< 1 Tesalonickým 5 >
1 O časích pak a chvílech, bratří, nepotřebujete, aby vám psáno bylo.
১হে ভাইসকল, এতিয়া সেই কাল বা সেই সময়ৰ কথা মই আপোনালোকলৈ একো লিখাৰ প্রয়োজন নাই;
2 Nebo vy sami výborně víte, že ten den Páně jako zloděj v noci, tak přijde.
২কিয়নো আপোনালোকে নিজেই ভালদৰে জানে যে, ৰাতি যেনেকৈ চোৰ আহে, প্ৰভুৰ দিনটোও তেনেকৈয়ে আহিব।
3 Neb když dějí: Pokoj a bezpečnost, tedy rychle přijde na ně zahynutí, jako bolest ženě těhotné, a neujdouť toho.
৩যেতিয়া লোক সকলে “শান্তি আৰু নিৰাপত্তা” ৰ কথা কব, তেতিয়া হঠাতে হোৱা গর্ভৱতীৰ প্ৰসৱ বেদনাৰ নিচিনাকৈ, তেওঁলোকলৈ বিনাশ আহিব আৰু তেওঁলোক কোনোমতেই সাৰিব নোৱাৰিব।
4 Ale vy, bratří, nejste ve tmě, aby vás ten den jako zloděj zachvátil.
৪কিন্তু হে ভাই সকল, চোৰৰ আহিব পৰাকৈ সেইদিন আপোনালোকৰ ওচৰত উপস্থিত হবলৈ, এতিয়া আপোনালোক পুনৰ আন্ধাৰত থকা নাই;
5 Všickni vy synové světla jste a synové dne; nejsmeť synové noci, ani tmy.
৫কিয়নো আপোনালোক সকলোৱেই পোহৰ আৰু দিনৰ সন্তান। আমি ৰাতি বা আন্ধাৰৰ লোক নহওঁ।
6 Nespěmež tedy, jako i jiní, ale bděme a střízliví buďme.
৬এই হেতুকে আহক, আমি আন লোকবোৰৰ নিচিনাকৈ টোপনিয়াই নাথাকি, পৰ দি আৰু সংযত হৈ থাকোহঁক।
7 Nebo kteříž spí, v noci spí, a kteříž se opíjejí, v noci opilí jsou.
৭কিয়নো যি সকলে টোপনিয়াই, তেওঁলোকে ৰাতিহে টোপনিয়ায়; যি সকল মদ্যপায়ী, তেওঁলোক ৰাতিহে মাতাল হয়।
8 Ale my, synové dne jsouce, střízliví buďme, oblečeni jsouce v pancíř víry a lásky, a v lebku, jenž jest naděje spasení.
৮কিন্তু আমি হলে দিনৰ সন্তান হোৱাত, আহক আমি সংযমী হওঁ; বিশ্বাস আৰু প্ৰেমৰ বুকুবৰি পিন্ধি, মূৰত পৰিত্রাণৰ আশাৰূপ নিশ্চয়তাৰ টকয়া পিন্ধোহঁক।
9 Nebo nepostavil nás Bůh k hněvu, ale k nabytí spasení, skrze Pána našeho Jezukrista,
৯কিয়নো আমি ক্ৰোধৰ পাত্ৰ হবলৈ নহয়, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই পৰিত্রাণ লাভ কৰিবলৈহে ঈশ্বৰে আমাক মনোনীত কৰিলে;
10 Kterýž umřel za nás, abychom, buďto že bdíme, buďto že spíme, spolu s ním živi byli.
১০আমি জীয়াই থাকো বা নিদ্ৰিত অৱস্থাতেই থাকো, আমি যেন তেওঁৰ লগতেই জীৱিত থাকিব পাৰোঁ, এই কাৰণে যীচুৱে আমাৰ কাৰণে প্রাণ দিলে।
11 Protož napomínejte se vespolek, a vzdělávejte jeden druhého, jakož i činíte.
১১এতেকে আপোনালোকে এতিয়া যেনেকৈ আছে, তেনেকৈয়ে পৰস্পৰে সান্ত্বনা দি থাকক আৰু এজনে আন জনক গঢ় দি তোলক।
12 A prosímeť vás, bratří, znejtež ty, kteříž pracují mezi vámi, a předloženi jsou vám v Pánu, a napomínají vás,
১২ভাই সকল, আমি বিনয় কৰোঁ, যি লোক সকলে আপোনালোকৰ মাজত পৰিশ্ৰম কৰে আৰু প্ৰভুত আপোনালোকৰ ওপৰত পৰিচালনাত আছে, আৰু আপোনালোকক উপদেশ দিয়ে, সেই লোক সকলক আপোনালোকে সন্মান কৰক।
13 A velice je milujte pro práci jejich. A mějte se k sobě vespolek pokojně.
১৩আমি পুণৰ কওঁ, আপোনালোকে তেওঁলোকৰ কার্যৰ কাৰণে প্রেমৰ মনোভাৱেৰে অতিশয়ৰূপে তেওঁলোকক সন্মান কৰক আৰু পৰস্পৰৰ মাজত শান্তি বজায় ৰাখক।
14 A prosímeť vás, bratří, napomínejte z řádu vystupujících, potěšujte choulostivých, snášejte mdlé, trpělivě se mějte ke všechněm.
১৪ভাই সকল, আমি আপোনালোকক এই উপদেশ দিওঁ, অনিয়মত হৈ চলা লোকক আপোনালোকে সাৱধান কৰক; নিৰুৎসাহী লোকক উৎসাহ দিয়ক, দুর্বল লোকৰ সাৰথি হওক আৰু সকলোৰে প্রতি সহিষ্ণু হওক।
15 Vizte, aby někdo zlého za zlé neodplacoval, ale vždycky účinnosti dokazujte, i k sobě vespolek i ke všechněm.
১৫সাৱধান, কোনেও যেন অপকাৰৰ সলনি কাৰো অপকাৰ নকৰে। কিন্তু পৰস্পৰৰ আৰু সকলোৰে কাৰণে যি উত্তম, তেনে কৰ্ম কৰিবলৈ যেন চেষ্টা কৰে।
১৬সকলো সময়তে আনন্দত থাকক।
17 Bez přestání se modlte,
১৭নিৰন্তৰে প্ৰাৰ্থনাকৰি থাকক।
18 Ze všeho díky čiňte; nebo ta jest vůle Boží v Kristu Ježíši, aby se tak dálo od vás.
১৮সকলো বিষয়তে ঈশ্বৰক ধন্যবাদ দিয়ক; কিয়নো আপোনালোকৰ প্ৰতি খ্ৰীষ্ট যীচুত ঈশ্বৰৰ এই ইচ্ছা।
20 Proroctvím nepohrdejte,
২০ভাৱবাণী হেয়জ্ঞান নকৰিব।
21 Všeho zkuste; což dobrého jest, toho se držte.
২১সকলো বিষয় বিবেচনা কৰি যি বিষয় ভাল, তাকে ধৰি ৰাখক।
22 Od všeliké zlé tvárnosti se varujte.
২২সকলো প্ৰকাৰৰ মন্দৰ পৰা পৃথকে থাকক।
23 On pak Bůh pokoje posvětiž vás ve všem, a celý váš duch i duše i tělo bez úhony ku příští Pána našeho Jezukrista zachováno budiž.
২৩শান্তিদাতা ঈশ্বৰে আপোনালোকক সম্পূর্ণৰূপে পবিত্ৰ কৰক; আৰু আপোনালোকৰ আত্মা, প্ৰাণ, আৰু শৰীৰ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ আগমণৰ দিন পর্যন্ত নির্দোষীৰূপে সম্পূর্ণকৈ ৰক্ষিত হওক।
24 Věrnýť jest ten, jenž povolal vás, kterýž také i učiní to.
২৪যি জনে আপোনালোকক আমন্ত্ৰণ কৰিছে, তেৱেঁই সেয়া কৰিব, কাৰণ তেওঁ বিশ্বাসী।
25 Bratří, modlte se za nás.
২৫ভাই সকল, আমাৰ কাৰণেও প্ৰাৰ্থনা কৰিব।
26 Pozdravte všech bratří v políbením svatém.
২৬সকলো ভাইকে পবিত্ৰ চুমাৰে শুভেচ্ছা জনাব।
27 Zavazujiť vás skrze Pána, aby čten byl list tento všechněm bratřím svatým.
২৭মই আপোনালোকক প্ৰভুৰ যোগেদি এই অনুৰোধ কৰোঁ যে, এই পত্ৰ যেন সকলো ভাইৰ আগত পাঠ কৰি শুনোৱা হয়।
28 Milost Pána našeho Jezukrista budiž s vámi. Amen. List první k Tessalonicenským psán jest v Aténách.
২৮আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোক সকলোৰে লগত থাকক।