< 5 Mojžišova 9 >
1 Slyš, Izraeli, ty přejdeš dnes přes Jordán, abys vejda, dědičně vládl národy většími a silnějšími, než jsi ty, městy velikými a ohrazenými až k nebi,
১হে ইস্ৰায়েলীয়াসকল শুনক; যি সকলো জাতি আপোনালোকতকৈ বৃহৎ আৰু শক্তিশালী, আপোনালোকে এতিয়া তেওঁলোকৰ আকাশলঙ্ঘা দেৱালেৰে আবৃত বৃহৎ নগৰবোৰ অধিকাৰ কৰিবৰ কাৰণে যৰ্দ্দন নদী পাৰ হ’বলৈ গৈ আছে।
2 Lidem velikým a vysokým, syny Enakovými, o kterýchž víš, a o kterýchž jsi slyšel praviti: Kdo se postaví proti synům Enakovým?
২সেই ঠাইৰ লোকসকল অনাকীয়। তেওঁলোক শক্তিশালী আৰু ওখ। আপোনালোকে অনাকীয়াসকলৰ বিষয়ে জানে। তেওঁলোকৰ বিষয়ে এইবুলি কোৱা আপোনালোকে শুনিছিল যে, “অনাকীয় সন্তান সকলৰ আগত থিয় হ’ব পৰা কোন লোক আছে?”
3 Protož věziž dnes, že Hospodin Bůh tvůj, kterýž jde před tebou, jest jako oheň spalující. On vyhladí je, a on sníží je před tebou; i vyženeš je a vyhladíš je rychle, jakož mluvil tobě Hospodin.
৩কিন্তু আজি আপোনালোকে এই কথা জানি ৰাখক যে, আপোনালোকৰ ঈশ্বৰ যিহোৱা গ্ৰাসকাৰী অগ্নিৰ নিচিনাকৈ আপোনালোকৰ আগে আগে যাওঁতা; তেওঁ তেওঁলোকক ধ্বংস কৰি দিব; তেঁৱেই আপোনালোকৰ সন্মুখত তেওঁলোকক তল কৰিব। আপোনালোকৰ ওচৰত যিহোৱাই যি আশ্বাস দিছিল সেই অনুসাৰে আপোনালোকে তেওঁলোকক খেদি পঠিয়াব আৰু মূহূর্ততে তেওঁলোকক বিনষ্ট কৰিব।
4 Neříkejž v srdci svém, když by je zapudil Hospodin Bůh tvůj od tváři tvé, řka: Pro spravedlnost mou uvedl mne Hospodin, abych dědičně obdržel zemi tuto, tak jako pro bezbožnost národů těch Hospodin vyhnal je od tváři tvé.
৪আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ সন্মুখৰ পৰা তেওঁলোকক খেদাই পঠোৱাৰ পাছত আপোনালোকৰ কোনেও যেন মনতে এনে কথা নকয়, মোৰ ধাৰ্মিকতাৰ কাৰণেই যিহোৱাই মোক এই দেশ অধিকাৰ কৰিবলৈ লৈ আনিছে।’ আচলতে এইসকলো জাতিৰ লোকসকলৰ দুষ্টতাৰ কাৰণেই যিহোৱাই আপোনালোকৰ সন্মুখৰ পৰা তেওঁলোকক খেদাই পঠাব।
5 Ne pro spravedlnost svou a pravost srdce svého ty jdeš, abys dědičně obdržel zemi jejich, ale pro bezbožnost národů těch Hospodin Bůh tvůj vyhání je od tváři tvé, a aby splnil slovo, kteréž s přísahou zaslíbil otcům tvým, Abrahamovi, Izákovi a Jákobovi.
৫আপোনালোকৰ ধাৰ্মিকতা বা অন্তৰৰ সততাৰ কাৰণেই যে আপোনালোকে তেওঁলোকৰ দেশ অধিকাৰ কৰিবলৈ গৈছে, সেয়ে নহয়, বৰং এই জাতিবোৰৰ দুষ্টতাৰ কাৰণেহে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ সন্মুখৰ পৰা তেওঁলোকক খেদাব যাতে আপোনালোকৰ তেওঁ আপোনালোকৰ পূর্বপুৰুষ অব্ৰাহাম, ইচহাক আৰু যাকোবৰ ওচৰত যি প্রতিজ্ঞা কৰিছিল, তাক পূর্ণ কৰিব পাৰে।
6 Protož věziž, že ne pro spravedlnost tvou Hospodin Bůh tvůj dává tobě zemi tu výbornou, abys dědičně držel ji, poněvadž jsi lid tvrdé šíje.
৬এই হেতুকে আপোনালোকে জানিব যে, আপোনালোকৰ ধাৰ্মিকতাৰ বাবেই যে ঈশ্বৰ যিহোৱাই এই উত্তম দেশ আপোনালোকৰ অধিকাৰৰ অৰ্থে দিছে, সেয়ে নহয়; কিয়নো আপোনালোক এক ঠৰডিঙীয়া জাতি।
7 Pamatujž a nezapomínej, že jsi k hněvu popouzel Hospodina Boha svého na poušti; hned od toho dne, když jsi vyšel z země Egyptské, až jste přišli na místo toto, odporni jste byli Hospodinu.
৭আপোনালোকে মৰুভূমিত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ কেনেদৰে ক্রোধ জগাই তুলিছিল, তাক মনত ৰাখক, কেতিয়াও পাহৰি নাযাব। মিচৰ দেশ এৰি অহা দিনৰে পৰা আৰম্ভ কৰি এই ঠাই পোৱালৈকে আপোনালোকে যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰি আহিছে।
8 Také i na Orébě popudili jste k hněvu Hospodina, a rozhněval se na vás Hospodin, aby vás shladil.
৮হোৰেবতো আপোনালোকে যিহোৱাৰ ক্ৰোধ জন্মাইছিল; তাতে যিহোৱাই আপোনালোকৰ ওপৰত ক্ৰোধিত হৈ আপোনালোকক ধ্বংস কৰিব খুজিছিল।
9 Když jsem vstoupil na horu, abych vzal dsky kamenné, dsky smlouvy, kterouž učinil s vámi Hospodin, tehdáž jsem trval na hoře čtyřidceti dní a čtyřidceti nocí, chleba nejeda a vody nepije.
৯যি সময়ত যিহোৱাই আপোনালোকৰ সৈতে স্থাপন কৰা নিয়ম লিখা শিলৰ ফলি দুখন গ্রহণ কৰিবলৈ মই পর্বতলৈ উঠি গৈ চল্লিশ দিন আৰু চল্লিশ ৰাতি সেই ঠাইতে আছিলোঁ। তেতিয়া মই আহাৰ কি পানী নোখোৱাকৈয়ে আছিলোঁ।
10 I dal mi Hospodin dvě dsky kamenné, psané prstem Božím, na nichž byla všecka ta slova, kteráž mluvil vám Hospodin na hoře z prostředku ohně v den shromáždění.
১০যিহোৱাই নিজৰ আঙুলিৰে লিখা এনে দুখন শিলৰ ফলি মোক দিলে; যিদিনা আপোনালোক সকলোৱে যিহোৱাৰ সন্মুখত গোট খাইছিল, সেইদিনা তেওঁ পাহাৰৰ ওপৰত জুইৰ মাজৰ পৰা আপোনালোকক যি যি আজ্ঞা ঘোষণা কৰিছিল, সেইবোৰ সেই ফলি দুখনত লিখা আছিল।
11 Po skonání pak čtyřidceti dnů a čtyřidceti nocí dal mi Hospodin dvě dsky kamenné, dsky smlouvy.
১১সেই চল্লিশ দিন আৰু চল্লিশ ৰাতিৰ শেষত যিহোৱাই মোক এই শিলৰ ফলি দুখন দিছিল।
12 I řekl mi Hospodin: Vstana, sstup rychle odsud, nebo poškvrnil se lid tvůj, kterýž jsi vyvedl z Egypta; sešli brzy s cesty, kterouž jsem jim přikázal, a učinili sobě slitinu.
১২যিহোৱাই মোক কৈছিল, “উঠা, তুমি শীঘ্রেই এই ঠাইৰ পৰা তললৈ নামি যোৱা; কিয়নো তুমি তোমাৰ যি লোকসকলক মিচৰ দেশৰ পৰা উলিয়াই আনিলা, তেওঁলোক ভ্ৰষ্ট হৈছে। মই আজ্ঞা কৰা পথ এৰি তেওঁলোকে নিজৰ কাৰণে সাঁচত ঢলা এটা মূৰ্ত্তি নিৰ্ম্মাণ কৰি লৈছে।”
13 Mluvil také Hospodin ke mně, řka: Viděl jsem lid ten, a jistě lid tvrdošijný jest.
১৩যিহোৱাই মোক পুনৰ কৈছিল, “মই এই লোকসকললৈ চাই দেখিলোঁ, তেওঁলোক এক ঠৰডিঙীয়া জাতি।
14 Pusť mne, ať je setru, a zahladím jméno jejich pod nebem, tebe pak učiním v národ větší a silnější, nežli jest tento.
১৪তুমি মোক বাধা নিদিবা; মই তেওঁলোকক বিনষ্ট কৰিম আৰু আকাশৰ তলৰ পৰা তেওঁলোকৰ নাম লুপ্ত কৰিম; তাৰ পাছত তোমাৰ পৰাই মই এক শক্তিশালী আৰু মহান জাতি সৃষ্টি কৰিম।”
15 Tedy obrátiv se, sstoupil jsem s hory, (hora pak hořela ohněm), dvě dsky smlouvy maje v obou rukou svých.
১৫সেয়ে মই পৰ্বতৰ পৰা উলটি তললৈ নামি আহিলোঁ; তেতিয়াও পৰ্বতত জুই জ্বলি আছিল আৰু মোৰ দুখন হাতত নিয়ম লিখা দুখন ফলি আছিল।
16 Když jsem pak pohleděl a uzřel jsem, že jste zhřešili Hospodinu Bohu vašemu, udělavše sobě tele lité, (brzy jste byli sešli s cesty, kterouž přikázal vám Hospodin):
১৬তাৰ পাছত মই দেখিলোঁ, আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে পাপ কৰি পূজাৰ অর্থে আপোনালোকে সাঁচত ঢলা এটা দামুৰি নিৰ্ম্মাণ কৰিলে; যিহোৱাই আপোনালোকক যি পথত চলিবলৈ আজ্ঞা দিছিল, মুহূর্ততে আপোনালোকে সেই পথৰ পৰা আঁতৰি গৈছিল।
17 Pochytiv ty dvě dsky, povrhl jsem je z obou rukou svých, a polámal jsem je před očima vašima.
১৭তাতে মই সেই ফলি দুখন মোৰ হাতৰ পৰা দলিয়াই পেলাই দিছিলোঁ; আপোনালোকৰ চকুৰ আগতে সেই দুখন ভাঙি পেলাইছিলোঁ।
18 A padna, ležel jsem před Hospodinem jako i prvé, čtyřidceti dní a čtyřidceti nocí, chleba nejeda a vody nepije, pro všecky hříchy vaše, kterýmiž jste byli zhřešili, činíce to, což zlého jest před očima Hospodinovýma, a popouzejíce jeho.
১৮যিহোৱাৰ দৃষ্টিত যি বেয়া, এনে সকলো পাপ কৰি আপোনালোকে তেওঁৰ ক্রোধ জগাই তুলিছিল বাবে মই পুনৰ যিহোৱাৰ সন্মুখত পূর্বৰদৰে চল্লিশ দিন চল্লিশ ৰাতি উবুৰি হৈ পৰিছিলোঁ; আহাৰ-পানী একো নোখোৱাকৈ আছিলোঁ।
19 Nebo bál jsem se prchlivosti a hněvu, kterýmž se byl popudil Hospodin proti vám, aby zahladil vás, a uslyšel mne Hospodin i tehdáž.
১৯যিহোৱাৰ প্রচণ্ড ক্রোধত মই ভয় খাইছিলো; কিয়নো, আপোনালোকক বিনষ্ট কৰিবলৈ তেওঁ আপোনালোকৰ বিৰুদ্ধে ক্রোধিত হৈ পৰিছিল। কিন্তু সেই সময়তো যিহোৱাই মোৰ নিবেদন শুনিছিল।
20 Na Arona též rozhněval se byl Hospodin náramně, tak že ho zahladiti chtěl; tedy modlil jsem se také za Arona téhož času.
২০ধ্বংস কৰি পেলাব পৰাকৈ যিহোৱা হাৰুণৰ ওপৰতো অতিশয় ক্রুদ্ধ হৈছিল; মই তেতিয়া হাৰোণৰ নিমিত্তেও প্ৰাৰ্থনা কৰিছিলোঁ।
21 Hřích pak váš, kterýž jste byli učinili, totiž tele, vzav, spálil jsem je ohněm a zdrobil jsem je, tluka je dobře, dokudž nebylo setříno na prach. Potom vsypal jsem prach jeho do potoka, kterýž tekl s té hory.
২১মই আপোনালোকৰ পাপ, অৰ্থাৎ আপোনালোকে নিৰ্ম্মাণ কৰা দামুৰিটো জুইত পুৰি দিছিলোঁ। তাৰ পাছত মই তাক ধুলিৰ নিচিনাকৈ গুড়ি কৰি পৰ্বতৰ পৰা বৈ অহা নদীৰ সোঁতত ধুলিবোৰ পেলাই দিছিলোঁ।
22 Ano i v Tabbera a v Massah a v Kibrot Hattáve popouzeli jste Hospodina k hněvu.
২২ইয়াৰ পাছত, তবিয়েৰাত, মচ্ছাত আৰু কিব্ৰোৎ-হত্তাবাত আপোনালোকে যিহোৱাক ক্ৰোধ জগাই তুলিছিল।
23 A když vás poslal Hospodin z Kádesbarne, řka: Vstupte a opanujte zemi tu, kterouž jsem vám dal, odporni jste byli řeči Hospodina Boha svého, a nevěřili jste jemu, aniž jste uposlechli hlasu jeho.
২৩তাৰ পাছত, যিহোৱাই কাদেচ-বৰ্ণেয়াৰ পৰা আপোনালোকক পঠোৱাৰ সময়ত ক’লে, “তোমালোক উঠি যোৱা, মই তোমালোকক যি দেশ দিছো তোমালোকে তাক অধিকাৰ কৰা।” কিন্তু সেই সময়ত আপোনালোকে নিজ ঈশ্বৰ যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধে বিদ্রোহ কৰিলে। আপোনালোকে তেওঁক বিশ্বাসো নকৰিলে আৰু তেওঁৰ কথালৈ কাণষাৰ নিদিলে।
24 Odporni jste byli Hospodinu od toho dne, jakž jsem vás poznal.
২৪মই যেতিয়াৰে পৰা আপোনালোকক জানিছোঁ, তেতিয়াৰে পৰা আপোনালোক সকলো সময়তে যিহোৱাৰ অবাধ্য হৈছে।
25 A padna, ležel jsem před Hospodinem čtyřidceti dní a čtyřidceti nocí, v nichž jsem rozprostíral se; nebo řekl Hospodin, že vás chce zahladiti.
২৫যিহোৱাই আপোনালোকক ধ্বংস কৰিম বুলি কোৱাৰ কাৰণে মই যিহোৱাৰ আগত চল্লিশ দিন আৰু ৰাতি উবুৰি হৈ পৰি আছিলোঁ।
26 I modlil jsem se Hospodinu, řka: Panovníče Hospodine, nezatracujž lidu svého, a to dědictví svého, kteréž jsi vykoupil velikomocností svou, kteréž jsi vyvedl z Egypta v ruce silné.
২৬মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি কৈছিলোঁ, “হে মোৰ প্ৰভু যিহোৱা, তুমি তোমাৰ লোকসকলক ধ্বংস কৰি নেপেলাবা। তেওঁলোক তোমাৰেই; নিজ মহিমাৰে মুক্ত কৰি, তোমাৰ ক্ষমতাশালী হাতেৰে মিচৰৰ পৰা উলিয়াই অনা তোমাৰ উত্তৰাধিকাৰী লোকসকলক ধ্বংস নকৰিবা।
27 Rozpomeniž se na služebníky své, Abrahama, Izáka a Jákoba; nepatřiž na tvrdost lidu tohoto, na bezbožnost jeho a na hříchy jeho,
২৭তোমাৰ দাস অব্ৰাহাম, ইচহাক, আৰু যাকোবক সোঁৱৰণ কৰা; এই লোকসকলৰ ঠৰডিঙীয়া স্বভাৱ, দুষ্টতা আৰু পাপলৈ দৃষ্টি নকৰিবা;
28 Aby neřekli obyvatelé země té, z níž jsi nás vyvedl: Proto že nemohl Hospodin uvésti jich do země, kterouž zaslíbil jim, aneb že je měl v nenávisti, vyvedl je, aby je pobil na poušti.
২৮কৰিলে, তুমি আমাক যি দেশৰ পৰা উলিয়াই আনিলা, সেই দেশৰ লোকসকলে ক’ব, ‘যিহোৱাই তেওঁলোকক যি দেশ দিম বুলি প্ৰতিজ্ঞা কৰিছিল, সেই দেশলৈ নিবলৈ অসমর্থ হোৱাৰ কাৰণে আৰু তেওঁলোকক ঘিণ কৰাৰ কাৰণে তেওঁ মৰুপ্রান্তৰত তেওঁলোকক বধ কৰিবলৈ উলিয়াই আনিলে।’
29 Však oni jsou lid tvůj a dědictví tvé, kteréž jsi vyvedl v síle své veliké a v rameni svém vztaženém.
২৯কিন্তু তথাপিও তেওঁলোক তোমাৰেই লোক আৰু আধিপত্য, যাক তুমি তোমাৰ পৰাক্রমী শক্তিৰ দ্বাৰা আৰু তোমাৰ ক্ষমতাৰ প্রর্দশনেৰে উলিয়াই আনিছিলা।”