< Mudre Izreke 31 >

1 Riječ Lemuela, kralja Mase, kojima ga je učila majka njegova.
ৰজা লমুৱেলৰ বাক্য; তেওঁৰ মাতৃয়ে তেওঁক ঈশ্বৰীয় বচন শিক্ষা দিয়া।
2 Ne, sine moj! Ne, sine srca mog! Ne, sine zavjeta mojih!
মোৰ পুত্র কি? আৰু মোৰ গৰ্ভৰ পৰা জন্মা পুত্ৰ কি? আৰু মোৰ সঙ্কল্পৰ পুত্র কি?
3 Ne daj snage svoje ženama ni putova svojih zatiračima kraljeva.
তোমাৰ শক্তি মহিলাক নিদিবা, আৰু ৰজাক ধ্বংস কৰা সকলৰ পথত নচলিবা।
4 Nije za kraljeve, Lemuele, ne pristaje kraljevima vino piti, ni glavarima piće opojno,
হে লমুৱেল, এইটো ৰজাসকলৰ বাবে নহয়, ৰজাসকলৰ বাবে সুৰা পান কৰা উপযুক্ত নহয়; অথবা “সুৰা ক’ত আছে?” বুলি শাসনকৰ্ত্তাই সোধা অনুচিত;
5 da u piću ne zaborave zakona i prevrnu pravo nevoljnicima.
তেওঁলোকে পান কৰিব আৰু বিধানত কি আছে তাক পাহৰিব, আৰু সকলো দুৰ্দশাগ্রস্ত লোকৰ অধিকাৰক বিপথগামী কৰিব।
6 Dajte žestoko piće onomu koji će propasti i vino čovjeku komu je gorčina u duši:
বিনাশলৈ যোৱা জনক সুৰা দিয়া, আৰু বেদনাদায়ক যন্ত্রণাত ভুগি থকা সকলক দ্রাক্ষাৰস পান কৰোঁৱা।
7 on će piti i zaboraviti svoju bijedu i neće se više sjećati svoje nevolje.
তেওঁ পান কৰিব আৰু নিজৰ দৰিদ্রতাক পাহৰিব, আৰু তেওঁৰ সমস্যাৰ কথা মনত নাথাকিব।
8 Otvaraj usta svoja za nijemoga i za pravo sviju nesretnika što propadaju.
কথা ক’ব নোৱাৰা সকলৰ বাবে কথা কোৱা, বিনাশ হোৱা সকলৰ কাৰণ সমূহৰ বাবে কথা কোৱা।
9 Otvaraj usta svoja, sudi pravedno i pribavi pravo siromahu i nevoljniku.
আৰু ন্যায়ৰ জোখেৰে বিচাৰ কৰা, আৰু দৰিদ্ৰ আৰু অভাৱী লোকৰ বাবে আত্মসমৰ্থন কৰা।
10 Tko će naći ženu vrsnu? Više vrijedi ona nego biserje.
১০প্রতিভাসম্পন্ন ভাৰ্যা কোনে বিচাৰি পায়? মূল্যবান ৰত্নতকৈ তেওঁৰ মূল্য অতি অধিক।
11 Muževljevo se srce uzda u nju i blagom neće oskudijevati.
১১তেওঁৰ স্বামীৰ হৃদয়ে তেওঁত বিশ্বাস কৰে, আৰু তেওঁৰ স্বামীৰ কেতিয়াও অভাৱ নহয়।
12 Ona mu čini dobro, a ne zlo, u sve dane vijeka svojeg.
১২তেওঁ স্বামীৰ বাবে ভাল কাৰ্য কৰে, বেয়া কাৰ্য নকৰে।
13 Pribavlja vunu i lan i vješto radi rukama marnim.
১৩তেওঁ ঊণ আৰু শণ সূতা বাচি লয়, আৰু সেই সূতাৰে নিজ হাতেৰে আনন্দেৰে কাম কৰে।
14 Ona je kao lađa trgovačka: izdaleka donosi kruh svoj.
১৪তেওঁ বণিকৰ জাহাজৰ দৰে, তেওঁ বহুত দূৰৰ পৰা নিজৰ খোৱা বস্তু আনে,
15 Još za noći ona ustaje, hrani svoje ukućane i određuje posao sluškinjama svojim.
১৫তেওঁ ৰাতিপুৱা নহওঁতেই সাৰ পায়, আৰু ঘৰৰ সকলোকে খাবলৈ আহাৰ দিয়ে, আৰু তেওঁ নিজৰ দাসীসকলক কাম ভগাই দিয়ে।
16 Opazi li polje, kupi ga; plodom svojih ruku sadi vinograd.
১৬তেওঁ খেতি পথাৰৰ বিষয়ে বিবেচনা কৰে, আৰু মাটি কিনি লয়; তেওঁ নিজৰ হাতৰ শ্ৰমৰ ফলেৰে দ্ৰাক্ষাবাৰী পাতে।
17 Opasuje snagom bedra svoja i živo miče rukama.
১৭তেওঁ নিজৰ শক্তিৰে পোচাক পৰিধান কৰে, আৰু নিজৰ বাহু বলৱান কৰে।
18 Vidi kako joj posao napreduje: noću joj se ne gasi svjetiljka.
১৮তেওঁৰ বাবে লাভ জনক, তেওঁ তেনে বিষয় চিন্তা কৰে, আৰু গোটেই ৰাতি তেওঁৰ চাকি নুনুমায়।
19 Rukama se maša preslice i prstima drži vreteno.
১৯তেওঁ টাকুৰি ঘুৰাবলৈ নিজৰ হাত মেলে, আৰু তেওঁ সূতা ঘূৰাই হাত দাঙি ৰাখে।
20 Siromahu dlan svoj otvara, ruke pruža nevoljnicima.
২০তেওঁ দৰিদ্ৰ লোকলৈ নিজৰ হাত মুকলি কৰে, অভাবি লোকলৈ তেওঁ নিজৰ হাত মেলে।
21 Ne boji se snijega za svoje ukućane, jer sva čeljad ima po dvoje haljine.
২১তেওঁ নিজৰ ঘৰৰ লোকৰ বাবে হিম পৰালৈ ভয় নকৰে; তেওঁৰ ঘৰৰ সকলো লোকে ৰঙা বৰণীয়া কাপোৰ পিন্ধে।
22 Sama sebi šije pokrivače, odijeva se lanom i purpurom.
২২তেওঁ নিজৰ বিছনাৰ বাবে বিছনা চাদৰ প্রস্তুত কৰে; তেওঁ মিহি শণ সুতাৰ বেঙুনীয়া ৰঙৰ পোচাক পিন্ধে।
23 Muž joj je slavan na Vratima, gdje sjedi sa starješinama zemaljskim.
২৩যেতিয়া তেওঁ দেশত বৃদ্ধসকলৰ লগত বহে, তেতিয়া তেওঁৰ স্বামী সকলোৰে পৰিচিত হয়;
24 Platno tka i prodaje ga i pojase daje trgovcu.
২৪তেওঁ শণ সুতাৰ বস্ত্ৰ প্ৰস্তুত কৰে, আৰু বিক্রী কৰে, আৰু তেওঁ ব্যৱসায়ী সকলক পাগুৰিৰ কাপোৰ যোগান ধৰে।
25 Odjevena je snagom i dostojanstvom, pa se smije danu budućem.
২৫তেওঁ বল আৰু সন্মানেৰে পোচাক পিন্ধে; তেওঁ আহিব লগা দিনৰ বাবে নিশ্চিন্ত হৈ হাঁহে।
26 Svoja usta mudro otvara i pobožan joj je nauk na jeziku.
২৬তেওঁ প্ৰজ্ঞাৰ কথা ক’বলৈ নিজৰ মুখ মেলে; আৰু তেওঁৰ জিভাত দয়াৰ শিক্ষা থাকে।
27 Na vladanje pazi ukućana i ne jede kruha besposlice.
২৭তেওঁ নিজৰ ঘৰৰ লোকসকলৰ চালচলনলৈ দৃষ্টি ৰাখে, আৰু তেওঁ এলেহুৱাৰ আহাৰ নাখায়।
28 Sinovi njezini podižu se i sretnom je nazivaju, i muž njezin hvali je:
২৮তেওঁৰ সন্তান সকলে সাৰ পায়, আৰু যি বস্তুৱে সিহঁতক সুখী কৰিব পাৰে, তেনে তেওঁ সিহঁতক দিয়ে। তেওঁৰ স্বামীয়ে তেওঁক প্ৰশংসা কৰি কয়,
29 “Mnoge su žene bile vrsne, ali ti ih sve nadmašuješ.”
২৯“অনেক জীয়েকে ভাল কাৰ্য কৰে, কিন্তু তুমি তেওঁলোক সকলোকে অতিক্রম কৰিলা।”
30 Lažna je ljupkost, tašta je ljepota: žena sa strahom Gospodnjim zaslužuje hvalu.
৩০সৌন্দৰ্য বিভ্রান্তিকৰ, লাৱণ্য মূল্যহীন, কিন্তু যিহোৱালৈ ভয় ৰখা মহিলা প্ৰশংসনীয়।
31 Plod joj dajte ruku njezinih i neka je na Vratima hvale djela njezina!
৩১তেওঁৰ হাতৰ শ্রম অনুসাৰে তেওঁক ফল দিয়া, আৰু দুৱাৰত তেওঁৰ কামবোৰক প্রশংসা কৰা।

< Mudre Izreke 31 >