< Ezechiel 34 >

1 I stalo se slovo Hospodinovo ke mně, řkoucí:
তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
2 Synu člověčí, prorokuj proti pastýřům Izraelským. Prorokuj a rci jim, těm pastýřům: Takto praví Panovník Hospodin: Běda pastýřům Izraelským, kteříž pasou sami sebe. Zdaliž pastýři nemají stáda pásti?
“হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলৰ মেৰ-ছাগ ৰখীয়াবোৰৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰা! ভাববাণী প্ৰচাৰ কৰি তেওঁলোকক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: “নিজকেই প্ৰতিপালন কৰা ইস্ৰায়েলৰ মেৰ-ছাগ ৰখীয়াবোৰ সন্তাপৰ পাত্ৰ! মেৰ-ছাগ ৰখীয়াবোৰে জানো মেৰ-ছাগবোৰক প্ৰতিপালন কৰিব নালাগে?
3 Tuk jídáte, a vlnou se odíváte, což tučného, zabijíte, stáda však nepasete.
তোমালোকে তেল খোৱা, তোমালোকে নোমেৰে পিন্ধা কাপোৰ কৰি লোৱা! তোমালোকে হৃষ্টপুষ্ট মেৰ-ছাগবোৰ বধ কৰা! কিন্তু জাকক হ’লে তোমালোকে প্ৰতিপালন নকৰা।
4 Neduživých neposilujete, a nemocné nehojíte, a zlámané neuvazujete, a zaplašené zase nepřivodíte, a zahynulé nehledáte, ale přísně a tvrdě panujete nad nimi,
তোমালোকে দুৰ্ব্বলবোৰক সবল নকৰিলা, আৰু কোনোজন যদি ৰোগত আক্রান্ত হৈ আছে তেওঁকো সুস্থ নকৰিলা। যিসকল ভাগি পৰিছে, তেওঁলোকক তুমি একত্রিত নকৰিলা, নাইবা জাতিচ্যুত লোকক পুনৰাই ঘূৰাই নানিল বা হেৰোৱাজনক নিবিচাৰিলা। বৰং বল আৰু উপদ্ৰৱেৰে তোমালোকে তেওঁলোকৰ ওপৰত ৰাজত্ব চলালা।
5 Tak že rozptýleny jsou, nemajíce pastýře, a rozptýleny jsouce, jsou za pokrm všelijaké zvěři polní.
তেতিয়া ৰখীয়া নোহোৱাত তেওঁলোক ছিন্ন-ভিন্ন হ’ল, আৰু ছিন্ন-ভিন্ন হোৱাৰ পাছত তেওঁলোক আটাই বনৰীয়া জন্তুৰ আহাৰ হ’ল।
6 Bloudí stádo mé po všech horách, a na každém pahrbku vysokém, nýbrž po vší země širokosti rozptýleny jsou ovce stáda mého, a není žádného, kdo by se po nich ptal, ani žádného, kdo by jich hledal.
মোৰ মেৰ-ছাগবোৰে পৰ্ব্বতে পৰ্ব্বতে আৰু প্ৰত্যেক ওখ গিৰিৰ ওপৰত ভ্ৰমণ কৰিছে, এনে কি, মোৰ মেৰ-ছাগবোৰ গোটেই পৃথিৱীত ছিন্ন-ভিন্ন হ’ল। তথাপিও তেওঁলোকক চাওঁতা কি বিচাৰোঁতা কোনো নাই।”
7 Protož ó pastýři, slyšte slovo Hospodinovo:
এই হেতুকে হে মেৰ-ছাগ ৰখীয়াবোৰ, যিহোৱাৰ বাক্য শুনা:
8 Živť jsem já, praví Panovník Hospodin, zajisté proto že stádo mé bývá v loupež, a ovce stáda mého bývají k sežrání všelijaké zvěři polní, nemajíce žádného pastýře, aniž se ptají pastýři moji po stádu mém, ale pasou pastýři sami sebe, stáda pak mého nepasou:
প্ৰভু যিহোৱাৰ এইটোৱেই ঘোষণা, “মোৰ জীৱনৰ শপত,” কিয়নো মেৰ-ছাগ ৰখীয়াবোৰে মোৰ মেৰ-ছাগবোৰ নিবিচৰাত আৰু মোৰ মেৰ-ছাগবোৰ প্ৰতিপালন নকৰি নিজকেই প্ৰতিপালন কৰি থকাত, ৰখীয়াসকল নোহোৱা হ’ল, ফলত মোৰ মেৰ-ছাগবোৰ লুটদ্ৰব্য আৰু আটাই বনৰীয়া জন্তুৰ আহাৰ হ’ল।
9 Protož vy pastýři, slyšte slovo Hospodinovo:
এই হেতুকে হে মেৰ-ছাগ ৰখীয়াবোৰ, যিহোৱাৰ ঘোষণা শুনা:
10 Takto praví Panovník Hospodin: Aj, já jsem proti pastýřům těm, a budu vyhledávati stáda mého z ruky jejich, a zastavím jim pasení stáda, aby nepásli více ti pastýři samých sebe. Vytrhnu zajisté ovce své z úst jejich, aby jim nebyly za pokrm.
১০“প্ৰভু যিহোৱাই এই কথা কৈছে, চোৱা! মই মেৰ-ছাগ ৰখীয়াবোৰৰ বিপক্ষ, মই তেওঁলোকৰ হাতৰ পৰা মোৰ মেৰ-ছাগবোৰ আদায় কৰিম। আৰু তেওঁলোকক মেৰ-ছাগ ৰখীয়া বাবৰ পৰা বৰ্খাস্ত কৰিম; মেৰ-ছাগ ৰখীয়াসকলে নিজকেই আৰু প্ৰতিপালন নকৰিব, আৰু মোৰ মেৰ-ছাগবোৰ তেওঁলোকলৈ আহাৰ নহ’বৰ কাৰণে মই তেওঁলোকৰ মুখৰ পৰা মেৰ-ছাগবোৰক উদ্ধাৰ কৰিম।”
11 Nebo takto praví Panovník Hospodin: Aj já, já ptáti se budu po ovcích svých a shledávati je.
১১কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! মই নিজেই মোৰ মেৰ-ছাগবোৰৰ বুজ বিচাৰ ল’ম, আৰু সেইবোৰক বিচাৰি উলিয়াম।
12 Jakož shledává pastýř stádo své tehdáž, když bývá u prostřed ovec svých rozptýlených: tak shledávati budu stádo své, a vytrhnu je ze všech míst, kamž v den oblaku a mrákoty rozptýleny byly.
১২নিজ মেৰ-ছাগবোৰৰ মাজত থকা দিনা মেৰ-ছাগ ৰখীয়াই ছিন্ন-ভিন্ন হোৱা নিজৰ মেৰ-ছাগৰ জাকক বিচাৰি উলিওৱাৰ দৰে, মই মোৰ মেৰ-ছাগৰ জাকক বিচাৰি উলিয়াম; আৰু মেঘে ঢাকি আন্ধাৰ কৰা দিনা, সেইবোৰ ছিন্ন-ভিন্ন হোৱা আটাই ঠাইৰ পৰা মই সেইবোৰক উদ্ধাৰ কৰিম।
13 A vyvedu je z národů, a shromáždím je z zemí, a uvedu je do země jejich, a pásti je budu na horách Izraelských, při potocích i na všech místech k bydlení příhodných v zemi té.
১৩তেতিয়া মই আটাই লোকসকলৰ মাজৰ পৰা তেওঁলোকক উলিয়াই আনিম; আৰু দেশবোৰৰ পৰা সেইবোৰক গোটাই তেওঁলোকক নিজৰ দেশলৈ আনিম। আৰু ইস্ৰায়েলৰ পৰ্ব্বতত, জুৰিবোৰৰ কাষত আৰু বসতিৰ যোগ্য ঠাইবোৰত মই সেইবোৰক চৰাম।
14 Na pastvě dobré pásti je budu, a na horách vysokých Izraelských bude ovčinec jejich. Tamť léhati budou v ovčinci veselém, a pastvou tučnou pásti se budou na horách Izraelských.
১৪মই উত্তম ঘাঁহনিত সেইবোৰক চৰাম; আৰু ইস্ৰায়েলৰ ওখ পৰ্ব্বতৰ ওপৰত সেইবোৰ তেওঁলোকৰ চৰণীয়া ঠাই হ’ব। তেওঁলোকে তাত উত্তম চৰণীয়া ঠাইত শয়ন কৰিব আৰু ইস্ৰায়েলৰ পৰ্ব্বতৰ ওপৰত পুষ্টিকৰ ঘাঁহনিত চৰিব।
15 Já pásti budu stádo své, a já způsobím to, že odpočívati budou, praví Panovník Hospodin.
১৫ময়েই মোৰ মেৰ-ছাগবোৰক চৰাম আৰু মই নিজেই সেইবোৰক শয়ন কৰাম।” এয়ে প্ৰভু যিহোৱাৰ ঘোষণা।
16 Zahynulé hledati budu, a zaplašenou zase přivedu, a polámanou uvíži, a nemocné posilím, tučnou pak a silnou zahladím; nebo je pásti budu v soudu.
১৬“মই হেৰোৱাজনক বিচাৰিম, জাতিচ্যুত কৰাজনক ঘূৰাই আনিম; মই ভাগি পৰাজনৰ ভগা ঠাই বান্ধিম, অসুস্থজনক সবল কৰিম। আৰু মই হৃষ্টপুষ্ট আৰু বলীজনক সংহাৰ কৰিম! আৰু ন্যায়েৰে প্ৰতিপালন কৰিবলৈ তেওঁলোকৰ ৰখীয়া হ’ম!
17 Vy pak, stádo mé, slyšte: Takto praví Panovník Hospodin: Aj, já soudím mezi dobytčetem a dobytčetem, mezi skopci a kozly.
১৭আৰু তোমালোক, হে মোৰ মেৰ-ছাগৰ জাক,” প্ৰভু যিহোৱাই এই কথা কৈছে “চোৱা! তোমালোকৰ বিষয়ে হ’লে, মই এটা এটাকৈ মেৰ-ছাগৰ জাকৰ বিচাৰ কৰিম, মতা মেৰ-ছাগ আৰু মতা ছাগৰ সমানে বিচাৰ কৰিম!
18 Což jest vám málo pastvou dobrou se pásti, že ještě ostatek pastvy vaší pošlapáváte nohama svýma? a učištěnou vodu píti, že ostatek nohama svýma kalíte,
১৮এয়ে তোমালোকৰ মানত সামান্য বিষয় নে, যে, তোমালোকে উত্তম ঘাঁহনিত চৰিছা, আকৌ তোমালোকৰ চৰণীয়াৰ অৱশিষ্ট ঘাঁহখিনি তোমালোকৰ ভৰিৰে গচকিছা, আৰু নিৰ্ম্মল জল পান কৰি, তোমালোকৰ ভৰিৰে অৱশিষ্ট ভাগ ঘোলা কৰিছা?
19 Tak aby ovce mé tím, což vy nohama pošlapáte, se pásti, a kal noh vašich píti musily?
১৯কিন্তু এতিয়া মোৰ মেৰ-ছাগবোৰৰ ৰখীয়াৰ দ্বাৰাই চালিত, মোৰ মেৰ-ছাগবোৰে হ’লে, তোমালোকে তোমালোকৰ ভৰিৰে গচকা ঘাঁহহে খাবলৈ পায়, আৰু তোমালোকৰ ভৰিৰে ঘোলা কৰা পানীহে পান কৰিবলৈ পায়।”
20 Protož takto praví Panovník Hospodin k nim: Aj já, já souditi budu mezi dobytčetem tučným a mezi dobytčetem hubeným,
২০এই হেতুকে প্ৰভু যিহোৱাই তেওঁলোকক এই দৰে কৈছে: “চোৱা! মই, ময়েই হৃষ্টপুষ্ট আৰু ক্ষীণ মেৰ-ছাগবোৰৰ মাজত বিচাৰ কৰিম,
21 Proto že boky i plecemi strkáte, a rohy svými trkáte všecky neduživé, tak že je vyháníte i ven.
২১তোমালোকে দুৰ্ব্বলবোৰক বাহিৰ কৰি ছিন্ন-ভিন্ন নকৰালৈকে, কোৰেৰে আৰু কান্ধেৰে ঠেলা, আৰু শিঙেৰে আটাইকে খোচা!
22 Protož vysvobodím stádo své, aby nebylo více v loupež, a souditi budu mezi dobytčetem a dobytčetem.
২২এই কাৰণে মই মোৰ মেৰ-ছাগৰ জাকক ৰক্ষা কৰিম; তেওঁলোক আৰু লুটদ্ৰব্য নহ’ব। আৰু মই এটা এটাকৈ মেৰ-ছাগৰ জাকৰ বিচাৰ কৰিম!
23 A vzbudím nad nimi pastýře jednoho, kterýž je pásti bude, služebníka svého Davida. Tenť je pásti bude, a ten bude jejich pastýřem.
২৩আৰু মই সেইবোৰৰ ওপৰত এজন মাত্ৰ ৰখীয়া মোৰ দাস দায়ুদক নিযুক্ত কৰিম! তেওঁ সেইবোৰক প্ৰতিপালন কৰিব; তেৱেঁই সেইবোৰক প্ৰতিপালন কৰি সেইবোৰৰ ৰখীয়া হ’ব।
24 Já pak Hospodin budu jejich Bohem, a služebník můj David knížetem u prostřed nich. Já Hospodin mluvil jsem.
২৪কাৰণ মই, যিহোৱাই, মোৰ লোকসকলৰ ঈশ্বৰ হ’ম, আৰু মোৰ দাস তেওঁলোকৰ মাজত অধিপতি হ’ব! ইয়াক মই, যিহোৱাই ঘোষণা কৰিলোঁ!
25 A učině s nimi smlouvu pokoje, způsobím, že přestane zvěř zlá na zemi; i budou bydleti na poušti bezpečně, a spáti i po lesích.
২৫আৰু মই তেওঁলোকৰ লগত এটি শান্তিৰ নিয়ম স্থাপন কৰিম, আৰু দেশৰ পৰা হিংসুক জন্তুবোৰ দূৰ কৰিম; যেন তেওঁলোকে মৰুভূমিত নিৰ্ভয়ে বাস কৰিব, আৰু কাঠনিত টোপনি যাব।
26 K tomu obdařím je i okolí pahrbku svého požehnáním, a ssílati budu déšť časem svým; dešťové požehnání budou bývati;
২৬আৰু মই তেওঁলোকক, আৰু মোৰ পৰ্ব্বতৰ চাৰিওফালে থকা ঠাইবোৰ আশীৰ্ব্বাদ যুক্ত কৰিম আৰু মই উচিত সময়ত বৃষ্টি অনাম, আৰু আশীৰ্ব্বাদযুক্ত বৃষ্টি পৰিব।
27 Tak že vydá dřevo polní ovoce své a země vydá úrodu svou; i budou v zemi své bezpeční, a zvědí, že já jsem Hospodin, když polámi závory jha jejich, a vytrhnu je z ruky těch, jenž je v službu podrobují.
২৭আৰু পথাৰৰ গছে নিজৰ ফল উৎপন্ন কৰিব, পৃথিৱীয়ে নিজৰ শস্য দিব, আৰু তেওঁলোক নিজৰ দেশত নিৰ্ভয়ে থাকিব; তেতিয়া মই যে যিহোৱা, ইয়াকে তেওঁলোকে জানিব, যেতিয়া মই তেওঁলোকৰ যুৱলিৰ শলমাৰি ভাঙি তেওঁলোকক বন্ধীকাম কৰোঁৱাবোৰৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিম।
28 I nebudou více loupeží národům, a zvěř zemská nebude jich žráti, ale bydliti budou bezpečně, aniž jich kdo přestraší.
২৮আৰু তেওঁলোক জাতিবোৰৰ লুটদ্ৰব্য আৰু নহ’ব, বা বনৰীয়া জন্তুবোৰে তেওঁলোকক গ্ৰাস নকৰিব; কিন্তু তেওঁলোকে নিৰাপদে বাস কৰিব, আৰু তেওঁলোকে শংকিত নহ’ব।
29 Nadto vzbudím jim výstřelek k slávě, a nebudou více mříti hladem v té zemi, aniž ponesou více potupy od pohanů.
২৯মই গৌৰৱৰ অৰ্থে তেওঁলোকৰ বাবে এটি পুলি উৎপন্ন কৰিম; তেওঁলোক দেশত আকালৰ দ্বাৰাই আৰু বিনষ্ট নহ’ব, বা জাতিবোৰে দিয়া লাজ তেওঁলোকে আৰু ভোগ নকৰিব।
30 I zvědí, že já Hospodin Bůh jejich jsem s nimi, a oni lid můj, dům Izraelský, praví Panovník Hospodin.
৩০তেতিয়া তেওঁলোকে জানিব যে যিহোৱা তেওঁলোকৰ ঈশ্বৰ, মই তেওঁলোকৰ লগত আছোঁ। তেওঁলোক ইস্ৰায়েলৰ বংশ, মোৰ প্ৰজা!” প্ৰভু যিহোৱাই ইয়াকে ঘোষণা কৰিছে।
31 Vy pak ovce mé, ovce pastvy mé, jste vy lidé, a já Bůh váš, praví Panovník Hospodin.
৩১আৰু প্ৰভু যিহোৱাই কৈছে, কাৰণ তোমালোক মোৰ মেৰ-ছাগ, মোৰ চৰণীয়া পথাৰৰ মেৰ-ছাগ, আৰু মোৰ প্রজা হোৱা! মই তোমালোকৰ ঈশ্বৰ হ’ম!” এয়েই প্রভু যিহোৱাৰ ঘোষণা’।”

< Ezechiel 34 >