< Mudre Izreke 21 >
1 Kraljevo je srce u ruci Jahve kao voda tekućica; vodi ga kuda god hoće.
১ৰজাৰ হৃদয় যিহোৱাৰ হাতৰ পৰা বৈ থকা পানীৰ দৰে; তেওঁ এই পানী যি দিশলৈ ইচ্ছা কৰে, সেই দিশলৈ বোৱায়।
2 Svaki je put čovjeku pravedan u vlastitim očima, a Jahve ispituje srca.
২সকলো মানুহৰ পথ তেওঁৰ নিজৰ দৃষ্টিত ন্যায়; কিন্তু যিহোৱাই হৃদয় জোখে।
3 Da se vrši pravda i čini pravo, draže je Jahvi nego žrtva.
৩যি সত্য আৰু ন্যায়, এনে কাৰ্য কৰা; বলিদানতকৈ এই কার্য সমূহ যিহোৱাৰ গ্রহণীয়।
4 Ponosite oči i oholo srce i svjetiljka opakih - to je grijeh.
৪অহংকাৰী দৃষ্টি আৰু দাম্ভিক হৃদয়; দুষ্ট লোকৰ প্রদীপ পাপেৰে পৰিপূৰ্ণ।
5 Namisli marljivoga samo su na korist, a nagloga samo na siromaštvo.
৫পৰিশ্ৰমী লোকৰ কল্পনাই কেৱল উন্নতিলৈ লৈ যায়; কিন্তু যি সকলে খৰকৈ কাৰ্য কৰে, তেওঁলোকলৈ কেৱল দৰিদ্ৰতা আহে।
6 Blago stečeno jezikom lažljivim nestalna je ispraznost onih koji traže smrt.
৬মিছলীয়া জিভাৰ দ্বাৰাই অৰ্জন কৰা ধন-সম্পত্তি অস্থায়ী ভাপ, সেইবোৰ মৃত্যু বিচাৰে,
7 Opake će odnijeti nasilje njihovo jer ne žele činiti pravice.
৭দুষ্ট লোকৰ অত্যাচাৰে তেওঁলোকক দূৰ কৰিব; কাৰণ তেওঁলোকে ন্যায় পথত চলিবলৈ অসন্মত হয়।
8 Zapleten je put zločinca, a pravo je djelo čista čovjeka.
৮অপৰাধীৰ পথ কুটিল হয়, কিন্তু যি জন শুদ্ধ, তেওঁ সৎ কাৰ্য কৰে।
9 Bolje je živjeti pod rubom krova nego u zajedničkoj kući sa ženom svadljivom.
৯দন্দুৰী স্বভাৱৰ ভাৰ্যাৰ সৈতে ঘৰত বাস কৰাতকৈ, ঘৰৰ চালৰ এচুকত বাস কৰাই ভাল।
10 Duša opakoga želi zlo: u njega nema samilosti ni za bližnjega.
১০দুষ্ট লোকৰ আত্মাই পাপ আকাংক্ষা কৰে, আৰু তেওঁৰ পৰা তেওঁৰ চুবুৰীয়া কৃপা দৃষ্টি নাপায়।
11 Kad se podsmjevač kazni, neiskusan postaje mudar, a mudri iz pouke crpe znanje.
১১যেতিয়া নিন্দক লোকে দণ্ড পায়, তেতিয়া অশিক্ষিত লোক জ্ঞানী হয়, আৰু যেতিয়া জ্ঞানী লোকে নিৰ্দেশ পায়, তেতিয়া তেওঁৰ জ্ঞান বৃদ্ধি হয়।
12 Na kuću opakoga pazi Svepravedni i opake strovaljuje u nesreću.
১২যি জনে সৎ কাৰ্য কৰে, তেওঁ দুষ্ট লোকৰ ঘৰ পৰ্যবেক্ষণ কৰে; তেওঁ দুষ্ট লোকলৈ সৰ্ব্বনাশ কঢ়িয়াই আনে।
13 Tko zatvori uho svoje pred vikom siromaha, i sam će vikati, ali ga neće nitko uslišati.
১৩যি জনে দৰিদ্ৰ লোকৰ কাতৰোক্তি নুশুনে, সেই জন যেতিয়া কান্দিব, তেতিয়া কোনেও নুশুনিব।
14 Potajan dar utišava srdžbu, a poklon ispod ruke i žestoku jarost.
১৪গুপ্ত উপহাৰ ক্রোধ শান্ত কৰে, আৰু গোপন উপহাৰে প্ৰচণ্ড ক্ৰোধৰ পৰা আঁতৰায় ৰাখে।
15 Sud pravičan radost je pravedniku a užas zločincima.
১৫যেতিয়া ন্যায় বিচাৰ হয়, তেতিয়া ন্যায় কৰা জনে আনন্দ পায়; কিন্তু কুকৰ্ম কৰা জনলৈ সৰ্ব্বনাশ কঢ়িয়াই আনে।
16 Čovjek koji skreće s puta razbora počivat će u zboru mrtvačkom.
১৬যি জনে বিবেচনা শক্তিৰ পথৰ পৰা ভ্ৰমি ফুৰে, সেই জনে মৃত সকলৰ সমাজত জিৰণী ল’ব।
17 Tko ljubi veselje, postaje siromah, i tko ljubi vino i mirisno ulje, ne obogati se.
১৭যি মানুহে ৰং-ধেমালি কৰি ভাল পায়, তেওঁ দৰিদ্ৰ হ’ব; আৰু যি জনে দ্ৰাক্ষাৰস আৰু তেল ভাল পায় তেওঁ ধনৱান নহ’ব।
18 Opak čovjek otkup je za pravednika, i bezbožnik stupa na mjesto pravednog.
১৮সৎ কাৰ্য কৰা লোকৰ বাবে দুষ্টলোকে প্রায়শ্চিত পায়; আৰু ন্যায়পৰায়ণ লোকৰ বাবে বিশ্বাসঘাতকৰ প্রায়শ্চিত হয়।
19 Bolje je živjeti u pustinji nego sa ženom svadljivom i gnjevljivom.
১৯দ্বন্দুৰী আৰু সকলো সময়তে অভিযোগ কৰি থকা মহিলাৰ সৈতে বাস কৰাতকৈ, মৰুভূমিত বাস কৰাই ভাল।
20 Krasno je blago i ulje u stanu mudroga, a bezuman ih čovjek rasipa.
২০জ্ঞানী লোকৰ ঘৰত বহুমূল্য বস্তু আৰু তেল থাকে; কিন্তু অজ্ঞানী লোকে সেইবোৰ অপব্যৱহাৰ কৰে।
21 Tko teži za pravdom i dobrohotnošću, nalazi život i čast.
২১যি জনে সৎ কাৰ্য কৰে আৰু দয়ালু হয়, তেওঁ জীৱন পায়, উচিত সিদ্ধান্ত লয়, আৰু সন্মান লাভ কৰে।
22 Mudrac nadvladava i grad pun ratnika i krši silu u koju su se uzdali.
২২জ্ঞানী লোকে বীৰসকলৰ নগৰৰ বিৰুদ্ধে উঠি যায়, আৰু সুৰক্ষা দিয়া দুৰ্গ তেওঁ ধ্বংস কৰে।
23 Tko čuva usta i jezik svoj, čuva sebe od nevolje.
২৩যি জনে নিজৰ মুখ আৰু জিভা চম্ভালি ৰাখে, তেওঁ সঙ্কটৰ পৰা নিজকে ৰক্ষা কৰে।
24 Drzovitom i oholici ime je “podsmjevač”; on sve radi s prekomjernom drskošću.
২৪গৰ্ব্বি আৰু অহংকাৰী লোকক “নিন্দক” বুলি কোৱা হয়; তেওঁ দাম্ভিকতাৰে কাৰ্য কৰে।
25 Lijenčinu ubija želja njegova jer mu ruke bježe od posla.
২৫এলেহুৱা লোকৰ অভিলাষে তেওঁক বধ কৰে; কাৰণ তেওঁৰ হাতে কাম কৰিবলৈ অমান্তি হয়।
26 Opak po cio dan živo želi, a pravednik daje i ne škrtari.
২৬ওৰে দিনটো তেওঁ অধিকতকৈ অধিক পাবলৈ আকাংক্ষা কৰে; কিন্তু সৎ কাৰ্য কৰা জনে দান দিয়ে, আৰু দান দিয়া বন্ধ নকৰে।
27 Mrska je žrtva opakih, osobito kad se požudno prinosi.
২৭দুষ্ট লোকৰ বলিদান ঘৃণনীয়; তাতে বেয়া মনোভাবেৰে অনাৰ বাবে তাতকৈ কিমান বেছি ঘৃণনীয় হ’ব।
28 Lažljiv svjedok propada, a čovjek koji sluša, opet će govoriti.
২৮মিছা সাক্ষী দিয়া জন ধ্বংস হ’ব; কিন্তু কথা শুনা জনে, তেওঁ সকলো সময়ৰ বাবে কথা ক’ব।
29 Opaki pokazuju drsko lice, a poštenjak učvršćuje put svoj.
২৯দুষ্ট লোকে নিজকে পৰাক্রমী দেখুৱাই; কিন্তু ন্যায়পৰায়ণ লোকে নিজৰ পথ বিবেচনা কৰে।
30 Nema mudrosti i nema razuma i nema savjeta protiv Jahve.
৩০যিহোৱাৰ বিৰুদ্ধে প্রজ্ঞা, বিবেচনা, বা পৰামৰ্শ একোৱেই স্থিৰ হ’ব নোৱাৰে।
31 Konj se oprema za dan boja, ali Jahve daje pobjedu.
৩১যুদ্ধৰ দিনৰ বাবে ঘোঁৰাক সু-সজ্জিত কৰা হয়, কিন্তু জয় যিহোৱাৰ কাৰণেহে হয়।