< Levitski zakonik 7 >

1 “Ovo je obred za žrtvu naknadnicu.
এয়া দোষাৰ্থক বলিদানৰ নিয়ম: ই অতি পবিত্ৰ।
2 Nadasve je sveta! Neka se žrtva naknadnica zakolje na mjestu gdje se kolju žrtve paljenice, a njezinom krvlju neka svećenik zapljusne sve strane žtrvenika.
‘যি ঠাইত হোম-বলি কটা হ’ব, সেই ঠাইতে দোষাৰ্থক বলিও কটা হ’ব; আৰু পুৰোহিতে বেদীৰ চাৰিওকাষে তাৰ তেজ ছটিয়াই দিব।
3 Zatim neka prinese sav loj s nje: pretili rep, loj što omotava drobinu,
তেওঁ তাৰ সকলো তেল উৎসৰ্গ কৰিব: চৰ্বিযুক্ত নেজ, ভিতৰভাগৰ নাড়ী-ভুৰুৰ তেল,
4 oba bubrega i loj što je na njima i na slabinama; pa privjesak s jetre: neka i njega izvadi s bubrezima!
ঘিলা দুটা আৰু কিনাৰত লাগি থকা তাৰ ওপৰৰ তেল আৰু কলিজাৰ ওচৰত থকা তাৰ তেলীয়া ভাগ উৎসৰ্গ কৰিব; আৰু সেই ভাগ ঘিলালৈকে এৰুৱাই ল’ব।
5 Neka ih svećenik sažeže na žrtveniku kao žrtvu u čast Jahvi paljenu. To je žrtva naknadnica.
পাছত পুৰোহিতে সেই সকলোকে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে বেদীৰ ওপৰত দগ্ধ কৰিব; সেয়ে দোষাৰ্থক বলি।
6 Svaki muški od svećeničke loze može od nje jesti. Neka je jedu na posvećenu mjestu - presveta je!
পুৰোহিতসকলৰ মাজৰ যিকোনো পুৰুষে তাক ভোজন কৰিব পাৰিব আৰু কোনো পবিত্ৰ ঠাইত তাক ভোজন কৰিব লাগিব; সেয়ে অতি পবিত্ৰ।
7 Kakva je žrtva okajnica, takva je i žrtva naknadnica; jedno je pravilo za njih: neka pripadne svećeniku koji njome vrši obred pomirenja.
পাপাৰ্থক বলি যেনে, দোষাৰ্থক বলিও তেনে। আৰু দুয়োৰো নিয়ম-নীতি একে। যি পুৰোহিতে তাৰ দ্বাৰাই প্ৰায়শ্চিত্ত কৰিব সেয়ে তেওঁৰ হ’ব।
8 Tako isto koža od žrtve koju tko preda svećeniku da bude prinesena za žrtvu paljenicu neka pripadne svećeniku.
আৰু যি পুৰোহিতে কোনো হোম-বলি উৎসৰ্গ কৰিব, নিজে উৎসৰ্গ কৰা সেই হোম বলিৰ ছাল তেওঁৰ নিজৰ হ’ব।
9 Nadalje, svaka žrtva prinosnica što bude pečena u peći, kao i svaka što bude zgotovljena u kotluši ili na tavi, neka pripadne svećeniku koji je prinosi.
আৰু তন্দুৰত তাও দিয়া প্ৰত্যেক ভক্ষ্য নৈবেদ্য আৰু কেৰাহীত ভজা, বা তাৱাত তাও দিয়া সকলো বস্তু উৎসৰ্গকাৰী পুৰোহিতৰ হ’ব।
10 A svaka žrtva prinosnica, zamiješena s uljem ili nasuho, neka pripadne svim Aronovim sinovima bez razlike!”
১০তেল মিহলোৱা বা শুকান প্ৰত্যেক ভক্ষ্য নৈবেদ্য হাৰোণৰ পুত্ৰসকলে সমানে পাব।
11 “Ovo je obred za žrtvu pričesnicu koja će se prinositi Jahvi.
১১যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা মঙ্গলাৰ্থক বলিৰ নিয়ম এই।
12 Ako se prinosi u zahvalu, neka se zajedno sa žrtvom zahvalnicom prinesu i beskvasne pogače uljem zamiješene; beskvasne prevrte uljem namazane i kolači od najboljeg brašna, zamiješeni uljem.
১২যদি কোনোৱে ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰে, তেনেহলে তেওঁ বলিৰ সৈতে, তেল মিহলোৱা খমীৰ নিদিয়া বিন্ধা থকা কেইটামান পিঠা, তেল নিদিয়া খমীৰ কেইটামান পাতল চকলীয়া পিঠা আৰু তেলত ভজা মিহি আটাগুড়িৰে কৰা তেল মিহলোৱা বিন্ধা থকা কেইটামান পিঠা উৎসৰ্গ কৰিব।
13 Ovaj prinos, nadopunjen kolačima od ukvasanoga tijesta, neka se prinosi zajedno sa žrtvom pričesnicom u zahvalu.
১৩ধন্যবাদ দিয়াৰ উদ্দেশ্যে নিজ মঙ্গলাৰ্থক বলিৰে সৈতে খমীৰ দিয়া বিন্ধা থকা কেইটামান পিঠাও উপহাৰ স্বৰূপে উৎসৰ্গ কৰিব।
14 Od svake ovakve žrtve neka se prinese po jedan kolač na dar Jahvi. To neka bude za svećenika koji zapljuskuje krv od žrtve pričesnice.
১৪আৰু তেওঁ প্ৰত্যেক উপহাৰৰ পৰা এটা এটা পিঠা লৈ, উত্তোলনীয় উপহাৰ স্বৰূপে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব; যি পুৰোহিতে মঙ্গলাৰ্থক বলিৰ তেজ ছটিয়াব; তেওঁৱেই তাক পাব।
15 A meso žrtve pričesnice neka se pojede istoga dana kad bude žrtvovana; neka se od nje ne ostavlja ništa za sutradan.
১৫ধন্যবাদ দিয়াৰ উদ্দেশ্যে দিয়া মঙ্গলাৰ্থক বলিৰ মাংসৰ উপহাৰ উৎসৰ্গ কৰাৰ দিনাখনে ভোজন কৰিব লাগিব; তাৰ অলপো ৰাতিপুৱালৈ ৰাখিব নোৱাৰিব।
16 A bude li prinos žrtva zavjetnica ili žrtva dragovoljna, neka se jede na dan kad se žrtva prinosi. Što ostane od nje neka se jede sutradan.
১৬কিন্তু তেওঁ উৎসৰ্গ কৰা বলি যদি সংকল্প কৰা বা নিজৰ ইচ্ছামতে এনেই দিয়া উপহাৰ হয়; তেন্তে বলি উৎসৰ্গ কৰা দিনাই তাক ভোজন কৰিব লাগিব; আৰু পাছ দিনাও তাৰ অৱশিষ্ট ভাগ ভোজন কৰিব পাৰিব।
17 A što još mesa od žrtve preteče, neka se treći dan na vatri spali.”
১৭কিন্তু তৃতীয় দিনা বলিৰ অৱশিষ্ট মাংস জুইত পুৰি ভস্ম কৰিব লাগিব।
18 “Ako bi tko jeo meso žrtve pričesnice i treći dan, žrtva neće biti primljena niti će onome koji je prinosi biti uračunata. To je meso kvarno, i onaj koji od toga jede neka i posljedice krivnje snosi!
১৮যদি তৃতীয় দিনাও সেই মঙ্গলাৰ্থক বলিৰ অলপ মাংস ভোজন কৰে, তেন্তে সেই বলি গ্ৰহন নহব আৰু সেই বলি উৎসৰ্গকাৰীৰ পক্ষে গণিত নহব; সেয়ে ঘিণলগীয়া হ’ব।
19 Meso koje se dotakne bilo čega nečista neka se ne jede nego na vatri spali! Inače, tko je god čist može jesti meso.
১৯যদি কোনো মঙহ অশুচি বস্তুৰ লগত স্পৰ্শ হয়, তেনেহলে সেই মঙহ খাব পৰা নহ’ব। সেয়া জুইত পুৰি ভস্ম কৰা হ’ব। আন মঙহ হ’লে, প্ৰত্যেক শুচি মানুহে খাব পাৰিব।
20 A tko bi nečist jeo mesa od žrtve pričesnice što je bila Jahvi prinesena takav neka se iskorijeni iz svoga naroda.
২০যি কোনোৱে অশুচি হৈ থাকি যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা মঙ্গলাৰ্থক বলিৰ মাংস ভোজন কৰিব, সেই মানুহক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
21 Kad se tko dotakne bilo čega nečista - bila to nečist čovječja, kakva nečista životinja ili bilo kakvo nečisto stvorenje - pa pojede mesa od žrtve pričesnice koja je prinesena Jahvi takav neka se iskorijeni iz svoga naroda!”
২১কোনোৱে যদি কোনো অশুচি দ্ৰব্য- মানুহৰ অশৌচ বা অশুচি পশু বা কোনো অশুচি ঘিণলগীয়া বস্তু চুই, যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা মঙ্গলাৰ্থক বলিৰ মাংস ভোজন কৰে, তেন্তে সেই মানুহক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।”
22 Reče Jahve Mojsiju:
২২পাছত যিহোৱাই মোচিক ক’লে,
23 “Ovako kaži Izraelcima: 'Ne jedite loja ni volujskoga, ni ovčjega, ni kozjega.
২৩“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘তোমালোকে গৰুৰ, কি মেৰৰ, কি ছাগলীৰ তেল নাখাবা।
24 Loj sa životinje koja ugine, ili koju divlje zvijeri razderu, može se upotrijebiti za bilo što, ali ga ne smijete jesti.
২৪আৰু নিজে-নিজেই মৰা বা জন্তুৰ দ্বাৰাই চিৰা পশুৰ তেল কোনো কামত লগাব পাৰা, কিন্তু তাক তোমালোকে কোনোমতে নাখাবা।
25 Tko god jede loj od životinje koja se može prinijeti Jahvi kao žrtva paljenica takav neka se iskorijeni iz svoga naroda.
২৫কিয়নো যিকোনো পশুৰ পৰা যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰা যায়, সেই পশুৰ তেল যি কোনোৱে খাব, সেই খোৱা জনক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
26 Ne smijete uživati krvi ni od ptica ni od stoke ni u kojem svome prebivalištu.
২৬আৰু তোমালোকে বাস কৰা কোনো ঠাইত, পক্ষীৰে হওঁক বা পশুৰেই হওঁক, তোমালোকে একোৰেই তেজ নাখাবা।
27 Tko bi god uživao bilo kakvu krv neka se iskorijeni iz svoga naroda.'”
২৭যি কোনোৱে কোনো ধৰণৰ তেজ খাব, সেই মানুহক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব’।”
28 Jahve još reče Mojsiju:
২৮পাছত যিহোৱাই মোচিক ক’লে,
29 “Ovako kaži Izraelcima: 'Prinos Jahvi od žrtve pričesnice mora donijeti onaj koji Jahvi prinosi žrtvu pričesnicu.
২৯“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘যি জনে যিহোৱাৰ উদ্দেশ্যে নিজৰ মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিব, সেই জনে নিজৰ মঙ্গলাৰ্থক বলিৰ পৰা যিহোৱাৰ উদ্দেশ্যে নিজ উপহাৰ আনিব।
30 Svojim vlastitim rukama neka prinese Jahvi žrtvu paljenicu; neka prinese loj i grudi; grudi neka se prinesu pred Jahvom kao žrtva prikaznica.
৩০তেওঁ নিজ হাতে যিহোৱাৰ অগ্নিকৃত উপহাৰ আনিব। দোলনীয় নৈবেদ্য স্বৰূপে বলিৰ আমঠু যিহোৱাৰ সন্মূখত দোলোৱা হবলৈ, আমঠুৱে সৈতে তেওঁ তেলখিনি আনিব।
31 Neka svećenik sažeže loj na žrtveniku, a grudi neka pripadnu Aronu i njegovim sinovima.
৩১আৰু পুৰোহিতে সেই তেল বেদীৰ ওপৰত দগ্ধ কৰিব; কিন্তু আমঠুটো হাৰোণৰ আৰু তেওঁ পুত্ৰসকলৰ হ’ব।
32 Desno pleće od svojih žrtava pričesnica dajte svećeniku na dar.
৩২আৰু তোমালোকে নিজ নিজ মঙ্গলাৰ্থক বলিৰ সোঁ কৰঙন অংশটো উত্তোলনীয় উপহাৰৰ অৰ্থে পুৰোহিতক দিবা।
33 Onome Aronovu sinu koji bude prinosio krv i loj sa žrtve pričesnice neka u dio pripadne desno pleće.
৩৩হাৰোণৰ পুত্ৰসকলৰ মাজৰ যি জনে মঙ্গলাৰ্থক বলিৰ তেজ আৰু তেল উৎসৰ্গ কৰিব, তেওঁ নিজৰ অঙ্গ স্বৰূপে সেই সোঁ কৰঙনটো পাব।
34 Jer ja uzimam od Izraelaca grudi od žrtava pričesnica što se prinose kao žrtva prikaznica i pleće žrtve podizanice te ih predajem svećeniku Aronu i njegovim sinovima. To je trajna odredba za Izraelce.
৩৪ইস্ৰায়েলৰ সন্তান সকলৰ পৰা মই তেওঁলোকৰ প্ৰত্যেক মঙ্গলাৰ্থক বলিৰ দোলনীয় উপহাৰ যি আমঠু আৰু উত্তোলনীয় উপহাৰ যি সোঁ পাছ-পিৰা, তাক লৈ ইস্ৰায়েলৰ সন্তান সকলে দিবলগীয়া বুলি চিৰস্থায়ী অধিকাৰ স্বৰূপে হাৰোণ পুৰোহিত আৰু তেওঁৰ পুত্ৰসকলক দিলোঁ।
35 To je dohodak Aronov i njegovih sinova od žrtava paljenih u čast Jahvi; dodjeljuje im se od onog dana kad se dovedu da vrše svećeničku službu u čast Jahvi.
৩৫যিদিনা তেওঁ হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক যিহোৱাৰ পুৰোহিত কৰ্মৰ বাবে উপস্থিত কৰিলে, সেই দিনা যিহোৱাৰ অগ্নিকৃত উপহাৰৰ পৰা সেইয়াই তেওঁলোকে পাবলগীয়া ভাগ।
36 Jahve je naredio da im se od dana kad budu pomazani to daje kao pristojbina od Izraelaca. To je trajna odredba za njihove naraštaje'.”
৩৬তেওঁ তেওঁলোকক অভিষেক কৰা দিনা পুৰুষানুক্ৰমে ইস্ৰায়েলৰ সন্তান সকলে দিবলগীয়া বুলি চিৰস্থায়ী অধিকাৰ স্বৰূপে তাক তেওঁলোকক দিবলৈ যিহোৱাই আজ্ঞা কৰিলে।
37 To je obred za žrtvu paljenicu, prinosnicu, okajnicu, naknadnicu, žrtvu posvetnicu i žrtvu pričesnicu
৩৭এইবোৰেই হোম-বলিৰ, ভক্ষ্য নৈবেদ্যৰ, পাপাৰ্থক বলিৰ, দোষাৰ্থক বলিৰ, নিযুক্তকৰণাৰ্থক বলিৰ আৰু মঙ্গলাৰ্থক বলিৰ নিয়ম।”
38 koji je Jahve naredio Mojsiju na Sinajskom brdu kad je zapovjedio Izraelcima da Jahvi u Sinajskoj pustinji prinose žrtve.
৩৮যিহোৱাই যিদিনা চীনয় অৰণ্যত ইস্ৰায়েলৰ সন্তান সকলক যিহোৱাৰ উদ্দেশ্যে নিজ নিজ উপহাৰৰ উৎসৰ্গ কৰিবলৈ আজ্ঞা কৰিলে সেই দিনা তেওঁ চীনয় পৰ্ব্বতত মোচিক এইবোৰৰ বিষয়ে আজ্ঞা দিলে।

< Levitski zakonik 7 >