< Brojevi 9 >
1 Prvoga mjeseca druge godine nakon izlaska iz zemlje egipatske Jahve reče Mojsiju u Sinajskoj pustinji:
১ইস্ৰায়েল লোক মিচৰ দেশৰ পৰা ওলাই অহাৰ পাছত, দ্বিতীয় বছৰৰ প্ৰথম মাহত, চীনয় মৰুভূমিত যিহোৱাই মোচিক ক’লে, তেওঁ ক’লে,
2 “Neka Izraelci slave Pashu u njezino vrijeme.
২“ইস্ৰায়েলৰ সন্তান সকলে নিৰূপিত সময়ত নিস্তাৰ-পৰ্ব্ব পালন কৰিব লাগে।
3 Slavite je u njezino vrijeme, u suton, četrnaestoga dana ovoga mjeseca; slavite je prema svim njezinim propisima i običajima.”
৩এই মাহৰ চতুৰ্দ্দশ দিনা সন্ধ্যাপৰত নিৰূপিত সময়ত তোমালোকে তাক বছৰি পালন কৰিবা। আৰু এই সমন্ধে ইয়াৰ নিয়ম-নীতি অনুসৰণ কৰা আৰু সকলো আজ্ঞাবোৰ পালন কৰি ইয়াক তোমালোকে ধৰি ৰাখিবা।”
4 Tako Mojsije reče Izraelcima da slave Pashu.
৪তেতিয়া মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলক নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ আজ্ঞা দিলে।
5 I oni su je slavili u Sinajskoj pustinji, u suton, prvoga mjeseca, četrnaestoga dana u mjesecu. Kako je god Jahve Mojsiju naredio, tako su Izraelci i učinili.
৫তেতিয়া তেওঁলোকে প্ৰথম মাহৰ চতুৰ্দ্দশ দিনা সন্ধ্যাপৰত চীনয় মৰুভূমিত নিস্তাৰ-পৰ্ব্ব পালন কৰিলে। যিহোৱাই মোচিক দিয়া আজ্ঞাৰ দৰেই, ইস্ৰায়েলৰ সন্তান সকলে সেই সকলোকে কৰিলে।
6 A bijaše ljudi onečišćenih mrtvacem; ti nisu mogli slaviti Pashu onoga dana. Dođu tako pred Mojsija i Arona istoga dana
৬কিন্তু কিছুমান লোকে মানুহৰ শৱ চুই অশুচি হোৱা হেতুকে সেই দিনা নিস্তাৰ-পৰ্ব্ব পালন কৰিব নোৱাৰিলে। সেইবাবে তেওঁলোকে সেই দিনা মোচি আৰু হাৰোণৰ গুৰিলৈ গ’ল।
7 pa reknu: “Mrtvacem smo se onečistili; ipak, zašto bi nam bilo uskraćeno prinositi Jahvi žrtvu u njezino vrijeme usred Izraelovih sinova?”
৭সেই লোকসকলে তেওঁক ক’লে, “আমি মানুহৰ শৱ চুই অশুচি হলোঁ; ইস্ৰায়েলৰ সন্তান সকলৰ মাজত নিৰূপিত সময়ত যিহোৱাৰ উদ্দেশ্যে উপহাৰ উৎসৰ্গ কৰিবলৈ আমি কিয় বঞ্চিত হ’ম?”
8 Mojsije im reče: “Strpite se da čujem što će Jahve za vas odrediti.”
৮তাতে মোচিয়ে তেওঁলোকক ক’লে, “তোমালোক অলপ ৰ’বা; তোমালোকৰ বিষয়ে যিহোৱাই কি আজ্ঞা দিয়ে, তাক শুনো।”
৯পাছত যিহোৱাই মোচিক ক’লে, তেওঁ ক’লে
10 “Ovako kaži Izraelcima: 'Kad se tko između vas ili vaših potomaka onečisti mrtvacem ili je na daleku putu, neka ipak slavi Pashu Jahvi.
১০“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ক’বা, ‘তোমালোকৰ মাজত নাইবা তোমালোকৰ ভাবি-বংশৰ মাজত যদি কোনোৱে শৱ চুই অশুচি হয়, বা দূৰ বাটত পথিক হৈ থাকে, তথাপিও তেওঁ যিহোৱাৰ নিস্তাৰ-পৰ্ব্ব পালন কৰিব লাগিব’।
11 Neka je slave u suton četrnaestog dana drugoga mjeseca. Neka je blaguju s neukvasanim kruhom i gorkim zeljem;
১১দ্বিতীয় মাহৰ চতুৰ্দ্দশ দিনা সন্ধ্যাপৰত তেওঁলোকে তাক পালন কৰিব। তেওঁলোকে খমীৰ নিদিয়া পিঠা আৰু তিতা শাকেৰে নিস্তাৰ-পৰ্বৰ বলি খাব।
12 neka ništa od nje ne ostavljaju za ujutro; neka ni jedne kosti na njoj ne lome. Neka je slave prema propisima Pashe.
১২ৰাতিপুৱালৈ তাৰ একোকে অৱশিষ্ট নাৰাখিব আৰু কোনো হাড় নাভাঙিব; তেওঁলোকে নিস্তাৰ-পৰ্ব্বৰ সকলো বিধি অনুসাৰে তাক পালন কৰিব।
13 Onaj koji je čist a ne bude na putovanju pa ipak propusti proslaviti Pashu, neka se iskorijeni iz svoga naroda. Budući da nije prinio Jahvi žrtve u njezino vrijeme, takav neka snosi svoju krivnju.
১৩কিন্তু যিকোনোৱে শুচি হৈ থাকে আৰু পথিকো নহয়, কিন্তু তেওঁ যদি নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ হেলা কৰে, তেন্তে সেই মানুহ নিজ লোকসকলৰ মাজত পৰা উচ্ছন্ন কৰা হ’ব। কাৰণ, নিৰূপিত সময়ত যিহোৱাৰ উদ্দেশ্যে উপহাৰ নিদিয়াত, তেওঁ নিজৰ পাপৰ ফল ভোগ কৰিব লাগিব।
14 Ako s vama boravi stranac i Pashu prinosi Jahvi, neka je prinosi prema propisima i običajima njezinim. Neka bude jedan zakon za vas, bio to stranac ili domorodac.'”
১৪আৰু কোনো বিদেশী লোকে তোমালোকৰ মাজত প্ৰবাসী হৈ থাকি যিহোৱাৰ উদ্দেশ্যে যদি নিস্তাৰ-পৰ্ব্ব পালন কৰিব খোজে, তেন্তে তেওঁ নিস্তাৰ-পৰ্ব্বৰ বিধিমতে আৰু তাৰ শাসন-প্ৰণালী অনুসাৰে তাক পালন কৰিব; স্বদেশত জন্মা, দুয়োৰো বাবে তোমালোকৰ একেটাই বিধি হ’ব।”
15 Na dan kad je podignuto Prebivalište oblak prekri Prebivalište, Šator svjedočanstva. Od večeri do jutra stajao je u obliku ognja nad Prebivalištem.
১৫আৰু যিদিনা আবাস স্থাপন কৰা হ’ল, সেই দিনা মেঘে সেই আবাস, সেই সাক্ষ্য-ফলি থকা তম্বু ঢাকি ধৰিলে, আৰু সন্ধ্যাবেলাৰ পৰা ৰাতিপুৱালৈকে সেই আবাসৰ ওপৰত তাক জুই যেন দেখা গৈছিল।
16 Tako ga je oblak neprestano zaklanjao, a noću bijaše poput ognja.
১৬এইদৰে সদায় আছিল। মেঘে তাক ঢাকিছিল আৰু ৰাতি জুইৰ নিচিনা দেখা গৈছিল।
17 Kad bi se god oblak digao sa Šatora, Izraelci bi poslije toga krenuli. A gdje bi oblak stao, tu bi se i Izraelci utaborili.
১৭পাছে তম্বুৰ ওপৰৰ পৰা সেই মেঘ ওপৰলৈ নিয়া হ’লে, ইস্ৰায়েলৰ সন্তান সকলে যাত্ৰা কৰে। আৰু সেই মেঘ যি ঠাইত ৰখে, ইস্ৰায়েলৰ সন্তান সকলেও সেই ঠাইতে ছাউনি পাতি থাকে।
18 Na zapovijed Jahvinu Izraelci su kretali na put i na Jahvinu se zapovijed utaborivali. Sve vrijeme što bi oblak stajao nad Prebivalištem oni su taborovali.
১৮যিহোৱা আজ্ঞা অনুসাৰেই ইস্ৰায়েলৰ সন্তান সকলে যাত্ৰা কৰে আৰু তেওঁৰ আজ্ঞাৰ দৰেই ছাউনি পাতি থাকে; সেই মেঘ যেতিয়ালৈকে আবাসৰ ওপৰত থাকে, তেতিয়ালৈকে তেওঁলোক ছাউনিত থাকে।
19 Ako bi oblak dugo stajao nad Prebivalištem, Izraelci su slušali Jahvin nalog i ne bi polazili na put.
১৯আৰু সেই মেঘে যেতিয়া আবাসৰ ওপৰত বহুদিন ধৰি থাকে, তেতিয়া ইস্ৰায়েলৰ সন্তান সকলেও যাত্ৰা নকৰি, যিহোৱাৰ উদ্দেশ্যে যি কৰিব লগীয়া, তাকে কৰে।
20 Ali ako bi se dogodilo da oblak ostane nad Prebivalištem malo vremena, oni bi se na Jahvinu zapovijed utaborili i na Jahvinu zapovijed opet krenuli na put.
২০আৰু সেই মেঘ কোনো কোনো সময়ত আবাসৰ ওপৰত অলপ দিন থাকে। তেনে স্থলত যিহোৱাৰ আজ্ঞা মতে তেওঁলোকে ছাউনিত থাকে আৰু যিহোৱাৰ আজ্ঞামতে যাত্ৰাও কৰে।
21 Ako bi se oblak digao pošto se zadržao od večeri do jutra, oni bi tada ujutro krenuli na put. Danju ili noću, kad bi se oblak digao, oni bi krenuli na put.
২১আৰু কোনো কোনো সময়ত মেঘ সন্ধ্যাপৰৰ পৰা ৰাতিপুৱালৈকে থাকে। আৰু ৰাতিপুৱা ওপৰলৈ নিয়া হ’লে, তেওঁলোকে যাত্ৰা কৰে। দিনত কি ৰাতিয়েই হওক, মেঘ ওপৰলৈ নিয়া হ’লেই তেওঁলোকে যাত্ৰা কৰে।
22 Dva dana ili mjesec ili godinu - dok bi oblak ostajao nad Prebivalištem - Izraelci su taborovali, ne krećući na put, a čim bi se digao, oni bi krenuli.
২২দুদিন বা এমাহ, নাইবা এবছৰ হওক, যিমান দিন আবাসৰ ওপৰত মেঘে ৰখি থাকে ইস্ৰায়েলৰ সন্তান সকলেও সিমান দিন যাত্ৰা নকৰি ছাউনিত থাকে। কিন্তু তাক ওপৰলৈ নিয়া হ’লেই, তেওঁলোকে যাত্ৰা কৰে।
23 Po zapovijedi Jahvinoj stajahu u taboru i po zapovijedi Jahvinoj kretahu na put. Držali su se Jahvina naloga, kako Jahve bijaše zapovjedio Mojsiju.
২৩যিহোৱাৰ আজ্ঞামতেই তেওঁলোকে ছাউনিত থাকে আৰু যিহোৱাৰ আজ্ঞা মতেই যাত্ৰাও কৰে; এইদৰে, মোচিৰ যোগেদি দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে কৰিব লগীয়া কাৰ্য কৰে।