< Žalmy 144 >
1 Davidův. Požehnaný Hospodin skála má, kterýž učí ruce mé boji, a prsty mé bitvě.
১যিহোৱাৰ প্রশংসা হওঁক; তেওঁ মোৰ আশ্রয়-শিলা; তেওঁ মোৰ হাতক যুদ্ধ কৰিবলৈ শিকায়, মোৰ আঙুলিবোৰকো ৰণ কৰিবলৈ শিকায়।
2 Milosrdenství mé a hrad můj, útočiště mé, vysvoboditel můj, a štít můj, protož v něhoť já doufám; onť mi podmaňuje lidi.
২তেওঁ মোৰ চিৰস্থায়ী প্রেম আৰু মোৰ কোঁঠ, মোৰ উচ্চ দুৰ্গ আৰু মোৰ উদ্ধাৰকৰ্ত্তা; তেওঁ মোৰ ঢাল আৰু মই তেওঁতে আশ্ৰয় লওঁ। তেৱেঁই জাতি সমূহক মোৰ অধীনত আনে।
3 Hospodine, co jest člověk, že se znáš k němu, a syn člověka, že ho sobě tak vážíš?
৩হে যিহোৱা, মানুহ নো কি যে তুমি মানুহক গণ্য কৰা? মনুষ্যই বা কি যে তুমি তেওঁলোকলৈ মনোযোগ দিয়া?
4 Člověk marnosti podobný jest, dnové jeho jako stín pomíjející.
৪মনুষ্য নিঃশ্বাস মাথোন; তেওঁৰ আয়ুস গুচি যোৱা ছাঁৰ নিচিনা।
5 Hospodine, nakloň svých nebes a sstup, dotkni se hor, a kouřiti se budou.
৫হে যিহোৱা, তোমাৰ আকাশ-মণ্ডলক দোঁৱাই নত কৰি তুমি নামি আহাঁ; পৰ্বতবোৰক স্পৰ্শ কৰা যাতে সেইবোৰৰ পৰা ধুঁৱা ওলাব।
6 Sešli hromobití a rozptyl je, vypusť střely své a poraz je.
৬তুমি বজ্ৰপাত পেলাই শত্রুবোৰক বিছিন্ন কৰা; তোমাৰ কাঁড় মাৰি তেওঁলোকক বিহ্বল কৰি তোলা।
7 Vztáhni ruku svou s výsosti, vysvoboď mne, a vytrhni mne z vod mnohých, z ruky cizozemců.
৭তুমি ওপৰৰ পৰা তোমাৰ হাত মেলি দিয়া; মোক মুক্ত কৰা, মহাজলৰ পৰা মোক ৰক্ষা কৰা; সেই অন্য জাতিৰ হাতৰ পৰা মোক ৰক্ষা কৰা।
8 Jejichž ústa mluví marnost, a pravice jejich jest pravice lživá.
৮তেওঁলোকৰ মুখে মিছা কথা কয়, তেওঁলোকৰ সোঁ হাতে বিশ্বাসঘাতকৰ কার্য কৰে।
9 Bože, píseň novou zpívati budu tobě na loutně, a na desíti strunách žalmy tobě prozpěvovati,
৯হে ঈশ্বৰ, মই তোমাৰ উদ্দেশ্যে নতুন গীত গাম; দহ-তাৰযুক্ত নেবল বাদ্যৰে মই তোমাৰ প্ৰশংসাৰ গান কৰিম।
10 Dávajícímu vítězství králům, a vysvobozujícímu Davida, služebníka svého od meče vražedlného.
১০তুমিয়েই ৰজাসকলক জয়দান কৰা; তুমিয়েই নিজ দায়ুদক উদ্ধাৰ কৰিলা।
11 Vysvoboď mne, a vytrhni mne z ruky cizozemců, jejichž ústa mluví marnost, a pravice jejich pravice lživá.
১১নিষ্ঠুৰ তৰোৱালবোৰৰ পৰা মোক ৰক্ষা কৰা আৰু বিদেশীবিলাকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা; তেওঁলোকৰ মুখে মিছা কথা কয়, তেওঁলোকৰ সোঁ হাতে বিশ্বাসঘাতকতাৰ কার্য কৰে।
12 Aby synové naši byli jako štípkové zdárně rostoucí v mladosti své, a dcery naše jako úhelní kamenové, tesaní ku podobenství chrámu.
১২আমাৰ পুত্ৰবোৰ যেন গছ পুলিৰ নিচিনাকৈ যৌৱনত বৃদ্ধি পায়, আমাৰ কন্যাবোৰ যেন ৰাজঅট্টালিকাৰ গাঁথনিৰ খোদিত কৰা চুকৰ স্তম্ভৰ নিচিনা হয়;
13 Špižírny naše plné ať vydávají všelijaké potravy; dobytek náš ať rodí na tisíce, a na deset tisíců v stájích našich.
১৩আমাৰ ভঁড়ালবোৰ যেন সকলো ধৰণৰ উৎপাদনৰ খাদ্যবস্তুৰে পৰিপূৰ্ণ থাকে; আমাৰ মেৰ-ছাগবোৰে যেন পথাৰৰ মাজত হাজাৰে হাজাৰে, লাখে লাখে পোৱালি জগায়;
14 Volové naši ať jsou vytylí; ať není vpádu ani zajetí, ani naříkání na ulicích našich.
১৪আমাৰ বলধবোৰে যেন গধুৰ বোজা বহন কৰিব পাৰে; দেৱালবোৰৰ যেন ভগ্ন দশা নহয়, কোনো যেন বন্দী নহয়; আলিৰ চকবোৰত যেন দুখৰ ক্রন্দন শুনা নাযায়।
15 Blahoslavený lid, jemuž se tak děje, blahoslavený ten lid, jehož Hospodin Bohem jest.
১৫ধন্য সেই জাতি, যাৰ এনে আশীর্বাদপূর্ণ অৱস্থা হয়; ধন্য সেই জাতি, যিহোৱা যাৰ ঈশ্বৰ।