< 1 Tesalonickým 4 >
1 Dále pak, bratří, prosíme vás, a napomínáme v Pánu Ježíši, jakož jste přijali od nás, kterak byste měli choditi a líbiti se Bohu, v tom abyste se rozhojnili více.
১সর্বশেষত, হে প্রিয় ভাইসকল, ঈশ্বৰক সন্তুষ্ট কৰিবৰ কাৰণে কি ৰূপে জীৱন-যাপন কৰিব লাগে, এই বিষয়ে আপোনালোকে আমাৰ পৰা যি শিক্ষা গ্রহণ কৰিলে, সেইভাৱেই আপোনালোকে চলিছে। আমি প্রভু যীচুত থাকি আপোনালোকক উদগাওঁ আৰু পৰামর্শ দিওঁ, আপোনালোকে যেন অধিককৈ সেইভাৱে জীৱন-যাপন কৰে।
2 Víte zajisté, jaká přikázání vydali jsme vám skrze Pána Ježíše.
২কাৰণ প্ৰভু যীচুৰ অধিকাৰৰ দ্বাৰাই আমি আপোনালোকক কি কি পৰামৰ্শ দিছিলোঁ, সেই বিষয়ে আপোনালোকে জানে।
3 Tať jest zajisté vůle Boží, totiž posvěcení vaše, abyste se zdržovali od smilstva,
৩কিয়নো ঈশ্বৰৰ ইচ্ছা এই যে, আপোনালোক যেন পবিত্ৰ হয় অর্থাৎ সকলো ধৰণৰ ব্যভিচাৰৰ পৰা যেন দূৰৈত থাকে।
4 A aby uměl jeden každý z vás svým osudím vládnouti v svatosti a v uctivosti,
৪আপোনালোক প্রত্যেকে নিজৰ নিজৰ ভার্যাৰ লগত কেনেদৰে পবিত্রতাৰে আৰু সন্মানজনক ভাৱে সহবাস কৰিব লাগে, সেই বিষয়ে জানে।
5 Ne v libosti tělesných žádostí jako i pohané, kteříž Boha neznají;
৫ঈশ্বৰক নজনা অনা-ইহুদী সকলৰ নিচিনা অবৈধ মাংসিক কামনাৰ বশত চলিব নালাগে।
6 A aby žádný neutiskal ani oklamával v jakémkoli jednání bratra svého, protože mstitel jest Pán všeho toho, jakož i předpověděli jsme vám a osvědčili.
৬এই বিষয়ত কোনেও যেন সীমা পাৰ নহয় আৰু তেওঁৰ ভাইক নঠগায়; আমি আগেয়ে আপোনালোকক জনাইছিলোঁ আৰু সাৱধান কৰি দিছিলোঁ যে, এই সকলো পাপ বিষয়ৰ কাৰণে প্রভুৱে তেওঁলোকক দণ্ড দিব।
7 Nebo nepovolal nás Bůh k nečistotě, ale ku posvěcení.
৭কিয়নো ঈশ্বৰে আমাক অপবিত্রতালৈ নহয়, কিন্তু পবিত্ৰতালৈহে আমন্ত্ৰণ কৰিলে।
8 A protož kdo by pohrdal tímto, ne člověkem pohrdá, ale Bohem, kterýž i dal Ducha svého svatého nám.
৮এতেকে যি জনে এই শিক্ষা অগ্ৰাহ্য কৰে, তেওঁ মানুহক নহয়, কিন্তু যিজনে তেওঁৰ পবিত্ৰ আত্মা আপোনালোকক দান কৰিলে, সেই ঈশ্বৰকেই অগ্ৰাহ্য কৰে।
9 O lásce pak bratrské neníť potřebí psáti vám; nebo jste vy již tomu od Boha naučeni, abyste milovali jedni druhé.
৯ভাতৃপ্ৰেমৰ বিষয়ে হ’লে আপোনালোকলৈ লিখা অপ্ৰয়োজন; কিয়নো এজনে আন জনক প্রেম কৰাৰ শিক্ষা আপোনালোকে ঈশ্বৰৰ পৰাই শিকিছে।
10 A jistě činíte to ke všechněm bratřím ve vší Macedonii. Napomínámeť pak vás, bratří, abyste se v tom ještě více rozhojnili,
১০বাস্তৱতে সমুদায় মাকিদনিয়া প্রদেশৰ সকলো বিশ্বাসী ভাইকে আপোনালোকে প্রেম কৰে। কিন্তু হে ভাইসকল, আমাৰ পৰামর্শ এই যে, আপোনালোকে যেন প্রেমত অধিককৈ উপচি পৰে।
11 A snažili se pokojni býti a hleděti toho, což komu náleží, a pracovati rukama svýma vlastníma, jakož jsme přikázali vám,
১১আমি আপোনালোকক পুণৰ পৰামর্শ দিওঁ যে, আপোনালোকে শান্তিপূর্ণ জীৱন কটোৱাৰ বাবে আপ্রাণ চেষ্টা কৰক; আমি দিয়া আজ্ঞা অনুসাৰে নিজৰ কার্যত মনোযোগ দিয়ক, নিজ হাতেৰে পৰিশ্রম কৰিবলৈ ইচ্ছা কৰক।
12 Tak abyste slušně chodili před těmi, kteříž jsou vně, a v ničemž abyste neměli nedostatku.
১২আপোনালোকে এনেদৰে জীৱন কটাওঁক যাতে বিশ্বাস নকৰা বাহিৰা লোকে আপোনালোকৰ সন্মানপূর্ণ উপযুক্ত আচাৰ-ব্যৱহাৰক মান্য কৰিব পাৰে আৰু এইদৰে আপোনালোকৰ যেন একোৰে অভাৱ নহয়।
13 Nechciť pak, abyste nevěděli, bratří, o těch, kteříž zesnuli, abyste se nermoutili, jako i jiní, kteříž naděje nemají.
১৩হে ভাইসকল, যিসকল লোক নিদ্রিত হ’ল তেওঁলোকৰ কি হ’ব সেই সম্বন্ধে আপোনালোকে একো নজনাকৈ থকাটো আমি নিবিচাৰোঁ; কাৰণ আশাহীন অন্য লোকৰ নিচিনাকৈ আপোনালোক শোকাকুল হোৱাটো আমি নিবিচাৰোঁ।
14 Nebo jakož věříme, že Ježíš umřel a z mrtvých vstal, takť Bůh i ty, kteříž by zesnuli v Ježíšovi, přivede s ním.
১৪কিয়নো যীচু মৰি পুনৰায় উঠিল, ইয়াক যদি আমি বিশ্বাস কৰোঁ, তেনেহলে আমি ইয়াকো বিশ্বাস কৰোঁ যে, ঈশ্বৰে যীচুৰ আশ্ৰয়ত মৃত্যু হোৱা সকলকো যীচুৰ লগত লৈ যাব।
15 Toto zajisté vám pravíme slovem Páně, že my, kteříž živi pozůstaneme do příchodu Páně, nepředejdeme těch, kteříž zesnuli.
১৫প্ৰভুৰ বাক্যৰ দ্বাৰাই আমি আপোনালোকক এই কথা কওঁ যে, আমি যিমান লোক জীয়াই আছোঁ আৰু প্ৰভুৰ আগমণত যিমান লোক অৱশিষ্ট থাকিম, আমি সকলোৱে কোনোমতে সেই মৃত লোক সকলতকৈ আগেয়ে নাযাওঁ।
16 Nebo Pán náš s zvukem ponoukajícím, s hlasem archanděla a s troubou Boží sstoupí s nebe, a mrtví, kteříž jsou v Kristu, vstanou nejprve.
১৬কিয়নো প্রভু নিজে জয়ধ্বনি, প্ৰধান স্বর্গৰ দূতৰ স্বৰ, আৰু ঈশ্বৰৰ তূৰী বাদ্যৰে সৈতে স্বৰ্গৰ পৰা নামি আহিব; তেতিয়া খ্ৰীষ্টৰ আশ্ৰয়ত মৰা লোক সকল প্ৰথমে উঠিব;
17 Potom my živí pozůstavení spolu s nimi zachváceni budeme do oblaků, vstříc Pánu v povětří, a tak vždycky se Pánem budeme.
১৭তাৰ পাছত আমি যি সকল জীয়াই থাকিম, সেই সময়ত আকাশত প্ৰভুৰ লগ লবলৈ তেওঁলোকৰ সৈতে আমাকো মেঘৰ মাজত তুলি নিয়া হব আৰু এইদৰে আমি সদায় প্ৰভুৰ সাক্ষাতে থাকিম।
18 A protož potěšujtež jedni druhých těmito slovy.
১৮এতেকে, এইবোৰ কথাৰ দ্বাৰাই আপোনালোকে পৰস্পৰক সান্ত্বনা দিয়ক।