< Ruta 3 >
1 Onda će joj Noemi, svekrva njezina: “Kćeri moja, da ti potražim mirno mjesto gdje bi mogla biti sretna?
১নয়মীয়ে তেওঁৰ বোৱাৰীয়েক ৰূথক ক’লে, “হে মোৰ আইটি, যাৰ দ্বাৰাই তোমাৰ মঙ্গল হয়, এনে সুৰক্ষিত ঠাই মই জানো তোমাৰ কাৰণে নিবিচাৰিম?
2 Vidiš, Boaz, s čijim si se poslenicima našla, naš je rođak. Evo, on će noćas vijati ječam na gumnu.
২তুমি যি বোৱজৰ দাসীসকলৰ লগত কাম কৰিছিলা, সেই বোৱজ জানো আমাৰ সম্পৰ্কীয় লোক নহয়? চোৱা, তেওঁ আজি ৰাতি মৰণা মৰা ঠাইত যৱ ধান জাৰি আছে।
3 Umij se ti i namaži, lijepo se odjeni pa idi na gumno. Ne daj da te prepozna prije nego što se najede i napije.
৩সেয়ে, তুমি এতিয়া গা ধুই পৰিস্কাৰ হোৱা, সুগন্ধি তেল ঘঁহা, আৰু কাপোৰ সলনি কৰি সেই শস্যমৰা ঠাইলৈ যোৱা৷ কিন্তু সেই ব্যক্তিয়ে ভোজন-পান কৰি শেষ নকৰালৈকে তুমি তেওঁক দেখা নিদিবা।
4 Kad bude lijegao, dobro pazi gdje će leći; pa kad legne, otiđi onamo, podigni mu pokrivač s nogu i lezi ondje! Tada će ti on reći što ti je činiti.”
৪তেওঁ যেতিয়া টোপনি যাব, তেতিয়া তুমি তেওঁৰ শোৱা ঠাই মনত ৰাখি, পাছত তেওঁৰ ওচৰলৈ যাবা আৰু তেওঁৰ ভৰি ফালৰ কাপোৰ গুচাই তাতেই তুমি শুবা; পাছত তুমি কি কৰিব লাগিব, সেই বিষয়ে তেওঁ তোমাক ক’ব।”
5 Ona joj odgovori: “Učinit ću sve kako mi kažeš.”
৫তেতিয়া ৰূথে নয়মীক ক’লে, “আপুনি যেনেদৰে ক’লে, মই সেই মতে কৰিম।”
6 I siđe na gumno i učini sve kako joj je svekrva naredila.
৬পাছত তেওঁ সেই শস্যমৰা ঠাইলৈ গ’ল, আৰু তেওঁৰ শাহুৱেকে দিয়া আদেশ অনুসাৰে সকলো কৰিলে।
7 A Boaz, pošto je jeo i pio i tako se odobrovoljio, ode i leže kraj stoga. Onda ona priđe polako, otkri mu noge i leže.
৭বোৱজে ভোজন-পান কৰি আনন্দ মনেৰে গৈ শস্যৰ দ’মৰ এমূৰত গৈ শুলে, তেতিয়া ৰূথে ধীৰে ধীৰে গৈ তেওঁৰ ভৰিৰ ফালৰ কাপোৰ আতৰালে আৰু তাতেই শুই পৰিল।
8 Kad bijaše oko ponoći, trže se čovjek i obrnu se, i gle: žena leži do njegovih nogu.
৮পাছত মাজনিশা বোৱজে বাগৰ সলাওঁতে, নিজৰ ভৰিৰ ওচৰত এজনী তিৰোতা মানুহ শুই থকা গম পাই উচপ খাই উঠিল।
9 “Tko si?” - upita on, a ona odgovori: “Ja sam Ruta, sluškinja tvoja. Raširi skut svoje haljine na sluškinju svoju jer si mi skrbnik.”
৯তেতিয়া তেওঁ সুধিলে, “তুমি কোন?” তেওঁ ক’লে, “মই আপোনাৰ দাসী ৰূথ; এতেকে আপোনাৰ এই দাসীৰ ওপৰলৈ আপোনাৰ কাপোৰৰ আঁচল মেলি দিয়ক; কাৰণ আপুনি আমাৰ উদ্ধাৰকৰ্তা আৰু আমাৰ সম্পৰ্কীয়।”
10 “Blagoslovio te Jahve, kćeri moja!” - dočeka on. “Ovaj drugi tvoj čin milosti još je vredniji od prvoga, jer se nisi trudila da slijediš mlade poslenike, bili oni bogati ili siromašni.
১০তেতিয়া তেওঁ ক’লে, “আইটি তুমি যিহোৱাৰ আশীৰ্ব্বাদ প্ৰাপ্ত হোৱা; কিয়নো তুমি ধনী বা দুখীয়া কোনো ডেকা পুৰুষৰ ওচৰলৈ নগৈ, প্ৰথমতকৈ শেষত পুনৰ অধিক প্রেম দেখুৱালা।
11 I zato se, kćeri moja, sada ne plaši: učinit ću ti sve što zatražiš, jer sva vrata moga naroda znaju da si čestita žena.
১১এতেকে আইটি, তুমি ভয় নকৰিবা; তুমি কোৱা সকলোকে মই কৰিম, কিয়নো তুমি যে সতী, ইয়াক মোৰ নিজ নগৰৰ ভিতৰত থকা সকলো মানুহে জানে।
12 Jest, uistinu sam ti skrbnik; ali postoji još bliži od mene.
১২এইটো সত্য যে, মই তোমালোকৰ সম্পৰ্কীয় লোক হওঁ, কিন্তু মোতকৈও ওচৰ-সম্পৰ্কীয় আন এজন আছে।
13 Ostani noćas; ako te sutra ujutro on kao skrbnik htjedne uzeti, dobro, neka te uzme; a ne htjedne li, uzet ću te ja, tako mi Jahve! Spavaj do jutra.”
১৩আজি ৰাতি ইয়াতে থাকা৷ ৰাতিপুৱা তেওঁ যদি ওচৰ সম্পৰ্কীয় হিচাপে তোমাক গ্ৰহণ কৰে, তেন্তে ভালেই, তেওঁৱেই সেই কাৰ্য কৰক৷ কিন্তু তেওঁ তোমাক যদি গ্ৰহণ কৰিবলৈ ইচ্ছা নকৰে, তেন্তে যিহোৱাৰ জীৱনৰ শপত, ময়েই তোমাক গ্ৰহণ কৰিম। তুমি ৰাতিপুৱালৈকে ইয়াতেই শুই থাকা।”
14 I spavaše ona do njegovih nogu do jutra. On ustade prije nego što mogaše čovjek čovjeka razaznati jer mišljaše: “Ne treba da znaju da je žena bila na gumnu.”
১৪তেতিয়া ৰূথে ৰাতিপুৱালৈকে তেওঁৰ ভৰিৰ ওচৰত শুই থাকিল; পাছত দোকমোকালিতে অৰ্থাৎ ইজনে সিজনক চিনিব নোৱাৰা সময়তেই তেওঁ উঠিল; কাৰণ বোৱজে কৈছিল, ‘শস্যমৰা ঠাইলৈ মহিলা মানুহ অহা কোনেও জানিব নালাগে’।
15 I kaza joj: “Daj ogrtač što je na tebi i drži ga dobro.” Ona ga pridrža, a on joj nasu šest mjerica ječma i naprti joj. I ode ona u grad.
১৫পাছত তেওঁ পুনৰ ক’লে, “তুমি গাত লোৱা ওপৰৰ কাপোৰ মেলি ধৰা।” তেতিয়া ৰূথে কাপোৰখন মেলি ধৰোতে তেওঁ ছয় দোন যৱ ধান জুখি কাপোৰত ঢালি দি তেওঁৰ মুৰত তুলি দিলে; আৰু তেওঁ নগৰলৈ গুচি গ’ল।
16 Kad je stigla, upita je svekrva: “Što je s tobom, kćeri moja?” A ona joj pripovjedi sve što je učinio za nju.
১৬পাছত ৰূথে যেতিয়া নিজৰ শাহুৱেকৰ ওচৰলৈ আহিল, তেতিয়া শাহুৱেকে তেওঁক ক’লে, “আইটি তোমাৰ কি হ’ল?” তেতিয়া সেই ব্যক্তি জনে তেওঁলৈ কৰা আটাই কথা শাহুৱেকক তেওঁ ক’লে।
17 I nadoveza: “Ovih šest mjerica ječma dade mi kazujući: 'Ne smiješ se vratiti svekrvi praznih ruku.'”
১৭ৰূথে পুনৰ ক’লে, “তেওঁ মোক ‘শাহুৱেৰাৰ ওচৰলৈ শুদাহাতে যাব নালাগে’, এই বুলি কৈ এই ছয় দোন যৱ ধান দিলে।”
18 Nato će joj Noemi: “Budi mirna, kćeri moja, dok ne vidiš što će biti: jer neće on imati spokoja dok sve još danas ne dokrajči.”
১৮তেতিয়া তেওঁৰ শাহুৱেকে তেওঁক ক’লে, “আইটি, এই বিষয়ে কি ঘটিব, সেই বিষয়ে যেতিয়ালৈকে নাজানা তেতিয়ালৈকে তুমি অপেক্ষা কৰি বহি থাকা; কিয়নো সেই ব্যক্তিয়ে আজি এই কাৰ্য সমাধান নকৰালৈকে মনে মনে বহি নাথাকিব।”