< Suci 5 >

1 Toga dana Debora i Barak, sin Abinoamov, zapjevaše ovu pjesmu:
সেইদিনাখন দবোৰা আৰু অবীনোৱমৰ পুত্ৰ বাৰাকে এই গীত গালে,
2 Ratoborno rasuše kose borci izraelski i dragovoljno krenu narod: blagoslivljajte Jahvu!
“নেতাসকলে ইস্রায়েলৰ লোকক যুদ্ধত পৰিচালনা কৰিলে, লোকসকলে স্বেচ্ছায় আনন্দেৰে আগবাঢ়ি গ’ল - আমি যিহোৱাৰ প্রশংসা গীত কৰোঁ!
3 Čujte, o kraljevi! Poslušajte, knezovi! Jahvi ja pjesmu pjevam, Jahvu, Boga Izraelova, ja slavim.
হে ৰজাসকল শুনা! নেতাসকল, মনোযোগ দিয়া! মই, ময়েই যিহোৱাৰ উদ্দেশ্যে গান কৰিম; মই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গাম।
4 Sa Seira kad si silazio, Jahve, pobjednički kad si kročio iz polja edomskih, sva se zemlja tresla, lila se nebesa, oblaci curkom daždjeli.
হে যিহোৱা, তুমি যেতিয়া চেয়ীৰৰ পৰা ওলাই আহিছিলা, ইদোমৰ পৰা আগুৱাই আহিছিলা, পৃথিৱী কঁপি উঠিছিল, আকাশে গৰজি উঠিছিল, এনেকি মেঘেও জল বৰষালে।
5 Brda se tresla pred tobom, o Jahve, Jahve, Bože Izraelov!
যিহোৱাৰ সাক্ষাতে পর্বতমালা কঁপি উঠিছিল; এনেকি ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে চীনয় পর্বত কঁপি উঠিল।
6 U dane Šamgara, sina Anatova, u dane Jaele opustješe putovi; i oni koji su putovali, obilažahu naokolo.
চমগৰ আৰু যায়েলৰ দিনত ৰাজআলিবোৰ জনশূণ্য হৈ পৰিছিল আৰু পথিকসকলে বেঁকা বাটেদি যাতায়ত কৰিছিল।
7 Pusta bijahu sela izraelska dok ne ustadoh ja, Debora, dok ne ustadoh kao majka Izraelu.
মই, দবোৰাই নেতৃত্ব নিদিয়ালৈকে, ইস্রায়েলৰ ভূমিত কৃষকসকল নাছিল, মই ইস্রায়েলবাসীৰ মাতৃৰ দৰে হ’লো।
8 Tuđe bogove sebi izabraše, i zato im rat stade pred vrata. Za pet gradova ne bi nijednog štita! Nijednog kralja za četrdeset tisuća u Izraelu!
লোকসকলে নতুন দেৱতাবোৰক মনোনীত কৰিছিল; তেতিয়া নগৰৰ দুৱাৰত যুদ্ধ লাগিল। চল্লিশ হাজাৰ ইস্রায়েল লোকৰ মাজত এখনো ঢাল বা এপাত যাঠি দেখা পোৱা নাছিলো।
9 Srce moje kuca za vođe izraelske, za narod što dragovoljno u boj kreće! Blagoslivljajte Jahvu!
মোৰ মন ইস্রায়েলৰ নেতাসকলৰ লগতে আছে, যিসকলে স্বেচ্ছায় আনন্দেৰে যুদ্ধলৈ গৈছিল, সেইসকলৰ বাবে আমি যিহোৱাৰ ধন্যবাদ কৰোঁ!
10 Vi koji na bijelim jašete magaricama, na sagovima sjedeći, i vi koji hodite putovima, pjevajte,
১০তোমালোক যিসকলে বগা গাধত উঠি, পিঠিত আসনৰ বাবে কম্বলৰ গদিত বহি ঘূৰি ফুৰা আৰু তোমালোক যিসকলে পথত খোজ কাঢ়ি ফুৰা, তোমালোকে এই সকলো বিষয়ে ভাৱা!
11 uz povike razdraganih pastira kod pojila. Neka se slave dobročinstva Jahvina i vladavina njegova Izraelom! I narod Jahvin siđe na vrata.
১১তোমালোকে পশুবোৰে পানী পিবলৈ অহা ঠাইত ধনুৰ্ধৰসকলৰ মাত কথা শুনা, তাত তেওঁলোকে যিহোৱাৰ ধাৰ্মিকতাৰ কার্যবোৰৰ কথা পুনৰ কয়, আৰু ইস্রায়েলত যিহোৱাৰ সৈনিকসকলে কৰা ধার্মিকতাৰ কার্যবোৰ বর্ণনা কৰে। “তাৰ পাছত যিহোৱাৰ সন্তানসকল নগৰৰ দুৱাৰবোৰলৈ নামি গ’ল।
12 Probudi se, Deboro, ustani! Ustani, pjesmu zapjevaj! Hrabro! Ustani, Barače, vodi u roblje porobljivače svoje, sine Abinoamov!
১২সাৰ পোৱা দবোৰা, সাৰ পোৱা! সাৰ পোৱা, সাৰ পোৱা, গীতগান কৰা! হে অবীনোৱমৰ পুত্ৰ বাৰাক, উঠা আৰু যুদ্ধত যিসকলক তোমালোকে ধৰিলা, বন্দী কৰি লৈ যোৱা।
13 Tad siđe na vrata Izrael, narod Jahvin pohrli junački.
১৩তাৰ পাছত জীয়াই থকা লোকসকল গণ্য-মান্য লোকৰ ওচৰলৈ নামি আহিল; যিহোৱাৰ লোকসকলে যুদ্ধ কৰিবৰ বাবে মোৰ ওচৰলৈ নামি আহিল।
14 Iz Efrajima potekoše u dolinu, za njima stiže među čete tvoje Benjamin. Iz Makira stupaju glavari, iz Zebuluna oni što nose štap zapovjednički.
১৪কিছু লোক আহিল ইফ্ৰয়িমৰ পৰা, য’ত অমালেকীয়াসকলে বাস কৰিছিল; তোমালোকৰ পাছে পাছে বিন্যামীন বংশৰ লোক আহিল; মাখীৰৰ পৰা সেনাপতিসকল নামি আহিল; আৰু জবূলূনৰ বংশৰ লোকসকলে শাসনকর্তাৰ দণ্ড লৈ নামি আহিল।
15 Knezovi Jisakarovi s Deborom bjehu, a Naftali pođe s Barakom, pohrli da ga stigne u dolini. Kod Rubenovih potoka dugo se savjetuju.
১৫ইচাখৰৰ মুখ্য লোকসকল দবোৰাৰ লগত আছিল আৰু ইচাখৰ বাৰাকৰ লগত আছিল। বাৰাকৰ পাছে পাছে দৌৰি লোকসকলে শীঘ্ৰে উপত্যকালৈ নামি গ’ল। ৰূবেণৰ ফৈদৰ মাজত অনেক দৃঢ়মনৰ লোক আছিল।
16 Zašto si ostao u torovima da slušaš sred stada svirku frule? Kod Rubenovih potoka dugo se savjetuju.
১৬তোমালোকে মেৰ-ছাগ ৰখীয়াবোৰৰ বাঁহীৰ শব্দ শুনি শুনি কিয় মেৰ-ছাগৰ জুহালৰ মাজত বহি আছিলা? যিহেতু ৰূবেণৰ বংশত অনেক দৃঢ়মনা লোক আছিল।
17 Gilead osta s onu stranu Jordana. A zašto je Dan na stranim lađama? Zašto na obali mora Ašer sjedi, mirno prebiva u svojim zaljevima?
১৭গিলিয়দৰ বংশৰ লোকসকল যৰ্দ্দনৰ সিপাৰে বাস কৰিলে; আৰু দান ফৈদৰ লোকে কিয় জাহাজৰ কাষত বাস কৰিলে? আচেৰৰ লোকসকল সমুদ্ৰৰ তীৰত থাকি বন্দৰবোৰৰ কাষত বাস কৰিলে।
18 Zebulun je narod što prkosi smrti s Naftalijem, na visoravnima.
১৮জবূলূন আৰু নপ্তালীৰ ফৈদ ৰণস্থলীত প্ৰাণক মৰণলৈকে তুচ্ছ জ্ঞান কৰা লোক।
19 Došli su kraljevi, boj zametnuli, boj bili kraljevi kanaanski, u Tanaku, na vodi megidskoj, al' ni mrve srebra ne dobiše.
১৯ৰজাসকলে আহি যুদ্ধ কৰিলে; কনানৰ ৰজাসকলে যুদ্ধ কৰিলে; মগিদ্দোৰ পানীৰ কাষত থকা তানকত তেওঁলোকে যুদ্ধ কৰিলে; কিন্তু তেওঁলোকে কোনো ৰূপ লুটি নিব নোৱাৰিলে।
20 Sa nebeskih staza vojevahu, vojevahu zvijezde prot' Siseri.
২০আকাশৰ পৰা তৰাবোৰে যুদ্ধ কৰিলে; নিজ নিজ পথবোৰৰ পৰা তৰাবোৰে চীচৰাৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
21 Sve otplavi potok Kišon, potok Kišon pradavni. Gazi čvrsto, moja dušo!
২১কীচোন নদীয়ে সিহঁতক উটাই নিলে; সেই প্ৰাচীন কালৰ নদীৰপানী, কীচোন নদীয়ে শত্রুবোৰক উটুৱাই নিলে। হে মোৰ মন, শক্তিশালী হৈ আগবাঢ়া।
22 Topot silan odjekuje: jure borci na konjima!
২২তেতিয়া ঘোঁৰাবোৰৰ খুৰাৰ আঘাতত মাটি কঁপি উঠিল; তেওঁৰ শক্তিশালী ঘোঁৰাবোৰে চেঁকুৰি দৌৰিবলৈ ধৰিলে।
23 “Proklinjite Meroz,” Anđeo će Jahvin, “proklinjite žitelje njegove što Jahvi nisu u pomoć pritekli, u pomoć Jahvi s junacima.”
২৩যিহোৱাৰ দূতে কৈছে, মেৰোজ চহৰক অভিশাপ দিয়া! তাৰ নিবাসীসকলক অতিশয় শাও দিয়া! কিয়নো সিহঁত যিহোৱাৰ সহায়ৰ অৰ্থে নাহিল- বীৰসকলৰ বিৰুদ্ধে যুদ্ধত যিহোৱাক সহায় কৰিবলৈ নাহিল।
24 Blagoslovljena među ženama bila Jaela, žena Hebera Kenijca, među ženama šatora nek' je slavljena!
২৪কেনীয়া হেবৰৰ ভার্যা যায়েল, আন মহিলাসকলতকৈ ধন্যা মহিলা; তেওঁ সকলো তম্বুবাসী মহিলাতকৈও অতি ধন্যা।
25 On vode zaiska, mlijeka mu ona dade, u zdjelu dragocjenu nali mu povlake.
২৫চীচৰাই পানী খুজিলত তেওঁ গাখীৰ দিলে; এটি ৰাজকীয় পাত্ৰত তেওঁ ঘন গাখীৰ আনি দিলে।
26 Rukom lijevom za klinom segnu, a desnom za čekićem kovačkim. Udari Siseru, glavu mu razmrska, probode mu, razbi sljepoočicu.
২৬তেওঁ তম্বু বন্ধা খুটিটোলৈ নিজৰ হাত মেলিলে, বনুৱাৰ হাতুৰীটো সোঁ হাতত ল’লে; চীচৰাক হাতুৰীৰে আঘাত কৰি তেওঁৰ মূৰ ভাঙিলে; মূৰৰ কাষেদি খুঁটি বিন্ধাই চীচৰাৰ মূৰৰ লাওখোলা গুড়ি কৰিলে।
27 Do nogu pade joj, sruši se, leže, do nogu pade joj, sruši se; i gdje pade, mrtav osta.
২৭তেওঁৰ ভৰিৰ ওচৰত মূৰ গুজি চীচৰা পৰি গ’ল, আৰু য’ত পৰিছিল, তাতে পৰি থাকিল। ভৰিৰ ওচৰত যি ঠাইত পৰিছিল, সেই ঠাইতে তেওঁক নিশংসভাবে বধ কৰা হ’ল।
28 Kroz prozor motri Siserina mati, kroz prozor motri, na rešetku jÓada: “Dugo mu se kola ne vraćaju: što im je zapreg tako spor?”
২৮চীচৰাৰ মাতৃয়ে এখন খিড়িকিয়েদি জুমি চালে - তেওঁ জালিকটা খিড়িকিৰে চাই চিঞঁৰি ক’লে, “চীচৰাৰ ৰথ আহিবলৈ কিয় ইমান পলম হৈছে? তেওঁৰ ৰথবোৰ টনা ঘোঁৰাবোৰৰ চেকুৰাৰ শব্দ কিয় এতিয়ালৈকে শুনা নাই?”
29 Najmudrija zbori joj dvorkinja, sebi samoj ona odgovara:
২৯তেওঁৰ জ্ঞানৱতী লিগিৰীবোৰে উত্তৰ দিলে আৰু তেৱোঁ একে উত্তৰকে নিজকে নিজে দিলে:
30 “Plijen su našli pa ga dijele: po djevojku na ratnika, po djevojku i po dvije, halju-dvije za Siseru, vezen rubac za moj vrat!”
৩০তেওঁলোকে লুটদ্ৰব্য পাই ভাগ কৰা নাই নেকি? - প্ৰতিজন পুৰুষৰ কাৰণে এজনী বা দুজনী ৰমণী; চীচৰাৰ কাৰণে খমখমীয়া ৰঙীণ পোছাক, ফুল কৰা ৰঙীণ পোছাক, মোৰ ডিঙিৰ চৌপাশে ফুল বচা দুটাকৈ পোছাক-
31 Tako neka ginu, Jahve, svi neprijatelji tvoji! A oni koji te ljube nek budu kao sunce kada se diže u svojemu sjaju! I zemlja bijaše mirna četrdeset godina.
৩১হে যিহোৱা, তোমাৰ সকলো শত্ৰুবোৰ যেন এনেদৰেই বিনষ্ট হয়! কিন্তু যিসকলে তোমাক প্ৰেম কৰে, সেইসকল যেন প্ৰতাপেৰে উদয় হোৱা সূৰ্যৰ নিচিনা হৈ উঠে। ইয়াৰ পাছত দেশত চল্লিশ বছৰলৈকে শান্তি আছিল।

< Suci 5 >