< Efezským 3 >
1 Pro tu příčinu já Pavel ten vězeň Krista Ježíše pro vás pohany,
১এই কাৰণে মই পৌল, আপোনালোক অনা-ইহুদী লোকৰ কাৰণে খ্রীষ্ট যীচুৰ এজন বন্দী।
2 Jestliže však jste slyšeli o milosti Boží, kteréž jest mi uděleno k přisluhování vám,
২আপোনালোকে শুনিছে যে আপোনালোকৰ কাৰণে ঈশ্বৰৰ অনুগ্ৰহৰ কার্যৰ ভাৰ তেওঁ মোক দিলে।
3 Že skrze zjevení oznámil mi tajemství, (jakož jsem prvé psal krátce;
৩ঈশ্বৰে তেওঁৰ সত্যৰ নিগূঢ়-তত্ব মোক জানিবলৈ দিলে। এই বিষয়ে মই আপোনালোকলৈ আগেয়ে অলপ লিখিছিলো।
4 Z čehož můžete, čtouce, porozuměti známosti mé v tajemství Kristovu; )
৪আপোনালোকে সেইবোৰ পঢ়িলে, খ্ৰীষ্ট সম্বন্ধীয় সত্যৰ এই নিগূঢ় তত্বত মোৰ অন্তর্দৃষ্টি বুজিব পাৰিব।
5 Kteréž za jiných věků nebylo známo synům lidským, tak jako nyní zjeveno jest svatým apoštolům jeho a prorokům skrze Ducha,
৫সেই নিগূঢ় তত্ব আত্মাৰ দ্বাৰা এতিয়া যিভাৱে তেওঁৰ পবিত্র ভাৱবাদী আৰু পাঁচনি সকলৰ ওচৰত প্রকাশ কৰা হ’ল, আগৰ যুগৰ ব্যক্তি সকলৰ ওচৰত এই ভাবত জনোৱা হোৱা নাছিল।
6 Že jsou pohané spoludědicové a jednotělní, i spoluúčastníci zaslíbení jeho v Kristu skrze evangelium.
৬সেই নিগূঢ়-তত্ব এই- শুভবার্তাৰ দ্বাৰাই অনা-ইহুদী সকল খ্ৰীষ্ট যীচুত যুক্ত হৈ ইহুদী সকলৰ সৈতে সহ অধিকাৰী, এক শৰীৰৰ সদস্য আৰু প্ৰতিজ্ঞাত সহভাগী হয়।
7 Kteréhož jsem učiněn slouha z daru milosti Boží sobě dané, podlé působení moci jeho.
৭ঈশ্বৰে নিজৰ পৰাক্ৰম কাৰ্য সাধন কৰি মোক যি অনুগ্রহ দিলে, ঈশ্বৰৰ সেই বিশেষ অনুগ্ৰহ দানৰ ফলত শুভবার্তা প্রচাৰ কৰাৰ কাৰণে মই এজন দাস হ’লো।
8 Mně nejmenšímu ze všech svatých dána jest milost ta, abych mezi pohany zvěstoval ta nestihlá bohatství Kristova,
৮ঈশ্বৰৰ পবিত্ৰ লোক সকলৰ মাজত মই অতি নগণ্যতকৈও নগণ্য; তথাপি ঈশ্বৰে মোক এই বৰ দান কৰিলে, যাতে মই খ্রীষ্টত থকা ধাৰণাতীত সম্পদৰ শুভবার্তা অনা-ইহুদী সকলৰ ওচৰলৈ গৈ ঘোষণা কৰোঁ;
9 A vysvětlil všechněm, jaké by bylo obcování tajemství skrytého od věků v Bohu, kterýž všecko stvořil skrze Ježíše Krista, (aiōn )
৯আৰু সকলো বস্তুৰে সৃষ্টিকর্তা ঈশ্বৰৰ নিগূঢ় পৰিকল্পনাৰ কথা সকলোকে জনাওঁ৷ এই নিগূঢ় সত্য পূৰ্ব কালৰে পৰা ঈশ্বৰৰ দ্বাৰা গুপ্ত আছিল। (aiōn )
10 Aby nyní oznámena byla knížatstvu a mocem na nebesích skrze církev rozličná moudrost Boží,
১০ঈশ্বৰৰ ইচ্ছা এই যেন মণ্ডলীৰ যোগেদি স্বর্গীয় স্থানবোৰত আধিপত্য আৰু ক্ষমতা প্রাপ্ত শাসনকৰ্তা সকলৰ ওচৰত ঈশ্বৰৰ জ্ঞান জনোৱা হয়;
11 Podlé předuložení věčného, kteréž uložil v Kristu Ježíši Pánu našem, (aiōn )
১১তাতে তেওঁ আমাৰ খ্রীষ্ট যীচুত নিজৰ অনন্ত কালৰ পৰিকল্পনা অনুসাৰে কার্য কৰিলে। (aiōn )
12 V němž máme smělost a přístup s doufáním skrze víru jeho.
১২খ্রীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই আমি সাহস আৰু দৃঢ় প্ৰত্যয়েৰে সৈতে ঈশ্বৰৰ সন্মুখলৈ আহিব ক্ষমতা পালোঁ।
13 Protož prosím, abyste nehynuli v mých ssouženích pro vás, kteráž jsou sláva vaše.
১৩গতিকে মোৰ নিবেদন এই যে, আপোনালোকৰ কাৰণে মই ক্লেশ ভোগ কৰিছোঁ বাবে আপোনালোক যেন নিৰুৎসাহ নহয়; সেই সকলোবোৰ আপোনালোকৰ গৌৰৱৰ বাবেই হৈছে।
14 Pro tuť příčinu klekám na kolena svá před Otcem Pána našeho Jezukrista,
১৪এই কাৰণে মই পিতৃৰ ওচৰত আঁঠু লৈছোঁ।
15 Z něhož všeliká rodina na nebi i na zemi se jmenuje,
১৫সেই পিতৃৰ পৰাই স্বৰ্গত আৰু পৃথিৱীত থকা প্রত্যেক পৰিয়ালে নাম পাইছে; তেওঁৰ পৰাই সকলো প্রাণীক সৃষ্টি কৰা হৈছে।
16 Aby vám dal, podlé bohatství slávy své, mocí posilněnu býti skrze Ducha svého na vnitřním člověku,
১৬ঈশ্বৰে নিজৰ প্ৰতাপৰ ধন অনুসাৰে এনে শক্তি আপোনালোকক দান কৰক যাতে, তেওঁৰ আত্মাৰ দ্বাৰাই আপোনালোকৰ আন্তৰিক পুৰুষ শক্তিশালী হয়।
17 Aby Kristus skrze víru přebýval v srdcích vašich,
১৭বিশ্বাসৰ দ্বাৰাই আপোনালোকৰ হৃদয়বোৰত খ্ৰীষ্ট নিবাস কৰক, যাতে আপোনালোক তেওঁৰ প্রেমৰ ভিত্তিমূলত শিপা ধৰি সুদৃঢ় হয়।
18 Abyste v lásce vkořeněni a založeni jsouce, mohli stihnouti se všechněmi svatými, kteraká by byla širokost, a dlouhost, a hlubokost, a vysokost,
১৮তাতে আপোনালোক আৰু ঈশ্বৰৰ সকলো পবিত্র লোক সকলে যেন খ্রীষ্টৰ প্রেমৰ গভীৰতা, উচ্চতা, দৈর্ঘ্যতা আৰু বিস্তাৰতা বুজি পাব পাৰে।
19 A poznati přenesmírnou lásku Kristovu, abyste naplněni byli ve všelikou plnost Boží.
১৯খ্রীষ্টৰ অদ্বিতীয় মহান প্রেম যেন আপোনালোকে উপলদ্ধি কৰিব পাৰে, তাতে ঈশ্বৰৰ সকলো পৰিপূর্ণতাৰে আপোনালোক পূর্ণ হব।
20 Tomu pak, kterýž mocen jest nade všecko učiniti mnohem hojněji, než my prosíme aneb rozumíme, podlé moci té, kterouž dělá v nás,
২০আমাৰ হৃদয়ত ঈশ্বৰৰ যি শক্তিয়ে কার্য কৰে, তেওঁ সেই শক্তি অনুসাৰে আমি যি যাচনা কৰোঁ বা চিন্তা কৰোঁ, তাতকৈও অধিক বেচি কৰিব পাৰে।
21 Tomu buď sláva v církvi skrze Krista Ježíše po všecky věky věků. Amen. (aiōn )
২১মণ্ডলীত আৰু খ্ৰীষ্ট যীচুত যুগে যুগে সদাসর্ব্বদায় তেওঁৰেই মহিমা হওক। আমেন। (aiōn )