< Ezdráš 5 >
1 Toho času prorokoval Aggeus prorok a Zachariáš syn Iddo, proroci, Židům, kteříž byli v Judstvu a v Jeruzalémě, ve jménu Boha Izraelského mluvíce k nim.
১তাৰ পাছত হগ্গয় ভাবাদী আৰু ইদ্দোৰ পুত্ৰ জখৰিয়া ভাববাদীয়ে, যিহূদা আৰু যিৰূচালেমত থকা যিহূদী লোকসকলৰ আগত ইস্ৰায়েলৰ ঈশ্বৰৰ নামত ভাববাণী প্ৰচাৰ কৰিলে।
2 Tedy povstavše Zorobábel syn Salatielův, a Jesua syn Jozadakův, počali zase stavěti domu Božího, kterýž jest v Jeruzalémě, a byli s nimi proroci Boží, pomáhajíce jim.
২চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিল, আৰু যোচাদকৰ পুত্ৰ যেচুৱাৰ লগতে যিসকলে তেওঁলোকক উদগণি দিছিল, সেই ভাববাদীসকলৰ সৈতে তেওঁলোকে যিৰূচালেমত ঈশ্বৰৰ গৃহ নিৰ্ম্মাণ কাৰ্য আৰম্ভ কৰিলে।
3 Téhož času přišel k nim Tattenai, vývoda za řekou, a Setarbozenai, i tovaryši jejich, kteříž takto k nim řekli: Kdo vám poručil dům tento stavěti a zdi tyto dělati?
৩নদীৰ সিপাৰে থকা শাসনকৰ্ত্তা তত্তনয়, চথৰ-বোজনয়, আৰু তেওঁলোকৰ সহকাৰীসকলে তেওঁলোকৰ ওচৰলৈ আহি ক’লে, “এই গৃহ সাজিবলৈ আৰু এই দেৱালবোৰ নিৰ্ম্মাণ কৰিবলৈ তোমালোকক কোনে আজ্ঞা দিলে?”
4 Tedy jsme jim řekli takto, ano i ty muže, kteří to stavení dělali, jmenovali.
৪তেওঁলোকে পুনৰ ক’লে, “যি লোকসকলে এই গৃহ নিৰ্ম্মাণ কৰি আছে, তেওঁলোকৰ নাম কি?”
5 Nad staršími pak Židovskými byla ochrana Boha jejich, tak že nepřekazili jim, dokudž ta věc nepřišla před Daria, jehož tehdáž odpověd přinesli o té věci.
৫কিন্তু ঈশ্বৰৰ দৃষ্টি যিহূদীৰ বৃদ্ধ লোকসকলৰ ওপৰত আছিল, আৰু তেওঁলোকে কাৰ্য বন্ধ নকৰিলে। ৰজা দাৰিয়াবচৰ পৰা অহা আজ্ঞালৈ তেওঁলোকে অপেক্ষা কৰিলে।
6 Přípis listu, kterýž poslal Tattenai vývoda za řekou, a Setarbozenai s tovaryši svými, i Afarsechaiští, kteříž byli za řekou, k Dariovi králi.
৬এইখন দাৰিয়াবচ ৰজালৈ তত্তনয়, চথৰ-বোজনয়, আৰু তেওঁলোকৰ সহকাৰী কৰ্মচাৰীসকলে লিখা পত্ৰ।
7 List poslali jemu, a takto bylo psáno v něm: Dariovi králi pokoj všeliký.
৭তেওঁলোকে দাৰিয়াবচ ৰজালৈ এখন প্রতিবেদন লিখি পঠালে, “আপোনাৰ চাৰিওদিশে মঙ্গল হওঁক।
8 Známo buď králi, že jsme přišli do Judské krajiny k domu Boha velikého. Kterýžto stavějí kamením velikým, a dříví kladou do stěn, a dílo to spěšně se staví, a daří se v rukou jejich.
৮মহাৰাজে জ্ঞাত হওঁক, যে, আমি যিহূদাত মহান ঈশ্বৰৰ গৃহলৈ গৈছিলোঁ। তাক বৰ বৰ শিলেৰে নিৰ্ম্মাণ কৰা হৈছে, আৰু দেৱালত কাঠ লগোৱা হৈছে। এই কাৰ্য পুঙ্খানুপুঙ্খ ভাৱে কৰা হৈছে, আৰু তেওঁলোকৰ হাতৰ দ্বাৰাই এই কাৰ্য সুন্দৰভাৱে আগবাঢ়ি গৈছে।
9 Tedy otázali jsme se těch starších, a takto jsme jim řekli: Kdo vám poručil stavěti dům tento, a zdi tyto dělati?
৯আমি বৃদ্ধসকলক সুধিলোঁ, ‘এই গৃহ আৰু এই দেৱালবোৰ নিৰ্ম্মাণ কৰিবলৈ আপোনালোকক কোনে আজ্ঞা দিলে’।
10 Ano i na jména jejich ptali jsme se jich, abychom oznámili tobě, a napsali jména mužů těch, kteříž jsou přední mezi nimi.
১০লগতে যি সকলে তেওঁলোকক নেতৃত্ব দি আছে সেই লোকসকলৰ নাম জানিবৰ বাবে আমি তেওঁলোকৰ নামো সুধিলোঁ।
11 Těmito pak slovy nám odpověděli, řkouce: My jsme služebníci Boha nebe a země, a stavíme dům, kterýž byl ustaven prvé před mnohými lety, jejž byl veliký král Izraelský stavěl i dokonal.
১১তেতিয়া তেওঁলোকে উত্তৰ দি ক’লে, “স্বৰ্গ আৰু পৃথিৱীৰ যি ঈশ্ৱৰ তেওঁৰ আমি দাস, আমি এই গৃহ পুনৰ নিৰ্ম্মাণ কৰি আছোঁ। যি গৃহ বহু বছৰৰ আগতেই ইস্ৰায়েলৰ এজন মহান ৰজাই নিৰ্ম্মাণ কৰি সম্পূৰ্ণ কৰিছিল।
12 Ale potom, když popudili otcové naši Boha nebeského, vydal je v ruku Nabuchodonozora krále v Babyloně, Kaldejského, kterýž dům tento zbořil, a lid převedl do Babylona.
১২সেয়ে, যেতিয়া আমাৰ পূৰ্বপুৰুষসকলে, স্বৰ্গৰ ঈশ্বৰৰ ক্ৰোধ প্রজ্বলিত কৰিছিল তেতিয়া বাবিলৰ ৰজা নবূখদনেচৰৰ হাতত ঈশ্ৱৰে তেওঁলোকক শোধাই দিছিল আৰু ৰজা নবূখদনেচৰে এই গৃহ নষ্ট কৰিছিল আৰু লোকসকলক বাবিললৈ বন্দী কৰি লৈ গৈছিল।
13 A však léta prvního Cýra krále Babylonského, Cýrus král rozkázal, aby tento Boží dům byl staven.
১৩তথাপি, বাবিলৰ কোৰচ ৰজাৰ ৰাজত্বৰ প্ৰথম বছৰত, কোৰচ ৰজাই ঈশ্বৰৰ এই গৃহ পুনৰ নিৰ্ম্মাণ কৰিবলৈ আজ্ঞা জাৰি কৰিলে।
14 Nadto i nádoby domu Božího zlaté a stříbrné, kteréž byl Nabuchodonozor vynesl z chrámu, jenž byl v Jeruzalémě, a vnesl je do chrámu Babylonského, i ty vynesl Cýrus král z chrámu Babylonského, a dány jsou Sesbazarovi, jehož byl vývodou ustanovil.
১৪ঈশ্বৰৰ গৃহৰ যিবোৰ সোণ আৰু ৰূপৰ বস্তু আছিল, সেইবোৰ নবূখদনেচৰে যিৰূচালেমৰ মন্দিৰৰ পৰা বাবিলৰ মন্দিৰলৈ লৈ গৈছিল। সেইবোৰো কোৰচ ৰজাই ঘূৰাই দিছিল। তেওঁ নিযুক্ত কৰা অধ্যক্ষ চেচবচৰক সেইবোৰ পুনৰ গতাই দিয়ে।
15 A poručil mu, řka: Nádoby tyto vezma, odejdi a slož je v chrámě, kterýž jest v Jeruzalémě, a dům Boží ať stavějí na místě jeho.
১৫ৰজাই তেওঁক কৈছিল, ‘এইবোৰ বস্তু লৈ যোৱা আৰু যিৰূচালেমৰ মন্দিৰত ৰাখা। ঈশ্বৰৰ গৃহ সেই ঠাইত পুনৰ নিৰ্ম্মাণ কৰা হওঁক’।
16 Tedy Sesbazar ten přišed, založil grunty domu Božího, kterýž jest v Jeruzalémě, a od toho času až po dnes staví se, a ještě není dokonán.
১৬তাৰ পাছত চেচবচৰে আহি যিৰূচালেমত ঈশ্বৰৰ গৃহৰ ভিত্তিমূল স্থাপন কৰিলে; আৰু এই নিৰ্মাণ কাৰ্য আমি কৰি আছোঁ, কিন্তু এতিয়াও সম্পূৰ্ণ হোৱা নাই।
17 Nyní tedy jestli se za dobré králi vidí, nechť se pohledá mezi poklady královskými, kteříž jsou tam v Babyloně, jest-li tak, že by Cýrus král poručil, aby staven byl dům Boží tento, kterýž jest v Jeruzalémě. Potom vůli královskou nechť nám pošle o té věci.
১৭এতিয়া যদি মহাৰাজৰ দৃষ্টিত ভাল দেখে, তেনেহলে কোৰচ ৰজাই যিৰূচালেমত ঈশ্বৰৰ গৃহ পুনৰ নিৰ্ম্মাণ কৰিবলৈ আজ্ঞা দিয়াৰ কথা বিচাৰ কৰিবলৈ মহাৰাজে বাবিলত থকা ৰাজভঁৰালৰ নথি-পত্রৰ বুজ-বিচাৰ কৰি চাওঁক। তাৰ পাছত মহাৰাজে তেওঁৰ সিদ্ধান্ত আমালৈ লিখি পঠাওঁক।”