< Jošua 2 >

1 Jošua, sin Nunov, posla potajno iz Šitima dvojicu uhoda s nalogom: “Idite, izvidite područje, osobito Jerihon.” Oni odu i stignu u kuću bludnice koja se zvala Rahaba i ondje prenoće.
তাৰ পাছত নুনৰ পুত্ৰ যিহোচূৱাই চিটীমৰ পৰা দুজন লোকক গোপনে চোৰাংচোৱা হিচাবে পঠিয়াই দিলে৷ তেওঁ ক’লে, “তোমালোক যোৱা, আৰু গোটেই দেশখন ভালদৰে চাবা; বিশেষকৈ যিৰীহো নগৰ নিৰীক্ষণ কৰি আহিবা।” তেতিয়া তেওঁলোক গ’ল আৰু গৈ এগৰাকী বেশ্যাৰ ঘৰ পালে৷ তাতে তেওঁলোকে আলহী হৈ থাকিল৷ সেই বেশ্যাৰ নাম ৰাহাব আছিল৷
2 To bude javljeno kralju jerihonskom: “Evo, stigoše noćas ovamo neki ljudi od sinova Izraelovih da izvide zemlju.”
কিন্তু কোনো লোকে গৈ যিৰীহোৰ ৰজাক ক’লে, “চাওঁক, দেশৰ বুজ-বিচাৰ ল’বৰ অৰ্থে ইস্ৰায়েলৰ সন্তান সকলৰ কেইজনমান লোক এই ঠাইলৈ আহিছে।”
3 Tada kralj jerihonski poruči Rahabi: “Izvedi ljude koji su došli k tebi, koji su ušli u tvoj dom, jer su došli uhoditi svu zemlju.”
তেতিয়া যিৰীহোৰ ৰজাই ৰাহাবলৈ এই কথা কৈ পঠিয়ালে বোলে, “তোৰ ওচৰলৈ অহা যি মানুহকেইজন এতিয়া তোৰ ঘৰত আহি আছে, সিহঁতক বাহিৰলৈ উলিয়াই দে; কিয়নো সিহঁতে গোটেই দেশত চোৰাংচোৱাগিৰি কৰিবলৈ আহিছে৷”
4 Ali žena uze ona dva čovjeka, sakri ih i reče: “Istina, ti su ljudi došli k meni, ali ja nisam znala odakle su.
কিন্তু মহিলা গৰাকীয়ে সেই মানুহ দুজনক লুকুৱাই থৈ ক’লে, “হয়, সঁচাকৈ সেই মানুহকেইজন মোৰ ওচৰলৈ আহিছিল, কিন্তু সিহঁত ক’ৰ পৰা আহিছিল, সেই বিষয়ে মই নাজানিলোঁ৷
5 Kada se u sumrak zatvarahu gradska vrata, oni odoše i ja ne znam kamo su krenuli. Požurite za njima jer ih još možete stići.”
সন্ধিয়া হওতেই সিহঁত ওলাই গ’ল, তেতিয়া নগৰৰ দুৱাৰ প্ৰায় বন্ধ কৰা সময় হৈছিল৷ সিহঁত ক’লৈ গ’ল, সেই বিষয়ে মই ক’ব নোৱাৰোঁ; সম্ভৱতঃ তোমালোকে পাছে পাছে বেগাই খেদি গ’লে সিহঁতক ধৰিব পাৰিবা।”
6 A ona ih bijaše izvela na krov i sakrila pod netrveni lan što ga je ondje razastrla.
কিন্তু তাই তেওঁলোকক ঘৰৰ চালৰ ওপৰলৈ নিলে আৰু চালৰ ওপৰত ৰীতিমতে মেলি দিয়া শণঠাৰিবোৰেৰে তেওঁলোকক লুকুৱাই হ’ল।
7 I požure se ljudi u potjeru za njima, prema Jordanu, sve do prijelaza preko rijeke; a kad je potjera izišla, zatvore se za njima gradska vrata.
তাৰ পাছত মানুহবোৰে যৰ্দ্দন নদীৰ পাৰ-ঘাটলৈ যোৱা বাটেদি তেওঁলোকৰ পাছে পাছে খেদি গ’ল আৰু খেদি যোৱা লোক বাহিৰ হোৱা মাত্ৰকে নগৰৰ দুৱাৰ বন্ধ কৰা হ’ল।
8 Dok još oni gore ne bijahu zaspali, popne se Rahaba k njima na krov
পাছত তেওঁলোক নৌ শোওঁতেই তাই চালৰ ওপৰত থৈ অহা সেই লোকসকলৰ ওচৰলৈ গ’ল,
9 i reče im: “Znam da vam je Jahve dao ovu zemlju, jer nas je sve uhvatio strah od vas i prezaju od vas svi žitelji ovoga kraja.
আৰু তাই সেই মানুহ কেইজনক ক’লে, “মই জানিলোঁ যে, যিহোৱাই তোমালোকক এই দেশ দিলে আৰু তোমালোকৰ পৰা আমি ত্ৰাসিত হৈছোঁ৷ আটাই দেশনিবাসীয়ে তোমালোকৰ আগত ভয়ত আতুৰ হৈ পৰিছে৷
10 Jer čusmo kako je Jahve isušio vodu Crvenoga mora pred vama kada ste izašli iz Egipta, i ono što ste učinili dvojici kraljeva amorejskih s druge strane Jordana, Sihonu i Ogu, koje pogubiste.
১০আমি শুনিবলৈ পাইছোঁ যে, তোমালোকে মিচৰৰ পৰা ওলাই অহা সময়ত যিহোৱাই তোমালোকৰ সাক্ষাতে চূফ সাগৰৰ পানী শুকুৱাইছিল আৰু আমি ইয়াকো শুনিলো যে, তোমালোকে যৰ্দ্দনৰ সিটো পাৰত থকা ইমোৰীয়াসকলৰ চীহোন আৰু ওগ নামৰ ৰজা দুজনক কেনে ব্যৱহাৰ কৰি নিঃশেষে বিনষ্ট কৰিছিলা।
11 Kad smo čuli sve to, zastalo nam srce i nitko da smogne snage da vam se suprotstavi jer Jahve, Bog vaš - on je Bog gore na nebesima i dolje na zemlji.
১১এই সকলোবোৰ বৃত্তান্ত শুনা মাত্ৰকে আমাৰ হৃদয়বোৰো ভয়ত আতংকিত হৈ আছে; এতিয়া তোমালোকৰ বিৰুদ্ধে যাবলৈ আমাৰ মাজত কোনো এজনৰো সাহস নাই৷ তোমালোকৰ ঈশ্ৱৰ যিহোৱা, তেৱেঁই ওপৰত থকা স্ৱর্গ আৰু তলত থকা পৃথিৱীৰ ঈশ্ৱৰ৷
12 Zakunite mi se, dakle, Jahvom da ćete i vi učiniti milost domu oca moga, kao što i ja učinih milost vama, i dajte mi pouzdan znak
১২এই হেতুকে মই এতিয়া বিনয় কৰোঁ যে, মই তোমালোকলৈ দয়া ব্যৱহাৰ কৰাৰ কাৰণে তোমালোকেও মোৰ পিতৃ বংশলৈ দয়া ব্যৱহাৰ কৰিবলৈ,
13 da ćete ostaviti na životu moga oca i moju majku, braću moju i sestre moje i sve njihovo i da ćete nas izbaviti od smrti.”
১৩আৰু তোমালোকে মোৰ পিতৃ, মাতৃ, ভাই আৰু ভনীসকলক আৰু তেওঁলোকৰ সকলোকে জীয়াই ৰাখিবলৈ আৰু মৃত্যুৰ পৰা আমাৰ প্ৰাণ উদ্ধাৰ কৰিবলৈ, যিহোৱাৰ নামেৰে মোৰ আগত শপত খাই মোক সত্যতা প্ৰমাণৰ চিন দিয়া।”
14 Odgovoriše joj ljudi: “Životom svojim jamčimo za vas, samo ako nas ne izdate. Kad nam Jahve dade zemlju, iskazat ćemo ti milost i vjernost.”
১৪তেতিয়া সেই মানুহ কেইজনে তাইক ক’লে, “যদি তোমালোকে আমাৰ এই কাৰ্যৰ কথা প্ৰকাশ নকৰা, তেন্তে তোমালোকৰ প্ৰাণৰ সলনি আমাৰ প্ৰাণ যাব; আৰু যেতিয়া যিহোৱাই আমাক এই দেশ দিব, তেতিয়া আমি তোমালৈ দয়া আৰু সত্য ব্যৱহাৰ কৰিম।”
15 Rahaba ih zatim spusti po konopu kroz prozor jer joj je kuća bila uz bedem i ona je do bedema stanovala.
১৫তাৰ পাছত তাই খিড়িকিয়েদি তেওঁলোকক ৰচীৰে নমাই দিলে; কিয়নো তাইৰ ঘৰ নগৰৰ গড়ৰ গাতে লাগি আছিল আৰু তাই গড়ৰ ওপৰত বাস কৰিছিল।
16 Još im reče: “Pođite prema gori da vas potjera ne nađe i krijte se ondje tri dana dok se progonitelji ne vrate, a onda idite svojim putem.”
১৬তাৰ পাছত তাই তেওঁলোকক ক’লে, “খেদি যোৱা লোকে যেন তোমালোকক লগ নাপায়, এই কাৰণে পৰ্বতলৈ যোৱা আৰু খেদি যোৱা মানুহ উলটি নহালৈকে, সেই ঠাইতে তিন দিন লুকাই থাকিবা৷ তাৰ পাছত নিজ বাটেদি গুচি যাবা।”
17 Ljudi joj odgovore: “Evo, ovako ćemo ti ispuniti zakletvu kojom si nas zaklela:
১৭তাতে মানুহ কেইজনে তাইক ক’লে, “আমি কোৱাৰ দৰে তুমি নকৰিলে, তুমি আমাক কৰিব দিয়া শপতৰ বিষয়ত আমি নিৰ্দ্দোষী হ’ম৷
18 kad uđemo u zemlju, posluži se ovim znakom: priveži ovu crvenu vrpcu za prozor kroz koji nas spuštaš i sakupi kod sebe, u kući, svoga oca, i svoju majku, i svoju braću, i svu svoju rodbinu.
১৮চোৱা, তুমি এই যি খিড়িকিয়েদি আমাক নমাই দিলা, আমি যেতিয়া এই দেশৰ ভিতৰলৈ অাহিম, তেতিয়া এই খিড়িকীত সেন্দুৰ বৰণীয়া সূতাৰে বটা এই ৰছীডাল বান্ধি ৰাখিবা আৰু তোমাৰ পিতৃ, মাতৃ, ভাইসকল আৰু তোমাৰ পিতৃবংশৰ সকলো লোককে তোমাৰ নিজ ঘৰত একত্ৰিত কৰি লুকুৱাই ৰাখিবা।
19 Tko god od vas stupi van preko praga tvoje kuće, krv njegova na glavu njegovu: nije krivnja na nama - sam je krivac svojoj smrti; a tko ostane s tobom u kući, krv njegova neka padne na glave naše - mi ćemo biti krivci ako ga se tko rukom dotakne.
১৯তেতিয়া যি কোনোৱে তোমাৰ ঘৰৰ দুৱাৰৰ পৰা বাটলৈ ওলাব, তাৰ ৰক্তপাতৰ দোষ তাৰ মূৰৰ ওপৰতে পৰিব আৰু আমি নিৰ্দ্দোষী হ’ম; কিন্তু যি কোনোৱে তোমাৰ লগত ঘৰত থাকিব, তাৰ ওপৰত যদি কোনোৱে হাত দিয়ে, তেন্তে সেই ৰক্তপাতৰ দোষ আমাৰ মূৰৰ ওপৰত পৰিব।
20 Ako pak izdaš ovu našu stvar, slobodni smo od zakletve kojom si nas zaklela.”
২০কিন্তু তুমি যদি আমাৰ এই কাৰ্যৰ কথা প্ৰকাশ কৰা, তেন্তে আমাক খুউৱা শপতৰ বিষয়ে আমি নিৰ্দ্দোষী হ’ম।”
21 A ona odgovori: “Neka bude kako rekoste!” Tada ih pusti i oni odoše, a ona zaveza na prozor crvenu vrpcu.
২১ৰাহাবে সমিধান দি ক’লে, “তোমালোকে যেনেকৈ কৈছা, তেনেকৈ হওঁক৷” তাই এই কথা কৈ তেওঁলোকক বিদায় দিয়াৰ পাছত তেওঁলোক গুচি গ’ল আৰু তাই সেই সেন্দুৰ বৰণীয়া ৰছীডাল খিড়িকি খনতে বান্ধি থৈ দিলে।
22 Oni odoše i dođoše u goru i ondje ostadoše tri dana dok se ne vrati potjera; tražila ih je potjera na svim putovima, ali ih nije nigdje našla.
২২তাৰ পাছত তেওঁলোকে গৈ পৰ্বত পালে আৰু খেদি যোৱা মানুহবোৰ উলটি নহালৈকে তাতে তেওঁলোক তিন দিন থাকিল৷ পাছত খেদি যোৱা লোকসকলে তেওঁলোকক গোটেই বাটতে বিচাৰিলে কিন্তু তেওঁলোকক বিচাৰি নাপালে।
23 Tada se vrate i one dvije uhode: siđu s gore, prijeđu preko rijeke i dođu k Jošui, sinu Nunovu, te ga izvijeste o svemu što im se dogodilo.
২৩তাৰ পাছত সেই মানুহ দুজন উলটি পৰ্বতৰ পৰা নামি নদী পাৰ হৈ নুনৰ পুত্ৰ যিহোচূৱাৰ ওচৰলৈ গ’ল আৰু তেওঁলোকলৈ ঘটা সকলো ঘটনাৰ বিষয়ে তেওঁক ক’লে।
24 I rekoše Jošui: “Jahve nam je svu tu krajinu predao u ruke; sve je njezine stanovnike uhvatio strah pred nama.”
২৪আৰু তেওঁলোকে যিহোচূৱাক ক’লে, “সঁচাকৈ ঈশ্বৰ যিহোৱাই সেই গোটেই দেশ আমাৰ হাতত সমৰ্পণ কৰিলে; আমাৰ কাৰণে দেশ-নিবাসী আটাইবোৰ লোক ভয়ত আতংকিত হৈ আছে।”

< Jošua 2 >