< Levitski zakonik 23 >
2 “Kaži Izraelcima i reci im: Blagdani Jahvini koje imate sazivati jesu sveti zborovi. Ovo su moji blagdani:
২“তুমি ইস্ৰায়েলৰ সন্তান সকলক কথা কোৱা, তেওঁলোকক এই কথা কোৱা যে ‘তোমালোকে যিহোৱাৰ যি সকলো পৰ্ব্ব পবিত্ৰ সভা বুলি ঘোষণা কৰিবা, মোৰ সেইবোৰ পৰ্ব্ব এই।
3 Šest dana neka se posao obavlja, a sedmi je dan subota - dan potpunog odmora, dan svetoga zbora, kad ne smijete raditi nikakva posla. Gdje god boravili, subota je Jahvina.”
৩ছদিনৰ কাম কৰা যাব; কিন্তু সপ্তমদিন বিশ্ৰাম-দিন, অৰ্থাৎ সম্পূৰ্ণ বিশ্ৰামৰ, সেই দিনা পবিত্ৰ সভা হ’ব। সেই দিনা তোমালোকে কোনো প্ৰকাৰৰ কাম নকৰিবা; সেয়ে তোমালোক থকা সকলো ঠাইতে যিহোৱাৰ উদ্দেশ্যে বিশ্ৰাম-দিন হ’ব।
4 “A ovo su blagdani Jahvini - sveti zborovi - koje imate proglasiti u njihovo određeno vrijeme:
৪যিহোৱাৰ যিবোৰ পৰ্ব্ব, যিবোৰ পবিত্ৰ সভা তোমালোকে নিজ নিজ নিৰূপিত সময়ত ঘোষণা কৰিবা, সেইবোৰ এই।
5 U prvom mjesecu četrnaestoga dana u suton jest Pasha u čast Jahvi;
৫প্ৰথম মাহৰ চতুৰ্দশ দিনা সন্ধিয়া সময়ত যিহোৱাৰ উদ্দেশ্যে নিস্তাৰ-পৰ্ব্ব হ’ব।
6 petnaestoga dana toga mjeseca jest Blagdan beskvasnih kruhova u čast Jahvi - sedam dana jedite beskvasan kruh.
৬আৰু সেই মাহৰ পঞ্চদশ দিনা যিহোৱাৰ উদ্দেশ্যে খমীৰ নিদিয়া পিঠাৰ উৎসৱ হ’ব। তোমালোকে সাত দিন ধৰি খমীৰ নিদিয়া পিঠা ভোজন কৰিবা।
7 Prvoga dana neka vam bude sveti zbor; nikakva težačkog posla nemojte raditi.
৭প্ৰথম দিনা তোমালোকৰ পবিত্ৰ সভা হ’ব; সেই দিনা তোমালোকে কোনো ব্যৱসায়ৰ সাধাৰণ কৰ্ম নকৰিবা।
8 Sedam dana prinosite paljenu žrtvu u čast Jahvi, a sedmoga dana neka opet bude sveti zbor; nikakva težačkog posla ne radite.”
৮কিন্তু সাত দিন যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবা; সপ্তম দিনা পবিত্ৰ সভা হ’ব; সেই দিনা তোমালোকে কোনো ব্যৱসায়ৰ সাধাৰণ কৰ্ম নকৰিবা’।”
৯পাছে যিহোৱাই মোচিৰ সৈতে কথা পাতি এইদৰে ক’লে,
10 “Kaži Izraelcima i reci im: 'Kad uđete u zemlju koju vam dajem i u njoj žetvu požanjete, prvi snop svoje žetve donesite svećeniku.
১০“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘মই তোমালোকক যি দেশ দিম, সেই দেশত সোমালে তোমালোকে যেতিয়া তাত শস্য দাবা, তেতিয়া, তোমালোকে দোৱা শস্যৰ আগভাগ বুলি এডাঙৰি পুৰোহিতৰ গুৰিলৈ আনিবা।
11 Neka ga on prinese kao žrtvu prikaznicu pred Jahvom da budete primljeni. Sutradan po suboti neka ga svećenik prinese kao žrtvu prikaznicu.
১১তোমালোকে গ্ৰহণীয় হ’বৰ বাবে, তেওঁ যিহোৱাৰ আগত সেই ডাঙৰি দোলাব; বিশ্ৰামবাৰৰ পাছদিনাখনত পুৰোহিতে তাক দোলাব।
12 A u dan kad budete prinosili snop kao žrtvu prikaznicu, prinesite Jahvi jednogodišnjeg janjca bez mane kao žrtvu paljenicu.
১২আৰু যি দিনা তোমালোকে সেই ডাঙৰি দোলাবা, সেই দিনা যিহোৱাৰ উদ্দেশ্য হোমৰ অৰ্থে এটা এবছৰীয়া নিৰ্ঘূণী মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা।
13 Uz to žrtva prinosnica neka bude: dvije desetine efe najboljeg brašna zamiješena u ulju, kao paljena žrtva Jahvi na ugodan miris; a s njom ljevanica od vina neka bude četvrt hina.
১৩তাৰ ভক্ষ্য নৈবেদ্য ঐফাৰ দহভাগৰ দুভাগ তেল মিহলোৱা মিহি আটা গুৰি; সেয়ে যিহোৱাৰ উদ্দেশ্য সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰ হ’ব; আৰু তাৰ পেয় নৈবেদ্য এক হীন দ্ৰাক্ষাৰস চাৰিভাগৰ এভাগ হ’ব।
14 Prije toga dana - dok ne donesete prinose svoga Boga - ne smijete jesti ni kruha, ni pržena zrnja, ni svježa klasja. To je trajan zakon za vaše naraštaje gdje god vi boravili.'”
১৪আৰু তোমালোকে নিজ ঈশ্বৰৰ উদ্দেশ্যে এই উপহাৰ ননা দিনলৈকে; পিঠা বা ভজা শস্য বা ছিঙা নতুন চেঁই ভোজন নকৰিবা; তোমালোকে থকা আটাই ঠাইতে এইয়া পুৰুষানুক্ৰমে পালন কৰিব লগীয়া চিৰকলীয়া বিধি।
15 “A počevši od sutrašnjega dana po suboti - dana u koji donesete snop za žrtvu prikaznicu - nabrojte punih sedam tjedana.
১৫সেই বিশ্ৰাম-বাৰৰ পাছদিনাৰ পৰা, দোলনীয় নৈবেদ্য স্বৰূপে ডাঙৰি অনা দিনাৰ পৰা তোমালোকে পুৰা সাত বিশ্ৰাম-বাৰ লেখ কৰিবা।
16 Onda na dan po sedmoj suboti, na Pedesetnicu, prinesite Jahvi novu žrtvu.
১৬এইদৰে সপ্তম বিশ্ৰাম-বাৰৰ পাছদিনালৈকে তোমালোকে পঞ্চাশদিন লেখ কৰিবা। আৰু তেতিয়া যিহোৱাৰ উদ্দেশ্যে নতুন ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিবা।
17 Donesite iz svojih stanova po dva kruha za žrtvu prikaznicu. Neka svaki bude od dvije desetine efe najboljeg brašna; neka budu ispečeni ukvas, kao prvine Jahvi.
১৭তোমালোকে থকা ঠাইৰ পৰা দোলনীয় নৈবেদ্যৰ অৰ্থে ঐফাৰ দহভাগৰ দুভাগ দুটা পিঠা আনিবা; সেইবোৰ মিহি আটাগুৰিৰে যুগুত কৰা আৰু খমীৰ দি তন্দুৰত তাও দিয়া হ’ব লাগে; সেইবোৰ যিহোৱাৰ উদ্দেশ্যে প্ৰথমে পকা শস্যৰ আগভাগ হ’ব।
18 S kruhom prinesite sedam jednogodišnjih janjaca bez mane, jednoga junca i dva ovna kao žrtvu paljenicu Jahvi zajedno sa žrtvom prinosnicom i ljevanicom, žrtvom paljenom na ugodan miris Jahvi.
১৮আৰু তোমালোকে সেই দুটা পিঠাৰ লগত সাতোটা এবছৰীয়া নিঘূণ মেৰ পোৱালি আৰু এটা দমৰা গৰু আৰু দুটা মতা মেৰ উৎসৰ্গ কৰিবা; সেইবোৰৰ নিজ নিজ ভক্ষ্য নৈবেদ্য আৰু পেয় নৈবেদ্যৰে সৈতে সেইবোৰ যিহোৱাৰ উদ্দেশ্যে হোম-বলি, যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ হ’ব।
19 Prinesite i jednoga jarca kao žrtvu okajnicu, a dva janjca od godine dana za žrtvu pričesnicu.
১৯আৰু তোমালোকে পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা এবছৰীয়া মতা মেৰ-ছাগ পোৱালি উৎসৰ্গ কৰিবা।
20 Neka ih svećenik prinese pred Jahvom kao žrtvu prikaznicu povrh kruha od prvina. Uz oba janjca, i ovo je Jahvi sveto i neka pripadne svećeniku.
২০আৰু পুৰোহিতে সেই প্ৰথমে পকা শস্যৰ পিঠাৰে সৈতে যিহোৱাৰ আগত দোলনীয় নৈবেদ্য স্বৰূপে সেইবোৰ দোলাব আৰু মেৰ পোৱালি দুটাৰে সৈতে পুৰোহিতৰ কাৰণে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হ’ব।
21 Toga istog dana sazovite zbor. Neka vam to bude posvećen zbor - nikakva težačkog posla ne radite. To je trajan zakon za vaše naraštaje gdje god vi boravili.
২১আৰু সেই দিনা তোমালোকে ঘোষণা কৰিবা, তোমালোকৰ পবিত্ৰ সভা হ’ব আৰু তোমালোকে কোনো ব্যৱসায় কৰ্ম নকৰিবা; এইয়ে তোমালোকে থকা সকলো ঠাইতে পুৰুষানুক্ৰমে পালন কৰিবলগীয়া সদাকালৰ বিধি।
22 Kad budete želi žetvu sa svoje zemlje, nemoj žeti dokraja svoje njive niti pabirčiti poslije svoje žetve. Ostavi to sirotinji i strancu. Ja sam Jahve, Bog vaš.”
২২আৰু তোমালোকে নিজ নিজ ভুমিত উৎপন্ন হোৱা শস্য দাবৰ কালত, খেতিৰ চুকত থকা শস্যৰ সম্পূৰ্ণৰূপে নথকাকৈ নাদাবা আৰু তোমাৰ খেতিৰ এৰি যোৱা শস্য নুবুটলিবা। তুমি সেইবোৰ দুখীয়া আৰু বিদেশীৰ কাৰণে এৰি যাবা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা’।”
২৩পাছত যিহোৱাই মোচিক ক’লে,
24 “Govori Izraelcima i reci: 'Sedmoga mjeseca, prvoga dana u mjesecu, neka vam je potpun odmor, proglašen glasom trube, sveti zbor.
২৪“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘সপ্তম মাহৰ প্ৰথম দিনা তোমালোকৰ সম্পূৰ্ণ বিশ্ৰামৰ দিন, শিঙা বজাই সোঁৱৰণ কৰোওৱা দিন আৰু পবিত্ৰ সভা হব।
25 Nikakva teškog posla ne radite; u čast Jahvi paljenu žrtvu prinesite.'”
২৫সেই দিনা তোমালোকে কোনো ব্যৱসায় কৰ্ম নকৰিবা; আৰু তোমালোকে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবা’।”
২৬তাৰ পাছত যিহোৱাই মোচিক ক’লে,
27 “Povrh toga, u deseti dan toga sedmog mjeseca pada Dan pomirenja. Neka vam to bude prigoda za sveti zbor; postite i prinesite u čast Jahvi paljenu žrtvu.
২৭“সেই সপ্তম মাহৰ দশম দিন অৱশ্যে প্ৰায়শ্চিত্তৰ দিন হ’ব; সেই দিনা তোমালোকে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ সভা পালন কৰিবা; তোমালোকে উপবাস ৰাখিবা আৰু যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবা।
28 Toga dana nemojte raditi nikakva posla. To je, naime, Dan pomirenja, kada će se za vas obaviti obred pomirenja pred Jahvom, Bogom vašim.
২৮আৰু সেই দিনা তোমালোকে কোনো প্ৰকাৰৰ কাম নকৰিবা কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত তোমালোকক প্ৰায়শ্চিত্ত কৰিবলৈ সেয়ে প্ৰায়শ্চিত্তৰ দিন হ’ব।
29 Jest, tko god ne bude postio toga dana, neka se odstrani iz svoga naroda.
২৯কিয়নো যিকোনোৱে সেই দিনা উপবাস নাৰাখে, তেওঁক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
30 A tko bi god radio kakav posao na taj dan, toga ću ja istrijebiti iz njegova naroda.
৩০আৰু যিকোনো লোকে সেই দিনা কোনো প্ৰকাৰৰ কাম কৰিব মই তেওঁক তেওঁৰ লোকসকলৰ মাজৰ পৰা বিনষ্ট কৰিম।
31 Nikakva posla nemojte raditi. To je trajan zakon za vaše naraštaje gdje god vi boravili.
৩১তোমালোকে সেই দিনা কোনো প্ৰকাৰৰ কাম নকৰিবা; এইটো তোমালোকৰ সকলো নিবাসৰ ঠাইত পুৰুষানুক্ৰমে পালন কৰিব লগীয়া চিৰস্থায়ী বিধি।
32 Neka vam je to subotnji počinak. Postite! Navečer devetoga dana u mjesecu - od večeri do večeri - prestanite raditi.”
৩২সেই দিন তোমালোকৰ সম্পূৰ্ণ বিশ্ৰামৰ দিন হ’ব; সেই মাহৰ নৱম দিনা তোমালোকে উপবাস ৰাখিবা আৰু সন্ধিয়া সময়ত এক সন্ধ্যাৰ পৰা আন সন্ধ্যালৈকে তোমালোকে তোমালোকৰ সেই বিশ্ৰাম-দিন পালন কৰিবা।”
৩৩আৰু যিহোৱাই মোচিক ক’লে,
34 “Reci Izraelcima: 'Od petnaestoga dana toga sedmog mjeseca neka se sedam dana drži Blagdan sjenica u čast Jahvi.
৩৪“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘সেই সপ্তম মাহৰ পঞ্চদশ দিনাৰ পৰা সাত দিনলৈকে যিহোৱাৰ উদ্দেশ্যে পঁজা-পৰ্ব্ব হ’ব।
35 Prvoga dana, u dan svetoga zbora, nikakva težačkog posla nemojte raditi.
৩৫প্ৰথম দিনা পবিত্ৰ সভা হ’ব। সেই দিনা তোমালোকে কোনো ব্যৱসায় কৰ্ম নকৰিবা।
36 Sedam dana prinosite paljenu žrtvu u čast Jahvi. Osmi dan neka vam bude sveti zbor, kada ćete u čast Jahvi prinijeti paljenu žrtvu. To je svečani zbor; nikakva težačkog posla nemojte obavljati.'”
৩৬তোমালোকে সাত দিনালৈকে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গা কৰিবা; অষ্টম দিনা তোমালোকৰ পবিত্ৰ সভা হ’ব আৰু তোমালোকে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবা; সেয়ে ধৰ্ম-সভা; সেই দিনা তোমালোকে কোনো ব্যৱসায় কৰ্ম নকৰিবা।
37 “To su blagdani Jahvini koje imate sazvati - sveti zborovi određeni za prinošenje žrtava u čast Jahvi; žrtava paljenica, prinosnica, žrtava klanica i ljevanica; svaku na njezin pravi dan,
৩৭অগ্নিকৃত উপহাৰ, অৰ্থাৎ হোম-বলি, ভক্ষ্য নৈবেদ্য, মঙ্গলাৰ্থক বলি, আৰু পেয় নৈবেদ্য নিজ নিজ দিন উৎসৰ্গ কৰিবলৈ তোমালোকে পবিত্ৰ সভা বুলি ঘোষণা কৰিবলগীয়া যিহোৱাৰ পৰ্ব্ব এইবোৰ।,
38 povrh Jahvinih subota, povrh vlastitih prinosa, povrh svojih zavjetnih i dragovoljnih darova koje inače prinosite Jahvi.”
৩৮যিহোৱাৰ বিশ্ৰাম-বাৰ বোৰৰ বাহিৰে আৰু তোমালোকে যিহোৱাৰ উদ্দেশ্যে যি যি দান দিয়া, প্ৰতিজ্ঞা সিদ্ধ কৰিবৰ অৰ্থে আৰু ইচ্ছামতে এনেই দিবৰ অৰ্থে যিহোৱাৰ উদ্দেশ্যে তোমালোকে যি যি উপহাৰ দিয়া, সেই বোৰৰ কাৰণে এই পৰ্ব্ববোৰ পালন কৰিবা।
39 “Osim toga, petnaestoga dana mjeseca sedmoga, pošto pokupite sa zemlje plodove, svetkujte Jahvin blagdan sedam dana. Na prvi dan i na osmi dan neka je potpun počinak.
৩৯ভুমিত উৎপন্ন হোৱা শস্য চপোৱাৰ পাছত, সপ্তম মাহৰ পঞ্চদশ দিনাৰ পৰা সাতদিন তোমালোকে অৱশ্যে যিহোৱাৰ উদ্দেশ্যে পঁজা পৰ্ব্ব পালন কৰিবা; প্ৰথম আৰু অষ্টম দিন সম্পূৰ্ণ বিশ্ৰামৰ বিশ্ৰাম-দিন হ’ব।
40 Uzmite već prvoga dana lijepih plodova, palmovih grana, grančica s lisnatih drveta i potočne vrbovine pa se veselite u nazočnosti Jahve, Boga svoga, sedam dana.
৪০আৰু প্ৰথম দিনা তোমালোকে শুৱনি গছৰ গুটি, খাজুৰ গছৰ পাত, ঘন পতীয়া গছৰ ডাল আৰু জুৰিৰ পাৰত থকা বাইচি গছ লৈ তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত সাতদিন আনন্দ কৰিবা।
41 Svetkujte tako blagdan u čast Jahvi sedam dana svake godine. Neka je to trajan zakon za vaše naraštaje. Svetkujte taj blagdan sedmoga mjeseca.
৪১আৰু তোমালোকে বছৰে বছৰে সাতদিন যিহোৱাৰ উদ্দেশ্যে সেই উৎসৱ পালন কৰিবা; এইয়ে তোমালোকৰ পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি; সপ্তম মাহত তোমালোকে সেই উৎসৱ পালন কৰিবা।
42 Sedam dana stanujte u sjenicama. Svi Izraelovi domoroci neka proborave u sjenicama,
৪২তোমালোকে সাতদিন সৰু পঁজাত বাস কৰিবা। ইস্ৰায়েল বংশত ওপজা সকলোৱে সাত দিন সৰু পঁজাত বাস কৰিব;
43 da vaši potomci znaju kako sam ja učinio da Izraelci žive u sjenicama kad sam ih izbavio iz zemlje egipatske. Ja sam Jahve, Bog vaš.”
৪৩কিয়নো যি বিষয়ে তোমালোকৰ ভাবী-বংশই যেন জানে যে মই কিদৰে ইস্ৰায়েলৰ সন্তান সকলক মিচৰ দেশৰ পৰা উলিয়াই অনা সময়ত পঁজাত বাস কৰাইছিলোঁ। মই তোমালোকৰ ঈশ্বৰ যিহোৱা’।”
44 I tako Mojsije objavi Izraelcima Jahvine blagdane.
৪৪তেতিয়া মোচিয়ে ইস্ৰায়েলৰ সন্তানসকলক যিহোৱাৰ সকলো পৰ্ব্বৰ কথা এইদৰে জনালে।