< 5 Mojžišova 7 >

1 Když pak tebe uvede Hospodin Bůh tvůj do země, do kteréž ty již vcházíš, abys vládl jí, a vypléní národy mnohé od tváři tvé, Hetea, Gergezea, Amorea, Kananea, Ferezea, Hevea a Jebuzea, sedm národů větších a silnějších, nežli jsi ty,
আমাৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ অধিকাৰ কৰিবলৈ উলিয়াই আনিলে, সেই দেশত আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক লৈ যাব আৰু অনেক জাতিক আপোনালোকৰ সন্মুখৰ পৰা দূৰ কৰিব। এই জাতিবোৰ হ’ল হিত্তীয়া, গিৰ্গাচীয়া, ইমোৰীয়া, কনানীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া। এই সাতটা জাতি আপোনালোকতকৈ বৃহৎ আৰু শক্তিশালী।
2 A dá je Hospodin Bůh tvůj tobě, abys je pobil: jako proklaté vypléníš je, nevejdeš s nimi v smlouvu, aniž slituješ se nad nimi.
তেওঁ যেতিয়া যুদ্ধত তেওঁলোকক আপোনালোকৰ হাতত আনি দিব আৰু আপোনালোকক বিজয়ী কৰিব, তেতিয়া আপোনালোকে তেওঁলোকক সমূলে ধ্বংস কৰি পেলাব। তেওঁলোকৰ সৈতে কোনো সন্ধি নকৰিব আৰু তেওঁলোকক দয়া নেদেখুৱাব;
3 Nikoli nespřízníš se s nimi; dcery své nedáš synu jejich, a dcery jejich nevezmeš synu svému.
নাইবা তেওঁলোকৰ সৈতে বিবাহৰ সম্বন্ধ স্থাপন নকৰিব; আপোনালোকৰ ছোৱালীবোৰক তেওঁলোকৰ পুতেকলৈ বিয়া নিদিব, আৰু নিজৰ ল’ৰাৰ কাৰণেও তেওঁলোকৰ ছোৱালীক বিয়া কৰাই নানিব।
4 Neboť by odvedla syna tvého od následování mne, a sloužili by bohům cizím, pročež popudila by se prchlivost Hospodinova na vás, a zahladila by tě rychle.
কিয়নো সেই ছোৱালীবোৰে আপোনালোকৰ ল’ৰাবোৰক মোক অনুসৰণ কৰাৰ পৰা আঁতৰাই নিব আৰু আন দেৱ-দেৱীৰ সেৱা পূজা কৰাব; সেয়ে হ’লে, আপোনালোকলৈ যিহোৱাৰ ক্ৰোধ প্ৰজ্বলিত হ’ব, আৰু তেওঁ আপোনালোকক শীঘ্ৰে বিনষ্ট কৰিব।
5 Ale raději toto jim učiňte: Oltáře jejich zbořte, modly jejich stroskotejte, háje také posekejte, a rytiny jejich ohněm spalte.
বৰং আপোনালোকে তেওঁলোকলৈ এই ব্যৱহাৰ কৰিব; তেওঁলোকৰ যজ্ঞ-বেদীবোৰ ভাঙি পেলাব, তেওঁলোকৰ পূজাৰ স্তম্ভবোৰ ডোখৰ ডোখৰ কৰিব, আচেৰা মূৰ্ত্তিবোৰ কাটি পেলাব, আৰু কটা প্ৰতিমাবোৰ জুইত পুৰি পেলাব।
6 Nebo ty lid svatý jsi Hospodinu Bohu svému; tebe vyvolil Hospodin Bůh tvůj, abys jemu byl lidem zvláštním, mimo všecky národy, kteříž jsou na zemi.
কিয়নো আপোনালোক নিজ ঈশ্বৰ যিহোৱাৰ পবিত্ৰ লোক; পৃথিবীত থকা সকলো জাতিৰ মাজৰ পৰা, নিজৰ এক বিশেষ জাতি হ’বলৈ, আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোককহে মনোনীত কৰি আনিলে।
7 Ne proto, že by vás více bylo nad jiné národy, připojil se k vám Hospodin, a vyvolil vás, (nebo menší vás počet byl nežli jiných národů, )
আন সকলো জাতিতকৈ আপোনালোক লেখত অধিক বুলি যে যিহোৱাই আপোনালোকক স্নেহ কৰিলে বা মনোনীত কৰিলে, এনে নহয়; কিয়নো আন সকলো জাতিৰ তুলনাত আপোনালোক লেখত তাকৰহে আছিল।
8 Ale proto, že miloval vás Hospodin, a splniti chtěl přísahu, kterouž přisáhl otcům vašim, vyvedl vás v ruce silné, a vysvobodil vás z domu služby, z ruky Faraona, krále Egyptského.
কিন্তু যিহোৱাই আপোনালোকক প্ৰেম কৰে, আৰু আপোনালোকৰ পূর্ব-পুৰুষসকলৰ ওচৰত তেওঁ যি শপত কৰিছিল, তাক ৰক্ষা কৰিবৰ কাৰণে তেওঁ ইয়াক কৰিলে। সেইবাবেই তেওঁ এক ক্ষমতাশালী হাতেৰে আপোনালোকক বাহিৰ কৰি আনিলে আৰু মিচৰৰ ৰজা ফৰৌণৰ অধীনত দাসত্বৰ বন্ধনগৃহৰ পৰা উদ্ধাৰ কৰিলে।
9 I zvíš, že Hospodin Bůh tvůj jest Bůh, Bůh silný a pravdomluvný, ostříhající smlouvy a milosrdenství těm, kteříž ho milují a ostříhají přikázaní jeho, až do tisícího kolena,
এতেকে আপোনালোকে জানিব যে, ঈশ্বৰ যিহোৱাই আপোনাৰ ঈশ্বৰ; তেওঁক প্ৰেম কৰা আৰু তেওঁৰ আজ্ঞা পালন কৰাসকলৰ পক্ষে তেওঁ হাজাৰ হাজাৰ পুৰুষলৈকে দয়া আৰু নিয়মটি ৰক্ষা কৰোঁতা বিশ্বস্ত ঈশ্বৰ;
10 Odplacující tomu, kterýž ho nenávidí, v tvář jeho, tak aby zahladil jej. Nebudeť prodlévati; kdož ho nenávidí, v tvář jeho odplatí jemu.
১০কিন্তু তেওঁক ঘিণ কৰাসকলক বিনষ্ট কৰি তেওঁ তেওঁলোকক প্ৰতিফল দিয়ে; তেওঁক ঘিণ কৰা লোকলৈ তেনে কৰাত তেওঁ পলম নকৰে; যিহোৱাই তেওঁৰ সাক্ষাতেই তেওঁলোকক প্ৰতিফল দিব।
11 Protož ostříhej přikázaní a ustanovení i soudů, kteréž já tobě dnes přikazuji, abys je činil.
১১এই হেতুকে, মই আজি আপোনালোকক যি সকলো আজ্ঞা, বিধি, আৰু শাসন-প্ৰণালী দিছো, সেই সকলোকে মানি চলি সেইদৰে কাৰ্য কৰিব।
12 I budeť to, že když poslouchati budete soudů těchto a ostříhati i činiti je, také Hospodin Bůh tvůj ostříhati bude tobě smlouvy a milosrdenství, kteréž s přísahou zaslíbil otcům tvým.
১২যদি আপোনালোকে এই সকলো নিয়মবোৰলৈ মনোযোগ দিয়ে আৰু সেইবোৰ যত্নেৰে পালন কৰি সেই মতে কাৰ্য কৰে, তেন্তে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ পূর্ব-পুৰুষসকলৰ ওচৰত যি প্রতিজ্ঞা কৰিছিল, সেই অনুসাৰে আপোনালোকৰ কাৰণে তেওঁ যি নিয়ম স্থাপন কৰিলে, তাক বিশ্বস্ততাৰে ৰক্ষা কৰিব।
13 A bude tě milovati, i požehná tobě a rozmnoží tebe. Nebo požehná plodu života tvého a úrodám země tvé, obilí tvému, vínu tvému a oleji tvému, plodu skotů tvých i stádům bravů tvých v zemi, kterouž s přísahou zaslíbil otcům tvým, že ji tobě dá.
১৩তেওঁ আপোনালোকক প্ৰেম কৰিব, আশীৰ্ব্বাদ কৰিব আৰু আপোনালোকৰ সংখ্যা বৃদ্ধি কৰিব; যি দেশ দিম বুলি আপোনালোকৰ পূর্ব-পুৰুষসকলৰ আগত তেওঁ শপত কৰিছিল, সেই দেশত আপোনালোকৰ গৰ্ভফল, খেতিৰ ফল, শস্য, নতুন দ্ৰাক্ষাৰস, তেল, আপোনালোকৰ পশুবোৰৰ লগতে মেৰ আৰু ছাগলী পোৱালীৰ সংখ্যা বৃদ্ধি আদি সকলোতে তেওঁ আশীৰ্ব্বাদ কৰিব।
14 Požehnaný budeš nad všecky národy; nebude u tebe neplodný aneb neplodná, ani mezi hovady tvými.
১৪সকলো জাতিতকৈ আপোনালোকে অধিকগুণে আশীৰ্ব্বাদ পাব আৰু আপোনালোকৰ মাজত কোনো পুৰুষেই সন্তানহীন নহ’ব বা মহিলা সকলো বন্ধ্যা নহ’ব। ল’ৰা সন্তান সকল আৰু জাকৰ পশুবোৰৰ পোৱালি নোহোৱাকৈ নাথাকিব।
15 Vzdálí také od tebe Hospodin všeliký neduh, a všecky zlé nemoci Egyptské, kteréž znáš; nevzloží jich na tebe, ale vzloží je na všecky, kteříž tě nenávidí.
১৫যিহোৱাই আপোনালোকৰ মাজৰ পৰা সকলো ৰোগ দূৰ কৰিব; মিচৰত যি সকলো বিষম ৰোগ আপোনালোকে দেখিলে, সেইবোৰ তেওঁ আপোনালোকৰ ওপৰত নিদিব, কিন্তু আপোনালোকক ঘিণ কৰোঁতা সকলৰ ওপৰতহে দিব।
16 A shladíš všecky národy, kteréž Hospodin Bůh tvůj dá tobě. Neslituje se nad nimi oko tvé, aniž sloužiti budeš bohům jejich, nebo to bylo by tobě osídlem.
১৬আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ হাতত যি সকলো জাতিক শোধাই দি জয়যুক্ত দিব, আপোনালোকে তেওঁলোক সকলোকে গ্ৰাস কৰিব; তেওঁলোকলৈ আপোনালোকে কৃপা-দৃষ্টি নাৰাখিব; তেওঁলোকৰ দেৱতাবোৰক সেৱা-পূজাও নকৰিব, কিয়নো সেয়া আপোনালোকলৈ এক ফান্দস্বৰূপ হ’ব।
17 Řekl-li bys v srdci svém: Větší jsou národové tito nežli já, kterak budu moci vyhnati je?
১৭আপোনালোকে যদি নিজৰ মনতে ক’য়, যে, “এই জাতি সমূহ আমাতকৈ সংখ্যাত অধিক, আমি কেনেকৈ তেওঁলোকক উৎখাত কৰিম?”
18 Neboj se jich, ale pilně pamatuj na to, co učinil Hospodin Bůh tvůj Faraonovi a všechněm Egyptským,
১৮কিন্তু আপোনালোকে তেওঁলোকলৈ ভয় নকৰিব; আপোনালোকৰ ঈশ্বৰ যিহোৱাই ফৰৌণ আৰু গোটেই মিচৰ দেশলৈ যি যি কৰিছিল, তাক সোঁৱৰণ কৰিব।
19 Na pokušení veliká, kteráž viděly oči tvé, i znamení a zázraky, a ruku silnou a rámě vztažené, v kterémž vyvedl tě Hospodin Bůh tvůj. Takť učiní Hospodin Bůh tvůj všechněm národům, kterýchž bys se obával.
১৯আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি সকলো দুখ-কষ্ট, অদ্ভুত চিন, আচৰিত কার্য, শক্তিশালী আৰু ক্ষমতাশালী হাতৰ প্রদর্শনৰ দ্বাৰা আপোনালোকক বাহিৰ কৰি আনিছিল, তাক আপোনালোকে নিজ চকুৰে দেখিছিল। আপোনালোকে এতিয়া যি জাতিবোৰক দেখি ভয় খাইছে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোকলৈকো সেইদৰে কৰিব।
20 Nadto sršně pošle Hospodin Bůh tvůj na ně, dokudž by nezhynuli, kteříž by pozůstali, a kteříž by se skryli před tebou.
২০ইয়াৰ বাহিৰেও, যিসকল অৱশিষ্ট লোক আপোনালোকৰ পৰা লুকাই থাকিব, তেওঁলোক বিনষ্ট নহয় মানে আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোকৰ মাজলৈ কোদো পঠাই দিব।
21 Nelekejž se strachu jejich, nebo Hospodin Bůh tvůj jest u prostřed tebe, Bůh silný, veliký a hrozný.
২১আপোনালোকে তেওঁলোকক ভয় নকৰিব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা যিজন মহান আৰু ভয়ঙ্কৰ ঈশ্বৰ তেওঁ আপোনালোকৰ মাজত আছে।
22 I vypléní Hospodin Bůh tvůj národy ty od tváři tvé pomalu; nebudeš moci pojednou jich shladiti, aby se nerozmnožila proti tobě zvěř polní.
২২আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ আগৰ পৰা সেই জাতিবোৰক ক্ৰমে ক্ৰমে দূৰ কৰিব; তেওঁলোক সকলোকে আপোনালোকে একেলগে পৰাস্ত নকৰিব, কাৰণ তেনে কৰিলে আপোনালোকৰ চাৰিওফালৰ বনৰীয়া জন্তুবোৰৰ সংখ্যা বাঢ়ি যাব।
23 A však dá je Hospodin Bůh tvůj tobě, a setře je setřením velikým, dokudž nebudou vyhlazeni.
২৩কিন্তু ঈশ্বৰ যিহোৱাই ভীষণ বিশৃঙ্খলতাৰ মাজত তেওঁলোকক ধ্বংস নকৰালৈকে যুদ্ধক্ষেত্রত আপোনালোকৰ হাতত তেওঁলোকক পৰাজয় কৰিবলৈ শোধাই দিব।
24 Vydá i krále jejich v ruce tvé, a vyhladíš jméno jejich pod nebem; neostojíť žádný před tebou, až je i vyhladíš.
২৪তেওঁলোকৰ ৰজাসকলক আপোনালোকৰ হাতত শোধাই দিব; তাতে আপোনালোকে আকাশৰ তলৰ পৰা তেওঁলোকৰ নাম লুপ্ত কৰিব। আপোনালোকে তেওঁলোকক বিনষ্ট নকৰে মানে আপোনালোকৰ আগত কোনো লোক থিয় হ’ব নোৱাৰিব।
25 Ryté bohy jejich ohněm popálíš; nepožádáš stříbra a zlata, kteréž jest na nich, aniž ho sobě vezmeš, aby nebylo tobě osídlem, nebo ohavnost jest Hospodinu Bohu tvému.
২৫আপোনালোকে তেওঁলোকৰ দেৱতাবোৰৰ খোদিত মুৰ্ত্তিবোৰ জুইত পুৰি ভষ্ম কৰিব; আপোনালোক যেন ফান্দত নপৰে, এই কাৰণে সেইবোৰত থকা ৰূপ বা সোণলৈ লোভ নকৰিব আৰু তাক নিজৰ কাৰণে নল’ব; কিয়নো সেইবোৰ আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ অতিশয় ঘিণলগীয়া বস্তু।
26 Aniž vneseš ohavnosti do domu svého, abys nebyl proklatý, jako i ona; všelijak v ohyzdnosti a v ohavnosti budeš míti ji, nebo proklatá jest.
২৬আপোনালোকে ঘিণলগীয়া কোনো বস্তু নিজৰ ঘৰলৈ আনি তাৰ উপাসনা নকৰিব। সেইবোৰক আপোনালোকে মনে-প্রাণে ঘৃণা আৰু তুচ্ছ কৰিব, কাৰণ সেইবোৰক ধ্বংসৰ বাবে পৃথক কৰা হৈছে।

< 5 Mojžišova 7 >