< Mihej 4 >
1 Dogodit će se na kraju danÄa: Gora Doma Jahvina bit će postavljena vrh svih gora, uzvišena iznad svih bregova.
১কিন্তু আহি থকা দিনত এইদৰে ঘটিব, যিহোৱাৰ গৃহ থকা পৰ্ব্বতটো আন পৰ্ব্বতবোৰৰ ওপৰত স্থাপন কৰা হ’ব। এই গৃহটি পাহাৰবোৰতকৈয়ো উচ্চ কৰা হ’ব; আৰু লোকসকল সোঁত বোৱাদি তালৈ যাব।
2 K njoj će se stjecat svi narodi, nagrnut će mnoga plemena i reći: “Hajde, uziđimo na goru Jahvinu, u Dom Boga Jakovljeva! On će nas naučit' svojim putovima, i hodit ćemo stazama njegovim. Jer će sa Siona Zakon izaći, riječ Jahvina iz Jeruzalema.”
২অনেক দেশৰ লোক যাব আৰু ক’ব, “আহাঁ, আমি যিহোৱাৰ পৰ্ব্বতটোলৈ উঠোহঁক, আৰু যাকোবৰ ঈশ্বৰৰ গৃহলৈ যাওঁহক। তেওঁ আমাক তেওঁৰ পথৰ বিষয়ে শিক্ষা দিব, আৰু আমি তেওঁৰ পথত চলিম;” কিয়নো চিয়োনৰ পৰা বিধান, আৰু যিৰূচালেমৰ পৰা যিহোৱাৰ বাক্য বাহিৰ ওলাব।
3 On će upravljati mnogim pučanstvima i bit će sudac moćnim narodima. Svoje će mačeve prekovati u ralice, a svoja koplja u radne srpove. Narod na narod neće mača dizati niti će se više za rat vježbati.
৩তেওঁ অনেক লোকৰ মাজত বিচাৰ কৰিব, আৰু দূৰত থকা বহুতো দেশবাসীৰ বিষয়ে সিদ্ধান্ত ল’ব; তেওঁলোকে তেওঁলোকৰ তৰোৱাল ভাঙি নাঙলৰ ফাল, আৰু তেওঁলোকৰ যাঠী ভাঙি কলম দিয়া কটাৰী গঢ়াই ল’ব; এটা দেশে আন দেশৰ বিৰুদ্ধে তৰোৱাল নাদাঙিব, অথবা তেওঁলোকে যুদ্ধবিদ্যা পুনৰ নিশিকিব।
4 Svaki će mirno živjeti pod lozom vinovom, pod smokvom svojom, i nitko ga neće plašiti. To rekoše usta Jahve nad Vojskama.
৪তাৰ পৰিৱৰ্তে প্ৰতিজন লোকে দ্ৰাক্ষাবাৰী, আৰু ডিমৰু গছৰ তলত বহিব। কোনেও তেওঁলোকক ভয় খুৱাব নোৱাৰিব; কাৰণ বাহিনীসকলৰ যিহোৱাই নিজৰ মুখেৰে এই কথা কৈছিল,
5 Jer svi narodi idu, svaki u ime boga svojega, a mi, mi idemo u imenu Jahve, Boga našega, uvijek i dovijeka.
৫কাৰণ সকলো লোকে নিজৰ নিজৰ দেৱতাৰ নামেৰে চলে, কিন্তু আমি চিৰকাললৈকে আমাৰ ঈশ্বৰ যিহোৱাৰ নামেৰে চলিম।
6 “U onaj dan - riječ je Jahvina - sabrat ću hrome, okupiti raspršene i sve kojima sam zlo učinio.
৬যিহোৱাই কৈছে, “সেই দিনা মই যিসকলক দুৰ্দশাগ্রস্ত কৰিছিলোঁ, সেই পঙ্গুসকলক মই একগোট কৰিম, আৰু অনুন্নত লোকসকলক একত্রিত কৰিম।
7 Od hromih ću Ostatak učiniti, moćan narod od onih što su izgnani.” Tada će Jahve nad njima kraljevati na gori Sionu od sada i dovijeka.
৭মই পঙ্গুক অৱশিষ্ট কৰি ৰাখিম, আৰু যিজনক দূৰ কৰা হৈছিল, তেওঁক এক বলৱান জাতি কৰিম; আৰু মই, যিহোৱাই এতিয়াৰ পৰা চিৰকাললৈকে চিয়োন পৰ্ব্বতত তেওঁলোকৰ ওপৰত ৰাজত্ব কৰিম।
8 I ti Kulo stadÄa, Ofele Kćeri sionske, opet će se tebi vratiti prijašnja vlast, kraljevstvo Kćeri jeruzalemske.
৮তোমালোক পশুৰ জাকৰ বাবে পহৰা দিয়া দুৰ্গ, আৰু তোমালোকলৈ চিয়োন জীয়ৰীৰ পাহাৰ, পূৰ্বৰ শাসন, যিৰূচালেম জীয়ৰীৰ ৰাজ্য আহিব।
9 Zašto sada kukaš kuknjavom? Nema li kralja u tebi? Zar su savjetnici tvoji propali da te obuzimlju bolovi kao porodilju?
৯এতিয়া কিয় তোমালোকে চিঞৰি কান্দিছা? প্ৰসৱ কৰা মহিলাৰ দৰে, তোমালোকৰ যে আকস্মিক বেদনা হৈছে; তোমালোকৰ মাজত কোনো ৰজা নাই নে? আৰু তোমালোকৰ পৰামৰ্শদাতা বিনষ্ট হ’ল নে?
10 Savijaj se od boli i kriči, Kćeri sionska, kao žena koja porađa, jer ćeš sada iz grada izići i stanovati na polju. Do Babilona ti ćeš otići, ondje ćeš se osloboditi, ondje će te Jahve otkupiti iz šaka tvojih dušmana.
১০চিয়োন জীয়ৰী, বেদনা অনুভৱ কৰা, প্রসৱ কৰিবলৈ লোৱা মহিলাৰ দৰে, উৎপন্ন কৰিবলৈ পৰিশ্রম কৰা, কাৰণ তোমালোক এতিয়া নগৰৰ পৰা বাহিৰ ওলাই গৈ, পথাৰত থাকিব লাগিব, আৰু বাবিললৈ যাব লাগিব; সেই ঠাইতে তোমালোকে উদ্ধাৰ পাবা, সেই ঠাইতেই যিহোৱাই তোমাৰ শত্ৰুৰ হাতৰ পৰা তোমাক মুক্ত কৰিব।
11 A sada se mnogi narodi protivu tebe sabraše. Oni govore: “Neka se obeščasti, neka se naše oči nasite Siona!”
১১এতিয়া অনেক দেশ তোমালোকৰ বিৰুদ্ধে একত্রিত হ’ব; তেওঁলোকে কৈছে, তেওঁক কলুষিত হ’ব দিয়া, আমাৰ চকুক চিয়োনক আগ্রহেৰে চাব দিয়া।”
12 Ali zamisli Jahvine oni ne znaju i ne razumiju namjere njegove: kao snoplje na gumnu on ih je sabrao.
১২ভাববাদীয়ে কৈছে, “তেওঁলোকে যিহোৱাৰ কল্পনাবোৰ নাজানে, নাইবা তেওঁলোকে তেওঁৰ আঁচনিবোৰ নুবুজে; কাৰণ তেওঁ মৰণা মৰা ঠাইত ডাঙৰি গোটোৱাৰ দৰে তেওঁলোকক গোটাইছে।”
13 Ustani! Ovrši žito, Kćeri sionska, jer ti pravim gvozden rog i mjedena kopita. I satrt ćeš mnoge narode; zavjetovat ćeš Jahvi blago njihovo i bogatstvo njihovo Gospodaru sve zemlje.
১৩যিহোৱাই কৈছে, “হে চিয়োন জীয়ৰী উঠা, আৰু প্রহাৰ কৰা; কাৰণ মই তোমাৰ শিং লোহাৰ আৰু তোমাৰ খুৰা পিতলৰ কৰিম; তুমি অনেক লোকক মাৰি চূৰ্ণ কৰিবা; মই যিহোৱাই নিজৰ বাবে তেওঁলোকৰ অন্যায়ৰ সম্পত্তি উৎসৰ্গ কৰিম, তেওঁলোকৰ অধিকাৰ গোটেই পৃথিবীৰ প্ৰভুৰ উদ্দেশ্যে উৎসৰ্গ কৰিম।”