< 1 Kronická 24 >
1 Synů pak Aronových tato jsou zpořádaní: Synové Aronovi: Nádab, Abiu, Eleazar a Itamar.
১হাৰোণৰ বংশধৰ সকলৰ বিভাগসমূহ: নাদব, অবীহূ, ইলিয়াজৰ আৰু ঈথামৰ।
2 Ale že umřel Nádab a Abiu před otcem svým, a neměli synů, protož konali úřad kněžský Eleazar a Itamar.
২তেওঁলোকৰ পিতৃৰ মৃত্যু পূৰ্বেই নাদব আৰু অবীহূৰ মৃত্যু হয়। তেওঁলোকৰ সন্তান নাছিল, সেয়ে ইলিয়াজৰ আৰু ঈথামৰ পুৰোহিতৰ পৰিচৰ্যাত আছিল।
3 Kteréž zpořádal David, totiž Sádocha z synů Eleazarových, a Achimelecha z synů Itamarových, vedlé počtu a řádu jejich v přisluhováních jejich.
৩দায়ূদে একেলগে ইলিয়াজৰৰ বংশৰ চাদোকক, আৰু ঈথামৰৰ বংশৰ অহীমেলকক তেওঁলোকৰ পুৰোহিত পৰিচৰ্যাৰ কাৰণে বেলেগ বেলেগ দলত ভাগ কৰিলে।
4 Nalezeno pak synů Eleazarových více předních mužů, než synů Itamarových, a rozdělili je. Z synů Eleazarových bylo předních po domích otcovských šestnáct, a z synů Itamarových po čeledech otcovských osm.
৪ঈথামৰৰ বংশধৰ সকলতকৈ ইলিয়াজৰৰ বংশধৰ সকলৰ মাজত নেতৃত্ব লোৱা লোক বেছি আছিল। সেয়ে তেওঁলোকে ইলিয়াজৰৰ বংশধৰ সকলক ষোল্লটা দলত বিভক্ত কৰিছিল। তেওঁলোক ঈথামৰৰ বংশধৰ আৰু গোষ্ঠীৰ মূৰব্বী সকলৰ দ্ৱাৰাই এই সকলো কৰিছিল।
5 I rozděleni jsou losem jedni od druhých, ačkoli byli knížata nad věcmi svatými, a knížata Boží z synů Eleazarových a z synů Itamarových.
৫একো প্রভেদ নাৰাখি, তেওঁলোকক ইলিয়াজৰ আৰু ঈথামৰ দুয়োৰে বংশধৰ সকলৰ পৰা পবিত্রস্থানৰ কৰ্মচাৰীসকল, আৰু ঈশ্বৰৰ কৰ্মচাৰীসকলৰ বাবে একো প্রভেদ নাৰাখি, চিঠি খেলাই তেওঁলোকক বিভক্ত কৰিছিল।
6 I popsal je Semaiáš syn Natanaelův, písař z pokolení Léví před králem a knížaty, a Sádochem knězem a Achimelechem synem Abiatarovým i knížaty čeledí otcovských mezi kněžími a Levíty, tak že dům otcovský jeden zaznamenán Eleazarovi, tolikéž druhý zaznamenán Itamarovi.
৬লেবীয়া বংশৰ নথনেলৰ পুত্ৰ চমৰিয়া লিখকে ৰজাৰ, কৰ্মচাৰীৰ, চাদোক পুৰোহিতৰ, অবিয়াথৰৰ পুত্ৰ অহীমেলকৰ, আৰু পুৰোহিত সকলৰ নেতা ও লেবীয়া পৰিয়াল সকলৰ উপস্থিতিত তেওঁলোকৰ নাম লিখিলে। ইলিয়াজৰৰ বংশৰ পৰা এটা গোষ্ঠী আৰু ঈথামৰৰ বংশৰ পৰা এটা গোষ্ঠী চিঠি খেলৰ দ্ৱাৰাই নিৰ্বাচন কৰা হৈছিল।
7 Padl pak los první na Jehoiariba, na Jedaiáše druhý,
৭প্ৰথম চিঠি খেলত যিহোয়াৰীবৰ, দ্বিতীয় যিদয়াৰ,
8 Na Charima třetí, na Seorima čtvrtý,
৮তৃতীয়ৰ হাৰীমৰ, চতুৰ্থ চিয়োৰীমৰ,
9 Na Malkiáše pátý, na Miamin šestý,
৯পঞ্চম মল্কিয়াৰ, ষষ্ঠ মিয়ামীনৰ,
10 Na Hakkoza sedmý, na Abiáše osmý,
১০সপ্তম হক্কোচৰ, অষ্টম অবিয়াৰ,
11 Na Jesua devátý, na Sechaniáše desátý,
১১নৱম যেচূয়াৰ, দশম চখনিয়াৰ,
12 Na Eliasiba jedenáctý, na Jakima dvanáctý,
১২একাদশ ইলীয়াচিবৰ, দ্বাদশ যাকীমৰ,
13 Na Chuppa třináctý, na Jesebaba čtrnáctý,
১৩ত্ৰয়োদশ হুপ্পাৰ, চতুৰ্দ্দশ যেচেবাবৰ,
14 Na Bilgu patnáctý, na Immera šestnáctý,
১৪পঞ্চদশ বিলগাৰ, ষোড়শ ইম্মেৰৰ,
15 Na Chezira sedmnáctý, na Happizeza osmnáctý,
১৫সপ্তদশ হেজীৰৰ, অষ্টাদশ হপ্পিচেৰৰ,
16 Na Petachiáše devatenáctý, na Ezechiele dvadcátý,
১৬ঊনবিংশ পথহিয়াৰ, বিংশ যিহিষ্কেলৰ,
17 Na Jachina jedenmecítmý, na Gamule dvamecítmý,
১৭একবিংশ যাখীনৰ, দ্বাবিংশ গামূলৰ,
18 Na Delaiáše třimecítmý, na Maaseiáše čtyřmecítmý.
১৮ত্ৰয়োবিংশ দলায়াৰ, চতুৰ্ব্বিংশ মাজিয়াৰ নাম উঠিল।
19 Ti jsou, jenž zřízeni byli v přisluhováních svých, aby vcházeli do domu Hospodinova podlé řádu svého, pod spravou Arona otce jejich, jakož mu byl přikázal Hospodin Bůh Izraelský.
১৯যেতিয়া তেওঁলোকে যিহোৱাৰ গৃহলৈ আহিব তেতিয়া ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁলোকৰ ওপৰ-পিতৃ হাৰোণৰ দ্বাৰাই তেওঁলোকক দিয়া পদ্ধতিৰ দ্ৱাৰাই কৰা তেওঁলোকৰ পৰিচৰ্যাৰ আজ্ঞা সমূহ এইবিলাক আছিল।
20 Z synů Léví ostatních, z synů Amramových Subael, z synů Subael Jechdeiáš.
২০লেবীৰ অৱশিষ্ট বংশধৰসকল এওঁলোক: অম্ৰমৰ বংশধৰ সকলৰ মাজত চূবায়েল; চূবায়েলৰ বংশধৰ সকলৰ মাজত যেহদিয়া।
21 Z Rechabiáše, z synů Rechabiášových kníže Iziáš.
২১অম্ৰমৰ বংশধৰ সকলৰ মাজত যিচিয়া নেতা আছিল।
22 Z Izara Selomot, z synů Selomotových Jachat.
২২যিচহৰীয়াৰ বংশধৰ সকলৰ মাজত চলোমোৎ। চলোমোতৰ বংশধৰ সকলৰ মাজত যহৎ।
23 Synové pak Jeriášovi: Amariáš druhý, Jachaziel třetí, Jekamam čtvrtý.
২৩হিব্ৰাণৰ বংশধৰ সকলৰ মাজত প্ৰথম যিৰিয়া, দ্বিতীয় অমৰিয়া, তৃতীয় যহজীয়েল, আৰু চতুৰ্থ যিকমিয়াম।
24 Syn Uzielův Mícha, z synů Míchy Samir.
২৪উজ্জীয়েলৰ বংশধৰ সকলৰ মাজত মীখা। মীখাৰ বংশধৰ সকলৰ মাজত চামীৰ।
25 Bratr Míchův Iziáš, a syn Iziášův Zachariáš.
২৫মীখাৰ ভায়েক যিচিয়া; যিচিয়াৰ পুত্র সকলৰ মাজত জখৰিয়া।
26 Synové Merari: Moholi a Musi, synové Jaaziášovi: Beno.
২৬মৰাৰীৰ বংশধৰ সকলৰ মাজত মহলী আৰু মুচী; যাজিয়াৰ বংশধৰসকলৰ মাজত বিনো।
27 Synové Merari z Jaaziáše: Beno, Soham, Zakur a Ibri.
২৭মৰাৰীৰ বংশধৰ সকলৰ মাজত যাজিয়া, বিনো, চোহম, জক্কুৰ, আৰু ইব্ৰী।
28 Z Moholi Eleazar, kterýž neměl synů.
২৮মহলীৰ বংশধৰ সকলৰ মাজত ইলীয়াজৰ; এওঁৰ পুত্ৰ নাছিল।
29 Z Cisa synové Cisovi: Jerachmeel.
২৯কীচৰ বংশধৰ সকলৰ মাজত যিৰহমেল।
30 Synové pak Musi: Moholi, Eder a Jerimot. Ti jsou synové Levítů po domích otců svých.
৩০মুচী বংশধৰ সকলৰ মাজত মহলী, এদৰ, আৰু যিৰীমোৎ। তেওঁলোকৰ পৰিয়াল অনুসাৰে তালিকাত থকা লেবীয়াসকল এওঁলোক।
31 I ti také metali losy naproti bratřím svým, synům Aronovým, před Davidem králem, Sádochem a Achimelechem, i knížaty otcovských čeledí z kněží a Levítů, z čeledí otcovských, každý přednější naproti bratru svému mladšímu.
৩১দায়ুদ ৰজাৰ, চাদোকৰ, অহীমেলকৰ, আৰু পুৰোহিতসকলৰ আৰু লেবীয়াসকলৰ পৰিয়ালৰ নেতাসকলৰ উপস্থিতিত তেওঁলোকে পুনৰ চিঠি খেলালে। পৰিয়াল সকলৰ ডাঙৰ পুত্র সকলে সৰু সকলৰ লগত চিঠি খেলালে। হাৰোণৰ বংশধৰ সকলে কৰাৰ দৰেই এওঁলোকেও চিঠি খেলালে।