< Brojevi 15 >

1 Jahve reče Mojsiju:
পাছত যিহোৱাই মোচিক ক’লে। তেওঁ ক’লে,
2 “Govori Izraelcima i reci im: 'Kad uđete u zemlju gdje ćete boraviti i koju vam ja dajem,
“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া, ‘মই তোমালোকক যি দেশ দিম, তোমালোকে বসতি কৰিব লগা সেই দেশত সোমোৱাৰ পাছত,
3 pa budete prinosili Jahvi paljenu žrtvu, paljenicu ili klanicu, zavjetnicu ili dragovoljnu žrtvu, ili žrtvu prigodom svojih svetkovina - praveći tako od krupne ili sitne stoke ugodan miris Jahvi -
যেতিয়া তোমালোকে প্ৰতিজ্ঞা সিদ্ধিৰ অৰ্থে বা নিজ ইচ্ছাৰে এনেই দিবৰ অৰ্থে নাইবা তোমালোকৰ পৰ্ব্বৰ দিনত, গৰু, কি মেৰ, কি মেৰ-ছাগৰ জাকৰ পৰা আনি যিহোৱাক সুঘ্ৰাণ দিবৰ কাৰণে, হোম-বলি বা মঙ্গলাৰ্থক বলি আদি অগ্নিকৃত উপহাৰ যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা,
4 neka prinositelj prinese svoj dar Jahvi: prinosnicu od desetine efe najboljeg brašna, zamiješena u četvrtini hina ulja.
তেতিয়া যিহোৱাৰ উদ্দেশ্যে উপহাৰ উৎসৰ্গ কৰা লোকে হোম-বলি আৰু আন বলিৰ অৰ্থে দিয়া প্ৰত্যেক মেৰে সৈতে, হীনৰ চাৰিভাগৰ এভাগ এভাগ তেল মিহলোৱা মিহি আটাগুড়িৰ দহ ভাগৰ এভাগ ভক্ষ্য নৈবেদ্য আনিব।
5 Uz paljenicu ili uz klanicu prinesi čevrtinu hina vina za ljevanicu na svako janje.
আৰু তুমি হীনৰ চাৰিভাগৰ এভাগ দ্ৰাক্ষাৰসৰ পেয় নৈবেদ্য যুগুত কৰিবা।
6 Povrh ovna prinesi kao prinosnicu dvije desetine efe najboljeg brašna, zamiješena u jednoj trećini hina ulja;
বা এটা মতা মেৰে সৈতে, তুমি যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে, হীনৰ তিনি ভাগৰ এভাগ তেল মিহলোৱা মিহি আটাগুড়ি দহ ভাগৰ দুভাগেৰে ভক্ষ্য নৈবেদ্য যুগুত কৰিবা।
7 i vina za ljevanicu prinesi trećinu hina na ugodan miris Jahvi.
আৰু পেয় নৈবেদ্যৰ বাবে হীনৰ তিনি ভাগৰ এভাগ দ্ৰাক্ষাৰস উৎসৰ্গ কৰিবা।
8 Ako Jahvi prinosiš junca kao paljenicu ili kao klanicu da izvršiš zavjet ili kao pričesnicu,
আৰু যিহোৱাৰ অৰ্থে প্ৰতিজ্ঞা সিদ্ধ কৰিবলৈ, বা মঙ্গলাৰ্থক বলিৰ অৰ্থে যেতিয়া তুমি হোম বলি বা আন বলিস্বৰূপে দমৰা গৰু উৎসৰ্গ কৰিবা,
9 neka se onda uz junca prinesu tri desetine efe najboljeg brašna, zamiješena u pola hina ulja,
তেতিয়া সেই দমৰাই সৈতে, হীনৰ আধা ভাগ তেল মিহলোৱা দহ ভাগৰ তিনি ভাগ মিহি আটাগুড়িৰ ভক্ষ্য নৈবেদ্য অনা হ’ব।
10 a za ljevanicu prinesi pola hina vina kao paljenu žrtvu na ugodan miris Jahvi.
১০আৰু পেয় নৈবেদ্যৰ অৰ্থে হীনৰ আধা ভাগ দ্ৰাক্ষাৰস আনিবা; সেয়ে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ হ’ব।
11 Neka se tako postupi uza svakoga vola i uza svakoga ovna, uza svaku glavu sitne stoke, ovce ili koze:
১১প্ৰত্যেক দমৰা নাইবা প্ৰত্যেক মতা মেৰ, বা প্ৰত্যেক মতা মেৰ পোৱালি; বা প্ৰত্যেক মেৰ-ছাগ পোৱালিৰ কাৰণে এইদৰে কৰিব লাগিব।
12 koliko ih god prinesete, za svako pojedino tako učinite, već prema njihovu broju.
১২তোমালোকে যিমান পশু উৎসৰ্গ কৰিবা, সেইবোৰৰ সংখ্যা অনুসাৰে প্ৰত্যেক পশুলৈ এইদৰে কৰিবা।
13 Svaki domorodac neka postupa ovako kad prinosi žrtvu paljenu na ugodan miris Jahvi.
১৩স্বদেশীয় লোকসকলে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবৰ সময়ত, তেওঁলোক আটায়ে এই নিয়মৰ দৰে সেই সকলো যুগুত কৰিব।
14 I ako koji stranac koji živi među vama, ili će biti među vašim potomcima, htjedne prinijeti žrtvu paljenu na ugodan miris Jahvi, neka radi kako i vi radite.
১৪আৰু তোমালোকৰ লগত প্ৰবাস কৰা কোনো বিদেশী লোকে, নাইবা তোমালোকৰ মাজত পুৰুষানুক্ৰমে বাস কৰা কোনো লোকে যদি যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিবৰ অৰ্থে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিব খোজে, তেন্তে তোমালোকে যেনেকৈ কৰা, তেৱোঁ তেনেকৈ কৰিব।
15 Neka je jedan zakon i za vas i za stranca koji s vama boravi. To je trajan zakon za vaše naraštaje: pred Jahvom, kako je s vama, tako neka bude i sa strancem.
১৫সমাজৰ কাৰণে হ’লে, তোমালোক আৰু তোমালোকৰ মাজত প্ৰবাস কৰা বিদেশী লোক, উভয়ৰে একেটা বিধি হ’ব: এয়ে তোমালোকৰ পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰ স্থায়ী বিধি। যিহোৱাৰ আগত তোমালোক যেনে, বিদেশীও তেনে।
16 Jedan zakon i jedno pravo neka vrijedi za vas i za stranca koji s vama boravi.'”
১৬তোমালোকৰ আৰু তোমালোকৰ মাজত প্ৰবাস কৰা বিদেশী, উভয়েৰে একে বিধি আৰু একে শাসন প্ৰণালী হ’ব’।”
17 Jahve reče Mojsiju:
১৭পাছত যিহোৱাই মোচিক ক’লে। তেওঁ ক’লে,
18 “Govori Izraelcima i reci im: 'Kad dođete u zemlju u koju vas vodim
১৮“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া, ‘মই তোমালোকক যি দেশলৈ লৈ আহিছোঁ, সেই দেশত সোমোৱাৰ পাছত,
19 i budete jeli kruh te zemlje, prinesite podizanicu Jahvi.
১৯তোমালোকে সেই দেশৰ অন্ন ভোজন কৰা কালত, যিহোৱাৰ উদ্দেশ্যে উত্তোলনীয় নৈবেদ্য উৎসৰ্গ কৰিবা।
20 Kao prvinu iz svojih naćava prinesite jedan kolač kao podizanicu; prinesite ga kao i podizanicu s gumna.
২০তোমালোকে প্ৰথমে উৎপন্ন হোৱা শস্যৰ খৰচীয়া আটাৰ এটা পিঠা উত্তোলনীয় নৈবেদ্যস্বৰূপে উৎসৰ্গ কৰিবা; মৰণা মৰা খোলাৰ উত্তোলনীয় নৈবেদ্যৰ নিচিনাকৈ ইয়াকো উৎসৰ্গ কৰিবা।
21 Od prvine svojih naćava davajte Jahvi podizanicu od naraštaja do naraštaja.'”
২১তোমালোকে পুৰুষানুক্ৰমে প্ৰথমে উৎপন্ন হোৱা শস্যৰ নিজ নিজ খৰচিয়া আটাৰ কিছু উত্তোলনীয় নৈবেদ্যস্বৰূপে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা।
22 “Ako nehotice pogriješite te ne budete obdržavali koju od zapovijedi što ih je Jahve objavio po Mojsiju -
২২মোচিক যিহোৱাই কোৱা এই সকলো আজ্ঞা, তোমালোক ইস্রায়েলৰ সন্তান সকলে পালন কৰা নাছিলা, যদিওবা পালন নকৰিবলৈ তোমালোকৰ কোনো উদ্দেশ্য নাছিল,
23 sve što vam je Jahve zapovjedio po Mojsiju, odonda kad vam je izdao zapovijedi pa dalje od koljena do koljena -
২৩অৰ্থাৎ যিহোৱাই যি দিনা তোমালোকক আজ্ঞা দিছিল, সেই দিনাৰ পৰা তোমালোকৰ পুৰুষানুক্ৰমে তেওঁ মোচিৰ দ্বাৰাই যি যি আজ্ঞা কৰিছিল, সেই সকলোকে যেতিয়া তোমালোকে ভূলক্ৰমে পালন নকৰা।
24 onda: ako je to počinjeno nepažnjom zajednice, neka sva zajednica prinese jednoga junca kao paljenicu na ugodan miris Jahvi s propisanom prikaznicom i ljevanicom i jednoga jarca kao okajnicu.
২৪তেতিয়া সেয়ে যদি সমাজে নজনাকৈ ভূলক্ৰমে কৰা হয়, তেন্তে গোটেই সমাজে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে হোমৰ কাৰণে এটা দমৰা আৰু নিয়ম মতে তাৰ ভক্ষ্য আৰু পেয় নৈবেদ্য আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা মেৰ-ছাগ উৎসৰ্গ কৰিব।
25 Neka svećenik obavi obred pomirenja nad svom izraelskom zajednicom, pa će im biti oprošteno. Bila je samo nepažnja, a oni su prinijeli svoj dar - paljenu žrtvu Jahvi - i okajnicu pred Jahvom za svoju nepažnju.
২৫আৰু পুৰোহিতে ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই প্ৰায়শ্চিত্ত কৰিব; তাতে তেওঁলোকক ক্ষমা কৰা হ’ব। কিয়নো তাক ভূলক্ৰমে কৰা হ’ল আৰু তেওঁলোকে সেই ভূলৰ কাৰণে যিহোৱাৰ উদ্দেশ্যে তেওঁলোকৰ উপহাৰ, তেওঁলোকৰ অগ্নিকৃত উপহাৰ আনিলে আৰু যিহোৱাৰ উদ্দেশ্যে তেওঁলোকৰ পাপাৰ্থক বলিও আনিলে।
26 Bit će oprošteno svoj izraelskoj zajednici, a tako i strancu koji među njima boravi, jer se sav narod iz nepažnje ogriješio.
২৬এইদৰে ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই সমাজক আৰু তেওঁলোকৰ মাজত প্ৰবাস কৰা বিদেশীক ক্ষমা কৰা হ’ব; কিয়নো সকলো লোকৰ সম্পৰ্কে সেই কাৰ্য ভূলক্ৰমে কৰা হ’ল।
27 Pogriješi li iz nepažnje pojedinac, neka prinese jedno žensko kozle od godine dana kao okajnicu.
২৭আৰু যদি কোনো মানুহে ভূলক্ৰমে পাপ কৰে, তেন্তে, সি পাপাৰ্থক বলিস্বৰূপে এজনী এবছৰীয়া মেৰ-ছাগ উৎসৰ্গ কৰিব লাগিব।
28 Neka svećenik obavi obred pomirenja pred Jahvom nad osobom koja je nehotice pogriješila od nepažnje. Kad nad njom obavi obred pomirenja, bit će joj oprošteno.
২৮আৰু যিহোৱাৰ সাক্ষাতে সেই লোকে ভূলক্ৰমে পাপ কৰাত, সেই ভূল কৰা লোকক প্ৰায়শ্চিত্ত কৰিবলৈ পুৰোহিতে তেওঁৰ বাবে প্ৰায়শ্চিত্ত কাৰ্য কৰিব; তাতে তেওঁক ক্ষমা কৰা হ’ব।
29 Kada tko pogriješi nepažnjom, neka vam jedan zakon vrijedi i za domoroca i za stranca koji boravi među vama.
২৯ইস্ৰায়েলৰ সন্তান সকলৰ স্বজাতীয় বা তেওঁলোকৰ মাজত প্ৰাবস কৰা বিদেশী হওঁক উভয়ৰে বাবে, ভূলক্ৰমে কোনো কাৰ্য কৰা লোকৰ অৰ্থে একেটা বিধি হ’ব।
30 Ali onaj koji nešto učini naumice, bio on domorodac ili stranac, taj na Jahvu huli. Takav neka se istrijebi između svoga naroda
৩০কিন্তু স্বদেশীয় কি বিদেশীয় যি লোকে কৰোঁ বুলি পাপ কৰিব, তেওঁ যিহোৱাক অপমান কৰা হ’ব; সেই লোকক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
31 jer je prezreo Jahvinu riječ i prekršio njegovu zapovijed. Neka se takav iskorijeni. Neka njegova krivnja padne na nj!”
৩১কিয়নো তেওঁ যিহোৱাৰ বাক্য হেয়জ্ঞান কৰিলে আৰু তেওঁৰ আজ্ঞা লঙ্ঘন কৰিলে; অৱশ্যে সেই মানুহক উচ্ছন্ন কৰা হ’ব আৰু তাৰ দোষ তাৰ গাতে থাকিব’।”
32 Kad su Izraelci bili u pustinji, nađu čovjeka kako kupi drva u subotnji dan.
৩২ইস্ৰায়েলৰ সন্তান সকল যেতিয়া মৰুভূমিত আছিল, তেতিয়া তেওঁলোকে বিশ্ৰাম দিনত এজনক খৰি বুটলা পালে।
33 I oni koji su ga našli da kupi drva dovedu ga Mojsiju i Aronu i svoj zajednici.
৩৩আৰু যিসকলে তেওঁক খৰি বুটলা পাইছিল, তেওঁলোকে মোচি, হাৰোণ আৰু গোটেই সমাজৰ আগলৈ তেওঁক আনিলে।
34 Stave ga pod stražu, jer još nije bilo određeno što treba s njim učiniti.
৩৪আৰু তেওঁলোকে তেওঁক বন্ধ কৰি ৰাখিলে; কিয়নো তেওঁলৈ কি কৰা উচিত, সেয়ে ঠিককৈ প্ৰকাশিত হোৱা নাছিল।
35 “Toga čovjeka treba pogubiti!” - reče Jahve Mojsiju. “Neka ga kamenjem zaspe izvan tabora sva zajednica.”
৩৫পাছত যিহোৱাই মোচিক ক’লে, “সেই মানুহৰ প্ৰাণদণ্ড অৱশ্যে হ’ব লাগে; গোটেই সমাজে তাক ছাউনিৰ বাহিৰলৈ নি শিল দলিয়াই বধ কৰিব।
36 Sva ga zajednica izvede izvan tabora i zasu ga kamenjem te on poginu, kako je Jahve zapovjedio Mojsiju.
৩৬তেতিয়া, যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, গোটেই সমাজে তেওঁক ছাউনিৰ বাহিৰলৈ লৈ গৈ, তেওঁ মৰাকৈ, তেওঁলৈ শিল দলিয়ালে।
37 Reče Jahve Mojsiju:
৩৭পাছত যিহোৱাই আকৌ মোচিক ক’লে। তেওঁ ক’লে
38 “Govori Izraelcima i reci im: neka od naraštaja do naraštaja prave rese na skutovima svojih haljina, a za resu svakoga skuta neka privezuju ljubičastu vrpcu.
৩৮“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া; তেওঁলোকে পুৰুষানুক্ৰমে নিজ নিজ কাপোৰৰ চুকত আৰিবলৈ সূতাৰ থোপা সাজক আৰু নিজ নিজ কাপোৰৰ চুকত লগাব লগীয়া থোপাত নীল বৰণীয়া ফিতা লগাওঁক।
39 Imat ćete rese zato da vas pogled na njih sjeća svih Jahvinih zapovijedi. Vršite ih, a ne zanosite se svojim srcem i svojim očima, što vas tako lako zavode na bludnost.
৩৯তোমালোকে যেন সেই থোপা দেখি, যিহোৱাৰ আজ্ঞাবোৰ সোঁৱৰণ কৰি পালন কৰা আৰু নিজৰ যি মন আৰু চকুৰ পাছত চলি তোমালোকে ব্যভিচাৰী হৈছিলা, সেই মন আৰু চকুৰ পাছত যেন আৰু নচলা।
40 Tako ćete se sjećati svih mojih zapovijedi, vršit ćete ih i bit ćete posvećeni svome Bogu.
৪০কিন্তু মোৰ সকলো আজ্ঞা সোঁৱৰি পালন কৰি, নিজ ঈশ্বৰৰ উদ্দেশ্যে যেন পবিত্ৰ হোৱা, এই কাৰণে তোমালোকলৈ সেই থোপা হ’ব।
41 Ja sam Jahve, Bog vaš, koji sam vas izveo iz zemlje egipatske da vam budem Bogom. Ja, Jahve, Bog vaš.”
৪১তোমালোকৰ ঈশ্বৰ যিহোৱা হ’বৰ কাৰণে, যিজন সৰ্বশক্তিমান ঈশ্বৰে তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলে, ময়েই তোমালোকৰ সেই ঈশ্বৰ যিহোৱা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।”

< Brojevi 15 >