< Skutky Apoštolů 9 >

1 Saul pak ještě dychtě po pohrůžkách a po mordu proti učedlníkům Páně, šel k nejvyššímu knězi,
সেই সময়ত চৌলে প্ৰভুৰ শিষ্য সকলক ভয় দেখুওৱাৰ লগতে বধ কৰাৰ ভাবুকিও দিবলৈ ধৰিলে৷ তেওঁ যিৰূচালেমত মহা-পুৰোহিতৰ ওচৰলৈ গ’ল,
2 A vyžádal od něho listy do Damašku do škol, nalezl-li by tam té cesty které muže neb ženy, aby svázané přivedl do Jeruzaléma.
আৰু দম্মেচক নগৰত থকা নাম-ঘৰৰ সমাজলৈ লিখা অনুমতি পত্ৰ ললে যাতে তেওঁ সেই পথৰ যি কোনো পুৰুষ বা মহিলাক পালেই তেওঁলোকক যেন ধৰি বান্ধি যিৰূচালেমলৈ আনিব পাৰে।
3 A když byl na cestě, stalo se, že již přibližoval se k Damašku. Tedy pojednou rychle obklíčilo jej světlo s nebe.
এই উদ্দেশ্যৰে যাত্ৰা কৰি দম্মেচক নগৰৰ ওচৰ পাওঁতে অকস্মাতে আকাশৰ পৰা পোহৰ ওলাই তেওঁৰ চাৰিওফালে প্ৰকাশিত হ’ল;
4 A padna na zem, uslyšel hlas k sobě řkoucí: Sauli, Sauli, proč mi se protivíš?
তেওঁ তৎক্ষণাৎ মাটিত পৰিল আৰু এক আকাশ-বাণী শুনিবলৈ পালে, বোলে, “হে চৌল, হে চৌল, মোক কিয় তাড়না কৰিছা?”
5 Kterýž řekl: I kdo jsi Pane? A Pán řekl: Já jsem Ježíš, jemuž ty se protivíš. Tvrdoť jest tobě proti ostnům se zpěčovati.
চৌলে উত্তৰ দি কলে- “হে প্ৰভু, আপুনি কোন?” তেতিয়া প্ৰভুৱে কলে, “যি জনক তুমি তাড়না কৰি আছা, মই সেই যীচু;
6 A on třesa se a boje se, řekl: Pane, co chceš, abych činil? A Pán k němu: Vstaň a jdi do města, a bude tobě povědíno, co bys ty měl činiti.
কিন্তু উঠা, নগৰত সোমোৱা, তাতে তুমি কি কৰিব লাগিব, সেই বিষয়ে তোমাক কোৱা হ’ব।”
7 Ti pak muži, kteříž šli s ním, stáli, ohromeni jsouce, hlas zajisté slyšíce, ale žádného nevidouce.
তেওঁৰ লগত যোৱা মানুহবোৰে তাত কোনো ব্যক্তিক দেখা নাপালে কিন্তু সেই আকাশ-বাণী শুনি অবাক হৈ থাকিল।
8 I vstal Saul z země, a otevřev oči své, nic neviděl. Tedy pojavše ho za ruce, uvedli jej do Damašku.
পাছত চৌলে মাটিৰ পৰা উঠি চকু মেলি একো নেদেখিলে। তেতিয়া আন লোকে তেওঁক হাতত ধৰি দম্মেচক নগৰলৈ আনিলে৷
9 I byl tu za tři dni, nevida, a nejedl, ani nepil.
তাতে তেওঁ তিন দিনলৈকে দৃষ্টিহীন হৈ থাকিল আৰু ভোজন-পানো নকৰিলে।
10 Byl pak jeden učedlník v Damašku, jménem Ananiáš. I řekl jemu Pán u vidění: Ananiáši. A on řekl: Aj, já, Pane.
১০সেই সময়ত দম্মেচক নগৰত থকা অননিয় নামেৰে এজন শিষ্যক প্ৰভুৱে দৰ্শন দি কলে, “হে অননিয়।” তেওঁ ক’লে, “হে প্ৰভু, চাওক, মই আছোঁ।”
11 A Pán k němu: Vstaň a jdi do ulice, kteráž slove přímá, a hledej v domě Judově Saule, jménem Tarsenského. Nebo aj, modlí se.
১১তেতিয়া প্ৰভুৱে তেওঁক কলে, “তুমি উঠা, পোন নামৰ আলিবাটেৰে যোৱা, আৰু যিহূদাৰ ঘৰলৈ গৈ তাৰ্চ নগৰৰ চৌল নামৰ ব্যক্তি জনৰ খবৰ লোৱা৷ তাতে তুমি দেখিবা, তেওঁ প্ৰাৰ্থনা কৰি আছে৷”
12 A viděl u vidění muže, Ananiáše jménem, an jde k němu, a vzkládá naň ruku, aby prohlédl.
১২তেতিয়া চৌলে দৃষ্টি পাবৰ কাৰণে অননিয় নামেৰে এজন মানুহ তেওঁৰ ওচৰলৈ আহি তেওঁৰ গাত হাত দিয়া, এনে দৰ্শনত দেখা পালে।
13 I odpověděl Ananiáš: Pane, slyšel jsem od mnohých o tom muži, kterak mnoho zlého činil svatým tvým v Jeruzalémě.
১৩কিন্তু অননিয়ই উত্তৰ দিলে, “হে প্ৰভু, সেই মানুহে যিৰূচালেমত আপোনাৰ নিযুক্ত পবিত্ৰ লোক সকলৰ কিমান অপকাৰ কৰিলে, সেই বিষয়ে মই অনেকৰ পৰা শুনিলোঁ৷
14 A i zdeť má moc od předních kněží, aby jímal všecky, kteříž vzývají jméno tvé.
১৪আৰু ইয়াতো আপোনাৰ নামেৰে প্ৰাৰ্থনা কৰা লোক সকলক বান্ধিবলৈ তেওঁ প্ৰধান পুৰোহিত সকলৰ পৰা ক্ষমতালৈ আহিছে৷”
15 I řekl jemu Pán: Jdi, neboť jest on má nádoba vyvolená, aby nosil jméno mé před pohany i krále, i před syny Izraelské.
১৫কিন্তু প্ৰভুৱে তেওঁক কলে, “তুমি যোৱা, কিয়নো অনা-ইহুদী আৰু ৰজা সকলৰ লগতে ইস্ৰায়েলৰ সন্তান সকলৰ আগত মোৰ নাম প্ৰচাৰ কৰিবলৈ, সেই জন মোৰ মনোনীত পাত্ৰ।
16 Jáť zajisté ukáži jemu, kterak on mnoho musí trpěti pro jméno mé.
১৬কিয়নো তেওঁ মোৰ নামৰ কাৰণে কিমান দুখভোগ কৰিব লাগিব, ইয়াকে মই তেওঁক দেখুৱাম।”
17 I šel Ananiáš, a všel do toho domu, a vloživ ruce naň, řekl: Sauli bratře, Pán Ježíš poslal mne, kterýž se ukázal tobě na cestě, po níž jsi šel, abys prohlédl, a naplněn byl Duchem svatým.
১৭তেতিয়াই অননিয় গ’ল আৰু সেই ঘৰত সোমাই চৌলক বিচাৰি উলিয়ালে৷ তাৰ পাছত তেওঁ চৌলৰ গাত হাত দি কলে, “হে ভাই চৌল, আপুনি যেন দৃষ্টি পায় আৰু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হয়, এই কাৰণে আপুনি অহা বাটত যি জন প্ৰভু যীচুৱে অাপোনাক দেখা দিলে, তেৱেঁই মোক আপোনাৰ ওচৰলৈ পঠালে।”
18 A hned spadly s očí jeho jako lupiny, i prohlédl pojednou; a vstav, pokřtěn jest.
১৮তেতিয়াই তেওঁৰ চকুৰ পৰা মাছৰ বাকলিৰ নিচিনা এচটা ওলাই আহিল আৰু পুনৰায় দৃষ্টি পালে; তাৰ পাছত তেওঁ উঠি বাপ্তাইজিত হ’ল৷
19 A přijav pokrm, posilnil se. I zůstal Saul s učedlníky, kteříž byli v Damašku, za několik dní.
১৯ইয়াৰ পাছত তেওঁ খোৱা-বোৱা কৰি বলৱান হ’ল৷ এনেদৰে কিছুদিন তেওঁ শিষ্য সকলৰ সৈতে দম্মেচক নগৰতে থাকিল৷
20 A hned v školách kázal Krista, že on jest Syn Boží.
২০আৰু যীচু যে ঈশ্বৰৰ পুত্ৰ হয়, এই কথা নাম-ঘৰবোৰত তেওঁ ঘোষণা কৰিবলৈ ধৰিলে।
21 I divili se náramně všickni, kteříž jej slyšeli, a pravili: Zdaliž toto není ten, kterýž hubil v Jeruzalémě ty, kteříž vzývali jméno toto, a sem na to přišel, aby je svázané vedl k předním kněžím?
২১তাতে সকলোৱে শুনি বিস্ময় মানি কলে, “বোলে, যি জনে যিৰূচালেমত এই নামেৰে প্ৰাৰ্থনা কৰা সকলক লণ্ড-ভণ্ড কৰিছিল আৰু এতিয়াও তেনেলোকক বান্ধি প্ৰধান পুৰোহিতৰ আগলৈ নিবৰ আশয়েৰে এই ঠাইলৈকো আহিছে, সেই জন এৱেই নহয় নে?”
22 Saul pak více se zmocňoval, a zahanboval Židy, kteříž bydleli v Damašku, potvrzuje toho, že ten jest Kristus.
২২কিন্তু চৌলে অধিক শক্তিমান হৈ, এই যীচুৱেই যে খ্ৰীষ্ট হয়, ইয়াৰ প্ৰমাণ দি দম্মেচকত থকা ইহুদী সকলক নিৰুত্তৰ কৰিলে।
23 A když přeběhlo drahně dnů, radu mezi sebou na tom zavřeli Židé, aby jej zabili.
২৩এনেদৰে বহু দিনৰ পাছত ইহুদী সকলে তেওঁক বধ কৰিবলৈ চক্ৰান্ত কৰিলে৷
24 Ale zvěděl Saul o těch úkladech jejich. Ostříhali také i bran ve dne i v noci, aby jej zahubili.
২৪আৰু তেওঁলোকে তেওঁক বধ কৰিবলৈ দিনে-ৰাতিয়ে দুৱাৰ বোৰত খাপ দি থাকিল; কিন্তু চৌলে তেওঁলোকৰ চক্ৰান্ত বুজি পালে৷
25 Ale učedlníci v noci vzavše ho, spustili jej po provaze přes zed v koši.
২৫তাৰ পাছত তেওঁৰ শিষ্য সকলে ৰাতিতেই তেওঁক পাচিত ভৰাই, গড়েদি নমাই দিলে।
26 Přišed pak Saul do Jeruzaléma, pokoušel se přitovaryšiti k učedlníkům, ale báli se ho všickni, nevěříce, by byl učedlníkem.
২৬পাছত চৌলে যিৰূচালেমলৈ গৈ শিষ্য সকলৰ লগ লবলৈ চেষ্টা কৰাত, সকলোৱে তেওঁলৈ ভয় কৰিলে, আৰু তেওঁ যে শিষ্য হয়, ইয়াকো বিশ্বাস নকৰিলে।
27 Barnabáš pak přijav jej, vedl ho k apoštolům, a vypravoval jim, kterak na cestě viděl Pána, a že mluvil s ním, a kterak v Damašku svobodně mluvil ve jménu Ježíše.
২৭কিন্তু বাৰ্ণব্বাই তেওঁক পাঁচনি সকলৰ আগলৈ আনিলে৷ ইয়াৰ পাছত দম্মেচকৰ পথত কেনেকৈ চৌলে প্ৰভুক দেখা পাইছিল, আৰু প্ৰভুৱে তেওঁৰ আগত কি কথা কৈছিল, আৰু তেওঁ কেনেকৈ দম্মেচকত যীচুৰ নামত সাহসেৰে প্ৰচাৰ কৰিছিল, সেই সকলো কথা তেওঁলোকৰ আগত বৰ্ণনা কৰিলে।
28 I bydlil s nimi v Jeruzalémě,
২৮চৌলে তেওঁলোকৰ লগত যিৰূচালেমত অহা-যোৱা কৰি প্ৰভু যীচুৰ নামেৰে সাহসেৰে প্ৰচাৰ কৰিলে।
29 A směle mluvil ve jménu Pána Ježíše, a hádal se s Řeky; oni pak usilovali ho zabiti.
২৯তাতে তেওঁ গ্ৰীকভাষী ইহুদী সকলৰ সৈতে কথোপকথন আৰু বাদ-বিবাদ কৰিলে, কিন্তু তেওঁলোকে তেওঁক বধ কৰিবলৈ চেষ্টা কৰি আছিল।
30 To zvěděvše bratří, dovedli ho do Cesaree, a poslali jej do Tarsu.
৩০ভাই সকলে এই বিষয়ে জানিবলৈ পোৱাত তেওঁক চীজাৰিয়ালৈ নি তাৰ্চ নগৰলৈ পঠাই দিলে।
31 A tak zborové po všem Judstvu a Galilei i Samaří měli pokoj, vzdělávajíce se, a chodíce v bázni Páně, a rozhojňovali se potěšením Ducha svatého.
৩১সেই সময়ত গোটেই যিহুদীয়া, গালীল, আৰু চমৰীয়া দেশৰ মণ্ডলী সমূহ শান্তিত আছিল; বিশ্বাসী সকল সংখ্যাত বৃদ্ধি হৈ প্ৰভুৰ ভক্তিত আৰু পবিত্ৰ আত্মাই দিয়া উদগণিত জীৱন-যাপন কৰিছিল ৷
32 Stalo se pak, že Petr, když procházel všecky, přišel také k svatým, kteříž bydleli v Lyddě.
৩২তাৰ পাছত পিতৰে ঠায়ে ঠায়ে ফুৰি লুদ্দা নগৰৰ নিবাসী পবিত্ৰ লোক সকলৰ ওচৰ পালেগৈ৷
33 I nalezl tu člověka jednoho, jménem Eneáše, již od osmi let na loži ležícího, kterýž byl šlakem poražený.
৩৩সেই ঠাইতে পক্ষাঘাত ৰোগত আক্ৰান্ত হৈ আঠ বছৰ শয্যাত পৰি থকা ঐনিয়া নামেৰে এজন মানু্হক দেখিলে।
34 I řekl mu Petr: Eneáši, uzdravuje tebe Ježíš Kristus; vstaň, a ustel sobě. A hned vstal.
৩৪পিতৰে তেওঁক কলে, “হে ঐনিয়া, যীচু খ্ৰীষ্টই আপোনাক সুস্হ কৰিছে; আপুনি উঠি আপোনাৰ শয্যা চপাই লওঁক;” তাতে তেওঁ তেতিয়াই উঠি থিয় হ’ল।
35 I viděli jej všickni, kteříž bydlili v Lyddě a v Sároně, kteříž se obrátili ku Pánu.
৩৫পাছত লুদ্দা আৰু চাৰোণ-নিবাসী সকলেও প্ৰভুলৈ মন-পালটালে।
36 Byla pak jedna učedlnice v Joppen, jménem Tabita, což se vykládá Dorkas. Ta byla plná skutků dobrých a almužen, kteréž činila.
৩৬আৰু যাক ভাষাত দৰ্কা অৰ্থাৎ হৰিণী বুলি মাতে, দান দিয়া আৰু সৎকৰ্মেৰে পূৰ্ণ হৈ থকা টাবিথা নামৰ শিষ্যা এজনী যাফোত আছিল৷
37 I stalo se v těch dnech, že roznemohši se, umřela. Kterouž umyvše, položili na síň vrchní.
৩৭সেই সময়ত তেওঁ নৰিয়াত পৰি মৃত্যু হোৱাত, লোক সকলে তেওঁক ধুৱাই ওপৰৰ কোঠালিত শুৱাই থলে।
38 A že byla blízko Lydda od Joppen, uslyšavše učedlníci, že by tam byl Petr, poslali k němu dva muže, prosíce ho, aby sobě neobtěžoval přijíti až k nim.
৩৮তাতে লুদ্দা নগৰ যাফোৰ ওচৰ হোৱাত, আৰু পিতৰো তাতে আছে বুলি শুনি, শিষ্য সকলে তেওঁৰ ওচৰলৈ দুজন মানুহ পঠিয়াই মিনতি কৰালে, বোলে, “পলম নকৰি আমাৰ ইয়ালৈ আহক।”
39 Tedy vstav Petr, šel s nimi. A když přišel, vedli jej na síň. I obstoupily ho všecky vdovy, plačíce, a ukazujíce sukně a pláště, kteréž jim dělala, dokudž s nimi byla, Dorkas.
৩৯তেতিয়া পিতৰ উঠি তেওঁলোকৰ লগত গৈ তাত উপস্থিত হোৱাত, লোক সকলে তেওঁক ওপৰৰ কোঠালিলৈ নিলে আৰু বিধৱা সকলে তেওঁৰ ওচৰত থিয় হৈ কান্দি কান্দি, দৰ্কাই তেওঁলোকৰ লগত থাকোতে প্ৰস্তুত কৰা চোলা আদি কাপোৰ দেখুৱাবলৈ ধৰিলে।
40 I rozkázav všechněm vyjíti ven Petr, poklek na kolena, modlil se, a obrátiv se k tomu tělu, řekl: Tabito, vstaň. A ona otevřela oči své, a uzřevši Petra, posadila se.
৪০কিন্তু পিতৰে তেওঁলোক আটাইকে বাহিৰলৈ যাব দি আঁঠুকাঢ়ি প্ৰাৰ্থনা কৰিলে; পাছত মৃতদেহৰ ফাললৈ ঘূৰি চাই কলে, “হে টাবিথা উঠা।” তেতিয়া তেওঁ চকু মেলি পিতৰক দেখি বহিল৷
41 A podav jí ruky, pozdvihl jí; a povolav svatých a vdov, ukázal jim ji živou.
৪১তাতে তেওঁ টাবিথাক হাতত ধৰি তুলিলে; আৰু পবিত্ৰ লোক আৰু বিধৱা সকলক মাতি, তেওঁলোকৰ আগত জীয়াই উঠা দেখুৱালে।
42 I rozhlášeno jest to po všem Joppen, a uvěřili mnozí v Pána.
৪২এই কথা যাফোৰ সকলো ঠাইতে জনাজাত হৈ যোৱাত, অনেক মানুহে প্ৰভুত বিশ্বাস কৰিলে।
43 I stalo se, že za mnohé dni pozůstal Petr v Joppen u nějakého Šimona koželuha.
৪৩তাৰ পাছত পিতৰে যাফোত, চিমোন নামেৰে এজন মুচিয়াৰৰ ঘৰত বহু দিন থাকিল।

< Skutky Apoštolů 9 >