< Luka 14 >

1 Jedne subote dođe on u kuću nekoga prvaka farizejskog na objed. A oni ga vrebahu.
এদিন বিশ্ৰামবাৰে এইদৰে হৈছিল, যীচুৱে ফৰীচী সকলৰ এজন প্ৰধান অধিকাৰীয়ে ঘৰত পিঠা খাবলৈ সোমাল, তাতে লোক সকলে তেওঁক ভালদৰে চাবলৈ ধৰিলে।
2 Kad evo: pred njim neki čovjek koji je imao vodenu bolest.
সেই ঠাইত তেওঁৰ আগত এজন জলোদৰী বেমাৰত আক্ৰান্ত লোক আছিল।
3 Nato Isus upita zakonoznance i farizeje: “Je li dopušteno subotom liječiti ili nije?”
তাতে যীচুৱে মাত লগাই বিধান পণ্ডিত আৰু ফৰীচী সকলক সুধিলে, “বিশ্ৰামবাৰে সুস্থ কৰিব পাই নে নাপায়?”
4 A oni mukom ponikoše. On ga dotaknu, izliječi i otpusti.
কিন্তু তেওঁলোক নিজম দি থাকিল। তেতিয়া তেওঁ মানুহ জনক ধৰি আনিলে আৰু সুস্থ কৰি পঠিয়াই দিলে।
5 A njima reče: “Ako komu od vas sin ili vol padne u bunar, neće li ga brže bolje izvući i u dan subotni?”
আৰু তেওঁলোকক ক’লে, “অাপোনালোকৰ কাৰোবাৰ বলধ বা গাধ নাদত পৰিলে, তৎক্ষণাত নুতুলিব নে?”
6 I ne mogoše mu na to odgovoriti.
তেতিয়া তেওঁলোকে সেই কথাৰ উত্তৰ দিব নোৱাৰিলে।
7 Promatrajući kako uzvanici biraju prva mjesta, kaza im prispodobu:
তেতিয়া লোক সকলে প্ৰধান ঠাই মনোনীত কৰি লোৱা দেখি, যীচুৱে তেওঁলোকক দৃষ্টান্ত দি ক’লে,
8 “Kada te tko pozove na svadbu, ne sjedaj na prvo mjesto da ne bi možda bio pozvan koji časniji od tebe,
“কোনোবাই তোমাক বিয়াৰ ভোজলৈ নিমন্ত্ৰণ কৰিলে, প্ৰধান ঠাইত নবহিবা; কিজানি তোমাতকৈ মান্যৱন্ত কোনো মানুহ নিমন্ত্ৰণ হৈছে;
9 te ne dođe onaj koji je pozvao tebe i njega i ne rekne ti: 'Ustupi mjesto ovome.' Tada ćeš, postiđen, morati zauzeti posljednje mjesto.
পাছত তেনে কৰিলে, যি জনে তোমালোক দুয়োকে নিমন্ত্ৰণ কৰিছে; তেওঁ আহি তোমাক ক’ব, ‘এওঁক তোমাৰ ঠাইতো এৰি দিয়া’। তেতিয়া তুমি লাজত পৰিবা, কাৰণ তুমি গৈ সকলোতকৈ চাপৰ ঠাইত বহিব লাগিব।
10 Nego kad budeš pozvan, idi i sjedni na posljednje mjesto pa, kada dođe onaj koji te pozvao, da ti rekne: 'Prijatelju, pomakni se naviše!' Bit će ti to tada na čast pred svim sustolnicima,
১০কিন্তু যেতিয়া নিমন্ত্ৰিত হৈও চাপৰ ঠাইত বহিবা; তেতিয়া তোমাক নিমন্ত্ৰণ কৰা জন আহি দেখিলে ক’ব, ‘হে বন্ধু, ওখ ঠাইলৈ যোৱা’; তেতিয়া তোমাৰ সৈতে ভোজনত বহা সকলোৰে আগত তুমি মৰ্যদা পাবা।
11 jer - svaki koji se uzvisuje, bit će ponižen, a koji se ponizuje, bit će uzvišen.”
১১কিয়নো যি কোনোৱে নিজকে বৰ বুলি মানে, তেওঁক সৰু কৰা হ’ব; আৰু যি কোনোৱে নিজকে সৰু বুলি মানে, তেওঁক বৰ কৰা হ’ব।
12 A i onome koji ga pozva, kaza: “Kad priređuješ objed ili večeru, ne pozivaj svojih prijatelja, ni braće, ni rodbine, ni bogatih susjeda, da ne bi možda i oni tebe pozvali i tako ti uzvratili.
১২তেতিয়া তেওঁক নিমন্ত্ৰণ কৰা জনে ক’লে, “দুপৰ বা নিশাৰ ভোজ পাতিলে, তুমি নিজৰ বন্ধু বা ভাই সকলক বা জ্ঞাতি-কুটুম্ব বা ধনৱন্ত চুবুৰীয়া সকলক নামাতিবা; তেওঁলোকে তোমাক নিমন্ত্ৰণ কৰিব, আৰু তোমাৰ প্ৰতিদান ঘূৰাই দিব।
13 Nego kad priređuješ gozbu, pozovi siromahe, sakate, hrome, slijepe.
১৩কিন্তু যেতিয়া ভোজ পাতা, তেতিয়া দৰিদ্ৰ, কোঙা, খোৰা, অন্ধ এনে লোকক মাতিবা।
14 Blago tebi jer oni ti nemaju čime uzvratiti. Uzvratit će ti se doista o uskrsnuću pravednih.”
১৪তাতে তোমাক প্ৰতিদান ৰূপে ঘুৰাবলৈ তেওঁলোকৰ একো নোহোৱাত, তুমি ধন্য হবা। কিয়নো ধাৰ্মিক সকলৰ পুনৰুত্থানত তোমাক প্ৰতিদান দিয়া হব।”
15 Kad je to čuo jedan od sustolnika, reče mu: “Blago onome koji bude blagovao u kraljevstvu Božjem!”
১৫যি সকলে যীচুৰ সৈতে ভোজনত বহিছিল, তেওঁলোকৰ মাজৰ এজনে এই কথা শুনি, তেওঁক ক’লে, “যি কোনোৱে ঈশ্বৰৰ ৰাজ্যত ভোজন কৰিব তেওঁ ধন্য”।
16 A on mu reče: “Čovjek neki priredi veliku večeru i pozva mnoge.
১৬কিন্তু যীচুৱে তেওঁক ক’লে, “এজন মানুহে নিশা বৰ ভোজ পাতি, অনেক লোকক নিমন্ত্ৰণ কৰিলে।
17 I posla slugu u vrijeme večere da rekne uzvanicima: 'Dođite! Već je pripravljeno!'
১৭পাছত ভোজনৰ সময় হোৱাত, তেওঁ নিজৰ এজন দাসক পঠাই নিমন্ত্ৰিত সকলক ক’লে, ‘আহক, এতিয়া ভোজন যুগুত হৈছে’।
18 A oni se odreda počeli ispričavati. Prvi mu reče: 'Njivu sam kupio i valja mi poći pogledati je. Molim te, ispričaj me.'
১৮তাতে সকলো লোকে একেভাবেৰে ক্ষমা বিচাৰি তেওঁক ক’বলৈ ধৰিলে; প্ৰথম জনে তেওঁক ক’লে, ‘মই এডৰা মাটি কিনিলোঁ; মই তোমাক অনুৰোধ কৰিছোঁ; মই সেই মাটি চাবলৈ যাব লাগে’।
19 Drugi reče: 'Kupio sam pet jarmova volova pa idem okušati ih. Molim te, ispričaj me.'
১৯আন এজনে ক’লে, ‘মই পাঁচ হাল বলধ কিনিলোঁ; সেই বাবে ময়ো তোমাক অনুৰোধ কৰিছোঁ, মই পথাৰত তাক প্ৰমাণ কৰি চাবলৈ যাওঁ’।
20 Treći reče: 'Oženio sam se i zato ne mogu doći.'”
২০আন এজনে ক’লে, ‘মই এগৰাকীক বিয়া কৰালো, এই কাৰণে যাব নোৱাৰো’।
21 “Sluga se vrati i javi to domaćinu. Tada domaćin, gnjevan, reče sluzi: 'Iziđi brzo na trgove gradske i ulice pa dovedi ovamo prosjake, sakate, slijepe i hrome.'
২১তেতিয়া সেই দাসে মহাশয়ৰ আগত লোক সকলে কোৱাৰ দৰে আহি সম্বাদ দিলে। তেতিয়া ঘৰৰ গৰাকীয়ে ক্ৰুদ্ধ হৈ তেওঁৰ দাসক কলে, তুমি নগৰৰ আলি আৰু সৰু বাটলৈ বেগাই ওলাই দৰিদ্ৰ, কোঙা, অন্ধ, খোৰা এনে লোক সকলক ইয়ালৈ মাতি আনাগৈ।
22 I sluga reče: 'Gospodaru, učinjeno je što si naredio i još ima mjesta.'
২২পাছত সেই দাসে ক’লে, হে মহাশয় আপোনাৰ আজ্ঞাৰ দৰে হৈছে; তথাপি এতিয়াও ঠাই আছে।
23 Reče gospodar sluzi: 'Iziđi na putove i među ograde i prisili neka uđu da mi se napuni kuća.'
২৩তেতিয়া ঘৰৰ গৰাকীয়ে দাসক ক’লে, ৰাজবাট আৰু আলিবাটলৈ ওলাই যোৱা আৰু মোৰ ঘৰ ভৰাবলৈ লোক সকলক উচতাই আনাগৈ।
24 A kažem vam: nijedan od onih pozvanih neće okusiti moje večere.”
২৪কিয়নো মই আপোনালোকক কওঁ, ‘সেই নিমন্ত্ৰিত লোক সকলৰ এজনেও মোৰ ভোজনৰ আস্বাদ নাপাব’।”
25 S njim je zajedno putovalo silno mnoštvo. On se okrene i reče im:
২৫তেতিয়া যীচুৰ সঙ্গে সঙ্গে এদল মানুহ গৈ আছিল, যাওঁতে তেওঁ মুখ ঘূৰাই সেই লোক সকলৰ ফালে চাই ক’লে,
26 “Dođe li tko k meni, a ne mrzi svog oca i majku, ženu i djecu, braću i sestre, pa i sam svoj život, ne može biti moj učenik!
২৬“কোনোৱে মোৰ ওচৰলৈ আহি নিজৰ মাক, বাপেক, তিৰোতা, সন্তান, ভায়েক, ভনীয়েক আনকি নিজৰ জীৱনকো অপ্ৰিয় বুলি নামানে, তেনেহলে তেওঁ মোৰ শিষ্য হ’ব নোৱাৰে।
27 I tko ne nosi svoga križa i ne ide za mnom, ne može biti moj učenik!”
২৭যি কোনোৱে নিজৰ ক্ৰুচ লৈ মোৰ পাছত আহিব নোৱাৰে, তেৱোঁ মোৰ শিষ্য হব নোৱাৰে।
28 “Tko od vas, nakan graditi kulu, neće prije sjesti i proračunati troškove ima li čime dovršiti:
২৮কিয়নো গড় কাৰেং বান্ধিবলৈ মন কৰিলে, প্ৰথমতে বহি তাৰ কিমান খৰচ আৰু ইয়াক সম্পূর্ণ কৰিবলৈ সমর্থ আছে নে নাই, এই বিষয়ে গণনা নকৰা আপোনালোকৰ মাজত কোন আছে?
29 da ga ne bi - pošto već postavi temelj, a ne mogne dovršiti - počeli ismjehivati svi koji to vide:
২৯তেওঁ ভেটি তুলি যদি সম্পূর্ণ কৰিব নোৱাৰে, তেনেহলে এই কর্ম চাই থকা লোক সকলে তেওঁক বিদ্ৰূপ কৰি ক’ব ধৰিব,
30 'Ovaj čovjek poče graditi, a ne može dovršiti!'
৩০‘এই মানুহ জনে সাজিবলৈ আৰম্ভ কৰিলে কিন্তু সম্পূর্ণ কৰিব নোৱাৰিলে’।
31 Ili koji kralj kad polazi da se zarati s drugim kraljem, neće prije sjesti i promisliti da li s deset tisuća može presresti onoga koji na nj dolazi s dvadeset tisuća?
৩১অথবা অন্য এজন ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাওঁতে প্ৰথমতে বহি চিন্তা নকৰিব নে, যে তেওঁৰ দহ হাজাৰ সৈন্যই বিপক্ষৰ বিশ হাজাৰ সৈন্যৰ বিৰুদ্ধে যুজিব পাৰিব নে নোৱাৰিব?
32 Ako ne može, dok je onaj još daleko, poslat će poslanstvo da zaište mir.”
৩২যদি নোৱাৰে তেনেহলে সি জন ৰজা দূৰৈত থাকোতেই, কটকী পঠিয়াই শান্তিৰ বাবে সন্ধিৰ কথা সুধিব।
33 “Tako dakle nijedan od vas koji se ne odrekne svega što posjeduje, ne može biti moj učenik.”
৩৩এতেকে আপোনালোকৰ যি কোনোৱে নিজৰ সর্বস্ব ত্যাগ নকৰে, তেওঁ মোৰ শিষ্য হ’ব নোৱাৰে।
34 “Dobra je sol. Ali ako i sol obljutavi, čime će se ona začiniti?
৩৪লোণ হলে উত্তম; কিন্তু যদি লোণৰো সোৱাদ নাইকিয়া হয়, তেনেহলে ইয়াক কিহেৰে পুণৰাই সোৱাদ কৰা হ’ব?
35 Nije prikladna ni za zemlju ni za gnojište. Van se baca. Tko ima uši da čuje, neka čuje!”
৩৫সি মাটিৰ বা সাৰৰ ভেটিৰ কাৰণেও উপযুক্ত নহব; তাতে মানুহে সেইবোৰ বাহিৰলৈ পেলাই দিব। যি জনৰ শুনিবলৈ কাণ আছে, তেওঁ শুনক।”

< Luka 14 >