< Levitski zakonik 9 >

1 Osmoga dana Mojsije pozva Arona, njegove sinove i starješine Izraelove
অষ্টম দিনৰ আনুষ্ঠানিকৰ পাছত মোচিয়ে হাৰোণ আৰু তেওঁৰ পুত্ৰসকল আৰু ইস্ৰায়েলৰ পৰিচাৰক সকলক মাতি আনিলে।
2 i reče Aronu: “Uzmi jedno tele za žrtvu okajnicu, jednoga ovna za žrtvu paljenicu, oboje bez mane, i dovedi ih pred Jahvu.
তেওঁ হাৰোণক ক’লে, “তুমি নিজৰ অৰ্থে, পাপাৰ্থক বলিৰ কাৰণে জাকৰ পৰা এটা নিঘূণ দামুৰি আৰু হোম-বলিৰ কাৰণে এটা নিৰ্ঘূণী মতা মেৰ লৈ, যিহোৱাৰ সন্মুখত উৎসৰ্গ কৰা।
3 A Izraelcima reci ovako: 'Uzmite jednoga jarca za žrtvu okajnicu, tele i janje od godine, oboje bez mane, za žrtvu paljenicu;
আৰু ইস্ৰায়েলৰ সন্তান সকলক তুমি নিশ্চয় কোৱা, ‘তোমালোকে যিহোৱাৰ সন্মূখত বলিদান কৰিবৰ অৰ্থে, পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী আৰু হোমৰ কাৰণে এটা এবছৰীয়া নিঘূণ দমৰা গৰু আৰু এটা এবছৰীয়া নিঘূণ মেৰ পোৱালি,
4 a junca i ovna za žrtvu pričesnicu da žrtvujete pred Jahvom; napokon prinosnicu, s uljem zamiješenu; jer će vam se danas Jahve ukazati.'”
আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে এটা ষাঁড় আৰু এটা মতা মেৰ আৰু তেল মিহলোৱা ভক্ষ্য নৈবেদ্য লোৱা; কিয়নো আজি যিহোৱাই তোমালোকক দৰ্শন দিব’।”
5 Dovedu oni pred Šator sastanka što je Mojsije naredio; naprijed stupi sva zajednica i stane pred Jahvu.
তেতিয়া তেওঁলোকে, মোচিয়ে আজ্ঞা কৰা সকলোকে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখলৈ নিলে আৰু গোটেই মণ্ডলী ওচৰ চাপি যিহোৱাৰ সন্মূখত থিয় হ’ল।
6 “Ovo je zapovijed”, reče Mojsije, “koju je Jahve izdao. Izvršite je, da vam se pokaže slava Jahvina.”
পাছত মোচিয়ে ক’লে, “যিহোৱাই তোমালোকক এই কৰ্ম কৰিবলৈ আজ্ঞা কৰিলে; ইয়াকে কৰিলে তোমালোকলৈ যিহোৱাৰ প্ৰতাপ প্ৰকাশিত হ’ব।”
7 Zatim Mojsije reče Aronu: “Stupi k žrtveniku, prinesi svoju žrtvu okajnicu i svoju žrtvu paljenicu i tako izvrši obred pomirenja za se i svoj dom; onda prinesi dar naroda i za nj izvrši obred pomirenja, kako je Jahve naredio.”
পাছত মোচিয়ে হাৰোণক ক’লে, “তুমি বেদীৰ ওচৰলৈ গৈ, যিহোৱাৰ আজ্ঞা অনুসাৰে তোমাৰ পাপাৰ্থক বলি আৰু হোম-বলি উৎসৰ্গ কৰি, নিজক আৰু লোকসকলক প্ৰায়শ্চিত্ত কৰা; আৰু লোকসকলৰো উপহাৰ উৎসৰ্গ কৰি, তেওঁলোককো প্ৰায়শ্চিত্ত কৰা।”
8 Aron se primače žrtveniku i zakla tele žrtve za svoj vlastiti grijeh.
তেতিয়া হাৰোণে বেদীৰ ওচৰলৈ গৈ, নিজৰ অৰ্থে লোৱা পাপাৰ্থক বলিদানৰ দামুৰীটো কাটিলে।
9 Zatim mu Aronovi sinovi donesu krvi. On u nju zamoči svoj prst i stavi je na rogove žrtvenika. Potom ostalu krv izli podno žrtvenika.
পাছত হাৰোণৰ পুত্ৰসকলে সেই বলিৰ তেজ তেওঁৰ ওচৰলৈ আনিলে; আৰু তেওঁ নিজ আঙুলি তেজত জুবুৰিয়াই বেদীৰ শিঙত লগালে, পাছত অৱশিষ্ট তেজখিনি বেদীৰ মুলত ঢালি দিলে।
10 A loj, bubrege i privjesak s jetre žrtve okajnice sažeže u kad na žrtveniku, kako je Jahve naredio Mojsiju.
১০কিন্তু পাপাৰ্থক বলিৰ তেল, ঘিলা দুটা আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ বেদীত দগ্ধ কৰিলে। যিহোৱাই দিয়া আজ্ঞাৰ দৰেই মোচিয়ে এই সকলোকে কৰিলে।
11 Meso i kožu spali na vatri izvan tabora.
১১আৰু তাৰ মঙহখিনি আৰু ছালখন ছাউনিৰ বাহিৰত জুইত পুৰি ভস্ম কৰা হ’ল।
12 Zakolje poslije toga žrtvu paljenicu, od koje mu sinovi Aronovi pruže krv. On njome zapljusne žrtvenik sa svih strana.
১২পাছে হোম-বলিটো কটা হ’ল, আৰু হাৰোণৰ পুত্ৰসকলে তাৰ তেজখিনি তেওঁৰ ওচৰলৈ তেওঁ বেদীত চাৰিওফালে ছটিয়াই দিলে।
13 Dodaju mu i žrtvu paljenicu, dio po dio, a tako i glavu, i on je sažeže u kad na žrtveniku.
১৩পাছত তেওঁলোক হোম-বলিৰ মাংস খণ্ড খণ্ড কৰি মূৰটোৰে সৈতে খণ্ডবোৰ তেওঁৰ ওচৰলৈ আনিলে, আৰু তেওঁ সেই সকলোকে বেদীৰ ওপৰত দগ্ধ কৰিলে।
14 Drobinu i noge opere pa i njih na žrtveniku sažeže u kad povrh žrtve paljenice.
১৪তেওঁ নাড়ী-ভুৰুখিনি আৰু ঠেং-কেইটা ধুই, বেদীত হোমৰ ওপৰত দগ্ধ কৰিলে।
15 Zatim prinese dar naroda. Uze jarca žrtve okajnice za grijehe naroda, zakla ga i prinese kao žrtvu okajnicu, isto onako kao i prijašnju.
১৫পাছত লোকসকলৰ উপহাৰ ওচৰলৈ নিয়া হ’ল। তেওঁ লোকসকলৰ পাপাৰ্থক বলিদানৰ ছাগলীটো লৈ, প্ৰথমটোৰ নিচিনাকৈ কাটি পাপৰ অৰ্থে উৎসৰ্গ কৰিলে।
16 Donese potom žrtvu paljenicu i prinese je prema propisu.
১৬আৰু হোম-বলিটোও নিয়া হ’ল আৰু তেওঁ বিধিমতে তাক উৎসৰ্গ কৰিলে।
17 Donijevši poslije toga žrtvu prinosnicu, od nje zagrabi pregršt i sažeže na žrtveniku u kad povrh jutarnje žrtve paljenice.
১৭আৰু ভক্ষ্য নৈবেদ্য নিয়াৰ পাছত তেওঁ তাৰ পৰা মুঠি ভৰাই ল’লে, আৰু বেদীৰ ওপৰত দগ্ধ কৰিলে; ৰাতিপুৱাৰ হোম-বলিৰ দৰে তেওঁ ইয়াকো কৰিলে।
18 Napokon zakolje junca i ovna kao žrtvu pričesnicu za narod. Aronovi mu sinovi pruže krv, a on zapljusne žrtvenik sa svih strana;
১৮পাছত তেওঁ লোকসকলৰ মঙ্গলাৰ্থক বলিদানৰ ষাঁড় আৰু মতা মেৰটো কাটিলে; তেতিয়া হাৰোণৰ পুত্ৰসকলে তেওঁৰ ওচৰলৈ সেই বলিৰ তেজ আনিলে, আৰু তেওঁ বেদীৰ চাৰিওকাষে তাক ছটিয়াই দিলে।
19 dodaju mu i loj s junca i ovna, pretili rep, loj oko drobine, bubrege i privjesak s jetre.
১৯পাছত তেওঁলোকে ষাঁড় আৰু মতা মেৰটোৰ তেল, নাড়ী-ভুৰুত লাগি থকা তেল, ঘিলা দুটা আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ আৰু মেৰটোৰ নেজডাল ল’লে,
20 Metnuvši te masne dijelove na grudi, sažga ih u kad na žrtveniku.
২০সেই সকলো তেল আমঠু দুটাৰ ওপৰত হ’ল; আৰু তেতিয়া তেওঁ বেদীৰ ওপৰত সেই তেল দগ্ধ কৰিলে।
21 A grudi i desno pleće Aron prinese kao žrtvu prikaznicu pred Jahvom, kako je Mojsije naredio.
২১আৰু মোচিৰ আজ্ঞা অনুসাৰে, হাৰোণে যিহোৱাৰ সন্মূখত আমঠু দুটা আৰু সোঁ কৰঙনটো দোলনীয় উপহাৰৰ অৰ্থে দোলালে।
22 Tada Aron podiže ruke spram naroda i blagoslovi ga. Pošto prinese žrtvu okajnicu, paljenicu i pričesnicu, siđe.
২২তেতিয়া হাৰোণে তেওঁলোকৰ ফাললৈ হাত দাঙি তেওঁলোকক আশীৰ্ব্বাদ কৰিলে; এইদৰে তেওঁ পাপাৰ্থক বলি, হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰি নামি আহিল।
23 Poslije toga Mojsije i Aron uđoše u Šator sastanka. Kad iziđoše, blagosloviše narod. Slava Jahvina pokaza se svemu narodu.
২৩পাছত মোচি আৰু হাৰোণ সাক্ষাৎ কৰা তম্বুৰ ভিতৰত সোমাল আৰু তেওঁলোকে বাহিৰ ওলাই লোকসকলক আশীৰ্ব্বাদ কৰিলে; তেতিয়া সকলো লোকসকলৰ আগত যিহোৱাৰ প্ৰতাপ প্ৰকাশিত হ’ল।
24 Ispred Jahve izbi oganj i sažga žrtvu paljenicu i masne komade na žrtveniku. A sav narod, vidjevši to, viknu od veselja i pade ničice.
২৪আৰু যিহোৱাৰ সন্মূখৰ পৰা অগ্নি ওলাই, বেদীৰ ওপৰত থকা হোম-বলি আৰু তেলখিনি পুৰি ভস্ম কৰিলে। তাকে দেখি সকলো লোকে আনন্দ-ধ্বনি কৰি উবুৰি হৈ পৰিল।

< Levitski zakonik 9 >