< Matouš 12 >
1 V ten čas šel Ježíš v sobotu skrze obilí, učedlníci pak jeho lační jsouce, počali vymínati klasy a jísti.
১এদিন বিশ্ৰামবাৰে শিষ্য সকলৰ সৈতে যীচু শস্যক্ষেত্ৰৰ মাজেদি গৈ আছিল। সেই সময়ত তেওঁৰ শিষ্য সকলৰ ভোক লাগিছিল বাবে তেওঁলোকে শস্যৰ থোক ছিঙি ছিঙি খাইছিল।
2 Farizeové pak spatřivše to, řekli jemu: Hle, učedlníci tvoji činí, čehož nesluší činiti v sobotu.
২ইয়াকে দেখি ফৰীচী সকলে তেওঁক ক’লে, “চাওক, বিধানৰ মতে বিশ্ৰামবাৰে যি কৰ্ম কৰিব নাপায়, সেই কৰ্ম আপোনাৰ শিষ্য সকলে কৰিছে।”
3 On pak řekl jim: Co jste nečtli, co učinil David, když lačněl, on i ti, kteříž s ním byli?
৩তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “দায়ুদ আৰু তেওঁৰ সঙ্গী সকলৰ যেতিয়া ভোক লাগিছিল, তেতিয়া তেওঁ যি কৰিছিল সেই বিষয়ে জানো আপোনালোকে পঢ়া নাই?
4 Kterak všel do domu Božího a chleby posvátné jedl, kterýchž jemu neslušelo jísti, ani těm, kteříž s ním byli, než toliko samým kněžím?
৪কেনেকৈ, তেওঁ ঈশ্বৰৰ গৃহত সোমাই উৎসর্গৰ পিঠা খাইছিল; সেই দর্শন পিঠা বিধানৰ মতে তেওঁ আৰু তেওঁৰ লগত থকা সকলে অৱশ্যেই খোৱা উচিত নাছিল৷ সেই পিঠা কেৱল পুৰোহিত সকলেহে খাব পাৰে।
5 Aneb zdali jste nečtli v zákoně, že kněží v sobotu v chrámě sobotu ruší, a jsou bez hříchu?
৫তাৰোপৰি আপোনালোকে মোচিৰ বিধান-শাস্ত্ৰত পঢ়া নাই নে, বিশ্রামবাৰে যে পুৰোহিত সকলে মন্দিৰত কাম কৰি বিশ্ৰামবাৰৰ নিয়ম উলঙ্ঘন কৰিলেও নিৰ্দোষী হয়?
6 Ale pravímť vám, že větší jest tuto nežli chrám.
৬কিন্তু মই আপোনালোকক কওঁ, মন্দিৰতকৈয়ো মহান এজন ইয়াত আছে।
7 Než kdybyste věděli, co jest to: Milosrdenství chci a ne oběti, nepotupovali byste nevinných.
৭‘মই বলিদান নোখোজো, দয়াহে খোজো’শাস্ত্রৰ এই কথাৰ অৰ্থ আপোনালোকে জনা হ’লে, নিৰ্দ্দোষী সকলক দোষী নকৰিলেহেঁতেন।
8 Syn zajisté člověka jest pánem i soboty.
৮কিয়নো মানুহৰ পুত্ৰই বিশ্ৰামবাৰৰ অধিপতি।”
9 A odšed odtud, přišel do školy jejich.
৯তাৰ পাছত যীচু সেই ঠাইৰ পৰা গ’ল আৰু তেওঁলোকৰ নাম-ঘৰত সোমাল।
10 A aj, byl tu člověk, maje ruku uschlou. I tázali se ho, řkouce: Sluší-li v sobotu uzdravovati? aby jej obžalovali.
১০তাত এজন মানুহ আছিল, আৰু সেই মানুহ জনৰ এখন হাত শুকাই গৈছিল। যীচুক পাপ কৰাৰ অপৰাধত দোষ দিবৰ উদ্দেশ্যে ফৰীচী সকলে তেওঁক সুধিলে, “বিধান অনুসাৰে বিশ্ৰামবাৰে সুস্থ কৰিব পায় নে?”
11 On pak dí jim: Který z vás bude člověk, ješto by měl ovci jednu, a kdyby ta upadla do jámy v sobotu, i zdaliž nedosáhne jí a nevytáhne?
১১তাতে তেওঁ তেওঁলোকক ক’লে, “আপোনালোকৰ মাজৰ কাৰোবাৰ যদি কেৱল এটা মেৰথাকে আৰু সেই মেষটোযদি বিশ্ৰামবাৰে গাতত পৰে, তেনেহলে তাক ধৰি তুলি আনিবলৈ নোযোৱা কোনোবা আছে নে?
12 A čím lepší jest člověk než ovce? A protož slušíť v sobotu dobře činiti.
১২তেনেহলে মেৰতকৈমানুহ কিমান বহুমূলীয়া! এই হেতুকে, বিশ্ৰামবাৰে ভাল কৰ্ম কৰা বিধানযুক্ত।”
13 Tedy řekl člověku tomu: Vztáhni tu ruku svou. I vztáhl, a přivedena jest k zdraví jako druhá.
১৩তাৰ পাছত যীচুৱে সেই মানুহ জনক ক’লে, “তোমাৰ হাত খন মেলি দিয়া।” তাতে মানুহ জনে নিজৰ হাত খন মেলি দিয়াত, সেই হাত খন সম্পূর্ণ সুস্থ হৈ আন খন হাতৰ নিচিনা হ’ল।
14 Farizeové pak vyšedše, drželi radu proti němu, kterak by jej zahladili.
১৪তেতিয়া ফৰীচী সকল বাহিৰলৈ ওলাই গ’ল আৰু যীচুক বধ কৰিবৰ কাৰণে তেওঁৰ বিৰুদ্ধে চক্রান্ত কৰিবলৈ ধৰিলে।
15 A věděv to Ježíš, šel odtud. I šli za ním zástupové mnozí, a uzdravil je všecky.
১৫যীচুৱে সেই বিষয়ে বুজি পোৱাত, তেওঁ তাৰ পৰা আতৰি গ’ল৷ তেতিয়া বহু মানুহ তেওঁৰ পাছে পাছে গ’ল আৰু সেই লোক সকলক তেওঁ সুস্থ কৰিলে।
16 A s pohrůžkou přikázal jim, aby ho nezjevovali,
১৬যীচুৱে তেওঁলোকক তেওঁৰ বিষয়ে আনৰ আগতকৈ নুফুৰিবলৈ সাৱধান কৰি দিলে।
17 Aby se naplnilo povědění skrze Izaiáše proroka, řkoucího:
১৭এইদৰে যিচয়া ভাৱবাদীৰ যোগেদি কোৱা এই কথা পূর্ণ হ’ল; বোলে-
18 Aj, služebník ten můj, kteréhož jsem vyvolil, ten milý můj, v němž se dobře zalíbilo duši mé. Položím Ducha svého na něj, a soud národům zvěstovati bude.
১৮“চোৱা, তেওঁ মোৰ সেৱক, তেওঁক মই মনোনীত কৰিলোঁ। তেৱেঁই মোৰ প্ৰিয়জন, মোৰ প্রাণ তেওঁতেই পৰম সন্তুষ্ট হয়। মই তেওঁৰ ওপৰত মোৰ আত্মা দিম, তাতে তেওঁ অনা-ইহুদী সকলক ন্যায়-বিচাৰ ঘোষণা কৰিব।
19 Nebude se vaditi, ani křičeti, aniž kdo na ulicích uslyší hlas jeho.
১৯তেওঁ দ্বন্দ্ব নকৰিব বা আটাহ নাপাৰিব; আলিবাটত কোনেও তেওঁৰ মাত নুশুনিব!
20 Třtiny nalomené nedolomí, a lnu kouřícího se neuhasí, až i vypoví soud k vítězství.
২০ন্যায়-বিচাৰ জয়যুক্তলৈ প্রচাৰ নকৰে মানে, তেওঁ থেতেলি যোৱা নল নাভাঙিব, ধোৱাঁই থকা শলিতাও নুনুমাব;
21 A ve jménu jeho národové doufati budou.
২১আৰু অনা-ইহুদী সকলে তেওঁৰ নামত আশা ৰাখিব।”
22 Tehdy přiveden k němu ďábelstvím posedlý, slepý a němý. I uzdravil jej, tak že ten slepý a němý i mluvil i viděl.
২২সেই সময়ত মানুহ কিছুমানে ভূতে পোৱা মানুহ এজনক যীচুৰ ওচৰলৈ লৈ আহিল। মানুহ জন অন্ধ আৰু বোবা আছিল। যীচুৱে তেওঁক সুস্থ কৰাত সেই বোবাই কথা ক’লে আৰু দৃষ্টিও পালে।
23 I děsili se všickni zástupové a pravili: Není-liž tento ten Syn Davidův?
২৩তাতে সকলো লোকে বিস্ময় মানি ক’লে, “এই মানুহ দায়ুদৰ বংশধৰ হ’ব পাৰে নে?”
24 Ale farizeové to uslyševše, řekli: Tento nevymítá ďáblů než skrze Belzebuba, kníže ďábelské.
২৪ফৰীচী সকলে যীচুৰ এই আচৰিত কার্যৰ কথা শুনি ক’লে, “এই মানুহে ভূতবোৰৰ ৰজা বেলচবূবৰ সহায় অবিহনে ভূতক নেখেদায়।”
25 Ježíš pak znaje myšlení jejich, dí jim: Každé království rozdělené samo proti sobě spustne, a každé město neb dům proti sobě rozdělený nestane.
২৫কিন্তু যীচুৱে ফৰীচী সকলৰ মনৰ ভাব বুজিব পাৰি তেওঁলোকক ক’লে, “যি ৰাজ্য নিজৰ মাজতে বিবাদ কৰি ভাগ ভাগ হয়, সেই ৰাজ্য ধ্বংস হয় আৰু যি নগৰ বা পৰিয়াল নিজৰ মাজতে বিবাদত লিপ্ত হৈ বিভক্ত হয়, সেই নগৰ বা পৰিয়াল বর্তি নাথাকিব।
26 A jestližeť satan satana vymítá, proti sobě rozdělen jest. Kterak tedy stane království jeho?
২৬চয়তানে যদি চয়তানকে খেদায়, তেনেহলে সি নিজৰ মাজতে ভাগ ভাগ হয়; তেতিয়া তাৰ ৰাজ্য কেনেকৈ বর্তি থাকিব?
27 A vymítám-liť já ďábly skrze Belzebuba, synové vaši skrze koho vymítají? Protož oni soudcové vaši budou.
২৭মই যদি বেলচবূবৰ শক্তিৰ সহায়ত ভূতৰ আত্মা খেদাও, তেনেহলে আপোনালোকৰ অনুগামী সকলে কি শক্তিৰ সহায়ত সিহঁতক খেদায়? গতিকে আপোনালোকৰ অনুগামী সকলে আপোনালোকক সঠিক কথা কৈছে নে নাই বিচাৰ কৰিব।
28 Pakliť já Duchem Božím ďábly vymítám, přišloť jest jistě mezi vás království Boží.
২৮কিন্তু মই যদি ঈশ্বৰৰ আত্মাৰ দ্বাৰাই ভূতৰ আত্মাবোৰক খেদাও, তেনেহলে জানিব যে, ঈশ্বৰৰ ৰাজ্য অৱশ্যেই আপোনালোকৰ ওচৰ আহি পালে।
29 Aneb kterak kdo může do domu silného vjíti a jeho nádobí pobrati, leč by prvé svázal toho silného, a teprv by dům jeho obloupiti mohl?
২৯বলৱান জনক প্ৰথমে নাবান্ধিলে কোনোবাই জানো তেওঁৰ ঘৰত সোমাই বস্তু লুট কৰিব পাৰে? বলৱান জনক বন্দী কৰাৰ পাছতহে তেওঁৰ ঘৰৰ সকলো বস্তু তেওঁ লুট কৰিব পাৰিব।
30 Kdož není se mnou, proti mně jest; a kdo neshromažďuje se mnou, rozptylujeť.
৩০যি জন মোৰ পক্ষত নহয়, তেওঁ মোৰ বিপক্ষ; আৰু যি জনে মোৰ সৈতে নচপায়, তেওঁ সিচিঁ পেলায়।
31 Protož pravím vám: Všeliký hřích i rouhání bude lidem odpuštěno, ale rouhání proti Duchu nebude odpuštěno lidem.
৩১এই হেতুকে মই আপোনালোকক কওঁ, মানুহৰ সকলো পাপ আৰু ঈশ্বৰক কৰা নিন্দা ক্ষমা হ’ব, কিন্তু পবিত্র আত্মাৰ বিৰুদ্ধে কোৱা কোনো নিন্দাজনক কথা ক্ষমা কৰা নহ’ব।
32 A kdyby kdo řekl slovo proti Synu člověka, bude jemu odpuštěno, ale kdož by mluvil proti Duchu svatému, nebude jemu odpuštěno, ani v tomto věku, ani v budoucím. (aiōn )
৩২মানুহৰ পুত্ৰৰ বিৰুদ্ধে কোনোৱে কথা ক’লে, তেওঁক ক্ষমা কৰা হ’ব, কিন্তু কোনোৱে পবিত্ৰ আত্মাৰ বিৰুদ্ধে কথা ক’লে তেওঁক ইহলোকত বা পৰলোকতো ক্ষমা কৰা নহব। (aiōn )
33 Čiňtež aneb strom dobrý, i ovoce jeho dobré; aneb čiňte strom zlý, i ovoce jeho zlé. Neboť po ovoci strom bývá poznán.
৩৩গছ ভাল হ’লে ফল ভাল হয় আৰু গছ বেয়া হ’লে ফল বেয়া হয়। কিয়নো এজোপা গছক তাৰ ফল দেখি চিনিব পাৰি।
34 Pokolení ještěrčí, kterakž byste mohli dobré věci mluviti, jsouce zlí? Nebo z hojnosti srdce ústa mluví.
৩৪সৰ্পৰ বংশধৰসকল! নিজে বেয়া হৈ কেনেকৈ আপোনালোকে ভাল কথা ক’ব পাৰিব? মানুহৰ মন যি কথাৰে পূর্ণ থাকে, মুখে সেই কথাকে কয়।
35 Dobrý člověk z dobrého pokladu srdce vynáší dobré, a zlý člověk ze zlého pokladu vynáší zlé.
৩৫ভাল মানুহে তেওঁৰ অন্তৰত ভৰি থকা ভাল সঞ্চয়ৰ পৰা ভাল কথা উলিয়ায় আৰু বেয়া মানুহে তেওঁৰ অন্তৰত ভৰি থকা বেয়া সঞ্চয়ৰ পৰা বেয়া কথা উলিয়ায়।
36 Ale pravím vám, že z každého slova prázdného, kteréž mluviti budou lidé, vydadí počet v den soudný.
৩৬কিন্তু মই আপোনালোকক কওঁ, লোক সকলে যিবোৰ অনৰ্থক কথা কয়, সোধ-বিচাৰৰ দিনা প্রত্যেকটো কথাৰ হিচাব তেওঁলোকে দিব লাগিব।
37 Nebo z slov svých spravedliv budeš, a z řečí svých budeš odsouzen.
৩৭কিয়নো আপোনাৰ নিজৰ কথাৰ দ্বাৰাই আপুনি নিৰ্দ্দোষী বুলি প্ৰমাণিত হব আৰু আপোনাৰ নিজৰ কথাৰ দ্বাৰাই আপোনাক দোষী বুলি প্ৰমাণিত কৰা হব।
38 Tehdy odpověděli někteří z zákonníků a farizeů, řkouce: Mistře, chceme od tebe znamení viděti.
৩৮তাৰ পাছত কেইজনমান বিধানৰ অধ্যাপক আৰু ফৰীচীয়ে যীচুক উত্তৰ দি ক’লে, “হে গুৰু, আমি আপোনাৰ পৰা চিন হিচাপে এটা পৰাক্ৰম কাৰ্য চাবলৈ ইচ্ছা কৰোঁ।”
39 On pak odpovídaje, dí jim: Pokolení zlé a cizoložné znamení hledá, ale znamení jemu nebude dáno, jediné to znamení Jonáše proroka.
৩৯কিন্তু যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “এই যুগৰ দুষ্ট আৰু ব্যভিচাৰীলোকসকলে পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে; কিন্তু যোনা ভাববাদীৰ চিনৰ বাহিৰে আন কোনো চিন তেওঁলোকক দেখুওৱা নহব।
40 Nebo jakož byl Jonáš v břiše velryba tři dni a tři noci, takť bude Syn člověka v srdci země tři dni a tři noci.
৪০যোনা যেনেকৈ তিনি দিন তিনি ৰাতি ডাঙৰ মাছৰ পেটৰ ভিতৰত আছিল, তেনেকৈ মানুহৰ পুত্ৰও তিনি দিন তিনি ৰাতি মাটিৰ তলত থাকিব।
41 Muži Ninivitští stanou na soudu s pokolením tímto, a potupí je, proto že pokání činili k Jonášovu kázaní, a aj, víceť nežli Jonáš tuto.
৪১বিচাৰৰ দিনা এই কালৰ মানুহৰে সৈতে নীনবি নগৰৰ লোক সকল উঠি তেওঁলোকক দোষী কৰিব, কিয়নো নীনবিৰ লোক সকলে যোনাৰ প্রচাৰৰ ফলত মন-পালটন কৰিছিল। চাওক, ইয়াত যোনাতকৈয়ো অধিক মহান এজন আছে।
42 Královna od poledne povstane k soudu s pokolením tímto, a potupí je; nebo přijela od končin země, aby slyšela moudrost Šalomounovu, a aj, víceť tuto nežli Šalomoun.
৪২বিচাৰৰ দিনা এই কালৰ মানুহেৰে সৈতে দক্ষিণ দেশৰ ৰাণীয়ে উঠি তেওঁলোকক দোষী কৰিব, কিয়নো চলোমন ৰজাৰ জ্ঞানৰ কথা শুনিবলৈ তেওঁ পৃথিৱীৰ শেষ সীমাৰ পৰা আহিছিল। চাওক, ইয়াত চলোমনতকৈয়ো অধিক মহান এজন আছে।
43 Když pak nečistý duch vyjde od člověka, chodí po místech suchých, hledaje odpočinutí, ale nenalézá.
৪৩যেতিয়া কোনো অশুচি আত্মা কোনো মানুহৰ পৰা বাহিৰ ওলায়, তেতিয়া সি জিৰণি বিচাৰি পানী নথকা শুকান ঠাইবোৰত ঘুৰি ফুৰে। কিন্তু সি যেতিয়া সেই ঠাই নাপায়;
44 Tedy říká: Navrátím se do domu svého, odkudž jsem vyšel. A přijda, nalezne prázdný, vyčištěný a ozdobený.
৪৪তেতিয়া সি কয়, ‘যি ঘৰৰ পৰা ওলাই আহিলোঁ, পুনৰ মই সেই ঘৰলৈকে উলটি যাম।’ পাছত সি যেতিয়া ঘূৰি আহি দেখে, কোনোবাই সেই ঘৰ সৰাপোঁচা কৰি সকলো সজাই-পৰাই পৰিস্কাৰ কৰি থৈছে;
45 Tedy jde a vezme s sebou sedm jiných duchů horších, nežli jest sám, a vejdouce, přebývají tam, i bývají poslední věci člověka toho horší nežli první. Takť se stane i tomuto zlému pokolení.
৪৫তেতিয়া সেই অশুচি আত্মাই গৈ নিজতকৈয়ো দুষ্ট আন সাতোটা ভূতৰ আত্মাক লগত লৈ আনে আৰু তাতে সোমাই বাস কৰে। তাতে সেই মানুহৰ প্ৰথম অৱস্থাতকৈ শেষ অৱস্থা অধিক বেয়া হৈ যায়। এই কালৰ দুষ্ট লোক সকলৰ অৱস্থাও তেনে হ’ব।”
46 A když on ještě mluvil k zástupům, aj, matka a bratří jeho stáli vně, žádajíce s ním promluviti.
৪৬যীচুৱে যেতিয়া লোক সকলৰ আগত কথা কৈ আছিল, তেতিয়া তেওঁৰ মাক আৰু ভায়েক সকলে আহি তেওঁৰ সৈতে কথা পাতিবৰ বাবে বাহিৰত থিয় হৈ অপেক্ষা কৰি আছিল।
47 I řekl jemu jeden: Aj, matka tvá i bratří tvoji stojí vně, chtíce s tebou mluviti.
৪৭তেনেতে কোনো এজন লোকে তেওঁক ক’লে, “চাওক, আপোনাৰ মা আৰু ভাই সকলে আপোনাৰ লগত কথা পাতিবৰ কাৰণে বাহিৰত থিয় হৈ আছে।”
48 On pak odpovídaje, řekl tomu, kterýž jemu pověděl: Kdo jest matka má? A kdo jsou bratří moji?
৪৮যীচুৱে তেতিয়া সেই লোক জনক ক’লে, “কোন মোৰ মা নাইবা মোৰ ভাই সকলেই বা কোন?”
49 A vztáhna ruku svou na učedlníky své, řekl: Aj, matka má i bratří moji.
৪৯তাৰ পাছত তেওঁ নিজৰ হাত খন মেলি শিষ্য সকলৰ ফালে দেখুৱাই ক’লে, “এয়া চাওক, এওঁলোকেই মোৰ মা আৰু মোৰ ভাই সকল!
50 Nebo kdož by koli činil vůli Otce mého nebeského, ten jest bratr můj, i sestra má, i matka má.
৫০কাৰণ, যি কোনোৱে মোৰ স্বৰ্গত থকা পিতৃৰ ইচ্ছা পালন কৰে, তেওঁলোকেই মোৰ ভাই, ভনী আৰু মা।