< Psalmi 16 >

1 Miktam. Davidov. Čuvaj me, Bože, jer se tebi utječem.
হে ঈশ্বৰ, তুমি মোক ৰক্ষা কৰা, কিয়নো মই তোমাতেই আশ্ৰয় লৈছোঁ।
2 Jahvi rekoh: “Ti si moj gospodar, nema mi blaženstva bez tebe!”
মই যিহোৱাক ক’লোঁ, “তুমিয়েই মোৰ প্ৰভু; তোমাৰ বাহিৰে মোৰ আন কতো মঙ্গল নাই।”
3 Za svetima što su u zemlji sav plamtim od čežnje!
পৃথিবীত যি সকল পবিত্ৰ লোক থাকে তেওঁলোক মহান; তেওঁলোকৰ ওপৰতে মোৰ আনন্দ সম্পূৰ্ণ হয়।
4 Gomilaju patnje moje koji slijede bogove tuđe. Ja im ljevanica nalijevat' neću, ime im spominjat' neću usnama.
যিসকলে আন দেৱতাক মনোনীত কৰে, তেওঁলোকৰ অধিক যাতনা হ’ব, তেওঁলোকৰ দেৱতাৰ উদ্দেশ্যে অনা তেজৰ যি পেয় নৈবেদ্য, মই তাক উৎসৰ্গ নকৰিম; দেৱতাৰ নামো মোৰ ওঁঠত নলম।
5 Jahve mi je baština i kalež: Ti u ruci držiš moju sudbinu.
যিহোৱা, তুমিয়েই মোৰ আধিপত্যৰ মনোনীত ভাগ আৰু মোৰ পান-পাত্র; মোৰ ভৱিষ্যত তোমাৰ হাততে আছে।
6 Na divnu zemlju padoše mi konopi, vrlo mi je mila moja baština.
মোৰ সীমাৰ মাজত যি ঠাই পৰিছে, সেয়ে মনোহৰ ঠাই, অৱশ্যেই মোৰ এক মনোমোহা আধিপত্য আছে।
7 Blagoslivljam Jahvu koji me svjetuje te me i noću srce opominje.
যি জনাই মোক সুবুদ্ধি দিয়ে, মই সেই যিহোৱাৰ ধন্যবাদ কৰিম; ৰাতিও মোৰ হৃদয়ে মোক শিক্ষা দিয়ে।
8 Jahve mi je svagda pred očima; jer mi je zdesna, neću posrnuti.
মই যিহোৱাক সদায় মোৰ সন্মূখত ৰাখোঁ; তেওঁ মোৰ সোঁহাতে থকাত মই অস্থিৰ নহম।
9 Stog' mi se raduje srce i kliče duša, i tijelo mi spokojno počiva.
এই কাৰণে মোৰ মন আনন্দেৰে ভৰা, মোৰ হৃদয়ে উল্লাস কৰে; মোৰ শৰীৰ নিৰাপদে থাকিব।
10 Jer mi nećeš ostavit' dušu u Podzemlju ni dati da pravednik tvoj truleži ugleda. (Sheol h7585)
১০কিয়নো তুমি মোৰ প্ৰাণ চিয়োলত ত্যাগ নকৰিবা, তোমাৰ ভক্তজনক গাতত ক্ষয় পাবলৈ নিদিবা। (Sheol h7585)
11 Pokazat ćeš mi stazu u život, puninu radosti pred licem svojim, sebi zdesna blaženstvo vječno.
১১তুমি মোক জীৱনৰ পথ শিকাইছা; তোমাৰ উপস্থিতিত আছে পৰিপূর্ণ আনন্দ; তোমাৰ সোঁ-হাতত আছে অনন্ত সুখ।

< Psalmi 16 >