে; তুমি বোলে, অনা-ইহুদী সকলৰ মাজত থকা ইহুদী লোকক মোচিক ত্যাগ কৰিবলৈ শিকাইছা আৰু কৈছা বোলে, তেওঁলোকে লৰাৰ চুন্নৎ কৰিব নালাগে আৰু ৰীতি মতে আচৰণ কৰিব নালাগে।
22 Což tedy činiti? Musíť zajisté shromážděno býti všecko množství, neboť uslyší o tobě, že jsi přišel.
২২এতেকে কি হব? তুমি আহিলা বুলিও তেওঁলোকে অৱশ্যে শুনিছে।
23 Učiniž tedy toto, cožť povíme: Mámeť tu čtyři muže, kteříž mají slib na sobě.
২৩এতেকে আমি তোমাক এটা কথা কওঁ, তুমি তাকে কৰা; সঙ্কল্প কৰা আমাৰ চাৰি জন মানুহ আছে;
24 Ty přijma k sobě, posvěť se s nimi, i náklad učiň s nimi, aby oholili hlavy své. A takť zvědí všickni, že to, což slyšeli o tobě, nic není, ale že i sám ty chodíš, ostříhaje Zákona.
২৪তেওঁলোকৰ লগত একেলগে নিজকে শুচি কৰা আৰু তেওঁলোকৰ মূৰ খূৰাবলৈ তুমি খৰচ দিয়া। এই বিষয়ে যি সম্বাদ পালে, সেয়ে যে একো নহয়, আৰু তুমি যে নিজে বিধান পালন কৰি নিয়মিতৰূপে আচৰণ কৰি চলিছা, সেই বিষয়ে সকলোৱে জানিব।
25 Z strany pak těch, kteříž z pohanů uvěřili, my jsme psali, usoudivše, aby tohoto ničeho nešetřili, toliko aby se varovali modlám obětovaného, a krve, a udáveného, a smilstva.
২৫কিন্তু অনা-ইহুদী সকলৰ মাজত বিশ্বাস কৰা সকলৰ বিষয়ে হলে, তেওঁলোকে মূৰ্তিক দিয়া প্ৰসাদ, টেটু-চেপা দি মৰা জন্তুৰ মাংস আৰু তেজ খোৱা আৰু ব্যভিচাৰৰ পৰা নিজকে ৰাখিবলৈ আমি নিশ্চয় কৰি নিৰ্দেশনা লিখি পঠালোঁ।”
26 Tedy Pavel, přijav k sobě ty muže, na druhý den posvětiv se s nimi, všel do chrámu, a vypravoval o vyplnění dní toho posvěcení, až i obětována jest obět za jednoho každého z nich.
২৬তেতিয়া পৌলে সেই মানুহকেইজনক লৈ পাছদিনা মন্দিৰত সোমাল আৰু তেওঁলোকৰ প্ৰতিজনৰ কাৰণে নৈৱেদ্য উ‌‌ৎসৰ্গ হোৱালৈকে, শুচি কৰা কার্যত কিমান দিন লাগিব, সেই বিষয়ে জনালে।
27 A když se vyplniti mělo dní sedm, Židé někteří z Azie, uzřevše jej v chrámě, zbouřili všecken lid a vztáhli naň ruce,
২৭কিন্তু সেই সাত দিন প্ৰায় শেষ হলত, এচিয়া দেশৰ ইহুদী সকলে তেওঁক মন্দিৰত দেখি, গোটেই লোক সকলক উচতাই, তেওঁক ধৰি ৰিঙিয়াই কলে,
28 Křičíce: Muži Izraelští, pomozte! Totoť jest ten člověk, kterýž proti lidu i Zákonu i místu tomuto všecky všudy učí, a k tomu i pohany uvedl do chrámu, a poskvrnil svatého tohoto místa.
২৮“হে ইস্ৰায়েলৰ সন্তান সকল, সহায় কৰা; যি মানুহে আমাৰ জাতিৰ বিধানৰ আৰু এই ঠাইৰ বিৰুদ্ধে আটাই ঠাইতে সকলো লোকক শিক্ষা দিব লাগিছে, এই জনেই তেওঁ। ইয়াৰ বাহিৰেও গ্ৰীক মানুহকো মন্দিৰৰ ভিতৰলৈ আনি, এই পবিত্ৰ ঠাই অপবিত্ৰ কৰিলে।”
29 Nebo byli viděli prve Trofima Efezského s ním v městě, kteréhož domnívali se, že by Pavel do chrámu uvedl.
২৯কিয়নো তেওঁলোকে আগেয়ে ত্ৰফিম নামেৰে ইফিচীয়া এজনক নগৰৰ মাজত পৌলৰ লগত দেখিছিল; আৰু তেওঁ তাক মন্দিৰৰ ভিতৰলৈ আনিছিল বুলি তেওঁলোকে ভাবিছিল।
30 Takž se zbouřilo všecko město, a sběhli se lidé, a uchopivše Pavla, táhli jej ven z chrámu. A hned zavříny jsou dveře.
৩০তাতে গোটেই নগৰ অস্থিৰ হোৱাত, মানুহবোৰ লৰি আহি পৌলক ধৰি মন্দিৰৰ পৰা বাহিৰলৈ টানি লৈ গল আৰু তেতিয়াই দুৱাৰবোৰ বন্ধ কৰা হল।
31 A když jej chtěli zamordovati, povědíno hejtmanu vojska, že se bouří všecken Jeruzalém.
৩১এইদৰেই তেওঁলোকে তেওঁক বধ কৰিবলৈ যত্ন কৰোঁতেই, যিৰূচালেমৰ গোটেইখনত হুলস্থুল লগাৰ কথা সৈন্য দলৰ হাজাৰৰ সেনাপতিয়ে শুনিলে,
32 Kterýžto hned pojav s sebou žoldnéře a setníky, přiběhl na ně. A oni uzřevše hejtmana a žoldnéře, přestali bíti Pavla.
৩২তেতিয়াই তেওঁ সেনাবোৰৰ সৈতে এশৰ সেনাপতিবিলাকক লগত লৈ তেওঁলোকৰ ওচৰলৈ বেগাই আহিল। তাতে তেওঁলোকে হাজাৰৰ সেনাপতি আৰু সেনাবোৰক দেখি, পৌলক কোবাবলৈ এৰিলে।
33 Tedy přistoupiv hejtman, dosáhl ho, a rozkázal jej svázati dvěma řetězy, a ptal se, kdo jest a co učinil.
৩৩পাছত হাজাৰৰ সেনাপতিয়ে ওচৰলৈ আহি, তেওঁক ধৰি, দুডাল শিকলিৰে বান্ধিবলৈ আজ্ঞা দিলে; পাছত সুধিলে- “এইটো কোন আৰু কি নো কৰিলে।”
34 V zástupu pak jedni tak, jiní jinak křičeli. A nemoha nic jistého zvěděti pro hluk, rozkázal jej vésti do vojska.
৩৪তাতে লোক সকলৰ মাজত বেলেগ বেলেগ মানুহে বেলেগ বেলেগ কথাৰে ৰিঙিয়া-ৰিঙি কৰাত, কোলাহলৰ কাৰণে তেওঁ একো নিশ্চয় কৰিব নোৱাৰি, পৌলক দুর্গৰ ভিতৰলৈ নিবলৈ আজ্ঞা দিলে।
35 A když přišel k stupňům, nahodilo se, že nesen byl od žoldnéřů pro násilé lidu.
৩৫পাছত জখলাত উঠোতে, লোক সকলৰ উগ্ৰতাৰ কাৰণে, সেনাবোৰৰ দ্বাৰাই তেওঁক দাঙি নিয়া হল;
36 Nebo šlo za ním množství lidu, křičíce: Zahlaď jej!
৩৬কিয়নো লোক সকলে পাছে পাছে গৈ ৰিঙিয়াই ৰিঙিয়াই কলে, “তাক দূৰ কৰক”।
37 A když měl již uveden býti do vojska Pavel, řekl hejtmanu: Mohu-li co promluviti k tobě? Kterýž řekl: Umíš Řecky?
৩৭পাছত পৌলক দুর্গৰ ভিতৰলৈ নিবলৈ ধৰোতেই, তেওঁ হাজাৰৰ সেনাপতিক কলে, “আপোনাৰ আগত মই কিছু কথা কবলৈ পাৰোঁ নে?” তেতিয়া সেনাপতিয়ে সুধিলে, “তুমি গ্ৰীক ভাষা কব জানা নে?
38 Nejsi-liž ty ten Egyptský, kterýž jsi před těmito dny byl bouřku učinil, a vyvedls na poušť čtyři tisíce lotrů?
৩৮যি জন মিচৰীয়াই ইয়াৰ আগেয়ে ঘাতক সকলৰ মাজৰ চাৰি হাজাৰ মানুহক উচতাই লগত লৈ অৰণ্যলৈ গৈছিল, তুমি সেই জন নোহোৱা নে?”
39 I řekl Pavel: Jáť jsem člověk Žid Tarsenský, neposledního města Cilické země obyvatel; protož prosím tebe, dopusť mi promluviti k lidu.
৩৯কিন্তু পৌলে কলে, “মই কিলিকিয়া দেশৰ তাৰ্চ নগৰৰ যিহুদী মানুহ, সামান্য মানুহ নহওঁ। বিনয় কৰোঁ, মানুহবোৰৰ আগত কথা কবলৈ মোক অনুমতি দিয়ক।”
40 A když mu on dopustil, Pavel stoje na stupních, pokynul rukou na lid. A když se veliké mlčení stalo, mluvil k nim Židovsky, řka:
৪০পাছত তেওঁক অনুমতি দিয়াত, পৌলে জখলাৰ ওপৰত থিয় হৈ, মানুহবোৰৰ সন্মূখত হাত দাঙি সম্ভাষণ জনালে; তাৰ পাছত লোক সমূহ অতি নিজম দি থাকিল আৰু তেওঁ ইব্ৰী ভাষাৰে তেওঁলোকক কবলৈ আৰম্ভ কৰিলে,

< Skutky Apoštolů 21 >