< Ester 7 >
1 A tak přišel král i Aman, aby hodovali s Ester královnou.
১তাৰ পাছত ৰজা আৰু হামনে ৰাণী ইষ্টেৰৰ ভোজলৈ গ’ল।
2 I řekl král k Ester opět druhého dne, napiv se vína: Jaká jest žádost tvá, Ester královno? A budeť dáno. Aneb jaká jest prosba tvá? Až do polovice království staneť se.
২দ্বিতীয় দিনা তেওঁলোকে যেতিয়া দ্ৰাক্ষাৰস বাকি দি আছিল, তেতিয়া ৰজাই ইষ্টেৰক পুনৰ সুধিলে, “ৰাণী ইষ্টেৰ, তোমাৰ নিবেদন কি? তাক তোমালৈ কৰা হ’ব। তোমাৰ অনুৰোধ কি? যদি ৰাজ্যৰ আধা অংশও তোমাক লাগে তাক দিয়া হ’ব।”
3 Tedy odpověděla Ester královna a řekla: Jestliže jsem nalezla milost před očima tvýma, ó králi, a jestliže se králi za dobré vidí, nechť mi jest darován život můj k mé žádosti, a národu mému k prosbě mé.
৩তেতিয়া ৰাণী ইষ্টেৰে উত্তৰ দি ক’লে, “মই যদি ৰজাৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ, আৰু যদি আপুনি ভাল দেখে, তেনেহ’লে মোৰ প্ৰাণ মোক দিয়ক। এয়েই মোৰ নিবেদন আৰু মোৰ লোক সকলৰ বাবেও মই এই অনুৰোধ কৰিছোঁ।
4 Nebo prodáni jsme, já i národ můj, abychom zbiti, pomordováni a vyhlazeni byli, ješto kdybychom za služebníky a děvky prodáni byli, mlčela bych, ač by i tak ten nepřítel nijakž nemohl nahraditi králi té škody.
৪কাৰণ মোক আৰু মোৰ স্বজাতীয় লোকসকলক ধ্বংস, বধ, আৰু বিনষ্ট কৰিবৰ বাবে বিক্রী কৰা হৈছে। আমি যদি কেৱল দাস-দাসী হ’বলৈ বেচা গলোহেঁতেন, তেনেহ’লে মই নিজমে থাকিলো হয়; আৰু ৰজাৰ শান্তি ভংগ কৰাৰ একো প্রয়োজন নহলে হয়।”
5 Opět odpovídaje král Asverus, řekl Ester královně: I kdož jest to ten, a kde jest ten, jehož srdce tak jest naduté, aby to činil?
৫তেতিয়া ৰজা অহচবেৰোচে ৰাণী ইষ্টেৰক ক’লে, “তেওঁ কোন হয়? এই কাৰ্য কৰিবলৈ সাহ কৰা জন ক’ত আছে?”
6 I řekla Ester: Muž protivník a nepřítel nejhorší jest Aman tento. Takž Aman zhrozil se před oblíčejem krále a královny.
৬ইষ্টেৰে ক’লে, “সেই দুষ্ট হামনেই বিৰুদ্ধী আৰু শত্ৰু লোক হয়।” তেতিয়া হামনে ৰজা আৰু ৰাণীৰ আগত আতঙ্কিত হ’ল।
7 Tedy král vstal v prchlivosti své od pití vína, a vyšel na zahradu při paláci. Aman pak pozůstal tu, aby prosil za život svůj Estery královny; nebo viděl, že jest o něm zle uloženo od krále.
৭তেতিয়া ৰজাই ক্ৰোধত দ্ৰাক্ষাৰস পান কৰাৰ পৰা উঠি গৈ ৰাজপ্রসাদৰ বাগিছাত সোমাল; কিন্তু ৰজাই যে হামনৰ বিৰুদ্ধে অমঙ্গল স্থিৰ কৰিলে সেই কথা হামনে জানিবলৈ পাই, ৰাণী ইষ্টেৰৰ পৰা নিজৰ প্ৰাণ ভিক্ষা কৰিবলৈ তাতে থাকিল।
8 Potom král navrátil se z zahrady palácu do domu, kdež pil víno, a Aman padl na lůžko, na kterémž seděla Ester. I řekl král: Což ještě násilé učiniti chce královně u mne v domě? A hned jakž slovo to vyšlo z úst krále, tvář Amanovu zakryli.
৮তাৰ পাছত ৰজাই ৰাজপ্রসাদৰ বাগিছাৰ পৰা দ্ৰাক্ষাৰস পান কৰা কোঁঠালিলৈ উভটি আহিল। সেই সময়ত ইষ্টেৰে বহা আসনত হামন পৰি আছিল। ৰজাই ক’লে, “এই ব্যক্তিয়ে মোৰ গৃহত মোৰ সন্মুখত ৰাণীক বলাৎকাৰ কৰিব খুজিছে নেকি? এই কথা ৰজাৰ মুখৰ পৰা ওলোৱাৰ লগে লগে দাসসকলে হামনৰ মুখ ঢাকি ধৰিলে।
9 Mezi tím řekl Charbona, jeden z komorníků, před králem: Aj, ještě šibenice, kterouž připravil Aman Mardocheovi, kterýž mluvil králi k dobrému, stojí při domě Amanově, zvýší padesáti loket. I řekl král: Oběstež ho na ní.
৯পাছত ৰজাৰ পৰিচৰ্যা কৰা হৰ্বোনা নামেৰে এজন নপুংসকে ক’লে, “যি মৰ্দখয়ে ৰজাৰ পক্ষে হিতজনক সম্বাদ দিছিল, তেওঁৰ বাবে হামনে যুগুত কৰা পঞ্চাশ হাত দীঘল ফাঁচি কাঠডাল হামনৰ ঘৰত পোতা আছে।” ৰজাই ক’লে, “সেই কাঠৰ ওপৰতে ইয়াক ফাঁচি দিয়া হওক।”
10 Tedy oběsili Amana na té šibenici, kterouž byl připravil Mardocheovi. A tak prchlivost královská ukojila se.
১০তাতে মৰ্দখয়ৰ বাবে হামনে যুগুত কৰা ফাঁচি কাঠত হামনক ফাঁচি দিয়া হ’ল। তাৰ পাছতহে ৰজাৰ ক্ৰোধ শান্ত হ’ল।